top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

পক্ষীতীৰ্থ

  • Writer: বিনীতা মহন্ত, যোৰহাট
    বিনীতা মহন্ত, যোৰহাট
  • Jan 8
  • 3 min read
ree

বিনীতা মহন্ত, যোৰহাট

 

নিমাতীৰ চৰলা বিলৰ কাষতে থকা ফকলা পথাৰতে লুটুকণহঁতৰ ঘৰ। মাক-দেউতাক, আইতাক আৰু ঘৰখনৰ সহায়ক বকুলৰ সৈতে লুটুকণহঁতৰ পাঁচজন সদস্য মাত্ৰ। লুটুকণ ওৰফে আদিত্যবল্লভ গোস্বামী মৈত্ৰেয়ী সংঘ বিদ্যালয়ৰ নৱম মানৰ ছাত্ৰ।

 

মাক-দেউতাক অফিচলৈ আৰু লুটুকণ স্কুললৈ যোৱাৰ পিছত আইতাকে সৰুতেই ঘাটমাউৰা হোৱা বকুলৰ লগতে দিনটো কটায়। স্কুলত নাম লগাই দিছিল যদিও পঢ়া-শুনাত মন নথকাত বকুলে গোটেই ঘৰখনৰ লগতে খেতি-পথাৰৰ সকলো কাম্ চোৱা-চিতা কৰে। আইতাকৰ বয়স হৈছে যদিও ঘৰখনৰ ইটো-সিটো কামৰ লগতে নাতিয়েককো তদাৰক কৰে। এই বকুলেই লুটুকণৰ প্ৰধান সহচৰ। ৰাতিপুৱা, গধূলি, বন্ধৰ দিনত নতুবা স্কুলৰ পৰা আহিয়েই বকুলৰ লগত চাইকেল লৈ গোটেইখন তহলি ফুৰে। মাক-দেউতাকৰ বৰ চিন্তা যে কিজানি একমাত্ৰ সন্তানটি বকুলৰ দৰে পঢ়া-শুনাত মন নাইকিয়া বিধৰ হয়। দিনটো তেওঁলোক নাথাকে, আইতাকক ফাঁকি দি কিজানি নকৰিবলগীয়া কাম কৰে। কিন্তু বকুল পঢ়া-শুনা নকৰিলেও বৰ জ্ঞানী। এতিয়ালৈকে কোনো অসৎ কাম কৰাৰ কথা মাক-দেউতাকে শুনা নাই। অৱশ্যে লুটুকণ পঢ়া-শুনাত বৰ চোকা ল'ৰা নহয়, মধ্যমীয়া ধৰণৰ। সি বেছি সময় ধৰি পঢ়া-টেবুলত বহি থাকিব নোৱাৰে। অকণমান পঢ়িয়েই বা  ঘৰত কৰি আনিবলৈ দিয়া কাম কৰিয়েই তাৰ পঢ়া-শুনা সামৰে। তাৰ পিছত বিলৰ পাৰে পাৰে নতুবা ওচৰতে থকা ব্ৰহ্মপুত্ৰৰ বুকুত বেলি মাৰ যোৱা, কোনোবাই জালত মাছ ধৰা, বৰশী বোৱা, এইবোৰ চাই বৰ ভাল পায়। কেতিয়াবা ৰং-পেন্সিল লৈ বিলৰ পাৰত বহি প্ৰাকৃতিক দৃশ্য আঁকিও ভাল পায়।

 

এইবাৰ স্কুলৰ বাৰ্ষিক বঁটা-বিতৰণী সভাত সি শ্ৰেষ্ঠ প্ৰতিযোগী হৈছে। ছৱি অঁকা, সাধু কোৱা, কেৰম, ভলীবল আৰু দৌৰত প্ৰথম হৈছে। তথাপিও মাক-দেউতাকৰ মন নভৰে। স্কুলৰ পৰীক্ষাবোৰত সদায়েই ৬০-৭০ শতাংশহে পায়। কেৱল আইতাক আৰু বকুলেহে তাক বহুত নম্বৰ পোৱা বুলি কয়। আইতাকে পুতেক-বোৱাৰীয়েকক বুজাই কয় যে বেছি নম্বৰ পালেই ভাল ল'ৰা হৈ নাযায়। পঢ়াৰ লগতে খেল-ধেমালীও শিকিব লাগে।

 

দিল্লীত থকা সৰু মোমায়েকক লুটুকণে বৰ ভাল পায়। তাৰ স্বভাৱটো ঠিক মোমায়েকৰ দৰে। সি সকলো কথা তেওঁক কয়। মামাকে তালৈ এইবাৰ গৰমৰ বন্ধত এটা দামী লেন্সৰ বাইন'কুলাৰ পঠিয়াই দিছে। এইবাৰ লুটুকণক কোনে পায়! চাইকেল আৰু বাইন'কুলাৰটো লৈ দিনটোৰ আজৰি সময়ত অ'লৈ-ত'লৈ যায়। মাক-দেউতাক আৰু বেছি চিন্তাত পৰিল। এনেয়ে ল'ৰাই নপঢ়ে, এতিয়া কিতাপ ছাগৈ আৰু নপঢ়িব। পিছে সেইটো কথা নহয়, মামাকে বায়েকক বুজাই দিলে যে অতি সোনকালেই লুটুকণে এটা ভাল ফলাফল কৰি দেখুৱাব।

 

বাইন'কুলাৰটো পোৱাৰ পিছত লুটুকণে বৰকৈ বকুলৰ লগত ঘূৰি নুফুৰা হ'ল। পুৱাতেই শোৱাৰ পৰা উঠি বিলৰ পাৰলৈ গৈ নানা চৰাই চায় আৰু চৰাইবোৰৰ বিৱৰণ বহী এখনত টুকি যায়। এইবাৰ সি তাৰ  জন্মদিনত মাক-দেউতাকৰ পৰা উপহাৰ স্বৰূপে পোৱা দে-চলাই কেমেৰাটো সদ্‌ব্যৱহাৰ কৰিবলৈ ল'লে। মামাকে তাক বুজাই দিছে যে কেনেকৈ বিভিন্ন চৰাইৰ এটা এলবাম প্ৰস্তুত কৰিব পাৰি। প্ৰতিদিনে সি চৰলা বিললৈ অহা বৰ ধুনীয়া ধুনীয়া চৰাইবোৰৰ ৰেহ-ৰূপৰ  ফটো তুলি আনে। আজৰি সময়ত সেইবোৰ ঠান-ঠিত লগায়। গধূলি আৰু ৰাতি তাৰ পঢ়াৰ কামো সুন্দৰকৈ কৰে। স্কুলৰ শিক্ষকে মাক-দেউতাকক মাতি নি তাৰ পঢ়াৰ খতিয়ান দেখুৱায়। আগতকৈ সি পঢ়াতো বহুত ভাল ফল দেখুৱাইছে।

 

পঢ়াৰ লগেলগে চৰাইবোৰৰ ছবি আৰু নামবোৰ সি ঠিক কৰে। আইতাকক সকলো দেখুৱায়। ইমান ধুনীয়া চৰাইবোৰৰ নাম আৰু দেখিবলৈও বৰ ধুনীয়া। বকুলেও তাক বহুত সহায় কৰি দিয়ে।

 

প্ৰকৃততে চৰলা বিলখনো বৰ ধুনীয়া। এই চৰলা বিলৰ নয়নাভিৰাম দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। বিলৰ জলৰাশিত আকাশৰ নীলা প্ৰতিবিম্বিত হৈ পানীৰ ৰং নীলা হৈ পৰে। দুপৰৰ ৰ'দত উজ্বল নীল-মুকুতাৰ দৰে সুবিশাল বিলখনৰ পানী জলমলাই থাকে। শীতৰ আগমনৰ লগে লগে এই বিলখন হৈ পৰে পক্ষীস্বৰ্গ। নানা দেশী-বিদেশী আলহী চৰাইৰ আগমন হয়। পেলিকান, এচিয়ান অপেনবিল, ভিন্ন প্ৰজাতিৰ হাঁহ, ঠলুৱা মাছোৰোকা, কামচৰাই ইত্যাদি।

 

পোক-পৰুৱা খোৱা চৰাই 'মাটি মাহী (Paddy field Pipit), পৰঘূমা (Green imperial Pigeon), লৰিয়লি (Little Ringed plover), ডাউক, ইটা গুৰীয়া কণা মুচুৰী (Cinnamon bittern), নীলকণ্ঠী হেটুলুকা (Blue throated Berbet), শিলকপৌ (Common Emerald Dove), পানীডুবি (Little Grebe), দলম'ৰা (Pheasant taild Jacana), নীল নেজীয়া মৌ-খাটি (Blue tailed Bee-eater), শিলঘোঁৰা, মনিয়ৰি, বৰটোকোলা, দেওহাঁহ ইত্যাদি।

 

দশম শ্ৰেণীৰ পৰীক্ষা দিয়াৰ সময়লৈকে আৰু বহুত চৰাইৰ নাম আৰু ছবি সি সংগ্ৰহ কৰিব পাৰিব। দশম শ্ৰেণীৰ পৰীক্ষাৰ পিছতে তাৰ প্ৰথমটো চৰাইৰ এলবাম মুকলি কৰিব। পঢ়া-শুনাৰ লগতে তাৰ চৰাইৰ এলবামটো যাতে সবাংগ-সুন্দৰ হয় মোমায়েকেও সঘনাই খবৰ ৰাখিছে।

 

চেনেহৰ আইতাকে যে তাক কেৱল চুমাকে খাই আছে।

 

নীতিশিক্ষা: শিশুৰ মানসিকতা সুক্ষ্মভাৱে নিৰীক্ষণ কৰি, ভাল পোৱা কামবোৰ বাছি উলিয়াই মনোনিৱেশ কৰোৱাটো অভিভাৱকৰ অতি গুৰুত্বপূর্ণ দায়িত্ব। সঠিক সময়ত সঠিক দিকদৰ্শনে শিশুৰ ভৱিষ্যৎ উজলাই তোলে।


************

2 Comments


manditasarmah
Jan 16

কংকণ শৰ্মাৰ 'চেঙেলী মাছৰ সাধু' টিয়ে পাঠকক আমোদ দিয়াৰ লগতে অকণিহঁতক উপস্থিত বুদ্ধিৰ শুভ পৰিণামৰ শিক্ষা দিয়াত সহায়ক হ'ব। ধন্যবাদ শ্ৰী শৰ্মা, আগলৈও লিখা আশা কৰিলোঁ।

Like

manditasarmah
Jan 16

'ডাক বঙলাৰ ভূত' গল্পটিয়ে শিশুৰ অকাৰণ ভয়-ভ্ৰান্তিভাৱ আঁতৰোৱাত সহায়ক হ'ব। লিখকলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Like

JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page