পখীৰাজৰ সন্ধানত
- ড° তাৰাণা আৰমান, চিয়াটল, আমেৰিকা যুক্তৰাষ্ট্ৰ
- Jan 9
- 3 min read
Updated: Jan 10

ড° তাৰাণা আৰমান, চিয়াটল, আমেৰিকা যুক্তৰাষ্ট্ৰ
নর্ডিক লোককাহিনী আৰু পৌৰাণিক বিশ্বাস অনুসৰি ’ট্রোলস’ (Trolls) হৈছে এবিধ অতি প্রাকৃতিক প্রাণী। সিহঁতৰ বৈশিষ্ট্য মানুহৰ দৰে হয়, কিন্তু প্ৰচলিত আখ্যান অনুসাৰে সিহঁত মানুহৰ বন্ধু নহয়। প্রকৃততে, ট্রোলসবোৰ তেওঁলোকৰ শঠতাৰ কাৰণেহে জনাজাত, যিয়ে মানুহ আৰু দেৱতাসকলৰ বাবে সদায় সমস্যাৰ সৃষ্টি কৰে। তেওঁলোকে বনাঞ্চলত থাকিবলৈ পছন্দ কৰে আৰু বনকেই নিজৰ ঘৰ বুলি ভাবি সেয়া ৰক্ষা কৰিবলৈ সদায় যত্নপৰ হয়।
যেতিয়া সৰু হৈ আছিলোঁ, ৰূপকথাৰ সাধুবোৰত ট্রোলসবোৰৰ বিষয়ে পঢ়িছিলোঁ, খুউব ভয় লাগিছিল। সিহঁতক সদায় দৈত্যৰ ৰূপত সজোৱা হৈছিল। তাতে পঢ়িবলৈ পাইছিলোঁ, সিহঁতে হেনো মানুহো খায়! ডাঙৰ হৈ অহাৰ লগেলগে পঢ়া-শুনাৰ মাজত সোমাই পৰিলোঁ আৰু ৰূপকথাৰ সাধুবোৰো লাহেলাহে মনৰ পৰা আঁতৰি গ’ল।

কলেজৰ শিক্ষা শেষ হোৱাৰ পিছত, ভাৰতৰ পৰা উচ্চ শিক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আহিলোঁ। বৰ্তমান কৰ্মৰ খাটিৰত মই আমেৰিকাৰ উত্তৰ-পশ্চিম দিশত থকা ৱাশ্বিংটন প্ৰদেশৰ চিয়াটল নামৰ চহৰ এখনত মোৰ স্বামীৰে সৈতে বসবাস কৰোঁ। সদ্যহতে আমি ইয়াত এটা নতুন কার্যকলাপ আৱিষ্কাৰ কৰিলোঁ, সেইটো হৈছে ট্রোল চিকাৰ (Troll hunting)। নামটো শুনিয়েই মোৰ বহুত দিনৰ আগতে পঢ়া পুৰণি গল্পবোৰ আকৌ মনলৈ আহিল। শব্দটোৰ পোণপটীয়া অৰ্থ কৰি লৈ মনতে ভাবিলোঁ, সঁচাকৈয়ে আমিও গৈ দৈত্য এটাক মাৰিবগৈ লাগিব নেকি! যি কি নহওক, এই ধাৰণাটো অতি আমোদজনক লাগিল। আমি যাবলৈ সিদ্ধান্ত কৰিলোঁ আৰু এই কার্যকলাপৰ বিষয়ে গৱেষণা আৰম্ভ কৰিলোঁ। তেতিয়াই এক নতুন জগত এখন মোৰ বাবে খোল খাই পৰিল।

থমাছ ডাম্বো বুলি ডেনমাৰ্কৰ এজন বিখ্যাত ভাস্কৰ্য্য শিল্পীয়ে এই নতুন ৰহস্যময় জগতখন সৃষ্টি কৰিবলৈ বিচাৰিছে। জনসাধাৰণৰ মাজত, এই পৃথিৱীত তেওঁ গঢ়িব খুজিছে এনে এখন জগত; যাৰ নাম, “১০০০ ট্রোলসৰ পদচিহ্ন বা পথ” (A trail of 1000 trolls)। বৰ্তমান ১৭খন দেশত সফলভাৱে এই ট্রোলবোৰ স্থাপন কৰা হৈছে। তেওঁ ওচৰে পাঁজৰে আবর্জনা হৈ পৰি থকা সামগ্ৰীসমূহ, যেনে, পেলনীয়া কাঠৰ টুকুৰা, তক্তাপোচ, মৰা গছ, ডাল-পাত, যিকোনো বস্তুৰ ধ্বংসাৱশেষ, পেকেজিঙৰ পেলনীয়া বস্তু, মামৰে ধৰা কোনো ধাতৱ পদাৰ্থ, পেলনীয়া বৈদ্যুতিক সা-সৰঞ্জাম, ভগা প্লাইউড, কংক্ৰিট ইত্যাদি ব্যৱহাৰ কৰি এই ট্রোলবোৰ নিৰ্মাণ কৰে।
২০-৩০ ফুট ওখ এই বিশাল আকাৰৰ ট্রোলবোৰ স্থানীয় চৰকাৰৰ অনুমতি লৈ নিৰ্মাণ কৰা হয়। স্থানীয় শিল্পী আৰু স্থানীয় লোকসকলৰ সহায়ত ওচৰৰ বনাঞ্চলবোৰত ট্রোলবোৰ নিৰ্মাণ কৰোঁতে তেওঁলোকে বনাঞ্চলৰ একো ক্ষয়-ক্ষতি নকৰে, বৰঞ্চ সেই অঞ্চলৰ লগত মিল খোৱাকৈ তেওঁলোকে এই ভাস্কৰ্য্যশিল্প স্থাপন কৰে। থমাছ ডাম্বোৱে সৰুৰে পৰাই ট্রোলৰ কাহিনী শুনি শুনিয়েই ডাঙৰ হৈছে। তেওঁ প্ৰকৃততে কিয় ট্রোলসমূহ নিৰ্মাণ কৰে সেই কথা মই সঠিকভাৱ নাজানোঁ। কিন্তু এনে মানুহৰূপী দৈত্যবোৰ দেখি এনে ভাৱ হয় তেখেতে যেন ওচৰপাঁজৰৰ প্ৰকৃতিক সুৰক্ষিত ৰাখিবৰ বাবেইে এনে ব্যৱস্থা গ্ৰহণ কৰিছে।

আমি থকা ঠাই চিয়াটলৰ ওচৰে পাঁজৰে ৬টা এনে ট্রোল আছে। একেলগে নাম দিয়া হৈছে "এন ডব্লিও ট্ৰোল: ৱে অফ দা বাৰ্ড কিং (NWTrolls: Way of the Bird King)। আমি প্ৰতিটো ট্রোলতে চিকাৰ কৰিবলৈ গ’লোঁ। তাৰপিছতহে বুজি উঠিলোঁ চিকাৰ কৰিবলৈ যোৱা বুলি কিয় কোৱা হয়। তালৈ গৈ আমি একো বধ কৰিবলগা নহয়। কিন্তু চিকাৰ কৰিবলৈ যোৱা বুলি কোৱা কাৰণটো হৈছে যে, আমি সাধাৰণতে কৰাৰ দৰে GPS লোকেশনটো দি পেলাই ট্রোলৰ সমুখত থিয় হ’বগৈ নোৱৰোঁ। প্ৰতিজন ট্রোলৰ সঠিক অৱস্থান গোপনে ৰখা হয়। এনেয়ে, সাধাৰণ অৱস্থান এটাৰ সহায় লৈ আমি বনাঞ্চলৰ ভিতৰত থকা সেই ট্রোলটো বিচাৰি উলিয়াব লাগে। আৰু যেতিয়া ট্রোলটো বিচাৰি পোৱা হয়, সেয়া আমাৰ কেমেৰাৰ লেন্সৰ সহায়ত যিমান ইচ্ছা হয় সিমান চুট (Shoot) কৰিব পৰা যায়। এনেদৰে বনাঞ্চলৰ মাজেৰে খোজকাঢ়ি গৈ থাকোঁতে প্ৰকৃতিৰ সৈতে এটা সদভাৱ জাগি উঠে, প্ৰকৃতিৰ প্ৰতি প্ৰশংসাৰে মনটো ভৰি পৰে। প্ৰকৃতিৰ সৈতে একত্ৰিত হৈ থকা পেলনীয়া বস্তুৰে সঁজা এই ট্রোলটি দেখিলে বুজিব পাৰি, চাবলৈ গ’লে একো বস্তুৱে প্ৰকৃততে পেলনীয়া নহয়, সকলোবোৰ বস্তুৰে নিজস্ব একোটা মূল্য আছে।

আমি এতিয়ালৈকে ৬টা ট্রোলেই পৰিদৰ্শন কৰিলোঁ। সেইবোৰৰ সৈতে সময় কটাইছিলোঁ। প্ৰতিটো ট্রোলৰ নাম দিয়া হৈছে, সেইবোৰৰ বিষয়ে কাহিনী আৰু কবিতা লিখা হৈছে আৰু প্ৰতিটো ট্রোলকে এক বিশেষত্ব প্ৰদান কৰে হৈছে।
বছৰ বছৰ ধৰি মানুহে যি বস্তু বুজি নাপায়, সেয়া বেয়া বুলি কৈ দিয়ে। সেয়েহে আন্ধাৰ বেয়া, ঘন বনাঞ্চলৰ য’ত বাট-পথৰ ঠিকনা নাই সেয়া বেয়া, বাঘ বেয়া... আৰু কিমান যে নানান প্ৰকাৰৰ বেয়া বস্তু আছে! তেনেকৈয়ে ঘন বনাঞ্চলৰ ভিতৰত থকা সেই দৈত্যৰূপী ট্রোলবোৰো বেয়া। কিন্তু সেই ট্রোলবোৰে নিজৰ ঘৰখনহে সুৰক্ষিত কৰি ৰাখিছে। মানুহে গছ-গছনি, হাবি-বননি কাটি গৈ আছে। বনাঞ্চল সংৰক্ষণৰ কথা বহুত কম শতাংশ মানুহহে ভাবে। তেনে সময়তে লাগে এই ট্ৰোলবোৰ; … যদি সঁচাকৈয়ে এই ট্ৰোলবোৰ থাকিলহেঁতেন; মানুহে ভয়তে বনাঞ্চললৈ গৈ গছ-গছনি কাটি খাস্তাং নকৰিলেহেঁতেন আৰু তেতিয়া আমাৰ পৃথিবীৰ প্ৰাকৃতিক হৃদপিণ্ডবোৰ সুৰক্ষিত থাকিলহেঁতেন। আমাৰ পৃথিৱীৰ প্রাকৃতিক হৃদপিণ্ডবোৰ সুৰক্ষিত থকাতো অতিকৈ জৰুৰী হৈ পৰিছে।

সেয়েহে থমাছ ডাম্বোৱে ট্রোলৰ ভাস্কৰ্য নিৰ্মাণ কৰি এখন নতুন জগতৰ সৃষ্টি কৰিবলৈ বিচাৰিছে। তেখেতৰ ধাৰণা, য’ত ট্রোল থাকিব, তাতেই অকণমান হ’লেও এখন অৰণ্য জীয়াই থাকিব, য’ত আমি সকলোৱে মুকলিকৈ উশাহ-নিশাহ ল’ব পাৰোঁ, য’ত চৰাই-চিৰিকতিয়ে নিজৰ বাহ সাঁজিব পৰাকৈ গছ, ডাল-পাত সংৰক্ষিত হৈ থাকিব আৰু সৰু-ডাঙৰ সকলো জীৱ-জন্তুৱে মুকলিকৈ আপোনমনে ঘূৰিব পৰাকৈ এই পৃথিবীত অকণমান মাটি অৱশিষ্ট ৰ’বগৈ।
আজিৰ দিনত, বনাঞ্চল সংৰক্ষণ মাথোঁ আদৰ্শ নহয়, ই অতি অত্যাৱশ্যকীয় প্ৰয়োজন হৈ পৰিছে। আশা কৰোঁ, থমাছ ডাম্বোৰ নিচিনা আৰু বহু মানুহে একেলগে পৃথিবীৰ এই প্রাকৃতিক হৃদপিণ্ডবোৰ সুৰক্ষা দিবলৈ আগবাঢ়ি আহক। নহ’লে অনতিপলমে কৰ্কট ৰোগৰ দৰেই এখন ৰোগীয়া জগতৰ সৃষ্টি হ’বলৈ গৈ আছে যাৰ পৰা নিষ্কৃতি পাবলৈ অন্য একো উপায় নাই; পৰিবেশ সংৰক্ষণ কৰা, পশু-পক্ষী সংৰক্ষণ কৰা, বনাঞ্চল সংৰক্ষণ কৰায়েই হৈছে যাৰ একমাত্ৰ উপায়।
*************
Comments