top of page
  • Black Facebook Icon
  • Black Instagram Icon

ফুল ফুল ফুল, ফুলে মেলিলে পাহি

  • Writer: নীলাঞ্জনা পাচনি  যোৰহাট
    নীলাঞ্জনা পাচনি যোৰহাট
  • Sep 17, 2024
  • 2 min read

Updated: Sep 22, 2024

ree

নীলাঞ্জনা পাচনি

যোৰহাট

 

হৰকান্ত মৌজাদাৰৰ ডাঙৰ ল'ৰা সমীৰ সপৰিয়ালে কেইবা বছৰৰ পিছত কানাডাৰ পৰা অসমৰ গোলাঘাটৰ সুন্দৰপুৰ গাঁৱলৈ আহিছে। সমীৰ তাৰে এখন বিখ্যাত বিশ্ববিদ্যালয়ৰ অধ্যাপক। এটা গৱেষণাৰ কাম লৈ তেওঁ কিছুদিন থকাকৈ অসমলৈ আহিছে। তেওঁৰ ছোৱালী তানিয়া ইয়াৰ আগেয়ে নিচেই সৰুতেই গাঁৱৰ মূল ঘৰলৈ অহা। এতিয়া তাই নৱম মানৰ ছাত্ৰী। মাকো কানাডাৰে স্কুল এখনৰ শিক্ষয়িত্ৰী। সকলোৱে কিছু পৰিকল্পনা কৰিয়েই এইবাৰ ঘৰলৈ আহিছে; গাঁৱৰ ঘৰত অলপ দিন থাকি, নিজ জন্মভূমিৰ মাটি-পানী-বায়ুৰ সোৱাদ ল’বলৈ বুলি মনস্থ কৰিয়ে আহিছে।

 

গাঁৱলৈ অহাৰ পৰা তানিয়াৰ আনন্দত তৎ নাই! তাই মুকলিমূৰীয়া বন-বিহগীৰ দৰে সৰু খুড়াকৰ লগত গোটেইখন ঘূৰি ফুৰিছে। ককাক-আইতাকেও তাইক ক'ত থওঁ, ক'ত নথওঁ কৰিছে। বিদেশতে জন্ম হৈ ডাঙৰ-দীঘল হৈ ইংৰাজী মাধ্যমতে পঢ়া-শুনা কৰিলেও তানিয়াই নিজৰ ভাষা-সংস্কৃতিকো অৱহেলা কৰা নাই। তাইৰ মাকে ঘৰতে তাইক অসমীয়া ভাষাটো শিকাইছে। বিহুনাম, বিহুনৃত্য, বৰগীত, লোকগীত, সত্ৰীয়া নৃত্য আদিৰো তাই শিক্ষা গ্ৰহণ কৰি আছে। তাই কানাডাৰ কেইবাটাও অনুষ্ঠানত সেইবোৰ পৰিৱেশন কৰি বহু প্ৰশংসা বুটলিছে। মাক-দেউতাকো তাইৰ সাংস্কৃতিক মনটোৰ বাবে গৌৰৱান্বিত, কাৰণ বিদেশৰ মাটিতো তাই নিজা কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ কৰিছে। ককাক-আইতাকক কথাবোৰ কৈ তানিয়াৰ ফটো-ভিডিঅবোৰ দেখুৱাওঁতে তেওঁলোকো আনন্দত আত্মাহাৰা হৈছে।

 

এদিন তানিয়া পুৱা তেওঁলোকৰ বিশাল বাৰীখনৰ পিছফাললৈ যাওঁতে আওপুৰণি কুঁৱা এটা দেখা পাই আচৰিত হ'ল। তাই তেতিয়ালৈকে কুঁৱা দেখাই নাছিল। বৰ্তমান কুঁৱাটো অব্যৱহৃত, কাৰণ ঘৰত পানী তুলিবলৈ মটৰ-পাম্প ব্যৱহাৰ কৰা হয়। তাই বনকৰা ৰহিলাবাইক সুধি কুঁৱাৰ পৰা কেনেকৈ পানী তোলে দেখি বৰ স্ফূৰ্তি পালে। তাইৰ মতে ইমান প্ৰয়োজনীয় বস্তুটো সুন্দৰকৈ সংৰক্ষণ কৰিব লাগে। তাই খুড়াকৰ লগ লাগি নিজহাতেৰে চৌপাশ পৰিষ্কাৰ কৰি ঠাইখিনিত শাৰী শাৰীকৈ ফুলৰ পুলি ৰুই দিলে। কুঁৱাটোৰ বাহিৰফালে ৰং দি চকচকীয়া কৰিলে। কুঁৱাৰ পানী ব্লিছিং পাউদাৰ, ফিটকিৰি দি ফটফটীয়া কৰি তুলিলে। নিয়মিত ভাৱে সাৰ-পানী দিয়াৰ ফলত  কিছুদিনৰ পাছতে ৰং-বিৰঙী ধুনীয়া ধুনীয়া ফুল ফুলি গোটেই ঠাইখনেই মনোমোহা হৈ পৰিল। নানা ৰঙী সৰু সৰু চৰাই,পখিলাবোৰো ফুলৰ মৌ চুহিবলৈ আহিবলৈ ধৰিলে। আজিকালি তানিয়াই আবেলি তাতে বহি কিতাপ পঢ়ি বা ফুলত পানী দি সময় কটাবলৈ ধৰিলে।

 

প্ৰায়ে আবেলি সময়ত তাইক লগ পাবলৈ অহা সমনীয়া ল'ৰা-ছোৱালীবোৰৰ লগত একেলগে ছবি অঁকা, হাতৰ কৌশলেৰে বিভিন্ন খেলা বস্তু বনোৱা অথবা ঘৰত ব্যৱহাৰযোগ্য সামগ্ৰী আদি বনোৱা কামবোৰো কৰে। তাই জনা কামবোৰ সমনীয়াবোৰাক শিকাই তাই বৰ আনন্দ পায় আৰু তাইয়ো নজনা কথাবোৰ তেওঁলোকৰ পৰা শিকি লয়। সন্ধিয়া আইতাকৰ লগত গোঁসাই ঘৰত প্ৰাৰ্থনা গোৱাতো তাইৰ এটা নিয়মিত কাম হৈ পৰিছে। লগতে তাই নিজৰ পঢ়া-শুনাৰ যাৱতীয় কামখিনিও সময়মতে কৰি থাকিবলৈ পাহৰা নাই।

 

ঘৰৰ মানুহবোৰে কোৱা-কুই কৰিবলৈ ধৰিলে, তানিয়া সঁচাকৈয়ে এজনী লখিমী ছোৱালী। গাঁৱত থকা দিনকেইটাত তাই বন্ধু-বান্ধৱীৰ লগত যোগাত্মক সময় কটোৱাৰ উপৰিও এৰাপৰলীয়া হৈ পৰা কুঁৱাটো আৰু কুঁৱা থকা ঠাইখিনি কিমান ধুনীয়াকৈ তাই সজাই পেলালে! ঘৰখনো তাই বস্তুবোৰ ইফাল-সিফাল কৰি, অনাৱশ্যকীয়খিনি পেলাই, কিছুমানত ৰং দি দেখনীয়াৰ কৰি তুলিলে। একোটা অযত্নপালিত, সাধাৰণ বস্তুও তাইৰ হাতৰ পৰশত অসাধাৰণ হৈ উদ্ভাসি উঠিলে। প্ৰকৃততে এটা কৰ্মযোগী উদ্যমী মনে যিকোনো ভাল কাম কৰিবলৈ হেলা নকৰে আৰু চৌপাশ উজ্জ্বলাই তুলিব পাৰে।


##############

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page