‘ফ্লৰিডা ককা’ ৰ চিঠি
- ফ্লৰিডা ককা, আমেৰিকা যুক্তৰাষ্ট্র

- Jul 9, 2024
- 3 min read
Updated: Sep 22, 2024

আমেৰিকাৰ শিক্ষা প্ৰণালী, প্ৰাথমিক শ্ৰেণীৰ পৰা উচ্চ মাধ্যমিক স্তৰলৈ
শিক্ষা প্ৰণালী বোলোতে এই লিখকৰ অসমত প্ৰাথমিকৰ পৰা হাইস্কুললৈকে শিক্ষা লাভৰ ব্যক্তিগত অভিজ্ঞতা আছে। তথা এই দেশত (আমেৰিকা যুক্তৰাষ্ট্ৰত) নিজৰ ল'ৰা-ছোৱালী আৰু নাতি-নাতিনীৰ একে স্তৰৰ বিদ্যা গ্ৰহণৰ অভিভাৱকীয় অভিজ্ঞতাও আছে। তোমালোকৰ কাৰণে তলত আমেৰিকাৰ শিক্ষা প্ৰণালীৰ বিষয়ে এটা সৰু বৰ্ণনা আগবঢ়ালোঁ। আশাকৰো এইখিনি তোমালোকৰ বাবে নতুন কথাই হ'ব।
আমেৰিকাত প্ৰাথমিক স্কুলৰ শিক্ষা সাধাৰণতে কিন্দাৰগাৰ্টেন (Kindergarten) শ্ৰেণীত আৰম্ভ হয় যদিও প্ৰায়বোৰ ৰাজ্যতে ল'ৰা-ছোৱালীৰ চাৰিবছৰ বয়সৰ পৰাই প্ৰি-কিন্দাৰগাৰ্টেন শিক্ষা বাঞ্চনীয় বুলি ধৰা হয়। কিন্তু বাধ্যতামূলক নহয়। আজিকালিৰ প্ৰায় দুজনীয়া আৰ্জন পৰিয়ালৰ ল'ৰা-ছোৱালীক Day Care বা মণ্টেচৰী স্কুল আদিলৈ পঠিওৱা হয় বাবে তেনেবোৰ ঠাইতে প্ৰি-কিন্দাৰগাৰ্টেন শিক্ষাৰ ব্যৱস্থা থাকে। প্ৰি-কাৰিকুলাম হিচাবে প্ৰাথমিক স্কুলৰ (ইয়াত Elementary স্কুল বুলি কোৱা হয়) শিক্ষা আৰম্ভ কৰাৰ আগতে ল'ৰা-ছোৱালীয়ে যাতে সমনীয়া আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ লগত মৌখিক ভাৱে যোগাযোগ কৰিবলৈ সামাজিক অৰ্হতা লভিব পাৰে, লগতে সাধাৰণ বৰ্ণমালা, বৰণ, আকাৰ আদিৰ সৈতে পৰিচয় হব পাৰে, তেনেবোৰ দিশত গুৰুত্ব দিয়া হয়।
আমেৰিকাৰ প্ৰায়বোৰ ৰাজ্যতে শিক্ষা-বছৰটো আগষ্ট মাহৰ মাজ ভাগত আৰম্ভ হৈ পিছৰ বছৰৰ মে' মাহত শেষ হয়। প্ৰতি বছৰত দুটাকৈ চেমেস্টাৰ (Semester)। প্ৰথমটো আগষ্টৰ পৰা ডিচেম্বৰলৈ, দ্বিতীয়টো জানুৱাৰীৰ পৰা মে' মাহলৈ। প্ৰাথমিক স্কুলৰ সময়ৰ দীৰ্ঘতা সাধাৰণতে ছয় শিক্ষাবছৰৰ, কিন্দাৰগাৰ্টেনৰ পৰা পঞ্চম শ্রেণী বা গ্ৰেডলৈ। মজলীয়া স্কুলৰ তিনি বছৰৰ; ষষ্ঠ, সপ্তম আৰু অষ্টম গ্ৰেড। হাইস্কুলৰ সময়ৰ দৈৰ্ঘ্য চাৰি বছৰৰ; নৱম, দশম, একাদশ আৰু দ্বাদশ গ্ৰেড যাক যথাক্ৰমে ফ্ৰেছমেন (Freshman), চফ’মোৰ (Sophomore), জুনিয়ৰ (Junior) আৰু চিনিয়ৰ (Senior) বছৰ বুলিও আখ্যা দিয়া হয়।
কিন্দাৰগাৰ্টেন শ্রেণী:
প্ৰতিজন ল'ৰা-ছোৱালীৰ পঞ্চম জন্মদিনৰ পিছৰ নিকটৱৰ্তী আগষ্ট মাহত চৰকাৰী/বেচৰকাৰী/Parochial আদি স্কুলৰ কিন্দাৰগাৰ্টেন শ্ৰেণীত নাম ভৰ্ত্তি কৰা দিনৰে পৰা স্কুলীয়া জীৱন আৰম্ভ হয়। কিন্দাৰগাৰ্টেনৰ কাৰিকুলামত সাধাৰণতে বৰ্ণমালা, একৰ পৰা ত্ৰিশলৈ সংখ্যা গণনা, দহতকৈ কম সংখ্যাবোৰৰ যোগ, বিয়োগ, সহজ বানান, আকাৰ (বৃত্ত, ত্ৰিভুজ, বৰ্গক্ষেত্ৰ আদি) পৰিচয় কৰোৱা হয়।
প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্রেণী:
প্ৰথমৰ পৰা পঞ্চম গ্ৰেডৰ শিক্ষাৰ বিষয়বোৰ, যেনে- Reading, Writing, Mathematics, Science, Social Studies, Geography, Arts, Music, Physical Education আদি ভাৰতবৰ্ষৰ শিক্ষা প্ৰথাৰ সমান্তৰাল যদিও শ্রেণী বিশেষে কাৰিকুলাম কিছু বেলেগ হ'ব পাৰে। প্ৰাথমিক স্কুলৰ শ্রেণীবোৰত একোজন শিক্ষকৰ শ্ৰেণীত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২০ ৰ পৰা ২৫ জনতকৈ অধিক নোহোৱাতো বাঞ্চনীয় বুলি ধৰা হয়। ল'ৰা-ছোৱালীয়ে শিক্ষকে পঢ়োৱা পাঠ বুজি পাবলৈ নিৰ্ভয়ে আৰু নি়ঃসংকোচে হাত ডাঙি শিক্ষকক প্ৰশ্ন সুধিবলৈ উদগণি জনোৱা হয়।
মজলীয়া স্কুল:
মজলীয়া স্কুলৰ তিনি শ্রেণীতো এজন শিক্ষকৰ ক্লাচৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা একে পৰিমাণৰ। কাৰিকুলাম সাধাৰণতে দুভাগত বিভক্ত হয়। প্ৰথম বিধত বাধ্যতামূলক (Core Courses) বিষয়বোৰ - Language Arts, Math, Science আৰু Social Studies অন্তৰ্ভুক্ত হয়। দ্বিতীয় বিধত বাচনিক (Elective Courses) - যেনে ফৰাচী, স্পেনিছ আদি ভাষা, কম্পিউটাৰ, ডিজিটেল আৰ্ট, ব্যায়াম, মিউজিক আদি ভালেমান বিষয়বোৰ পৰে। প্ৰতিদিনে ছাত্ৰ-ছাত্ৰীয়ে এজন শিক্ষকৰ তলত হোম ৰুম বুলি ক্লাচত এটা বিষয়ৰ পাঠ আৰম্ভ কৰে। তাৰ পিচত বাকী বাধ্যতামূলক আৰু বাচনিক বিষয়বোৰৰ পাঠ ল'বলৈ ইটোৰ পিচত সিটো বিষয়ৰ শিক্ষকৰ ক্লাচলৈ যায়গৈ।
হাইস্কুল:
হাইস্কুলৰ চাৰিওটা শ্রেণীতে কিন্তু মজলীয়া স্কুলৰ দৰে এজন শিক্ষকৰ হোমৰুমৰ ব্যৱস্থা নাই । বিভিন্ন ৰাজ্যৰ কাৰিকুলাম প্ৰণালী অলপ বেলেগ হ'ব পাৰে যদিও মূলত: ৰাষ্ট্ৰীয় পৰ্য্যায়ত কলেজত ভৰ্ত্তি হোৱা পৰীক্ষাবোৰৰ, যেনে SAT (Scholastic Assessment Test), PSAT (Preliminary SAT), ACT (American College Testing) ৰ বাবে নিৰ্দিষ্ট বাধ্যতামূলক (Core Courses) বিষয় কেইটা - English, Reading, Mathematics আৰু Science ৰ অন্তৰ্ভুক্ত পাঠবোৰ সকলো ৰাজ্যতে সম পৰ্য্যায়ৰ। আমেৰিকাৰ কলেজ বা বিশ্ববিদ্যালয়বোৰলৈ পৃথিৱীৰ বিভিন্ন দেশৰ ছাত্ৰ ছাত্ৰীৰ সোঁত বয় বাবে এই পৰীক্ষাবোৰ প্ৰায়বোৰ দেশতে ল'ব পাৰে। ভাৰততো ভালেমান চেণ্টাৰ আছে। গুৱাহাটীতো এটা আছে।
হাইস্কুলত বাধ্যতামূলক বিষয়বোৰৰ উপৰিও ছাত্ৰ-ছাত্ৰীয়ে ভাষা, সাহিত্য, কলা, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, কাৰিকৰী বিজ্ঞান আদি অগণন বিষয়ৰ বাচনিক কোৰ্চ ল'ব পাৰে । তাৰোপৰি ভালেমান বিষয়ৰ উচ্চ স্তৰৰ কলেজ পৰ্যায়ৰ Advanced Placement (AP) কোৰ্চবোৰ হাইস্কুলতে ল'ব পাৰে । ৰাষ্ট্ৰীয় পৰ্য্যায়ত সেই বিষয়বোৰৰ পৰীক্ষা হয় বাবে AP কোৰ্চবোৰৰ ক্ৰেডিত কলেজলৈ লৈ যাব পাৰে, যাৰ ফলত বহু ছাত্ৰ-ছাত্ৰীয়ে কলেজীয়া শিক্ষা চাৰি বছৰতকৈ কম সময়তে সমাপ্ত কৰিব পাৰে।
এই লেখনিটোত মাথোঁ আমেৰিকান শিক্ষা প্ৰণালীৰ প্ৰাথমিক স্কুলৰ পৰা হাইস্কুললৈ ব্যৱহাৰ হোৱা কাৰিকুলাম খিনিৰ চমু বৰ্ণনাহে দিয়া হ’ল। তোমালোকে জানিব বিচাৰিলে শ্রেণী পৰ্য্যায়ৰ পৰীক্ষা প্ৰণালী, স্কুল পৰিচালনাৰ আইন-কানুন, বাজেট আৰু শাসন প্ৰথাৰ বিষয়ে আগলৈ লিখিম।
তোমালোকৰ
ফ্লৰিডা ককা, আমেৰিকা যুক্তৰাষ্ট্র
*********





Comments