ফুৰ্ফুৰীয়া সুগন্ধি
- নিবেদিতা শৰ্মা, যোৰহাট

- Jun 29, 2024
- 2 min read
Updated: Sep 22, 2024

নিবেদিতা শৰ্মা,
লখিমী নগৰ, যোৰহাট
"টিলাই টিলাই উৰি ফুৰে হেঁপাহতে,
খামতি ছোৱালী.........।“
অকণমানি অঞ্জনাই চোতালতে ঘূৰি ঘূৰি আপোনমনে গানটো গাই থাকোঁতে দেউতাকৰ মৰম লাগি মাজনী বুলি মাতোতেই, সততে সমীহ কৰা দেউতাকলৈ অলপ আসৈ পাই দুদিনমানৰ পৰা ক'ম ক'ম বুলি ভাবি থকা কথাষাৰ তাই সুধিয়েই পেলালে, "দেতা বজাৰত পকা আনাৰস আৰু কঁঠাল ওলাইছেনে? ইমান খাবৰ মন গৈছে পায়।" এবেলা খাই সিবেলাৰ কথা চিন্তা কৰা দেউতাকৰ, বজাৰত যে এইবোৰৰ এতিয়া জুইছাই দাম বুলি ক'বলৈ মন নগৈ, "ঠিক আছে আনি দিম বাৰু" বুলি ক'লে যদিও জীয়েকৰ কাজলসনা যেন মৰম লগা চকুযুৰিলৈ চাই কথাষাৰ ক'বলৈ সাহসে নুকুলালে।
ছোৱালীজনী অলপ বুজন হৈছে, মাকৰ যত্নত পঢ়া-শুনাতো ভাল হৈছে। সেয়ে দেউতাকে তাইৰ লাগতিয়াল কিতাপ, বহী আদিৰ যোগান ধৰিবলৈ যত্নৰ ত্ৰুটি কৰা নাই। বড়া ধানৰ খেতি আৰু ৰঙালাওৰ খেতি এইবাৰ ভাল হৈছে, সময়ত দুপইচা হাতলৈ অহাৰ আশা আছে। পাৰিলে ছাগলী এজনীও ল'ব লাগিব, গাখীৰ অকণমান তাইক লাগে, পৰিপুষ্টিৰ বাবে। ভাবি ভাল লাগিল দেউতাকৰ; ঘৰখনত কণমানি অঞ্জনাই তেওঁৰ আশা ভৰসাৰ স্থল।
সেয়া এদিন ৰাতিপুৱাৰ কথা। তাৰপিছত তাই স্কুললৈ গ'ল, আবেলি ঘৰলৈ আহি মাকে যতনাই দিয়া ঢেকীয়া শাক, কুঁজী থেকেৰাৰ টেঙা জোল, লগতে মচন্দৰী, কচু শাক, জলকীয়া, নিমখ তেল দি সনা পিটিকাকণ আৰু ঘৰতে থকা আমজোপাৰ পৰা কাটি দিয়া আমৰ বাটিটো পাই তাই অমৃতহে যেন মুখত দিলে। আমজোপাৰ আম কেঁচাতে টেঙা যদিও পকিলে মৌ মিঠা হয়।
মাকৰ লগত ইখন সিখন কামত হাত বটাই আবেলি লগৰ লগৰীয়াৰ লগত খেলিবলৈ গৈ, ওচৰৰে একেবাৰে অকলশৰীয়াকৈ থকা, গাঁৱৰ বেছিভাগৰেই 'আইতা'ৰ ঘৰ ওলালগৈ। কণমানি মনটোৱে অৱশ্যে উদ্দেশ্য উহ্য ৰাখিব নোৱাৰিলে। কঁঠালকেইটাই যেন হাত বাউলি মতাত তাই কৈয়েই পেলালে, "আইতা আপোনালোকৰ কঁঠাল পকিছেনে?"
আইতাৰ উত্তৰতহে তাই আচৰিত হ'ল, "এইবাৰ তেনেকৈ নালাগিলেই বুজিছনে; বাৰু তই যে এনেকৈ বাৰীয়ে বাৰীয়ে পনপনাই ঘূৰি ফুৰিছ, মাৰে বিচাৰি ফুৰিব, যাগৈ যা, ঘৰত চাকি বন্তি দিবৰে হ'ল।"
অঞ্জনাই লগে লগে ঘৰলৈ বুলি ঘূৰিল যদিও বাটে বাটে ভাবি গ'ল, ইমান ফুৰ্ফুৰীয়া কঁঠালৰ গোন্ধটো বাৰু আইতাই পোৱা নাই নেকি! তাইৰ সৰু মনটোৱে আকৌ ভাবিলে, আইতাই তেনেহ'লে গোঁসাই ঘৰৰ বন্তি বা ধূপৰ সুবাস পাইনে নে নাই বাৰু? এহ, ইমান গধুৰ চিন্তা তাই নকৰে দেই, মাককে গৈ সোধা ভাল হ'ব বুলি তাই ঘৰলৈ দৌৰ দিলে।
@@@@@@@





শিশুৰ যি বিষয়ত দক্ষতা প্ৰকাশ পায়, সেই অনুসৰি অভিভাৱকে আগবঢ়াই লৈ যাব জানিলে সেই শিশুৰ প্ৰতিভা এদিন নহয় এদিন প্ৰকাশ পাবই। এটা সুন্দৰ শিক্ষণীয় গল্প। লেখিকাক অভিনন্দন জনালোঁ।