বেগী ৰেল দেখাৰ উত্তেজনা
- দেৱীকা বৰপূজাৰী, মুম্বাই

- Jul 12
- 2 min read

দেৱীকা বৰপূজাৰী, মুম্বাই
ৰেল লাইন তোমালোক সকলোৱে দেখিছাই, কিন্তু এইবাৰ মই দেখা বিশেষ ৰেল এখন, কাষেৰে পাৰ হৈ যোৱাৰ যি উত্তেজনা, তাকে মইনাহত, তোমালোককো ইয়াৰ ভাগ দিওঁ বুলি ভাবিছোঁ। আহাচোন, পঢ়ি লোৱা, চাই লোৱা। কিবা অলপ বেলেগ লাগিল নে, জনাবা দেই।
ৰেল লাইন দেখাৰ কথানো কি ডাঙৰ কথা; সৰুতে কতবাৰ গুৱাহাটীৰ পৰা ইফাল সিফালে গৈছিলোঁ, তদুপৰি গুৱাহাটীৰ পৰা ভাৰতৰ আন ৰাজ্যলৈকো ফুৰিবলৈ যোৱা মনত আছে। কিন্তু, এইবাৰ ভিয়েটনামলৈ ফুৰিবলৈ যাওঁতে ৰেল লাইন এটা দেখি যি উত্তেজনা হৈছিল, তাকে লিখি তোমালোকক জনাব খুজিছোঁ।
ভিয়েটনামৰ ৰাজধানী হানয় (Hanoi)ৰ পুৰণি অঞ্চলত হানয় ট্ৰেইন ষ্ট্ৰীট নামৰ অবিশ্বাস্যভাৱে সংকীৰ্ণ ৰেলগাড়ী অহা-যোৱা কৰা ৰাস্তা এটা আছে। এই ট্ৰেইন ষ্ট্ৰীটৰ মাজেৰে তীব্ৰ বেগী ট্ৰেইন চীন অভিমুখে চলি যায়। এই দীঘল ৰেলৰ লাইনটো ইমানেই ঠেক যে, দুয়োফালে হাতে ঢুকি পোৱা দূৰত্বত সৰু ডাঙৰ অনেক বিল্ডিং, দোকান আৰু কেফে। প্ৰায়ে অট্টালিকা আৰু ঘৰৰ পৰা ইঞ্চিমান দূৰৈত থকা এই ঠেক ৰেল লাইনটোৰে ট্ৰেইনবোৰ পাৰ হৈ যায়। ৰেল লাইনৰ দুয়ো ফালে নিচেই কাষতে আছে শাৰী শাৰী কৈ চকী মেজ, আৰু ট্যুৰিষ্ট- কাৰোবাৰ হাতত আছে পানীয় আৰু কোনোবাই কিবাকিবি খাই আছে। বহুতে আহি ট্যুৰিষ্টক নানা বস্তু দেখুৱাইছে - বিক্ৰীৰ বাবে আকৰ্ষণ কৰিবলৈ, কিছুমানে নিজৰ DSLR লৈ এই উত্তেজক পৰিবেশ ধৰি ৰাখিবলৈ ফটো তোলাত ব্যস্ত। এগৰাকী সুৰক্ষা কৰ্মী ঘূৰি ফুৰিছে - সকলো ঠিকে আছে নে নাই চাবলৈ। এই ঠাইলৈ অহাৰ নিৰ্দিষ্ট সময় আছে, দুই তিনি ঘণ্টাৰ মূৰেমূৰে ট্ৰেইনখন আহে। ইয়ালৈ সকলো আহিব পাৰে, সৰহ ভাগেই ট্যুৰিষ্ট। আমি অহাৰ সময় লৈছিলোঁ, দুপৰীয়া চাৰে তিনি বজাত অহা ট্ৰেইনখন চোৱাৰ বাবে।
এগৰাকী মোহনীয়া কম বয়সীয়া মহিলাই আগবাঢ়ি আহি আমাকো বহিবলৈ ঠাই ঠিক কৰি দিলেহি। এইদৰে আলহ-উদহকৈ বহোৱাৰ বাবেতো তেওঁৰ কেফেত কিবা এটা খাবই লাগিব, সেয়ে আমিও চকী মেজ লৈ বহি নুদুলছ্ আৰু ঠাণ্ডা পানীয়ৰ অৰ্ডাৰ দি আলেখ লেখ চাই ৰেলগাড়ীখন অহালৈ বাটচাই বহি আছিলোঁ। আচৰিত হলোঁ সকলোৰে উত্তেজনা দেখি, ইয়াৰ মাজতে বহুতে ৰেল লাইনৰ ওপৰত ঠিয় হৈ বিভিন্ন প'জত ফটো উঠিছে।
আমাৰ খোৱা আহিলত খাই ললোঁ আৰু দেখিলো সকলোৱে ঘড়ী চাইছে; তিনি বাজিল, এগৰাকী গাৰ্ডক দেখিলোঁ সেউজীয়া পতকা এখন লৈ আগুৱাই গৈছে। পুলিচৰ পোছাক পিন্ধা এগৰাকী মহিলাই হুইছেল বজাই বজাই সকলোকে অলপ আঁতৰি বহিবলৈ নিৰ্দেশ দিলে। ৰেল লাইনৰ দুয়োফালে উত্তেজিত জনতা। আমাৰো দেখোন উত্তেজনাত মুখ শুকাই গৈছে। ঠিক ৩.৩০ হৈছে, লগেলগেই উকি মাৰি যথেষ্ঠ দীঘল, প্ৰকাণ্ড ট্ৰেইনখন আহিল, গাত যেন লাগি হে যাব! ট্ৰেইনখন এটা সময়ত পাৰ হৈ গ’ল, সকলো যেন শান্ত হৈ পৰিল।
ফটোত দেখাত বা মই লিখাত এইয়া একেবাৰে সাধাৰণ কথা যেন লাগিছে; মই তেতিয়া যি উত্তেজনা অনুভৱ কৰিছিলোঁ নাইবা যি উত্তেজনাৰ অংশীদাৰ হ’বলৈ দেশ-বিদেশৰ পৰা টুৰিষ্ট আহে, সেইখিনি মই বুজাই তুলিবলৈ অপৰাগ হৈছোঁ। কিন্তু গাত লাগি যাব যেনকৈ ওচৰদি বেগাই যোৱা ট্ৰেইনখন পাৰ হৈ গ’লে কেনে অনুভৱ হয় সেইয়া অভিজ্ঞতা হ’লেহে অনুমান কৰিব পৰা যায়।
তোমালোকে ডাঙৰ হৈ কেতিয়াবা ভিয়েটনামৰ হানয়লৈ গ’লে নিজ চকুৰে চাই আহিব পাৰিবা। কিন্তু খুব সাৱধানতাৰে চাবা দেই।
&&&&&&&&&&&





Comments