বুদ্ধিমতী জিৰা
- হিয়া দাস, শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ, কামৰূপ
- Jan 7
- 1 min read

হিয়া দাস, শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ
এজনী গাই আছিল। তাইৰ নাম জিৰা। জিৰা বৰ সহজ-সৰল আৰু শান্ত স্বভাৱৰ আছিল। সেইদেখি তাইক সকলোৱে বৰ মৰম কৰিছিল। জিৰা প্ৰতিদিনে পুৱা গা-পা ধুই, নতুন চোলা পিন্ধি, মুখত ক্ৰীম, পাউদাৰ সানি ওচৰৰে চৰণীয়া পথাৰখনলৈ চৰিবলৈ যায়।
জিৰাই সদায় দিনৰ দিনটো পথাৰত ঘাঁহ খাই আৰু সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ লগত খেল-ধেমালি কৰি সময় কটায়। তাইৰ মৰমীয়াল আৰু ৰাংধালী স্বভাৱৰ বাবে ল’ৰা-ছোৱালীৰবোৰে তাইক বৰ ভাল পায়।
এনেকৈয়ে দিনবোৰ পাৰ হয়।
এবাৰ গাঁৱত এখন মেলা হৈছিল। সেইকেইদিন ল’ৰা-ছোৱালীবোৰ মেলাতেই ব্যস্ত হৈ আছিল। সেয়ে জিৰা অকলেই পথাৰত ঘাঁহ খাই সময় কটাবলগীয়া হৈছিল।
এদিন জিৰাই লক্ষ্য কৰিলে, চাৰিটা অচিনাকি সৰু ল’ৰা-ছোৱালী ইফালে সিফালে চাই, কান্দি কান্দি পথাৰৰ ফালে আহিব ধৰিছে। জিৰাৰ বুজিবলৈ বাকী নাথাকিল যে সিহঁতে মেলাত মাক-দেউতাক বা ডাঙৰৰ লগ এৰা খাই, ৰাস্তা ভুল কৰি এইফালে গুচি আহিছে। জিৰাই সিহঁতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ, মূৰটো লৰাই লৰাই ডিঙিত ওলমি থকা টিলিঙাটো বজাবলৈ ধৰিলে। টিলিঙাৰ মাত শুনি চাৰিওটা জিৰাৰ কাষ চাপি আহিল আৰু ধুনীয়া, মৰমিয়াল গাইজনীৰ লগত খেলিবলৈ ধৰিলে।
এনেকৈ সিহঁতে কিমান সময় খেলিলে হুঁচেই নাছিল। এনেতে ল’ৰা-ছোৱালীকেইটাক বিচাৰি বিচাৰি মাক-দেউতাক আৰু পুলিচ পথাৰত উপস্থিত হ’লহি। চাৰিওটাই ৰংমনেৰে জিৰাৰ সৈতে খেলি থকা দেখা পাই সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে।
জিৰাৰ উপস্থিত বুধিৰ কাৰণে সেইদিনা ল’ৰা-ছোৱালীকেইটাই বেছি দূৰলৈ আঁতৰি নগৈ মেলাৰ কাষৰ পথাৰখনতে খেলি থাকিছিল। অন্যথা আন্ধাৰ হৈ অহাৰ লগেলগে সিহঁতক বিচাৰি উলিওৱাত সমস্যা হ'লহেঁতেন।
জিৰাই এনেকৈ নিজৰ উপস্থিত বুদ্ধিৰে ল'ৰা-ছোৱালীকেইটাৰ জীৱন ৰক্ষা কৰাৰ কাৰণে গাঁওবাসীয়ে জিৰাৰ অত্যন্ত শলাগ ল'লে আৰু মেলাৰ শেষৰ দিনা এমোঠা সতেজ, কোমল- সেউজীয়া ঘাঁহ আৰু "বুদ্ধিমতী জিৰা" লেখা এটা টুপী পিন্ধাই জিৰাক সন্মানিত কৰিলে।
@@@@@@@@@
コメント