top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

বুবুৰ উপস্থিত বুদ্ধি

  • Writer: নীলাঞ্জনা দেৱী বৰুৱা, যোৰহাট
    নীলাঞ্জনা দেৱী বৰুৱা, যোৰহাট
  • Jul 12
  • 2 min read
ree

নীলাঞ্জনা দেৱী বৰুৱা, যোৰহাট

 

বুবুহঁতৰ নতুন গাড়ী এখন কিনা হ’ল ৷ ৰঙা ৰঙৰ গাড়ীখনক লৈ মাক-দেউতাক, বায়েক আৰু বুবুৰ কত যে জল্পনা-কল্পনা ! ক’ত ক’ত ফুৰিবলৈ যাব, কাক কাক গাড়ীখন দেখুৱাব ইত্যাদি ইত্যাদি ৷ তাৰ মাজতে আকৌ বুবুৰ সৰু মনটোৱে গাড়ীখন সজাবলৈ বুলি ইটোৰ পিছত সিটো বস্তুৰ লিষ্ট লিখিয়েই তৎ নাই ৷ বন্ধৰ দিনত বুবুৰ আধাখিনি সময় সেইলৈয়ে পিটিক-পাটাক কৰি থাকোঁতেই যায় ৷

 

“বুবু গাড়ীখনৰ লগতনো তই আৰু কিমান লাগি নাথাক অ'? বেছি পিটিক-পাটাকখন কৰি নাথাকিবি।"

মাকে চিঞৰি চিঞৰি তৎ নাপায়।

 

মাকৰ চিঞৰত বুবুৱে গাড়ীৰপৰাই মাত দিয়ে, “পিটিকি থকা নাই নহয় মই ৷ কিবাকিবি নতুন বস্তু লগাই আছোঁ ৷ তোমালোকে পাছত গম পাবা ৷”

 

বুবুৰ সেই কথাষাৰৰ আঁৰত যে ইমান ডাঙৰ ৰহস্য লুকাই আছিল মাকে এতিয়াহে বুজি পালে ৷

 

পুৱাৰে পৰাই ঘৰখনত ওচৰচুবুৰীয়া আৰু সাংবাদিকৰ ভীৰ ৷ বুবু দেউতাকৰ লগত জিলা উপায়ুক্তৰ ওচৰলৈ গৈছে ৷ উপায়ুক্ত মহোদয়ে বুবুক তেওঁৰ অফিচলৈকে মাতি পঠিয়াইছে ৷

 

নিউজ চেনেলৰ সাংবাদিকে সোধা প্ৰশ্নবোৰৰ উত্তৰ মাকে যিমান পাৰে ধুনীয়াকৈ দি গৈছে ৷ তেওঁলোকে ঘটনাটোৰ হিৰ’ অৰ্থাৎ বুবুক লগ পাবলৈ অপেক্ষা কৰি আছে ৷

 

যোৱা নিশা ঠিক দুইমান বজাত বুবুহঁতৰ ঘৰখনত হঠাতে হুৱাদুৱা লাগিল ৷ মানে ঘৰৰ ভিতৰতে চাইৰেণ বাজি উঠিল ৷ ক’ত, ক’ৰ পৰা, কেনেদৰে বাজিছে, কোনেও ঘটনাটোৰ উৱাদিহেই পোৱা নাই ৷ বুবুৱে মাত্ৰ চিঞৰিলে, “দেউতা চোৰ আহিছে, গাড়ী চোৰ আহিছে। পুলিচলৈ ফোন কৰা সোনকালে।”

 

দেউতাকে অবাক হৈ সুধিলে, “তই গাড়ী চোৰ আহিছে বুলি কেনেকৈ জানিলি অ’ বোপাই?”

 “সেইবোৰ কথা পিছত হ’ব, হাতে হাতে এই লাঠি কেইডাল লোৱা আৰু সকলো বাহিৰলৈ যাওঁ ব’লা ৷ পলম নকৰিবা, ব’লা ব’লা।”

 

হয় যি হয়! চোৰে গাড়ী ঠেলি ঠেলি নি গেৰেজৰ পৰা চোতালৰ আগ পোৱালেগৈ ৷ তেনেতে দেউতাকে বাৰাণ্ডা আৰু ঘৰৰ লাইটবোৰ জ্বলাই চিঞৰ বাখৰ কৰাত চোৰ পলাই পত্ৰং দিলে ৷ তাৰপাছতহে ওৰহী গছৰ ওৰ ওলাল ৷

 

বুবুৱে গাড়ীৰ বাংকাৰৰ তলত এডাল তাঁৰত  কেইবাটাও প্লাষ্টিকৰ বটল বান্ধি তাত তাৰ ৰিম’ট কণ্ট্ৰলৰ খেলা গাড়ীখনৰ ইঞ্জিনটো বান্ধি  তাৰপৰা   ইলেক্ট্ৰিক তাঁৰ সংযোগ কৰি সেইডাল ঘৰৰ ভিতৰত থকা খেলনা চাইৰেণটোত লগাই থৈছিল ৷ ফলত চোৰে গাড়ী যিমানেই টানিছে, বাহিৰত বটলৰ খিলিং-খালাংকৈ   মৃদু শব্দহে চোৰে শুনিছে ৷ আনহাতে ঘৰৰ ভিতৰত সশব্দে চাইৰেণ বাজি উঠিল আৰু সকলো ততালিকে সাজুহৈ ওলাই আহিল ৷ গিৰিহঁতৰ অনাকাংক্ষিত সৰৱতাত চোৰ কিংকৰ্তব্যবিমূঢ় হ’ল ৷ গতিকে চোৰে গাড়ী এৰি প্ৰাণ বচাবলৈহে চিন্তা কৰি পলাবলৈ ধৰিলে৷ বুবুহঁতৰ ঘৰৰ চিঞৰ-বাখৰত কাষৰ বৰদেউতাক-খূড়াকহঁতো সাৰ পাই উঠি আহিল।

 

ইতিমধ্যে বুবুৰ বায়েক বাবলী আৰু বৰদেউতাকৰ ল’ৰা বীৰে ফেচবুকত ঘটনাটো ভিডিঅ' কৰি প’স্ট কৰিয়ে দিলে ৷

 

ইকান সিকানকৈ নিউজ চেনেলবোৰেও গম পালে ৷ সেয়ে বুবুৰ সাক্ষাৎকাৰ ল’বলৈ কেইবাজনো থলুৱা সাংবাদিকো আহিছে ৷ বুবুহঁতৰ ঘৰলৈ অহা সকলো মানুহেই বুবুৰ উপস্থিত বুদ্ধিৰ একেআষাৰে শলাগ ল’লে আৰু ভৱিষ্যতে বুবুৰ পৰা ন ন উদ্ভাৱনৰ আশা ৰাখি সকলোৱে আশীৰ্বাদ জনালে।

 

কেইদিনমান আগতে শ্ৰেণীকোঠাত বিজ্ঞানৰ পিৰিয়দত শিক্ষকে বুজোৱা বিভিন্ন ধৰণৰ সতৰ্ক ব্যৱস্থাৰ বিষয়ে শিকি; তাৰে সংযোগেৰে বলেৰে কৰিব নোৱাৰা কামো বুবুৱে বুদ্ধিৰে কৰি দেখুৱালে।


&&&&&&&&&&&&

Comentarios


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page