বিভাৰ দেখাত কণটোমান, কিন্তু কাম কৰে হাতীৰ সমান
- পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
- Apr 6
- 6 min read

পবিত্ৰা বৰঘৰীয়া, মুম্বাই
ফুৰিবলৈ আহি বৰ্তমান মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিয়াটলত থকা মোৰ জী-জোঁৱাইৰ ঘৰত আছোঁহি। ইয়ালৈ আহি বহু নতুন নতুন ঠাই বা বস্তু দেখাৰ লগেলগে বহু নতুন নতুন কথাও শিকিবলৈ সুবিধা পাইছোঁ। সেইটো হ'বই, কাৰণ ঠাই বা অঞ্চলভেদে মানুহৰ আদব-কায়দা, ৰহন-চহন, খাদ্য আদি বেলেগ বেলেগ হয়েই। সেইদৰে ভাৰত আৰু আমেৰিকাৰ ভৌগোলিক পৰিবেশৰ ভিন্নতা হোৱাৰ হেতুকে উদ্ভিদ, প্ৰাণী আদিৰো ভিন্নতা দেখিবলৈ পোৱা গৈছে।সঁচাকৈয়ে আমি বাস কৰা পৃথিৱীখন যে কিমান বৈচিত্ৰতাৰে ভৰা সেয়া আমি কল্পনাই কৰিব নোৱাৰোঁ। আমি জন্মৰে পৰা এতিয়ালৈকে যিমানখিনি দেখিছোঁ বা শুনিছোঁ তাৰ তুলনাত নেদেখা বা নুশুনা কিমানবোৰ যে বিষয় আছে সেয়া অনুমান কৰাটোও কঠিন।
সিদিনা ইয়াত আমাৰ দেশ ভাৰতবৰ্ষত কাহানিও নেদেখা, আনকি নাম পৰ্যন্ত নুশুনা এটা প্ৰাণীৰ বিষয়ে জানিবলৈ পাৰিলোঁ। তাকে আজি 'সূৰুযমুখী'ৰ পাঠক সমাজৰ জ্ঞাতাৰ্থে আগবঢ়াবলৈ লৈছোঁ।জীৱবিধৰ নাম হ'ল বিভাৰ (Beaver)। ই নিগনি বা চিকাটোৰ দৰে কিন্তু তাতোতকৈ ডাঙৰ আকাৰৰ উভচৰ জীৱ । ইণ্টাৰনেটত অনুসন্ধান কৰি চালোঁ জানোচা আমি নজনাকৈয়ে কেতিয়াবা ভাৰতৰ কোনোবা ঠাইত এই প্ৰাণীবিধ আছিলনেকি। জানিবলৈ পোৱা মতে, অতীজতে উত্তৰ-পূব ভাৰতৰ মণিপুৰত স্থানীয় বিভাৰ প্ৰজাতি (Trogontherium cuvieri) এটা দেখা পোৱা গৈছিল। কিন্তু ইয়াত অন্তিমটো লিপিবদ্ধ দৰ্শন আছিল ১৯০৫ চনতে, তাৰ পিছৰ পৰা মণিপুৰতো এই প্ৰজাতিটো দেখাৰ কোনো নিশ্চিত প্ৰমাণ নাই। উপযুক্ত বাসস্থানৰ অভাৱ আৰু নিৰ্মম চিকাৰীৰ কবলত পৰাৰ ফলতেই মণিপুৰৰ বিভাৰ প্ৰজাতিটোৰ বিলুপ্তিৰ মূল কাৰণ বুলি জানিব পাৰিলোঁ।
অকণিহঁত তোমালোকে যদি ডাঙৰৰ পৰা এই জন্তুটোৰ বিষয়ে কিবা জানিবলৈ পোৱা, তেতিয়াহ’লে আমাক নিশ্চয় জনাবা।
বৰ্তমান সময়ত উত্তৰ আমেৰিকা আৰু ইউৰেছিয়াৰ কিছুমান ঠাইতহে বিভাৰ নামৰ এই প্ৰাণী বিধ পোৱা যায়। মই বিভাৰৰ বিষয়ে অতি কৌতূহলী হৈ ২০১৬ চনৰ পৰা আমেৰিকাতে থকা আমাৰ ছোৱালী তাৰাণাৰ লগত আলোচনা কৰোঁতে তাই এই প্ৰাণীটোৰ বিষয়ে বহুখিনি সম্ভেদ দিলে। বিশেষকৈ তাই মোক সেই সময়তে আমেৰিকাৰ জনপ্ৰিয় কেইবাখনো বাতৰি কাকতত আৰু ৱেবছাইটত প্ৰকাশ পাই থকা বিভাৰ সম্বন্ধীয় লেখা কেইটামান পঢ়িবলৈ যোগাৰ কৰি দি বহুতো উপকাৰ কৰিলে ।
‘The New York Times’ নামৰ বাতৰি কাকতত প্ৰকাশ হোৱা লেখা এটা ‘Czech Dam Project was stalled by Bureaucracy. Beavers built their own’। আন এটা ৱেবচাইট ‘Radio Prague International’ ত 'Beavers build planned dams in protected landscape area, while local officials still seeking permits' শিৰোনামৰ আন এটা তথ্য দেখা পালোঁ। তাৰোপৰি 'Nature Conservation Agency of The Czech Republic' ৰ চৰকাৰী ৱেবচাইট এটাত ১১ ফেব্ৰুৱাৰী-২০২৫ ত প্ৰকাশ হোৱা 'How can beavers save government's money' নামৰ লেখা এটিও তাই পঢ়ি শুনালে। শুনি মই আচৰিত হৈ গ’লোঁ !!
আটাইকেইটা বাতৰিৰ পৰা এয়াই বুজিলোঁ যে, ২০১৮ চনতে চেক গণৰাজ্য (Czech Republic) ৰ ৰাজধানী প্ৰাগৰ পৰা প্ৰায় ৬৪ কিলোমিটাৰ দক্ষিণ-পশ্চিমে থকা ব্ৰিডী নামৰ অঞ্চলটোত বান্ধ নিৰ্মাণ কৰিবলৈ 'চেক বান্ধ প্ৰকল্প'( Czech Dam Project) নামৰ প্ৰকল্প এটাৰ নিৰ্মাণৰ খচৰা প্ৰস্তুত কৰা হৈছিল। এই প্ৰকল্পটোত ক্লাবাভা নদী ( Klabava river) ৰ ওপৰত পূৰ্বৰ সামৰিক প্ৰশিক্ষণ কেন্দ্ৰৰ স্থানত বান্ধ বান্ধিবলৈ সিদ্ধান্ত কৰা হৈছিল কিয়নো আগতে সামৰিক প্ৰশিক্ষণ কেন্দ্ৰটো নিৰ্মাণৰ সময়ত সেই নদীখনৰ যথেষ্ট ক্ষয়-ক্ষতি হৈছিল যাৰবাবে নদীত বাস কৰা বিভিন্ন প্ৰজাতিৰ প্ৰাণীসমূহৰ জীৱন সংকটাপূৰ্ণ হৈ পৰিছিল। সেয়ে চেক গণৰাজ্যৰ বিষয়াসকলে নদীখনৰ পানী নিষ্কাশন নিয়ন্ত্ৰিত কৰি নদীখন ৰক্ষণাবেক্ষণ কৰাৰ চেষ্টা কৰিছিল আৰু কৃটিম জলাশয়ৰ সৃষ্টি কৰি প্ৰাণীসমূহৰ সুৰক্ষাৰ কাৰণে জৰুৰী পৰিবেশ এটা পুনৰুজ্জীৱিত কৰি তোলাৰ পৰিকল্পনাৰে এই প্ৰকল্পৰ কাম হাতত লৈছিল।
কিন্তু তেওঁলোকে বান্ধ নিৰ্মাণৰ বাবে আৱশ্যক হোৱা ভূমিৰ অধিগ্ৰহণৰ সময়ত জটিলতাৰ সন্মুখীন হ'ব লগা হৈছিল। আচলতে প্ৰকল্পটো নিৰ্মাণৰ পাৰ্মিট আছিল যদিও পূৰ্বতে সামৰিক প্ৰশিক্ষণৰ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰা এই ভূমি, বান্ধ নিৰ্মাণৰ কামত অধিগ্ৰহণৰ কৰিবৰ বাবে দুয়োপক্ষৰ মাজত আলোচনা- বিলোচনা কৰি থাকোঁতেই কেইবা বছৰো পাৰ হৈ গৈছিল।
কিন্তু তেনে সময়তে তীক্ষ্ণ দাঁতৰ স্তন্যপায়ী জীৱৰ দল এটাই, যি অভিযান্ত্ৰিক দক্ষতা আৰু নিখুঁত কৰ্ম- নীতিৰ বাবে জনাজাত, সেই কামটো কৰাৰ দায়িত্ব মূৰপাতি ল'লেহি। সেই জীৱবিধেই হৈছে ওপৰত উল্লেখ কৰি অহা বিভাৰ নামৰ জীৱ বিধ। জীৱ-জন্তুৰ মাজতো নিজৰ সমাজ পৰিচালনাৰ বাবে অনেক অলিখিত নীতি-নিয়ম থাকে যদিও মানৱ সমাজত থকাৰ দৰে আমোলাতন্ত্ৰৰ ৰঙা ফিটাৰ মেৰপেছ তেওঁলোকৰ সমাজত নাথাকে বাবেই বিভাৰে এই কামটো হেলাৰঙে, অতি কম সময়ৰ ভিতৰতে কৰি সম্পূৰ্ণ কৰি পেলালে!
ওপৰত উল্লেখিত বাতৰি অনুসৰি এই প্ৰকল্পৰ বাবে চৰকাৰে প্ৰায় ১২ লাখ ইয়'ৰো (প্ৰায় ১১.৩০ কোটিৰ সমান) তকৈ অধিক ধন অনুমোদন কৰিছিল। কিন্তু ইমানখিনি ধনৰ এটকাও খৰচ নকৰাকৈ সেই অঞ্চলত থকা বিভাৰৰ সৰু গোষ্ঠী এটাই সম্পূৰ্ণ বিনামূলীয়াকৈ সম্পূৰ্ণ প্ৰকল্পটো বান্ধি শেষ কৰি বাতৰিৰ শিৰোনামা দখল কৰি বিখ্যাত হৈ পৰিল।
বাতৰিকেইটা পঢ়ি এটা বিশেষ ধৰণৰ আমোদ পালোঁ আৰু আচৰিতো হ’লোঁ। সাধাৰণতেই মনলৈ কৌতূহল আহে, ই কি প্ৰকৃততে ঘটা ঘটনানে? কেইটামান সামান্য জীৱই ইমান ডাঙৰ কাম এটা তাকো ইমান কম সময়ৰ ভিতৰতে কৰি পেলোৱা সম্ভৱ নে? নে এইয়া বঢ়াই কোৱা কোনো কথাহে ? কিন্তু ইমান বহু প্ৰচলিত আৰু সুনাম থকা বাতৰি কাকতত মিছা কথা প্ৰচাৰ কৰিবনে?
ময়ো বাতৰিটো সঁচা নে মিছা ঠাৱৰ কৰিবৰ মানসেৰে, বিভাৰ সম্বন্ধীয় তথ্যবোৰ অধ্যয়ন কৰিবলৈ ধৰিলোঁ। প্ৰথমেই মই বিভাৰৰ শাৰীৰিক গঠন সম্বন্ধে জানিবলৈ বিচাৰিলোঁ, যাৰ সহায়ত এই সামান্য প্ৰাণীবিধে এনেদৰে বাতৰিৰ শিৰোনামা দখল কৰিব পৰাকৈ দুঃসাধ্য কাম এটা কৰি তুলিব পাৰে।
জনামতে কেপিবাৰাৰ (Capybaras) পিছতে বিভাৰ হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম জীৱিত এন্দুৰ জাতীয় প্ৰাণী। ই জালযুক্ত ভৰি, পেডেলৰ দৰে ঠেং, হালধীয়া-বাদামীৰ পৰা প্ৰায় ক'লা বৰণৰ নোমেৰে সৈতে ডাঠ চালযুক্ত আৰু ডাঙৰ দাঁত থকা গধুৰ স্তন্যপায়ী, অৰ্ধজলজ প্ৰাণী। বিভাৰৰ ডাঙৰ দাঁতবোৰ লোহা সমৃদ্ধ ইনামেলেৰে আবৃত হৈ থকাৰ বাবে অতি শক্তিশালী আৰু কমলা ৰঙৰ হয় যিবোৰ অবিৰতভাৱে বৃদ্ধি হৈ থাকে সেয়ে অতি সহজে ডাঙৰ গছো সহজে দাঁতেৰে কুটিব পাৰে। প্ৰাপ্তবয়স্ক বিভাৰৰ ওজন ৫০ কিলোগ্ৰাম আৰু নেজকে ধৰি গড় দৈঘ্য ১ ফুটৰ পৰা ৪ ফুট পৰ্যন্ত হ’ব পাৰে ৷ বিভাৰৰ আটাইতকৈ লক্ষণীয় বৈশিষ্ট্য হ’ল দীঘল, ক’লা ৰংৰ চেপেতা নেজডাল, যি কেৱল বেগেৰে সাঁতুৰিবলৈ সহায় কৰাই নহয়, বিভাৰক গধুৰ গছৰ কুণ্ডা-ডাল আদি কঢ়িয়াই নিয়াৰ সময়ত পানীত ভাৰসাম্য ৰক্ষা কৰাতো সহায় কৰে।


বিভাৰ স্বভাৱগতভাৱে বিশ্লেষণাত্মক, আত্ম-অনুশাসনশীল আৰু সংগঠিত বুলি জনা যায়। যদিও বিভাৰসকলে আন বিভাৰসকলৰ সৈতে সহযোগিতা কৰিব পাৰে, তথাপিও তেওঁলোকে প্ৰায়ে কেৱল তেওঁলোকৰ গোটৰ আন সদস্যসকলৰ সৈতেহে লগলাগি কাম কৰে।
বিভাৰে নিজকে কুকুৰনেচীয়া বাঘ, ভালুক, কয়ট, কুগাৰ, শিয়াল আদি জীৱ-জন্তু আৰু মানুহৰ পৰা নিজকে নিৰাপদে ৰাখিবলৈ পুখুৰী বা জলাশয় সৃষ্টি কৰিবলৈ বান্ধ (Dam) নিৰ্মাণ কৰে। নিজৰ বান্ধৰ দ্বাৰা সৃষ্টি কৰি লোৱা এই জলাশয়বোৰত ইহঁতে সৰু সৰু কোঠালী বা লজ নিৰ্মাণ কৰি লয়। এই লজবোৰেই তেওঁলোকৰ ঘৰ, য’ত তেওঁলোকে শুৱে, পোৱালি জন্ম দি ডাঙৰ-দীঘল কৰে আৰু খাদ্য জমা কৰি ৰাখে।
বিভাৰৰ বান্ধ নিৰ্মাণ প্ৰক্ৰিয়া:
বিভাৰে প্ৰথমে বান্ধ নিৰ্মাণ কৰিবলৈ লোৱা ঠাইৰ পানীৰ চাপ হ্ৰাস কৰিবলৈ পানীখিনি অস্থায়ীভাৱে আন ঠাইলৈ বোৱাই লৈ যায়, যাতে ভালদৰে কাম কৰিব পাৰে। তাৰপিছত শক্তিশালী দাঁতেৰে ওচৰৰ গছ-গছনি কাটি বগৰাই, টুকুৰা-টুকুৰ কৰি; দাঁত, আগফালৰ ঠেং দুখন আৰু হাতোৰাৰ সহায়ত গছৰ টুকুৰা কৰা কুণ্ডাবোৰ আৰু ডাল-পাত আদি পানীত ওপঙাই বান্ধ নিৰ্মাণ কৰা ঠাইলৈ কঢ়িয়াই লৈ যায়। গছৰ কুণ্ডা আৰু ডাল-পাতবোৰ পানীৰ তলৰ বোকা মাটিত ঠেলি ঠেলি সোমোৱাই দি প্ৰথমে ভেঁটি (base) এটাৰ সৃষ্টি কৰি লয়। সেই ভেঁটিৰ মাটিখিনিৰ ওপৰত গধুৰ শিল দি ভেঁটিটো মজবুট কৰি তোলে আৰু তাৰপিছত জলাশয়ৰ চাৰিওফালৰ পাৰৰ ফাঁকবোৰ বন্ধ কৰিবলৈ আৰু ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ বোকাৰে লেপি ফাঁকবোৰ বন্ধ কৰি দিয়ে।
বান্ধ নিৰ্মাণ কৰি এনে সুনিপুণকৈ বাসস্থান তৈয়াৰ কৰি নিজকে ৰক্ষণাবেশন দিয়াৰ উপৰিও প্ৰাকৃতিক পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ সমৰ্থ হোৱা এই ক্ষুদ্ৰ জীৱবিধে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। সেয়ে বিভাৰক ‘প্ৰকৃতিৰ অভিযন্তা’ বুলি আখ্যা দিয়া হৈছে।
আমেৰিকাত বিভাৰ বান্ধ দেখাৰ সৌভাগ্য:
সময়তে এটা বৰ ডাঙৰ সুবিধা পালোঁ। এদিন তাৰাণাৰ আয়াৰলেণ্ডৰসহকৰ্মী এগৰাকীয়ে খবৰ দিলে যে আমি থকা সেই অঞ্চলতে বিভাৰৰ পৰিয়াল এটাই বান্ধ বনাই থাকিবলৈ লৈছেহি।কথাটো শুনি আমি আৰু নৰ'লো, পিছদিনাই সহকৰ্মী গৰাকীয়ে দিয়া ঠিকনা অনুসৰি গৈ গৈ পাহাৰৰ মালভূমিৰ নিচিনা বহল ওখ ভূখণ্ড এটাত উপস্থিত হ'লোগৈ। তাতে গাড়ী পাৰ্ক কৰি এঢলীয়া ঠেক ৰাস্তা এটাৰে মালভূমিৰ পৰা কিছু দূৰ নামি গৈ আমাৰ লক্ষ্য সেই নিজৰাটো বৈ যোৱা সমতলভূমি পালোঁগৈ। ওখ ওখ ডাঠ গছ-গছনিৰ মাজত এইখিনি বহল মুকলি ঠাই, ঠাইখনৰ এফালেদি গাড়ী মটৰ যোৱা ধুনীয়া এটা ৰাস্তা, মাজত সেউজীয়া বহল ঘাঁহনি- তাৰ মাজে মাজে বহিবলৈ কাঠৰ চকী টেবুলৰ ব্যৱস্থা আছে আৰু তাৰ আন ফালেদি নিজৰাৰ পাৰে পাৰে মানুহে খোজকাঢ়ি যাব পৰাকৈ ট্ৰেইল এটা আছে। আৰু নিজৰাটোৰ সিটো পাৰৰ ডাঠ হাবিখনৰ সিপাৰেই নীলিম পানীৰে প্ৰশান্ত মহাসাগৰৰ পিপাৰছ (Pipers creek) ক্ৰীকটো।



এই ক্ৰীকৰ পৰাই প্ৰতি বছৰে সাগৰীয় প্ৰাপ্তবয়স্কৰ ছালমন (Salmon) নামৰ মাছবোৰ নিৰ্দিষ্ট সময়ত নিজৰাটোৱেদি উজাই আহি, কণী পাৰি পোৱালি জগাইহি। সেইয়াও অন্য এক মনোৰম কাহিনী। সেইসময়ত মাছবোৰক ৰক্ষণাবেক্ষণ দিয়া, পৰ্যটকক চোৱাৰ সুবিধা কৰি দিয়া, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰা আদি কামবোৰ সেই অঞ্চলৰ ছালমন ৰক্ষা কমিটীৰ ওপৰত ন্যস্ত কৰা থাকে।
কথাটো হ’ল, অলপদিনৰ আগতে সেই পিপাৰছ ক্ৰীকৰ মোহনাত বিভাৰৰ পৰিয়াল এটা আহি বোকা আৰু গছৰ ডাল-পাত, কুণ্ডাৰে বান্ধ বান্ধি নিজৰাৰ পানীৰ সোঁত প্ৰায় বন্ধ কৰি জলাশয়ৰ সৃষ্টি কৰি থাকিব ল'লেহি। ইফালে এই বান্ধৰ বাবে ছালমন মাছবোৰে নিজৰাইদি উজাই আহিবলৈ অসুবিধা হোৱাত কৰ্তৃপক্ষ চিন্তিত হৈ পৰিছে। সেয়েহে পানীৰ সোঁত বন্ধ নহ'বৰ বাবে Carkeek Watershed Community Action Project ৰ Salmon program ৰ director আহি ঠাইডোখৰ পৰিদৰ্শন কৰি দুয়োবিধ প্ৰাণীৰ সহাৱস্থানৰ কাৰণে উপযুক্ত ব্যৱস্থা হাতত লৈছে।
বিভাৰৰ পৰিয়ালটোৱে বান্ধটো কি যে কিটিপত বনাইছে, দেখি আচৰিত হ’লোঁ আৰু দেখিবলৈ পোৱাৰ বাবে নিজকে ভাগ্যৱতী বুলি ভাবিছোঁ! সিহঁতৰ নিৰাপত্তাৰ বাবে যিমান গভীৰতাৰ পানীৰ আৱশ্যক, সেই হিচাবে বান্ধ বান্ধি ওপৰঞ্চি পানীখিনি বান্ধৰ ওপৰদি বৈ যাবলৈ দিছে। ইমান সৰু প্ৰানীবিধে দাঁতেৰে কঁটা গছ আৰু কুণ্ডাবোৰ ইফালে সিফালে পৰি থকা দেখি আমে আচৰিত হৈ পৰিছিলোঁ। সেইবোৰৰে কিছু দৃশ্য আমাৰ ছবিবোৰত ধৰি ৰাখিবলৈ যত্ন কৰা হৈছে।
দেখিছেনে, কেনেকুৱা আচহুৱা ধৰণৰ প্ৰাণীৰে ভৰা এই বৈচিত্ৰময় পৃথিবীখন? বিশেষকৈ নিজৰ বাসস্থান বনাবৰ কাৰণে এই ক্ষুদ্ৰ জীৱবিধে যেনেকৈ বিশ্ৰামহীনভাৱে কাম কৰি যায়, দেখিলেই মৰম লাগি যায়।
**********
Comments