top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

বিশ্ৰামৰ সুৰ

  • Writer: সুদীপ্তনয়ন বৰঠাকুৰ, গুৱাহাটী
    সুদীপ্তনয়ন বৰঠাকুৰ, গুৱাহাটী
  • Jan 7
  • 1 min read
(এক পুত্ৰৰ মাতৃলৈ নিবেদন )
(এক পুত্ৰৰ মাতৃলৈ নিবেদন )

সুদীপ্তনয়ন বৰঠাকুৰ, গুৱাহাটী



নীৰৱ নিস্তব্ধ চতুৰ্থ প্ৰহৰে জীৱনৰ গীত জুৰিলে,

সংগোপনে সঁচা কাব্য চিত্ৰণ কৰে তোমাৰ কলমে।

কিন্তু, ক’ত আজি তোমাৰ বিশ্ৰামৰ ঠাই!

দেহেও ভাৱনাৰ পূৰ্ণতাৰ বাবে বিচাৰে বিশ্ৰাম।

 

চৌদিশে পোহৰৰ ৰং ছটিয়াই তোমাৰ কবিতাই

মুঠি মুঠি জোনাক সিঁচে অজান পাঠকলে।

কিন্তু তুমি জানানে, নিদ্ৰাই অনুভৱক জাগ্ৰত কৰে

সৃষ্টিৰ নৱ উন্মাদনাৰ শক্তি দিয়ে সঠিক বিশ্ৰামে।

 

বিশ্ৰাম নহয় অলসতা, ই যে যোগায় শক্তি,

সময়ৰ সমৰ যাত্ৰা, বঢ়ায় কৰ্মৰ দুৰ্বাৰ আসক্তি

বিশ্ৰাম নহয় কদাপি কাৰক উপেক্ষা,

সদা অপৰিহাৰ্য্য অন্তৰ্দৃষ্টিৰে সাধনা, যোগনিদ্ৰা।

 

ইচ্ছা শক্তি আৰু কলম হওক অনিৰ্বাণ

যোগ, খাদ্য, বিশ্ৰামৰ সমতাৰে সৃষ্টিৰ হওক উত্তৰণ।

গুটিমালী শব্দৰ প্ৰচ্ছায়াত জীৱনৰ সন্ধান পাওঁ,

ফুটুকীয়া জোনাকত উমলি জীপাল হওঁ।

 

************

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page