বৰ্ণমালাৰ লটিঘটি
- মীনাক্ষি গগৈ কোৱঁৰ, দুলিয়াজান

- Jun 27, 2024
- 1 min read
Updated: Jul 13, 2024
মীনাক্ষী গগৈ কোৱঁৰ
বকুলনি, দুলিয়াজান

ক ই বোলে কণপাই কঁকালটো পোনা
অখণ্ড ভাগৱতলৈ সোনকালে ওলা....!
খ ই বোলে খৰধৰ নালাগে কৰিব
দেৰীকৈ পালেও কোনেও একো নক'ব....!!
গ ই সুধিলে তাক ছাগলীৰ গাখীৰ খালিনে নাই
তোৰ বাবে সেইবোৰৰ কেতিয়াও অভাৱ নাই….!
ঘ ই ভাবিলে তাৰ আঢ্যৱন্ত ঘৰটো চাই
আলাদিনৰ চাকিটো চাগে আজিও বিচাৰি পায়....!!
ঙ ই বোলে দুর্নীতি নির্মূল কৰিব
চুঙা চাই সোপা সময়ত পাব....!
চ ই ক'লে চল চাই চাপৰি বজাবি
মেলে মিটিঙে কথা ভালকৈ ক'বি...!!
ছ ই বোলে ছলাহিৰ মৰণ নাই
সজ কাম সি নকৰিলেও নাই.....!!
জ ই বোলে চা চোন জগতৰ ইতিহাস
বনবাসৰ পাছতো পাণ্ডৱে খাটিছিল অজ্ঞাতবাস....!!
ঞ ই ক'লে লাহেকৈ, চিঞৰি কথা নক'বি
নিতৌ দুইবেলা হৰিনাম ল'বি…..।
ট ই ক'লে টকা পইচাই হিয়ালি জিয়ালিকৈ কান্দে
আজিকালি দেখাকৈ তাক কোনেও ফুৰিবলৈ নিদিয়ে…!!
ঠ ই আজিকালি বহুত ঠগন দিয়ে
বন্ধুৰ লিখনিকে নিজৰ ফেচবুকত ৰাখে.....|
ড ৰ হাতত আজিকালি ডম্বৰু নাই
শিৱক বিচাৰি ভক্তই ব'লবোমলৈহে যায়....!!
ঢ ৰ হাততো আজিকালি ঢোলৰ মাৰি নাই
অসমীয়া কৃষ্টিলৈ হাবিয়াস কাৰো নাই....!
ণ ই কাণৰ বিষত যদিও মলম ঘঁহে
আধুনিক ষ্টাইল বুলি কাণফুলিও পিন্ধে....!!
ত ই বেছি সময় অফিচতে কটায়
তোষামোদকাৰীয়ে তেওঁৰ হৃদয় জুৰায়....!!
থ ই নকৈ হ'ব খোজা কবি সকলক কয়
থ চোন আনক তই ফ'ল' নকৰিলেও হয়....!!
দ ৰ পৰামৰ্শটো মন কৰিবলগীয়া
দুর্বোধ্য শব্দ লগাই কবিতা দীঘলীয়া নকৰিবা….!
ধ আছিল ধৰ্ম যুধিষ্ঠিৰৰ কাষত বহি
পাশাখেলত কেনেকৈনো ধৰ্মৰ পৰাজয় হয় বুলি....।
ন ই মহাভাৰতৰ পাত লুটিয়াই চালে
নকুল আৰু সহদেৱৰ বিশেষ ভূমিকা নেদেখিলে....!
প ই বোলে পাপৰ প্ৰায়চিত্ত হ'বই
পিতামহৰ শৰশয্যাই প্রমান দিবই.....I
ফ ই ক'লে ফলাফললৈ চিন্তা কিয় কৰা
দুর্যোধনৰ দৰে কুৰুক্ষেত্র যুদ্ধত সন্মতি দিয়া....I
ব ৰ হাতৰ বসন হাততে থাকিল
কৃষ্ণইহে দ্রৌপদীৰ লজ্জা ৰাখিল....!
ভ ই বোলে ভোলানাথক কিহেনো পায়
মোহিনীৰ পিছে পিছে কিয়নো যায়....!!
ম ই বোলে মন্থৰাৰ চৰিত্ৰ কুটিল,
মৃত্যুৰ পিছতো সমাজত তাইৰ কলঙ্ক থাকিল....!
য ই কয় যুধিষ্ঠিৰক অধৰ্ম কৰিলি
পাঞ্চালীক নুসোধাকৈয়ে পণত ৰাখিলি....I
ৰ ই কয় ৰাক্ষসৰো ভক্তি ক'ম নাছিল
ৰাৱণহে দুর্গা-দেৱীৰ দুৰ্ঘোৰ ভক্ত আছিল….!
ল ই লক্ষণক সকিয়াই দিলে
ভাতৃ নহয় পত্নীয়েহে সংসাৰ তৰে.....I
ৱ ই কয় সকলোকে ৱাঘা ব'ৰ্ডাৰলৈ যাবা
সেনাবাহিনীৰ আকৰ্ষণীয় কুচ-কাৱাজ চাবা....!
শ ই বোলে শিৱৰ পূজা মনতে কৰিবা
বাটে ঘাটে জৰী গছত শিল নাবান্ধিবা....!
য ই কয় ষড়যন্ত্ৰৰ বলি নহ'বা
একলব্যৰ দৰে গুৰু দক্ষিণা কেতিয়াও নিদিবা....!
স ই বোলে কৌৰৱৰ নাম সুর্যোধন, সুশাসন আদিহে আছিল
পাণ্ডৱ প্রিয় সকলেহে দুর্যোধন দুঃশাসন আদি নাম ৰাখিছিল....।
হ ই কয় হিমাচললৈ আহি হিৰিম্বা মন্দিৰ চাবা
ৰাক্ষসী হিৰিম্বাৰ সবিশেষ জানিবা.....I
ক্ষ ক মই অন্তৰেৰে ক্ষমা খুজিছোঁ
বর্ণমালাক লৈ কিছু ধেমালি কৰিছোঁ.....!
ড় ই চাই থাকে দাড়িৰ মহিমা
দাড়ি নোহোৱা ঋষি মুনি জানো ক'ৰবাত দেখিছা...?
ঢ় ই কলে পঢ়া শুনাই হ'ল জ্ঞানৰ ভেটি
নপঢ়িলে পথাৰত কৰিবি খেতি…..I
ৎ ৰ কোনো উন্নতি নহ'ল
কচৰৎ কৰোতেই দিন কাল গ'ল…..!
ং ই ক'লে কলং নদীত বহু দলং হ'ল
চামোৰাইৰ কাহিনী মানুহে পাহৰি গ'ল.....I
ঃ ৰ ব্যৱহাৰ ভাৱ প্ৰকাশত হয়
ইমোজিয়ে আজি কালি তাৰ ঠাই লয়.....।
ঁ বিন্দুয়ে কয় চন্দবিন্দুতেই বৰ্ণমালাৰ অন্ত
( চন্দবিন্দু ) দিলে জীৱনো সমাপ্ত.....!!
<><><><><>





Comments