ভিক্টৰৰ লগত মোৰ মাথোঁ চকুৰহে চিনাকি : মই চুমচুমীয়ে কৈছোঁ
- পবিত্ৰা বৰঘৰীয়া,মুম্বাই,সম্পাদক-সূৰুযমুখী

- Jan 1
- 5 min read
Updated: Jan 28

'মই চুমচুমীয়ে কৈছোঁ' ধাৰাবাহিক গল্প'
(দ্বিতীয় খণ্ড)
পবিত্ৰা বৰঘৰীয়া, নৱী মুম্বাই
আনদিনাৰ দৰেই পুৱাৰ কোমল ৰ'দজাকে আমাৰ ঘৰৰ দক্ষিণ-পূবমুৱা বেলকনিখন উজ্জ্বলাই তুলিলেহি । বেলকনিখনত শাৰী শাৰীকৈ সজাই থোৱা টাবৰ ফুলগছবোৰৰ পাত-ফুলবোৰো পুৱাৰ ৰ’দজাক পাই জিলিকি উঠিছিল। এনে সময়তে মাম্মীমাই আমাক বেলকনিলৈ ওলাই আহিবৰ বাবে কোঠাৰ জালিৰ স্লাইডাৰ (slider) খন এবেগেতমান বহলকৈ খুলি দি ক'লে ... ‘খৰকৈ ওলোৱা! খৰকৈ ওলোৱা! নহ'লে মহ সোমাব! বেলকনিলৈ গৈ ৰ’দ লোৱাগৈ!’
আমি মানে পিস্কি আৰু মই খৰখেদাকৈ বেলকনিলৈ ওলোৱাৰ লগেলগে স্লাইডাৰ দুৱাৰখন তেওঁ আকৌ বন্ধ কৰি দি ক'লে.... ‘তোমালোকৰ সতেজ হাৱা-বতাহ লোৱা হ'লেই মাত দিবা! মই আহি আকৌ খুলি দিমহি। পুৱাৰ এই সময়ৰ মহবোৰ বৰ মাৰাত্মক হয় বুজিছা, ইহঁতে কামুৰিলে ডেংগো, মেলেৰিয়া আদি বেমাৰবোৰ হয়। তোমালোকৰ কিন্তু সেই ভয় নাই, কাৰণ তোমালোকৰ গাত নোম আছে যে, সেয়ে মহে কামোৰাৰ ভয় নাথাকে।‘
দুৱাৰখন জপাই দিয়াৰ আগতে মাম্মীমাই আকৌ ক'লে, ‘তোমালোকে মিলিটেৰী ট্ৰেইনিংটোও কৰি ল'বা দেই।‘
পুৱাৰ এইকণ সময়, আমাৰ নিজৰ সময়। আমি দুয়োজনীয়ে গাত ৰ'দ লৈ, হাত-ভৰি পোনাই, আলিবাটত আৰু আমাৰ ঘৰৰ চৌহদৰ প্ৰথম মহলাত ৰাতিপুৱা খোজকঢ়া মানুহবোৰলৈ চাই আমি বৰ ভাল পাওঁ। আমি তললৈ নামি যাব নোৱাৰাকৈ বেলকনিখনৰ খোলা তিনিওফালে প্লাষ্টিকৰ ডাঙৰ ডাঙৰ বিন্ধাৰ নেট লগোৱা আছে। সেই নেটৰ বিন্ধাবোৰতে আমাৰ ঠেং আৰু নখেৰে খোপনি পুতি ওপৰলৈ বগাবলৈ আৰু তললৈ নামিবলৈ, মাম্মীমাই আমাক শিকাই থৈছে । তাকে তেওঁ 'মিলিটেৰী ট্ৰেইনিং' কৰা বুলি কয়। তেওঁ ভিতৰলৈ সোমাই গ'লেই আমি এইবোৰ কৰাৰ সলনি দুয়োজনীয়ে নিজৰ মাজতে বেচ খোৱা-কামোৰা কৰি, লম্ফ-জম্ফ কৰিয়েই সময়বোৰ কটাওঁ।

সেইদিনাও এইদৰে আমি বাই-ভনী দুজনীয়ে এনেকৈ খিকিন্দালি কৰি থাকোঁতে হঠাতে কিবা এটাত চকু পৰি মই ৰৈ গ'লোঁ। আমাৰ ঘৰৰ কাষতে থকা কেইবামহলীয়া বিল্ডিংটোৰ একেবাৰে তলৰ মহলাৰ লগতে সংযোগ কৈ থকা চুইমিং পুলটোৰ কাষতে কিবা এটা দেখা যেন লাগিল! গছৰ ছাঁ পৰি, আধা ছাঁ আধা পোহৰ হৈ থকাৰ বাবে, মই সঠিককৈ ধৰিব পৰা নাই। ভালদৰে চাই দেখিলোঁ, গাত ৰ'দ লৈ আমাৰদৰেই কোনোবা এজন দেখোন তাতে বহি আছে। আগতে ক'ৰবাত দেখা দেখা যেনো লাগিছে! 'তেওঁনো কোন' তাকেই মন দি চাবলৈ লওঁতেই, তেওঁ দেখোন গহীন খোজেৰে চুইমিং পুলৰ গা-ধোৱা ঘৰটোৰ ফাললৈ আঁতৰি গ'লগৈ। সঁচাকৈয়ে দেখিলোঁ নে কিবা গছৰ ডাল-পাতৰ ছাঁকে দেখিলোঁ, মই একো তলকিবই নোৱাৰিলোঁ! সেইটো হোৱাৰ অৱশ্যে কাৰণো নোহোৱা নহয়। চুইমিং পুলটোৰ পৰা আমাৰ ঘৰটোলৈ পঠালিয়ে দূৰত্ব একেবাৰে কম যদিও, আমাৰ এই অষ্টম মহলাত থকা ঘৰটোৰ পৰা, চচাইটীৰ প্ৰথম মহলাত থকা চুইমিং পুলটোৰ লম্বিক দূৰত্ব প্ৰায় ৩০/৩৫ মিটাৰমানেই হ'ব।
বাৰু যি কি নহওক, তেতিয়াৰ পৰাই মোৰ অভ্যাসৰ দৰেই হ'ল যে, পুৱা শুই উঠি বেলকনিলৈ আহিয়েই সেই নিদিষ্ট ঠাইডোখৰলৈ চোৱাৰ। কিন্তু তেওঁক আৰু দ্বিতীয়বাৰৰ বাবে দেখা নাপালোঁ। ময়ো সেইদিনাৰ সেই কথাটো লাহে লাহে পাহৰিয়ে থাকিলোঁ।
এদিন মাম্মীমাই আবেলি পৰত খোজ কাঢ়িবলৈ যোৱাৰ চলেৰে মোক বাস্কেট এটাত ভৰাই ফুৰাবলৈ লৈ গৈছিল। আজিকালি মোৰ ওজন প্ৰায় পাঁচ কিলোমানেই হ'লহি। সেয়েহে তেওঁ একেৰাহে মই থকা বাস্কেটটো দাঙি লৈ ফুৰিবলৈ অসুবিধা পায়। তেওঁ দহ পোন্ধৰ মিনিটমান মোক আমাৰ বিল্ডিংৰ সন্মুখৰ মুকলি ঠাইকণতে ইফালে সিফালে ফুৰাই ভাগৰ লাগিলত বাস্কেটসহ মোক ঘৰৰ ওচৰতে থকা মৃণাল আন্টিৰ টেইলৰিঙৰ দোকানখনৰ আগফালৰ বাৰাণ্ডাতে থৈ আন্টিৰ লগত কাপোৰৰ কিবা ডিজাইনৰ বিষয়ে আলোচনা কৰিবলৈ ধৰিলে। মইয়ো ভালেই পালোঁ। নিৰাপদ বাৰাণ্ডাখনত, বাস্কেটটোৰ ভিতৰত নিৰাপদে বহি লৈ সমুখৰ ৰাস্তাটোৱেদি অহা-যোৱা কৰি থকা মানুহ, মটৰ -গাড়ী, চাইকেল আদিৰ আলেখলেখবোৰ চাবলৈ ধৰিলোঁ।
মৃণাল আণ্টিৰ দোকানখনৰ লগতে লাগি থকা এইখন এই অঞ্চলৰ অতিকৈ ব্যস্ত Famous A1 Dum Biryani নামৰ হোটেলখন। আবেলিৰ পৰা ৰাতি প্ৰায় এঘাৰ বাৰ বজালৈকে এইখন হোটেলৰ বিৰিয়ানিৰ সোৱাদ ল'বলৈ মানুহৰ লাইন লাগি থাকে, গাড়ীৰে ঠাইখন ভৰি পৰে। বিৰিয়ানি, টণ্ডুৰি কাবাবৰ গোন্ধে গোটেই ঠাইখন আৱৰি পেলাইছে। পিস্কিজনী আজি মোৰ লগতে অহা হ'লে চিকেন, মটনৰ গোন্ধত সেপ ঢুকি থাকিলহেঁতেন। মোৰ কিন্তু এইবোৰলৈ একেবাৰে চখ নাই। মই মাছ, এনে মাংস নাখাওঁ। মাত্ৰ আমাৰ কাৰণে পেকেটত থকা টুকুৰা টুকুৰ শুকান খাদ্যটো আৰু টুনা আৰু মেক্ৰল আদি সাগৰীয় মাছৰ আধা জুলীয়াকৈ থকা পেকেটৰ মাছহে খাওঁ। আণ্টিৰ দোকানখনৰ সন্মুখতে এইয়া হোটেলৰ পেলনীয়া বিৰিয়ানি খাই খাই মস্ত গেৰেলা হৈ পৰা কুকুৰ চাৰি-পাঁচটামান গভীৰ টোপনিত মগ্ন হৈ শুই আছে। সিহঁতকেইটা দেখাত ইমান মঙহাল আৰু পেটুৱা হৈ পৰিছে যে মাম্মীমাই পোৱা হ'লে ইহঁতক মিলিটেৰী ট্ৰেইনিং কৰাই কৰাই ঠিক আকাৰলৈ লৈ আহিলহেতেন।
হোটেলখনৰ পৰা চাৰি পাঁচখনমান দোকান পাৰ হৈ গ'লেই আমাৰ কুকুৰ মেকুৰী আদি জীৱ-জন্তুৰ ভেটেৰেনৰি ফাৰ্মাছিখন। এই ফাৰ্মাছিখনলৈকে মাম্মীমাই আমাক মাজেমাজে ইনজেকশ্বন দিয়াবলৈ, আমাৰ বেমাৰ আদি হ'লে ডাক্তৰক দেখুৱাবলৈ লৈ যায়। ইয়াৰ ডাক্তৰকেইজন আৰু আমাক ধৰা-ধৰি কৰি দিয়া দাদাকেইজন বৰ মৰমিয়াল। হ'লেও তেওঁলোকৰ ওচৰলৈ আহিলে আমাৰ বৰ ভয় লাগে, সেয়ে একেবাৰে চুপেচাপে থাকোঁ। তেওঁলোকে পিছে আমাক বৰ মৰমেৰে ব্যৱহাৰ কৰে।
হঠাতে আবেলিৰ চিকিমিকি পোহৰত এইয়া মই কি দেখিছোঁ !... এইয়াচোন সেইজন, হয় ঠিক সেইজনেই হয়! মোৰ চকুৱে কেতিয়াও ভুল সংবাদ নিদিয়ে। তেওঁ আমাৰ বিল্ডিংটোৰ দুই নম্বৰ গেটখনৰ কাষৰ ফুলগছ কেইজোপাৰ মাজেদি গহীনাই খোজ দি ওলাই আহিছে। সন্মুখেদি যে ইমান মানুহ, স্কুটাৰ, গাড়ী আদি অহা-যোৱা কৰি আছে, মস্ত কুকুৰকেইটা যে শুই আছে, সেইবোৰলৈ তেওঁৰ কোনো ভয় সঙ্কোচ নাই! তেওঁ ডেকাল’ৰা এটাৰ দৰে নিৰ্ভীকভাৱে ব্যস্ত ৰাস্তাটোৰ দাঁতিত ঠিয় হৈ সমুখৰ আলেখলেখ চোৱাত হে ব্যস্ত!
অ' হয়! মই ঠিকেই দেখিছোঁ, তেওঁৰ ডিঙিত সেইয়া কিবা এডাল বন্ধা আছে। ঠিক ঠিক, …সেইদিনা মই টিভিত দেখা কুকুৰ মেকুৰীৰ ডিঙিত বন্ধা GPS pet tracking belt ৰ নিচিনা বেল্ট এডাল লগোৱা আছে সেইয়া! তাৰমানে তেওঁ কাৰোবাৰ নয়নৰ মণি! তেওঁ তাৰমানে নিজে নিজেই এনেদৰে স্বাধীনভাৱে ঘূৰি ফুৰেহি!!
তেওঁ বাৰু মোক দেখিছেনে নাই? তেওঁৰ আৰু মোৰ দূৰত্ব বেছি নাইয়েই, মাথোঁ মাজত এইয়া ব্যস্ত আলিবাটটো। হ'লেও মই বাস্কেটৰ ভিতৰত সোমাই থকাৰ বাবে তেওঁ নিশ্চয় মোক দেখাপোৱা নাই। মই এনেয়ে মোৰ হাতোৰাখনেৰে বাস্কেটৰ দোৱাৰখনত খটখটাই দিলোঁ। তেওঁ ধৰিব পৰা নাই। কিন্তু তেওঁ নিশ্চয় মোৰ গাৰ গোন্ধ পাইছে! নহ'লে তেওঁ ইমান একান্তমনে মোৰ ফালেই কিয় চাই থাকিব?
তেনেতে হঠাতে ক'লা ৰঙৰ ধুনীয়া গাড়ী এখন আমাৰ সন্মুখতে ৰ'লহি। মানুহজনে গাড়ীখন ৰখোৱাৰ লগেলগে কাষৰ চিটটোত বহি থকা লাহীকৈ, ধুনীয়া মানুহগৰাকীয়ে খৰখেদাকৈ গাড়ীৰ দৰজাখন খুলি, 'ভিক্টৰ, ভিক্টৰ' কৈ নামি গ'ল। আৰু দৌৰি যোৱাৰ দৰে ৰাস্তাটো পাৰ হৈ গৈ বৰ ফিল্মী (Filmy) কায়দাৰে তেওঁক সাৱট মাৰি ধৰি কোলাত তুলি লৈ উৰাই-ঘূৰাই চুমা খাবলৈ ধৰিলে। তাৰপিছত দুয়ো আহি গাড়ীৰ আগচিটত বহি ল'লেহি।
সকলোখিনি কাণ্ড ইমান ক্ষীপ্ৰতাৰে হৈ গ'ল যে মই যেন উশাহ-নিশাহ ল'বলৈকে পাহৰি থাকিলোঁ। কিন্তু এটা কথাত মই নিশ্চিত হ'লো যে ডিঙিত GPS লগোৱা Collar Belt বান্ধি গপচত ঘূৰি ফুৰাজনৰ নাম তেতিয়াহ'লে 'ভিক্টৰ' হয়। তেওঁৰ আও-ভাও বিলাকলৈ চাই নামটো কিন্তু একেবাৰে মিলি পৰিছে!
মই মোৰ বাস্কেটটোৰ দুৱাৰখনৰ একেবাৰে কাষলৈ আহি দুৱাৰৰ সেৰেঙাকৈ থকা সৰু গ্ৰীলখনত যিমান পাৰি মোৰ মুখখন লগাই তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যত্ন কৰিলোঁ। মোৰ যত্ন অথলে নগ'ল, তেওঁ দেখোন মানুহ গৰাকীৰ কোলাৰ পৰাই হঠাতে মুখখন ঘূৰাই মোৰ ফাললৈ চালে! একেবাৰে পোনপটীয়া চাৱনি! মই কি কৰিম, কি নকৰিমখন কৰি থাকোঁতেই সিফালে গাড়ী ষ্টাৰ্ট দিলেই নহয়! ভিক্টৰৰেও হয়তো ইমান সোনকালে সিহঁত যাবগৈ বুলি ভবা নাছিল বা যোৱাটো নিবিচাৰিছিল। গাড়ীখনে মন্থৰ গতিৰ পৰা ক্ষীপ্ৰ গতি লৈ ৰাস্তাৰ কেকুঁৰিটো পাৰ হোৱালৈকে মানুহগৰাকীৰ কোলাত ঠিয় হৈ সি পিছলৈ ঘূৰি মোলৈ চাই চাইয়েই নেদেখা হৈ গ'লগৈ।
তেতিয়াহে যেন মই সম্বিত ঘূৰাই পালোঁ! ইমান পৰে মই ক'ত আছিলোঁ, কি কৰিছিলোঁ পাহৰিয়েই আছিলোঁ। পিছলৈ ঘূৰি চাই দেখিলোঁ, মাম্মীমাইয়ো মৃণাল আণ্টিক মাত লগাই বহাৰ পৰা উঠিবলৈ সাজু হৈছে আৰু। পেটে পেটে মোৰ ভয়ো হ'ল, ভিক্টৰ আৰু মোৰ কাণ্ডবোৰ মাম্মীমাই দেখিলে নেকি বাৰু!!!
নাই একো নহয়...ভিক্টৰ আৰু মোৰ চকুৰ চাৱনীৰে যি বিনিময় হ'ল, সেয়া তেওঁ কেনেকৈ বুজিব পাৰিব! সেই চাৱনিত কি আছিল সেয়া মই নিজেই একোকে বুজিব নোৱাৰিলোঁ, কেৱল এনে লাগিল মোৰ সমগ্ৰ সত্তা যেন গাড়ীখনৰ লগেলগেই গুচি গ'ল! ....অন্তৰৰ গভীৰতাৰ পৰা যেন অস্ফুটভাৱে যেন ওলাই আহিল, ‘ভিক্টৰ… তোমাক মই আকৌ এবাৰ চাব খোজোঁ, তোমাৰ লগত কথা পাতিব খোজোঁ।‘
তোমাক আকৌ ক'ত, কেনেকৈ লগ পাম মই একো নাজানোঁ। মাথো মই তোমাক আকৌ লগ পাব বিচাৰোঁ….।
ক্ৰমশঃ
°°°°°°°°°°°°





Comments