ভুলৰ শক্তি
- মাহমুদা বেগম, গুৱাহাটী
- Jul 12
- 3 min read

মৰমৰ অকণিহঁত,
মোৰ মৰম ল’বা ৷ মই মাহমুদা বেগম ৷ তোমালোকে মোক মাহমুদা জেঠাই বুলিয়ে মাতিবা দেই ৷ তোমালোকৰ সৈতে কথা পাতি মই বৰ ভাল পাওঁ ৷ তোমালোকৰ মনৰ কথা বুজিবলৈও মই সদায় আগ্ৰহী ৷ তোমালোকৰ সৰল, সুন্দৰ পৃথিৱীখন মোৰ বাবে সৰগৰ ৰহঘৰা ৷ সেয়েহে তোমালোকৰ সৈতে মনৰ কিছু কথা ভগাই লওঁ বুলি ভাবি এই চিঠিখন লিখিলোঁ ৷ চিঠিখনৰ কথাবোৰ অলপো যদি তোমালোকৰ জীৱনত কামত আহে তেনেহ’লে মোৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিম ৷
আজি কিছুদিনৰ আগতে ফেচবুকত এটা পোষ্ট দেখিছিলোঁ ৷ পোষ্টটোত ককাক আৰু নাতিয়েকে কথা পাতিছে ৷ ককাকে নাতিয়েকক ৰাবাৰ ( eraser) এডাল দেখুৱাই কৈছে , “ভুল কৰা মানুহৰ বাবেহে ৰাবাৰৰ প্ৰয়োজন ৷” কিন্তু নাতিয়েকে ককাকৰ কথাৰ উত্তৰত ক’লে, “নহয় ককা, যি ভুল বুজি পাই শুধৰাব খোজে তেওঁৰ বাবেহে ৰাবাৰৰ প্ৰয়োজন ৷ ”
তোমালোকৰ বাৰু কাৰ কথা মনে খাইছে ? মোৰ মতে দুয়োৰে ঠাইত দুয়ো শুদ্ধ । তথাপিতো নাতিয়েকৰ কথা মোৰ বেছি গ্ৰহণযোগ্য যেন লাগিল ৷ কিয় গ্ৰহণযোগ্য যেন লাগিল, কৈ আছো শুনা ৷
প্ৰখ্যাত আইৰিচ লেখক জেমচ জয়েচে কৈছিল “ভুলবোৰ হৈছে আৱিষ্কাৰৰ দুৱাৰ” l আজিলৈকে মানুহে যি শিকিছে ভুলৰ পৰাই শিকিছে আৰু বিশ্বাস কৰা, ভুলৰ পৰা লাভ কৰা শিক্ষাই উচিত শিক্ষা ৷
এইখিনিতেই তোমালোকক এটা মজাৰ গল্প কওঁ শুনা ৷ এবাৰ এজন ৰজাক শত্ৰু ৰাজ্যৰ সৈন্যই পৰাজিত কৰি হত্যা কৰিবলৈ খেদি আহিল ৷ প্ৰাণৰ ভয়ত ৰজাই দৌৰি দৌৰি আহি এটা গুহাত লুকাই পৰিল ৷ বৰ দুখমনেৰে ৰজাই গুহাটোত বহি থাকোতে দেখা পালে, এটা অকণমানি মকৰাই নিজৰ মুখৰ পৰা আঠা উলিয়াই এখন জাল গুঠিবলৈ চেষ্টা কৰিছে ৷ কিন্তু বাৰে বাৰে চেষ্টা কৰিও মকৰাটো বিফল হয় আৰু তললৈ পৰি যায় ৷ কিন্তু মকৰাটোৱে হাৰ মনা নাছিল ৷ বাৰে বাৰে জাল গুঠি আৰু বাৰে বাৰে পৰি পৰিও অৱশেষত মকৰাটোৱে ইমান ডাঙৰ জাল বনাই পেলালে যে গুহাটোৰ মুখখনেই ভৰি পৰিল ৷ ৰজাই একান্ত মনে কণমানি মকৰাটোৰ কৰ্ম কাণ্ডবোৰ চাই আছিল ৷ ৰজা বৰ আচৰিত হ’ল ৷ লগতে ৰজাই এই শিক্ষাও লাভ কৰিলে যে অকণমানি মকৰা এটাই যদি ইমান কষ্ট কৰি, বাৰে বাৰে ভুল কৰি, পুনৰ চেষ্টা কৰি এনে এখন ডাঙৰ জাল গুঠিব পাৰিলে তেন্তে ৰজাই কিয় নিজৰ ভুলবোৰ শুধৰাই নিজৰ দেশখন শত্ৰুৰ পৰা বচাব নোৱাৰিব?
এই সাধুটোৰ পৰা আমি এই কথাটোকেই শিকিলো যে ভুল হোৱাটো তেনেই স্বাভাৱিক ৷ কিন্তু সেই ভুলতেই হাৰ নামানি ভুলৰ পৰা পোৱা শিক্ষাৰে পুনৰ চেষ্টা কৰিলে অসম্ভৱ যেন লগা কামো সম্ভৱ হৈ পৰে ৷ সেয়েহে ভুল কৰিবলৈ ভয় কৰিব নালাগে ৷ কোনেও জন্মতে শিকি নাহে, নহয় জানো? আমি আমাৰ তেনেই সৰু কালচোৱালৈ মনত পেলাওঁচোন আহা ৷ সৰুতে উপজিয়েই লৰ মাৰিবলে আমি শিকিছিলো জানো? আনহে নালাগে থিয় ডঙা দিওঁতেও আমি যে কতবাৰ পৰিছিলো তাৰ হিচাব নাই ৷ কিন্তু আমি জানো ভয়তে খোজ নকঢ়াকৈ আছিলো? আৰু এতিয়াতো আমি সকলোৱে দৃঢ়ভাৱে নিশ্চিত মনেৰে খোজ দিব পাৰোঁ ৷ মনত পেলোৱাচোন নেওতাখন জানো আমাৰ এদিনতে মুখস্থ হৈছিল? ভুল আৰু প্ৰচেষ্টাৰে শিকোঁতে শিকোঁতে এদিন নেওতাখনো সলসলীয়াকৈ মাতি দিব পৰা হ’লোঁ ৷ আনকি বাৰই বাৰই কিমান বুলি কোনোবাই সুধিলে চৌব্বিশ বুলি টপৰাই কৈ দিব পৰা হ’লোঁ ৷
সেয়েহে অকণিহঁত, আজিৰে পৰা আমি পণ লওঁ আহা যে আমি আৰু ভুল হ’ব বুলি ভয় কৰি কাম নকৰাকে নাথাকোঁ ৷ কিন্তু এই কথাও আমি মনত ৰাখিব লাগিব যে যিটো ভুল আমি এবাৰ কৰিছো সেই ভুলকে দুনাই কৰিব নালাগে ৷ নহ’লে ভুলৰ পৰা লাভ কৰা শিক্ষা অথলে যাব ৷ নহয় জানো ?
জীৱনত সদায় ভুলৰ পৰা কিবা নহয় কিবা শিকা যায়েই ৷ সেয়েহে প্ৰখ্যাত বিজ্ঞানী থমাচ আলভা এডিচনে কৈছিল "মই বিফল হোৱা নাই, কেৱল এহাজাৰটা উপায় বিচাৰিছিলোঁ যিবোৰ মোৰ কামত নাহে ৷”
বহুত কথা পাতিলোঁ ৷ আজিলৈকে ইমানতে সামৰিলোঁ ৷ তোমালোকৰ কুশল হওঁক ৷ মোৰ মনৰ কথাখিনি ভাল লাগিল যদি আৰু তোমালোকৰো মনৰ কথা মোক জনাবলৈ মন কৰা যদি তলৰ নম্বৰত যোগাযোগ কৰিবা দেই।
পুনৰ মৰমেৰে,
ইতি -
মাহমুদা জেঠাই, গুৱাহাটী
ফোন: ৭০০২০৯১৫০৯
******************
Comments