ভাৰতৰ বেলে (Ballet) অকাডেমীৰ প্ৰতিষ্ঠাপক আৰু মোৰ ভণ্টী, পিস্কি
- পবিত্ৰা বৰঘৰীয়া,মুম্বাই,সম্পাদক-সূৰুযমুখী
- Sep 27, 2024
- 9 min read
Updated: Oct 8, 2024

পবিত্ৰা বৰঘৰীয়া
সম্পাদক-সূৰুযমুখী
ধাৰাবহিক
( প্ৰথম খণ্ড )
কেতিয়াবা মানুহে যে কয় "হাততে সৰগ ঢুকি পোৱা" বুলি, এইবাৰ মোৰ ক্ষেত্ৰতে যেন সেয়ে হ'ল। সঁচা, এই ২০২৪ চনৰ বহাগৰ বিহুটো যেন মোৰ জীৱনলৈ সুখৰ নিজৰা বোৱাবলৈহে আহিল! মই হাতৰ মুঠিতে যেন সৰগখনহে বিচাৰি পালোঁ!
আমাৰ গৃহকৰ্ত্ৰীক মই 'মাম্মীমা' বুলি সম্বোধন কৰোঁ। কাৰণ সৌৰভেও মাম্মীমা বুলিয়েই কয়। সেই সৌৰভনো কোন হয়, মই সকলো কথা সময়ত কৈ যাম। চাকৰিৰ পৰা অব্যাহতি লোৱাৰ পিছৰ পৰাই মাম্মীমাই আজিকালি বেছিভাগ সময় ঘৰতে থাকে আৰু মোৰ অনুমান হয়, মোৰ লগত সময় কটাবলৈ বৰ ভাল পায়। দুপৰীয়া ভাত-পানী খাই তেখেতে প্ৰায়ে বাতৰি-কাকতখনত দ্বিতীয়বাৰৰ বাবে চকু ফুৰাই আৰু তেতিয়া মোক 'কেট ভিডিঅ'' চাবলৈ টিভিটো অন কৰি দিয়ে। দিনটোৰ এইকণ সময় মোৰ বাবে বৰ ভাল লগা সময়। ভিদিওত দেখা পাওঁ, মোৰ দৰে জীৱবোৰে কেনেকুৱাখন যে কাণ্ড কৰি ফুৰে! নোদোকা-নোদোক সিহঁতবোৰে লগৰবোৰৰ লগত খেদাখেদি কৰি খেলে, জঁপিয়াই, কোনোবাটোৱে ঠিয় নাচ দিয়ে। কোনোবাটো আকৌ ইমানেই স্মাৰ্ট যে নিজে নব ঘূৰাই বাকচত ভৰাই থোৱা খাদ্য নিজে উলিয়াই লৈ খায়, টেপ খুলি পানী পিয়ে, নিজ ইচ্ছাৰে দুৱাৰৰ চিট্কানি খুলি এটা কোঠাৰ পৰা আনটো কোঠালৈ যায়। এইবোৰ চাওঁতে চাওঁতে কেতিয়াবা মোৰ টোপনি আহি যায়, মাম্মীমাৰ কাষতে শুই পৰোঁ।
কেতিয়াবা আকৌ মোৰ নিজৰ সৰুকালৰ কথা-কাণ্ডবোৰ মনত পৰি যায়। মোৰ যে এসময়ত মোৰ দৰেই সাইলাখ দেখিবলৈ একে এজনী মা আছিলে, আমি কেইবাটাও ককাই-ভাই, বাই-ভনীয়ে যে মাৰ চাৰিওফালে দৌৰি ধাপলি খেলি ফুৰিছিলোঁ....এই সকলোবোৰ কথা এটা এটাকৈ মনত পৰি যায়। সৌৰভে এইখন ঘৰলৈ লৈ নহালৈকে, সেইখনেই মোৰ ঘৰ, সেইখনেই মোৰ পৃথিৱী আছিল। কেতিয়াবা সেই ভিডিঅ'বোৰ চাই মই ইমানেই নষ্টালজিক হৈ পৰোঁ যে, টিভিটোৰ ওচৰতে মেজৰ ওপৰত শুই পৰোঁ।
মোৰ এনে অৱস্থা দেখিলে সম্ভৱত মাম্মীমাও দুখী হৈ পৰে। তেওঁ আজিকালি কাৰোবাৰ লগত ফোনত দীঘলীয়াকৈ কথা পাতে আৰু কথাৰ মাজতে মোৰ নামটো 'চুমচুমী' 'চুমচুমী' কৈ লোৱা প্ৰায়ে শুনোঁ। এদিন মোক কোলাত লৈ মৰমেৰে মূৰত হাত বুলাই বুলাই ক'বলৈ ধৰিলে, " চুমচুমী, আমাৰ ঘৰত তোমাৰ কেতিয়াবা আমনি লাগে নেকি? অকলশৰীয়া অনুভৱ কৰা নেকি বাৰু? তুমি আমাৰ দৰে কথা ক'ব পৰা হ'লে কিমান ভাল আছিল... আমি দুজনীয়ে কিমান কথা পাতিব পাৰিলোহেঁতেন! তুমি এনেকৈ মন মাৰি শুই দিলে মোৰ মনটো বৰ বেয়া লাগে জানা। অহা জনমত তুমি মোৰ নিজৰ ছোৱালী হৈ জন্ম হ'বা দেই। তেতিয়া যে কিমান ভাল হ'ব, আমি দুজনীয়ে খুউব কথা পাতিম দেই। তুমি আৰু মই এৰোপ্লেনত উঠি শিল্পীবা আৰু সপোনদাদাৰ ওচৰলৈ ফুৰিবলৈ যাম..... কিমান যে ভাল লাগিব! সিহঁতেও যে তোমাক কিমান ভাল পায়, জানানে? " ……তেতিয়া মইনো কি ক'ব লাগে, একো নাজানো। মই মাত্ৰ তেওঁৰ চকুলৈ চাই বহি থাকোঁ।
এইবছৰৰ বহাগ বিহুৰ ঠিক আগে আগে এদিন মাম্মীমাই ক'লে, "তোমাৰ কাৰণে ভণ্টী এজনী বিচাৰি পাইছোঁ বুইচা চুমচুমী। তোমাক কোৱাহে নাই, কিন্তু মই তোমাৰ লগত খেলিবলৈ লগৰীয়া এজনী বহুত দিনৰ আগৰে পৰা বিচাৰি আছোঁ। তাই আহিলে তুমি আক' কাজিয়া কৰিবা নেকি?"
মই একো বুজি নাপাই অবাক হৈ তেওঁৰ মুখলৈকে চাই থাকিলোঁ। তেওঁ আকৌ ক'লে, "তুমি একো বুজি পোৱা নাই নহয়নে চুমচুমী? মই তোমাৰ বহলকৈ মেলা চকুদুটা দেখিয়েই ধৰিব পাৰিছোঁ। কিন্তু সঁচা, এইকেইদিনতেই তোমাৰ লগৰী এজনী আনিম। তাই আহিলেও কিন্তু তুমিয়েই মোৰ বেছি মৰমৰ হৈ থাকিবা। কাৰণ তুমিহে আমাৰ জীৱনলৈ প্ৰথম আহি আমাক ইমান ধুনীয়াকৈ সঙ্গ দিছা.....। তোমাৰ বাবেই মই মোৰ নিজৰ ল'ৰা-ছোৱালীদুটা দূৰৈত থাকিলেও সহ্য কৰিব পাৰিছোঁ।"
সেই দিনটো মোৰ ধুনীয়াকৈ মনত আছে, ২০২৪ চনৰ ১৪ এপ্ৰিল, প্ৰথম বহাগ, দেওবাৰ আছিল। ৰাতিপুৱা ছটামান বজাতে আমাৰ ঘৰৰ কলিং বেলটো বাজি উঠিল। দুৱাৰখন খুলি দিয়াৰ লগেলগে "গুড মৰ্ণিং-আঙ্কল, গুড মৰ্ণিং-আণ্টি" বুলি হাতত এটা ডাঙৰ বাস্কেট লৈ ছোৱালী এগৰাকী ঘৰৰ ভিতৰলৈ সোমাই আহিল। "ইমান পুৱাতে আহি আমনি কৰিলোঁ" বুলি তাই বাৰেবাৰে দুখ প্ৰকাশ কৰিছিল আৰু তাই যে সেই দিনটোত কেইবাটাও কাম সম্পন্ন কৰিব লগা আছে বাবেহে এনেকৈ ইমান পুৱাতে আহিব লগা হ'ল বুলি খেদ প্ৰকাশ কৰিছিল।
খুউব অমায়িক, মৰম লগা আৰু দেখিলেই যথেষ্ট অভিজ্ঞতা পুষ্ট যেন লগা বা-গৰাকীয়ে অলপ সময় বহি, সলসলীয়াকৈ ইংৰাজীতে কথাবোৰ কৈ কৈ হাতৰ বাস্কেটটো খুলিলে আৰু একেবাৰে অকণমানি, এপোৱামান ওজনৰ মেকুৰী পোৱালি এটা উলিয়াই আনি আমাৰ ড্ৰইংৰূমৰ মজিয়াতে ৰাখিলে। মই সচৰাচৰ কৰাৰ দৰে কলিংবেলৰ শব্দ শুনাৰ লগেলগেই দৌৰি আহি চোফাৰ তলত সোমাই সকলো আলেখ লেখ চাই আছিলোঁ। মই এই সুবিধাটো সদায়ে লওঁ ...চোফাৰ তলত সোমাই থাকিলে মোক কোনেও নেদেখে, অথচ মই তলৰ পৰা প্ৰায় সকলোবোৰ চাই থাকি, কথাবোৰৰ বুজ লৈ থাকিব পাৰোঁ। ইয়াৰ বাবে অৱশ্যে মই মাম্মীমাৰ পৰা কৰ্কথনাও শুনিব ল'গা হয়। তেখেতৰ কথা হ'ল, "তোমাৰ যদি ভয় লাগিছে, যোৱা - ভিতৰলৈ গৈ যি কৰা কৰা। কিন্তু তাই আক' বেলৰ শব্দ শুনাৰ লগেলগেই ভিতৰৰ পৰা দৌৰি আহি ড্ৰইংৰূমৰ চোফাৰ তলত সোমাবহি আৰু যেতিয়ালৈকে আলহী নাযায়, তেতিয়ালৈকে তাই ভোকে পিয়াহে তলতে চেপেটা লাগি পৰি থাকিবহি!"
মাম্মীমাই মোক কয়, "তোমাকে ক'ৰবাৰ আঁকৰী ভূত বুলি কয়.... বুইচা।"
বাৰু যি কি নহওক..….
মাম্মীমাই পোৱালিটো দেখিয়েই "আৱৈ দেহি, ইমান অকণমানি এইটো" বুলি মেকুৰী পোৱালিটো কোচলৈ উঠাই ল'লে। তাৰ গাত হাত বোলাই মৰম কৰি কৰি বা -গৰাকীক উদ্দেশ্য কৰি ক'লে, "তোমাৰ মাই কৈছিল, এইৰ হেনো আগঠেং এখন ভগা, কোনখন হয়? অ' হয়, বাওঁঠেংখন অলপ কিবা ধৰণৰ লাগিছে। মোৰ বোধেৰে এই ঠেংখনৰ তলৰ গাঁঠিটোত কেনেবাকৈ আঘাত লাগি জোৰাটো কাম নকৰা হৈ গ'ল। সেয়ে ঠেংটো অলপমান দীঘল যেন হৈ গ'ল আৰু খোজ কাঢ়োতে লেকুচিয়াই যোৱাদি যায়।"
মাম্মীমাই বা-গৰাকীৰ কাৰণে চাহ জলপান তৈয়াৰ কৰিবলৈ ৰান্ধনী ঘৰলৈ যাওঁতেই তাই সজোৰে মানা কৰিলে। মাম্মীমা কোনো পধ্য়েই সৈমান নহৈছিল, বহাগৰ বিহুৰ দিনা আমাৰ ঘৰৰ প্ৰথম আলহী গৰাকীক খালী মুখেৰে পঠাবলৈ। কিন্তু তাই বহু জৰুৰী কামৰ দোহাই দি গ'লগৈ।
তাই যোৱাৰ পাছত মাম্মীমাই পাপাক কৈছিল, "তুমি তাইক চিনি পোৱা নাই নহয়? নাম তাইৰ অপেক্ষা ভট্ৰাচাৰ্য্য, এই ৩০/৩২ বছৰীয়া সৰু ছোৱালীজনীয়েই হৈছে, মুম্বাইত থকা ইণ্ডিয়ান একাডেমী অৱ ৰাছিয়ান বেলেটৰ প্ৰতিষ্ঠাপক আৰু ডাইৰেক্টৰ। সৰল আৰু নিৰ্জু এই ছোৱালীগৰাকীয়ে ৰাছিয়ালৈ গৈ বেলে (Ballet) ডাঞ্চ সম্পৰ্কে অধ্যয়ন কৰি আহি নিজে ৰুছ-ভাৰত কলা-কৃষ্টি বিনিময় বিভাগত এক আসন অধিকাৰ কৰাৰ উপৰিও ভাৰতীয় নৱ-প্ৰজন্মৰ সুবিধাৰ কাৰণে এনে এখন একাডেমী প্ৰতিষ্ঠা কৰি সৰু সৰু ছোৱালীবোৰক বেলে নাচৰ প্ৰশিক্ষণ দি আছে। তাই সঁচাকৈয়ে বহুত ব্যস্ত, কেইদিনমান আগতেহে তাই ভাৰতলৈ আহিছে বুলি মাক অঞ্জুই মোলৈ ফোন কৰি কৈছিল। তাই বৰ্তমান নিজৰ স্বামী আৰু তিনিবছৰীয়া ল'ৰাটো মুম্বাইতে থৈ স্কটলেণ্ডৰ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত নৃত্য বিজ্ঞান আৰু শিক্ষাত স্নাতকোত্তৰ শিক্ষা অধ্যয়ন কৰি আছে। ইয়াৰ উপৰিও তাই বৰ্তমান ব্ৰিটেইনৰ এছ'চিয়েশ্যন অৱ ৰাছিয়ান বেলেট এণ্ড থিয়েটাৰ আৰ্টছৰ গ্ল'ৱেল মুৰব্বীৰ দায়িত্বতো আছে।
মাম্মীমাই বা-জনীৰ বিষয়ে ইমান কথা জানে বুলি মই ভৱাই নাছিলো! মই কিন্তু কথাবোৰ ইমান ভালদৰে বুজি পোৱা নাই। তথাপি তাইলৈ মোৰ বৰ মৰম আৰু শ্ৰদ্ধা উপজিল। ইমান ব্যস্ততাৰ মাজতো তেখেতে মোৰ কাৰণে ভণ্টী এজনীও আনি দি গ'লহি!
আৰু বাস্কেটত থকা আনটো মেকুৰী পোৱালি তাই কিবা 'চেলটাৰ'লৈ লৈ যোৱাৰ কথা ক'লে! চেলটাৰ মানেনো কি, সেইটোনো ক'ত আছে সেইবোৰ মাম্মীমাৰ পৰা শুনি পিছত ক'ম বাৰু। সেইবোৰ কথা বহুত মজাৰ হ'ব যেন লাগিছে, কাৰণ মাম্মীমাই অতি সোনকালেই তালৈ যোৱাৰ কথা বা-জনীৰ লগত পাতিছে।
আমাক দি থৈ যোৱা মেকুৰী পোৱালিজনী মোৰ কিবা আজৱ ধৰণৰ লাগিছে, তাইৰ আচৰণত সংকোচৰ কোনো নাম গোন্ধেই নাই। বা-গৰাকী যাবলৈহে পালে, তাই আমাৰ আটাইকেইখন চোফা দখল কৰি, এখন চোফাৰ পৰা আনখনলৈ জাপমাৰি এনেখন কাণ্ড কৰিবলৈ ধৰিলে যেন তাইহে এই ঘৰখনৰ একমাত্ৰ মেকুৰী! মই যেন একোৱেই নহয়! এতিয়ালৈকে তাই মোক দেখা নাই যদিও, মোৰ গাৰ গোন্ধ পাইছে নিশ্চয়! ... তথাপি তাই মোক এবাৰলৈও বিচাৰি যে চাইছে, মোৰ মনে নকয়!
তাই আহিয়েই মোৰ মূৰটো একেবাৰে গৰম কৰি দিলেহি! মই চল বিচাৰি থাকিলোঁ, মাম্মীমাহঁত ভিতৰলৈ গ'লেই এইক ভালদৰে এখুন্দা দিব লাগিব। প্ৰথমৰ পৰাই এইক অলপ শাসনত ৰাখিব লাগিব। ইফালে মোক তাইৰ লগত চিনাকি কৰি সম্বন্ধ গঢ়িবলৈ তেওঁলোকে মোৰ নামধৰি 'চুমচুমী চুমচুমী' মাতি আছে, মই ক'ত সহাৰি জনাও..…তাইৰ ৰ্স্পদ্ধা দেখি বৰঞ্চ মই অগ্নিশৰ্মাহে হৈ উঠিছোঁ !
দুপৰীয়ালৈ মই খাবলৈ লওঁতেই তাই লেকুচিয়াই লেকুচিয়াই মোৰ সন্মুখলৈ আহি দূৰৈৰ পৰা মোক স্থিৰভাৱে লক্ষ্য কৰিবলৈ ধৰিলে। এই প্ৰথম তাই মোলৈ চালে! তাই মোলৈ দৃষ্টি নিক্ষেপ কৰাৰ লগেলগেই, মই দাঁত নিকটাই গেঙেৰী মাৰি উঠিলোঁ। তাই ভয় খাই তৰানৰা চিঙি চোফাত জাপমাৰি উঠাৰ লগেলগেই মাম্মীমাও "ন'ন' চুমচুমী, ইট ইজ ভেৰি বেড" বুলি দৌৰি আহি মোক বুজাবলৈ ধৰিলে। "এই তোমাৰ ভণ্টী হয়...এতিয়াৰ পৰা তুমি এইৰ লগতে মিলিজুলি থাকিব লাগিব। তুমি ডাঙৰ যেতিয়া তোমাৰ কথামতেই তাই চলিব লাগিব। তুমি কিন্তু এইক মৰম কৰিব লাগিব। বেচেৰীজনীৰ কোনো নাই... তুমিয়েই তাইক খেলাব লাগিব, সকলো কথা শিকাব লাগিব। সৰুতেই মাকৰ ওচৰৰ পৰা আঁতৰি অহাৰ বাবে তাই বহু কথা শিকিবলৈকে থাকি গ'ল।"
মাম্মীমাই মোক কোচত বহুৱাই ক'লে, 'আহা, এতিয়া আমি তাইৰ কাৰণে ধুনীয়া নাম এটা বিচাৰি উলিয়াও। ভেটেৰিনেৰি ডাক্টৰৰ টিকাকৰণ কাৰ্ডত অঞ্জু আণ্টিয়ে তাইৰ নাম "ব্লু-বেল" ৰাখিছিল, মই কিন্তু সেইটো নামৰ লগত এইৰ চেহেৰা বা আচৰণৰ কোনো সামঞ্জস্য বিচাৰি পোৱা নাই দেই চুমচুমী। আমি এতিয়া এইৰ বেলেগ নাম এটা বিচাৰিব লাগিব।'
তেনেতে পাপাই মোবাইলৰ পৰা মূৰ ডাঙি ক'লে, "মই এটা ভাল নাম দিছো ৰ'বা...টিপকলি এইজনীক 'টিপচি' বুলি মাতিলেহে শুৱাই পৰিব।" ….মাম্মীমাৰ কথা হ'ল, তাইতো সদায় এনেদৰে টিপকলি হৈয়ে নাথাকে, এদিনটো ডাঙৰ হ'বই। গতিকে ওঁহো নহয়, এইটো নামে নহ'ব। .... তেতিয়াহ'লে এইৰ নাম কি ৰখা যায় বাৰু? অ' এইৰ নাম 'পিস্কি' ৰাখিলে ভাল লাগিব....এইৰ লগত নামটো একেবাৰে শুৱাই পৰিছে আৰু ৰাছিয়াৰ পৰা অহা বা-জনীয়ে আনি দিছে যেতিয়া 'পিস্কি' নামটো আৰু মিলি পৰিছে, নহয়নে চুমচুমী?
সেইমতেই, ১৬ এপ্ৰিল-২০২৪ ৰ দিনা তেওঁলোকে আমাৰ খাৰঘৰত থকা ভেটেৰিনেৰি ডাক্টৰৰ ওচৰলৈ তাইৰ প্ৰথম ভেকচিনটো দিয়াবলৈ লৈ গৈ, তাইৰ কাৰ্ডখনত নতুন নামটো ৰাখিছিল "ব্লু-বেল (পিস্কি)" বুলি।
কিন্তু মোৰ দেখোন পিস্কিৰ উপস্থিতি মুঠেই সহ্য নোহোৱা হ'ল। তাইক দেখাৰ লগে লগে মই ডিঙি ফুলাই ইমান গুজৰি গুমৰি উঠিবলৈ ল'লোঁ যে এই তিনি দিনতে মোৰ মাতটো তেনেই ভাগি থাকিল। 'মাম্ম...' বুলি মাতিবলৈ ল'লেও 'হিচহিচ' ধৰণৰ কিবা শব্দহে ডিঙিৰ পৰা ওলোৱা হ'ল। তাকে লৈ ঘৰখনত আকৌ চিন্তা.... "অ' কি হ'ব এতিয়া... চুমচুমীৰ মাতটো দেখোন নোহোৱা হৈ থাকিল!'' বেচেৰী মাম্মীমাজনী! কিনো কৰিব...মোৰ লগ এজনী হওক বুলিয়েই ইমান বিচাৰি বিচাৰি পিস্কিক ঘৰলৈ আনিলে, মইয়ো আক' এইখন কাজিয়া পেচালত লাগিলোঁ! মোক কিমান যে বুজনি দিলে.... তেহে ময়ো অলপ বুজাবুজিলৈ আহিলোঁ।
তাইক দেখিলেই মোৰ আজিকালি খং উঠাতো কম হৈ আহিল। পিস্কিৰো অৱশ্যে ইয়াত যথেষ্ট অৰিহণা আছে। তাই আচলতে এজনী বৰ সুন্দৰ মনৰ, সহজ-সৰল, ফূৰ্টিবাজ মেকুৰী। দিন যোৱাৰ লগেলগে তাই মোৰ ওচৰলৈ আহি, তাইৰ বাওঁফালৰ দীঘল ঠেংখন মোৰ ফালে দীঘলকৈ মেলি মোলৈ চাই থাকে। প্ৰথম কেইদিনমান মই নেদেখা ভাও ধৰি আঁতৰি আহিছিলোঁ। পিছলৈ ময়ো মোৰ বাওঁ ঠেংখন আগবঢ়াই দি তাইৰ ঠেংখন চুই দিওঁ....তাই চল পাই জাপ মাৰি আহি মোৰ গাতে জপিয়াই পৰেহি।
সেইয়াযে আৰম্ভ হ'ল, এতিয়া আমি দুয়ো খেলাৰ লগৰী! তাই সকলো খেলকে ইমান উপভোগ্য কৰি তুলিব পাৰে, দেখি মই আচৰিত হৈ পৰোঁ! এইবোৰ কৰিবলৈ যাওঁতে তাই অৱশ্যে গোটেই ঘৰখন খেলিমেলি কৰি পেলায়। কেতিয়াবা তাই ডাষ্টবিনৰ পৰা খালী পলিথিনৰ বেগ খুচৰি উলিয়াই আনি সেইবোৰৰ হেন্দেলত ধৰি এটা কোঠাৰ পৰা আনটো কোঠালৈ তীব্ৰ গতিত দৌৰে আৰু বেগৰ ভিতৰত বতাহ সোমাই বেগটো ফুলি গৈ পেৰাচুটৰ দৰে কৰি তোলে। এই খেলটোত ময়ো খুউব মজা পাওঁ আৰু ময়ো তাইৰ পিছে পিছে দৌৰোঁ। এনে দৌৰাদৌৰিত আমি এতিয়ালৈকে ঘৰৰ কেইবাটাও মূল্যৱান বস্তু ভাঙিছোঁ। সেইবোৰ ভাগিলে মাম্মীমাৰ লগেলগে মোৰ মনটোও বৰ বেয়া লাগে। কিন্তু পিস্কিৰ মনটোত যে এইবোৰ কথাৰ কিবা প্ৰভাৱ পৰে, মোৰ বিশ্বাস নহয়। কিবা এটা ভাগিলে, তাই দৌৰি আহি মোৰ নেজডালত ধৰি কি কৰোঁ কি নকৰোঁ যেন কৰি মাত্ৰ পাঁচ মিনিটমানহে লুকাই থাকিব। তাৰপিছত সেই একেই উৎপাত আৰম্ভ হৈ যায়! দৌৰি আহি মোৰ ডিঙিত বাদুলি ওলমাদি ওলমি দিয়েহি। মই বাগৰি পৰিলে তাই আকৌ মোৰ পিঠিৰ ওপৰত বহি হাতী হাতী খেলিবলৈ আৰম্ভ কৰে।
মাম্মীমাই কয়, "বুইচ চুমচুমী, পিস্কি মেকুৰী নে বাঘৰ পোৱালি, এই লৈ মোৰ কেতিয়াবা সন্দেহেই হয়! চোৱাচোন, গোটেই গাটো নাহৰফুটুকী বাঘৰ দৰে ফুটুকা-ফুটুকী, নাকৰ ওচৰৰ পৰা নেজৰ গুৰিলৈকে এইয়া পাঁচডাল দীঘলীয়া আঁচ আছে আৰু কপালৰ ঠিক মাজভাগতে যেন চকু এটাহে অঁকা আছে এইটো.... ঠিক শিৱৰ ত্ৰিনেত্ৰৰ দৰে। কাণ দুখন চিকাৰী জন্তুৰ দৰে একেবাৰে ইমান ঠিয়, অতি সামান্য শব্দতে তাই চকিত হৈ পৰে! তাই সঁচাকৈয়ে বাঘৰ মাহীয়েক দেই।"
সিদিনা ৰাতি মাম্মীমাই একান্তমনেৰে পেৰিছত হোৱা অলিম্পিক খেল চাই আছিল। আমি দুজনীয়ে ওচৰতে খেলি আছিলোঁ। হঠাতে পিস্কিৰ কি হ'ল জানো, বৰশীৰ দাৰিৰ দৰে আমাৰ খেলনা এডাল আনি ইফালে সিফালে তীব্ৰ গতিত দৌৰিব ধৰিলে। এবাৰ জাঁপ মাৰি মাম্মীমাই বহি থকা চকীখনৰ ওপৰত উঠি চেণ্টাৰ টেবুলখনলৈ জঁপিয়াই দিলে, লগেলগে টেবুলত সঁজাই থোৱা গ্লাচৰ ধুনীয়া ফুলদানী এটা থানথানকৈ ভাগি থাকিল! পিস্কিয়ে কিন্তু তামাম ভয় খালে দেই সেইদিনা! তাই তৎক্ষণাৎ আনটো ৰূমলৈ গৈ বিছনাৰ তলত সোমালগৈ। ভয়তে তাই কি কৰোঁ কি নকৰোঁ কৈ জিভাখনৰ আগটো উলিয়াই থৈছিল কিছুপৰলৈ!
বেচেৰী মাম্মীমাই কি কৰিব এই ৰাতিখন! আমাৰ ঠেংত কাঁচৰ টুকুৰা সোমাব বুলি খেল চোৱা বন্ধ কৰি সেইবোৰ চফা কৰাত লাগিল। খংতে ভোৰভোৰাই থাকিল, " চুমচুমী, মই কিন্তু এই পিস্কিজনীক নোৱাৰোঁ আৰু দেই। ইমান উৎপতীয়া মেকুৰী মই আৰু ক'তো দেখা নাই। এইক মই ক'ৰবাত জংগলত মেলি থৈ আহিমগৈ। আজি ভালদৰে খেল চাবলৈ বহিলোঁ, এইয়া কৰিলে! সিদিনা, ল'ন টেনিছ চাবলৈ বহিলোঁ, তাকো মোৰ প্ৰিয় স্পেনিছ টেনিছ খেলুৱৈ ৰাফেল নাডালৰ খেল আছিল। এইৰ লাগিল নহয় উৎপাত....পেৰিছৰ পৰা নাডালে বল মাৰে, তাই খাৰঘৰত বলটো ধৰিবলৈ ভাতখোৱা টেবুলৰ পৰা টিভিৰ একেবাৰে ওপৰলৈকে জাঁপ মাৰে! পৰিণাম কি হ'ল.....টিভিৰ স্ক্ৰীনখন তাইৰ নখ লাগি ফালিব বুলি সিমানতে মই খেলখন সামৰিব ল'গা হ'ল!“
মাম্মীমাই আকৌ ক’লে, “সেয়েহে কিজানি মাকে তাইক একেবাৰে কেঁচুৱাতে অকলে এৰি থৈ গুচি গৈছিল! তাই অকলে অকলে গুমটি দোকান এখনৰ তলত ভোকত পেঁও পেঁও কৈ কান্দি আছিল। উঠি বহিব পৰা শক্তিকণো তাইৰ নাছিল তেতিয়া। সেই সময়তে অঞ্জু আণ্টিয়ে বেমাৰী কুকুৰ এটা উদ্ধাৰ কৰিবলৈ গৈ তাত উপস্থিত হৈছিলগৈ। শুনা নুশুনা শব্দ এটাৰ উমান লৈ ইফালে সিফালে চাই আণ্টিয়ে তাইক দেখা পাই ঘৰলৈ লৈ গৈছিল। প্ৰায় এসপ্তাহমান চিকিৎসা দিয়াৰ পাছতহে তাই গোটা আহাৰ খাব পৰা হৈছিল। আৰু এইবোৰ শুনিয়েই তাইলৈ দয়া ওপজি মই আমাৰ ঘৰলৈ লৈ অহাৰ ব্যৱস্থা কৰিলোঁ। …….সেয়ে এইলৈ মোৰ মৰমো বৰ বেছি অ' চুমচুমী।"
এইখিনি কথা শুনি, মানে পিস্কিৰ আমাৰ ঘৰলৈ অহাৰ আগৰ এই কথাখিনি শুনি মই থৰ লাগি থাকিলোঁ! বেচেৰীজনীক মাকে অকলে এৰি থৈ গৈছিল! আৱৈ দেহী.... তেতিয়া চাগৈ তাইৰ কিমান দুখ লাগিছিল! মাকলৈ, ভায়েক ভনীয়েকহঁত আছিল যদি, সিহঁতলৈ তাইৰ কিজানি কিমান মনত পৰে! কিবা কাৰণত সেই তেতিয়াই চাগে তাইৰ বাওঁ ঠেংখনৰ কিবা হ'ল; যাৰ কাৰণে এতিয়া তাই লেকুচিয়াই খোজ কাঢ়ে!
এনেকুৱাও হ'ব পাৰে.... তাই সেই ঠেংখনৰে ভালদৰে খোজ কাঢ়িব নোৱাৰাৰ কাৰণেই কিজানি মাকে তাইক এনেকৈ এৰি থৈ গৈছিল! দেহি পিস্কিজনী!
হ'ব পাৰে, সেইটোও হ'বও পাৰে। মই এদিন কেট ভিদিঅ' এটাত দেখিছিলোঁ.... এগৰাকী ভেটেৰিনেৰি ডাক্টৰে মেকুৰী পোৱালি এটাৰ মালিকক কৈ আছিল,
"A mom cat may reject her kitten if it has an illness or a deformity. She does this to protect her other babies. Cats are picky and a kitten could be rejected for a minor defect."
তেতিয়াই তেখেতে কোৱা শুনিছিলোঁ,
“Mother Cats may sometimes eat a kitten if it's stillborn, sickly, or has severe malformations. This is an instinctual way for the mother to eliminate what she perceives as weak offspring, ensuring that she can focus her resources on the healthier kittens for better chances of survival."
ইচ! যি কাৰণতেই হওক লাগিলে, মাকে নিজৰ পোৱালিক এৰি থৈ যোৱা নাইবা খাই পেলোৱা অলপ কথা নেকি! এইবোৰ কথা মোৰ ভাবিবলৈকে কিবা লাগে! সেয়ে ইংৰাজীতে লিখিছোঁ….! এই পৃথিৱীত মানুহ বা অন্য জীৱই কিজানি এনে কেতিয়াও নকৰে।
মুঠতে মোৰ অন্তৰখন পিস্কিলৈ মৰমৰে উঠলি উঠিছিল! মই মনতে শপত খালোঁ, এই মোক যিমানেই নজ্বলাওক লাগিলে....এইক কেতিয়াও মই খং নকৰোঁ। সদায় আপোন বায়েকজনীৰ দৰে তাইক মই মৰমৰে আগুৰি ৰাখিম। মাম্মীমাহঁতে এইৰ উৎপাতত উপায়হীন হৈ খং কৰিলেওঁ মই এইৰ অপৰাধবোৰ সদায়ে লুকুৱাই ৰাখিম।
পিস্কিৰ কথাবোৰ ভাবোঁতে ভাবোঁতে মোৰ লাহে লাহে মোৰ মা, মোৰ বাই-ভনী আৰু ভাইটোলৈ মনত পৰিল। আৰু বগী ধকধকী সেই মৰম লগা কঙ্কীজনী! সেইদিনা হিঁয়া ভগা কান্দোনত ভাগি পৰা সৌৰভটো! এই সকলোবোৰ ঘটনা আজি এটাৰ পিছত এটাকৈ মোৰ মনৰ মাজেদি চিনেমাৰ দৃশ্যৰ দৰে পাৰ হৈ গৈছে! মই এইবোৰ কথা আপোনালোকক নোকোৱাকৈ থাকিব নোৱাৰোঁ, লাহে লাহে এটা এটাকৈ সকলোবোৰ কৈ যাম......।
ক্ৰমশঃ
Comentários