মিকু আৰু হৰিণা পোৱালিটো...
- জিণ্টী ৰাণী ডেকা, গুৱাহাটী
- Jul 12
- 3 min read

জিণ্টী ৰাণী ডেকা, গুৱাহাটী
গৰম বন্ধ শেষ হ’বলৈ এতিয়াও এসপ্তাহ বাকী আছে। ঘৰৰ ওচৰতে থকা ক্লাৱ এটাত গৰম বন্ধ বুলি আয়োজন কৰা তিনিদিনীয়া কৰ্মশালা এখনত মই ভাগ ল’বলৈ মনস্থ কৰা হ’ল। আৰ্ট, ক্ৰাফ্ট, যোগাসন আৰু গান শিকাব। ছবি আঁকিবলৈ কাঠপেঞ্চিল, ৰবৰ, ক্ৰাফ্টৰ বাবে ৰঙীণ কাগজ, কাগজ কাটিবলৈ সৰু কেঁচি, আঠা, শিল্পকৰ ক্লে (Shilpkar clay) বা মাটিৰ মূৰ্তি তৈয়াৰ কৰা মাটি আৰু এটা মাটিৰ মলা লাগিব। আমাক আৰ্ট আৰু ক্ৰাফ্ট শিকোৱা বাইদেউগৰাকীয়ে বস্তুসমূহৰ নাম এখিলা কাগজত লিখি মাৰ হাতত দিলে। গধূলি দেউতা অফিছৰ পৰা অহাৰ পাছত মই আৰু দেউতা তিনিআলিৰ দোকানলৈ গৈ বস্তুখিনি কিনি আনিলোঁগৈ।
কৰ্মশালাৰ প্ৰথমদিনা বৰ ভাল লাগিল। মোৰ দৰে বহুত সৰু সৰু ল'ৰা-ছোৱালীয়ে তাত ভাগ ল'বলৈ আহিছে। প্ৰথমে আমাক অলপ যোগাসন কৰালে আৰু তাৰপিছত ছবি আঁকিবলৈ শিকালে। ছবি অঁকাৰ পাছত কাগজ কাটি কাটি এপাহ ধুনীয়া ফুল বনাবলৈ শিকালে। সেইদিনাৰ কৰ্মশালা তেনেকৈয়ে অন্ত পৰিল।
দ্বিতীয় দিনাও যোগাসনেৰে কৰ্মশালা আৰম্ভ হ'ল। সেইদিনা আমাক এটা গান গাবলৈ শিকালে। " অ' তুলতুল অ' বুলবুল/ অ' সেউতী তৰা"। গানটো আমাৰ সকলোৰে ইমান যে ভাল লাগিল! গানৰ পিছত সেইদিনাও বাইদেৱে ৰঙীণ কাগজ কাটি আমাক এটা লেফাফা তৈয়াৰ কৰিবলৈ শিকালে।
তৃতীয় দিনা আমাক মাটিৰ মলা আৰু শিল্পকৰ ক্লেৰ সহায়ত এটা ‘কাছ’ তৈয়াৰ কৰাবলৈ শিকোৱাৰ কথা আছিল। মোৰ ঘৰত মাটিৰ মলাটো থৈ দিয়া আছিল। সাধাৰণ মাটিৰ মলা এটাৰ পৰা কেনেকৈনো কাছ এটা তৈয়াৰ কৰিব পাৰি, সেয়া জানিবলৈ মোৰ বৰ আগ্ৰহ হ'ল। মই প্লাষ্টিকৰ মোনা এটাত থকা মাটিৰ মলাটো উলিয়াই আনিব খোজোতেই হাতৰ পৰা পৰি সেইটো ভাঙি কেইবাটুকুৰাও হ'ল। শব্দ শুনি মা দৌৰি আহি মই থকা কোঠাটো পালেহি।
“কি হ'ল মিকু? কি ভাঙিলা? “--মায়ে সুধিলে।
মলাটো ভঙা বাবে মায়ে হয়তো খং কৰিব! সেয়ে মই বৰ ভয় খালোঁ। ভয়ে ভয়ে ক'লোঁ---“মা মলাটো ভাঙি গ'ল।“
“কেনেকৈ?”--মায়ে আকৌ সুধিলে।
“মই নাজানোঁ মা”-- মই কান্দো কান্দো হৈ ক'লোঁ। মায়ে এবাৰ ভাঙি টুকুৰা-টুকুৰ হোৱা মলাটো আৰু এবাৰ মোৰফালে খন্তেক সময় চাই থাকিল। এইবাৰ মোৰ বৰ ভয় লাগিল। হয়তো মাই মোক খং কৰিব। কিন্তু মায়ে বৰ মৰম সনা মাতেৰে ক'লে--
"একো নহয় দিয়া, মাটিৰ বস্তু, ভঙাটো একো ডাঙৰ কথা নহয়।"
মাৰ কথাত মই অবাক হ'লোঁ। মই যে মলাটো ভঙা নাই, সেইকথা মায়ে বিশ্বাস কৰিছেনে বাৰু? কিয় জানো মোৰ চকুপানী ওলাল। মই কান্দি কান্দিয়েই মাক ক'লোঁ--
"মই সঁচাকৈ ভঙা নাই মা। মই বেগৰ পৰা উলিয়াই আনি চাব খোজোতেহে হাতৰ পৰা পৰি ভাঙি গ'ল। মইতো নিজে ভঙা নাই মা।"
"তুমি ভঙা নাই বুলি জানিছোঁ। এইবোৰ মাটিৰ পাত্ৰহে। বৰ ঠুনুকা । সামান্য আঘাততে ভাঙি যাব পাৰে।"--মায়ে ক'লে।
"কিন্তু দেউতাই যদি খং কৰে?"--মই সংকোচেৰে সুধিলোঁ।
"কিয় কৰিব? মই তেওঁক বুজাই ক'ম নহয়। তেতিয়া নিশ্চয় বুজিব।"--মোক আশ্বাস দি মায়ে ক'লে।
মুহুৰ্ততে মোৰ মা লৈ বৰ মৰম লাগিল। সেয়ে সাৱতি ধৰি মাক ক'লো--" তুমি ইমান ভাল মা।" মুখত হাঁহি বিৰিঙাই মায়ে কৈ উঠিল--" তুমিও বহুত ভাল মোৰ সোণ।"
সিদিনা গধূলি দেউতা অফিছৰ পৰা অহাৰ পাছত মই আৰু দেউতা পূজাৰ সামগ্ৰী পোৱা দোকানখনলৈ গৈ আকৌ এটা মলা কিনি আনিলোঁ। মলাটো পাছদিনা বৰ সাৱধানেৰে কৰ্মশালালৈ লৈ গ'লোঁ। বাইদেৱে কোৱা ধৰণে প্ৰথমে মলাটোত ৰং সানিলোঁ। এইবাৰ শিল্পকৰ ক্লেৰে কাছৰ ডিঙি, ভৰিবোৰ তৈয়াৰ কৰিলোঁ। এতিয়া এইটো দেখাত চলং থকা কাছ এটাৰ দৰে হ'ল। কাছতো পিছত ৰ'দত শুকাবলৈ দিলোঁ। আমি শিক্ষাৰ্থী সকলোৱেই একোটাকৈ কাছ প্ৰস্তুত কৰিলোঁ। সেইবোৰ দেখিবলৈ ইমান ধুনীয়া হৈছিল যে একদম সঁচাসঁচি কাছৰ নিচিনা লাগিছিল।
আমি অঁকা ছবিসমূহ, কাছকেইটা আৰু ৰঙীণ ফুলবোৰ তথা লেফাফাবোৰেৰে কৰ্মশালা হৈ যোৱাৰ পিছত প্ৰদৰ্শনী এখন পতা হ'ল। অভিভাৱক আৰু দৰ্শকসকলে আমি সজা বস্তুবোৰ চাই বৰ ভাল পালে। আমি নিজে অঁকা ছবি, ফুল, লেফাফা তথা কাছটো সকলোকে ঘৰলৈ লৈ আনিবলৈ দিলে। মাই সেই গোটেইবোৰ আলমাৰিত সজাই থৈছে। মোৰ কোনোবা বন্ধু ঘৰলৈ আহিলে সিঁহতক মই কাছতো আলমাৰিৰ পৰা উলিয়াই আনি দেখুৱাওঁ। এইটো যে এটা মিছা কাছ, প্ৰথম দেখাত কোনেও ধৰিব নোৱাৰে। মই যেতিয়া কওঁ-
"এইটো এটা মাটিৰ কাছ'-- মই এনেকৈ ক'লে মোৰ বন্ধুবোৰ অবাক হয়।
"সঁচা?"--সিঁহতে সোধে।
"সঁচাতো"--মই কওঁ।
সিঁহত আৰু বেছি অবাক হয়,যেতিয়া মই কওঁ, “এইটো জানা মই প্ৰথম শ্ৰেণীত থাকোঁতেই সজা।“
বন্ধুবোৰে মই ফাঁকি কথা কোৱা বুলি ভাৱে। সিঁহতে অবিশ্বাসেৰে চকু বহলকৈ মেলে। কিন্তু যেতিয়া মোৰ মায়ে কয়,-- “এইটো একেবাৰে সঁচা। মিকুৱে নিজ হাতেৰে এই কাছতো তৈয়াৰ কৰিছে।“
তেতিয়াহে বন্ধুবোৰে বিশ্বাস কৰে। সিহঁতে সঁচা যেন লগা মিছা কাছটোৰ পিঠিখনত আলফুলকৈ হাতেৰে পিহি দিয়ে। মোলৈ প্ৰশংসাৰ দৃষ্টিৰে চায়। তেতিয়া যে মোৰ মনটো ইমান ভাল লাগে। মোৰ মায়ে আজিও সেই সঁচা যেন লগা মিছা কাছটো গ্লাছ লগোৱা আলমাৰি এটাত সজাই থৈছে।
কাছটোলৈ চালে কিয় জানো মোৰ ভাব হয়- ই' জানো কেৱল এটা কাছ? মোৰ শৈশৱৰ কিছু ভাল লগা স্মৃতিওটো এই কাছটোৰ লগতে সনাপিটিকা হৈ আছে। মনতে ভাৱোঁ, এনেকুৱা কাছ দুটামান মই আকৌ তৈয়াৰ কৰাব লাগিব, মোৰ দুই এজন বন্ধুক উপহাৰ দিবলৈ। এনেকুৱা কাছ এটা পালে কিমান যে ভাল পাব সিহঁতে!
@@@@@@@@
Comments