মিকু আৰু হৰিণা পহুটো
- জিণ্টী ৰাণী ডেকা, গুৱাহাটী

- Jul 3, 2024
- 5 min read
Updated: Sep 22, 2024

জিণ্টী ৰাণী ডেকা, গুৱাহাটী
ধাৰাবাহিক গল্প
(প্ৰথম খণ্ড)
ৰাতি পুৱাবলৈ এতিয়াও অলপ সময় বাকী আছে। ঘৰৰ ভিতৰখন আন্ধাৰ হৈয়ে আছে। ভেণ্টিলেটৰেদি বাহিৰৰ অকণি পোহৰ কোঠাটোলৈ সৰকি আহিছে। হয়তো বাহিৰখন পোহৰ হৈছে।
ৰাতি মই আৰু মা কম্বল উৰি একেখন বিচনাতে শুই আছিলোঁ। কাষৰ সৰু বিচনাখনত দেউতা শুইছে। কিন্তু, এতিয়াচোন মা মোৰ ওচৰত শুই থকা নাই! ইমান পুৱাই মা ক'লৈ যাব পাৰে বাৰু! আজিতো মাৰ মণিং ডিউটিও নাই! থকা হ'লে যাবৰ সময়ত মই শুই থাকিলেও মায়ে "মিকু বাবা, মই যাওঁ দেই" বুলি কৈ গালতে চুমা এটা খাই গুছি যায়গৈ। আজিতো মায়ে মোক মাত লগোৱাও নাই।
মা ক'লৈ যাব পাৰে ভাবি মই বিচনাতে শুই শুই ইফালে-সিফালে চালোঁ। কোঠাটোত ক'তো মাক নেদেখিলোঁ। মই কাষৰ বিচনাত শুই থকা দেউতালৈ চালোঁ। তেওঁ শুইয়েই আছে। মা যে নাই, সেই কথা দেউতাই হয়তো একদম গমকে পোৱা নাই। শুই থকা দেউতাক জগাবলৈ মোৰ মন নগ'ল। মই নিজেই বিছনাৰ পৰা নামি আনবোৰ কোঠাত মাক বিচাৰি চোৱাৰ কথা ভাবিলোঁ।
বিছনাৰ পৰা নামিব খোজোতেই কাষৰ কোঠাটোৰ পৰা মাক একদম সাৰি-শব্দ নোহোৱাকৈ অহা দেখা পালোঁ। অবাক হৈ মই মাৰ মুখলৈ চালোঁ। ক'লৈ গৈছিল সুধিবলৈ মুখ মেলোতেই, মায়ে মোক চুপ হৈ থাকিবলৈ ইংগিত দিলে। তাৰ পাছত মোৰ কাণৰ কাষলৈ মুখখন আনি ফুচফুচাই ক'লে---
" মিকু,আজি সিহঁত আহিছে জানা!" মাৰ মাতত উলাহৰ ভাব।
"আহিছে? সঁচাকৈয়ে নে মা?"-- ময়ো ফুচফুচায়ে মাক সুধিলোঁ। কোন সিঁহত এই কথা মই মাক সুধিব লগা নহ'ল।
"একবাৰে সঁচা। আহাঁ, তুমি নিজে চোৱাহি।"------ বুলি মায়ে মোৰ হাত এখনত ধৰি আনটো কোঠাৰ খিড়িকিৰ কাষলৈ লৈ গ'ল। এইটো কোঠাৰ পৰা সেইটো কোঠালৈ আমি দুয়ো হাতত সাৰে-ভৰিত সাৰে গৈছোঁ। যেন এটা চুৰি অভিযানতহে আমি গৈ আছোঁ !
কোঠাটোৰ খিড়িকিৰ পৰ্দা আগৰেপৰাই কোঁচাই থোৱা আছিল। মা আৰু মই দুয়ো খিড়িকিৰ বন্ধ আইনাৰ সিপাৰৰ আমাৰ ফুলনি খনলৈ চালোঁ। ফুলনিত বৰণীয়া অনেক ফুলৰ মেলা। তাত আপোনমনে তিনিটাকৈ হৰিণাই ফুল আৰু পাত খাই আছে। হৰিণাকেইটা দেখি মোৰ ইমান ভাল লাগিল যে, আনন্দতে মই চিঞৰিবই খুজিছিলোঁ। কিন্তু সিঁহত ভয় খাই পলাই যাব বুলিহে মনে মনে থাকিলোঁ।
চাই থকাৰ মাজতে মই এবাৰ ফুচফুচাই মাক ক'লোঁ -----
"আজি আমাৰ ভাগ্য ভাল ন' মা?"
"ওঁ...ভালতো!"---- মায়ে উত্তৰ দিলে।
"হৰিণা চাবলৈ দেউতাকো মাতি দিওঁ নেকি মা?"----মই সুধিলোঁ।
"নালাগে।"----- মায়ে ক'লে।
মোৰ মনটো অলপ বেয়া লাগিল। ফুলনিত ফুল খাই থকা হৰিণাকেইটা দেখিলে দেউতাই যে ভাল পাব, মই জানোঁ। ইয়াৰ আগতে হৰিণা দেখাৰ আশাত মই আৰু দেউতাই দুদিনো এইখন খিড়িকিৰ কাষতে চোপ্ লৈ আছিলোঁ। কিন্তু এদিনো হ'লে দেখা নাছিলোঁ।
আইতাই কৈছিল----"হৰিণা দেখা পাবলৈ ভাগ্য লাগিব !"
আজি মোৰ আৰু মাৰ ভাগ্য ভাল হ'ল। দেউতাৰহে বেয়া। অৱশ্যে, অফিছৰ কাম কৰি কৰি দেউতাৰ কালি ৰাতি শোওঁতে পলম হৈছিল। দেউতাক দেখুৱাবলৈ মই হৰিণাকেইটাৰ ফটো তুলি থ'ম বুলি সিটো কোঠাৰ পৰা মাৰ মোবাইলটো লৈ আহিলোগৈ।
মই ফটো উঠাব লৈছিলোঁ হে! দৰ্জা খোলাৰ শব্দ এটা শুনি হৰিণাকেইটাই চক্ খালে। সম্ভৱ আইতা শুই উঠিছে। ভয়তে সিঁহত দৌৰি ওচৰৰ পাহাৰৰ হাবিলৈ পলাই গ'ল।
মোৰ ফটো উঠোৱা নহ'ল। উঠাব পাৰিলে দেউতাকতো দেখুৱালোৱেইহেঁতেন, আইতুকো দেখুৱালোহেঁতেন। মই ভালকৈ জানো, আজি মই হৰিণা দেখা বুলি গম পালে তায়ো ঠেনঠেনালেহেঁতেন----
"ময়ো হৰিণা চাম মিকু দাদা, ময়ো হৰিণা চাম।"
( দ্বিতীয় খণ্ড )
ঘৰখনত পুৱাতেই হৈ-হাল্লা আৰম্ভ হৈছে। আইতাৰ বুজনি আৰু সমানে আইতুৰ পেনপেননিবোৰ শুনা গৈছে। মই পঢ়া মেজৰ পৰাই এইবোৰ শুনি আছোঁ।
আমাৰ ঘৰৰ প্ৰতিদিনৰ পুৱাৰ এইখন চিনাকি নাটক। ঘৰখনৰ একমাত্ৰ পাঁচবছৰীয়া ছোৱালী আইতুৱে প্ৰতিদিনে এই নাটৰ অংক মেলে। আজিও তাৰ ব্যতিক্ৰম নহ'ল। ঠিক কি কাৰণত আইতুৱে পেনপেনাবলৈ লৈছে, মই নাজানোঁ। কিন্তু যেতিয়া কিবা কথাত তাই পেনপেনাবলৈ লয়, সেয়া সহজে বন্ধ নহয়। একেটা কথাকে, একেটা সুৰতে তাই গায়েই থাকিব, গায়েই থাকিব! একদম পেনপেনীয়া, দীঘল সুৰ এটা। শুনিবলৈ বৰ বিৰক্তিকৰ, বৰ আমনিদায়ক ! এনেকৈ পেনপেনাই থাকোতে তাইৰ দুয়োটা চকুৰ পানী গালেৰে বৈ আহে, নাকৰ ফুটা দুটাৰে শেঙুনো বৈ আহে কেতিয়াবা। চিঃ, বৰ ঘিণ লগা! তাই আব্দাৰ ধৰি কান্দি কান্দি কৈ থকা শুনিছোঁ----
"আইতা, ময়ো তোমাৰ লগত যাম, ময়ো যাম।"
"আজি স্কুললৈ নগ'লি! এতিয়া আইতাৰৰ লগত ক'লৈ যাৱ?"....... মাজু খুড়ীৰ কঠোৰ মাত শুনা গৈছে। তেওঁ আইতুক বেছ ধমক লগাইছে।
মাজু খুড়ী এইখন ঘৰলৈ বিয়া হৈ নতুনকৈ আহিছে। কিন্তু আইতুৰ দুষ্টালি, অতপালিবোৰ দেখিলে তেওঁ মাত নমতাকৈ নাথাকে। পিছে আইতুৰ মাক অৰ্থাৎ মোৰ ডাঙৰ খুড়ীয়ে আইতুৱে বদমাচি কৰিলেও একো নকয়। আৰু কিবা ক'লেও যে আইতুৱে শুনিব এই কথাৰোতো নিশ্চয়তা নাই। সেইকাৰণেই একো নকয়। নহ'লেবা আইতাৰ ভয়তো একো নক'ব পাৰে।
"হ'ব দিয়া, হ'ব দিয়া লখিমী। কেৱল তুমি এতিয়া কান্দি নাথাকিবা।"----- আইতাই মাত দিলেই নহয়!
মাজু খুড়ী এইবাৰ সঁচাকৈয়ে অতিষ্ঠ হ'ল। তেওঁ মুখেৰে ভোৰভোৰাই চোতাল পালেহি। চোতালৰ ডাঁৰত মোৰ মায়ে কাপোৰ মেলি আছিল। মাক দেখি খুড়ীয়ে ক'লে-----
"দেখিছে বাইদেউ, এই সৰু ছোৱালীজনীয়ে এতিয়াতে কাৰো কথা নুশুনে! পুৱাও স্কুললৈ পঠাব নোৱাৰিলোঁ। এতিয়া আইতাকৰ লগত ফুৰিবলৈ যায়! আইতাকেও লাই দি, লাই দি মূৰত তুলিছে।"
খুড়ীয়ে মিছা কোৱা নাই। আজি আইতু স্কুললৈ নগ'ল। ডাঙৰ খুড়ী, মাজু খুড়ী, আইতা আনকি আইতুৰ দেউতাক অৰ্থাৎ মোৰ ডাঙৰ খুড়ায়ো তাইক স্কুললৈ যাবলৈ বাৰে বাৰে কৈ ভাগৰিলে। তাই নাযাওঁ বুলিয়েই নগ'ল। পিছত দেউতাকে খং কৰোঁতে পেঁ পেঁ, ভেঁ ভেঁ কৈ কান্দিছে !
আইতুৱে কিয় স্কুললৈ যোৱা নাই, মই ঠিক ধৰিব পাৰিছোঁ। মই পাক্বা জানিছো যে তাই "হ'ম ৱৰ্ক" কৰা নাই। স্কুলত শাস্তি পোৱাৰ ভয়তে নোযোৱাৰ নাটক কৰিছে। আইতু আৰু মোৰ স্কুল বেলেগ বেলেগ। ডাঙৰ ক্লাছৰ দাদা-বাইদেউবোৰৰ আজি স্কুলত তৰ্ক প্ৰতিযোগিতা থকা বাবে আমাৰ সৰুবোৰৰ ক্লাছ বন্ধ দিছে। নহ'লে আমাৰ স্কুলত নিজৰ ইচ্ছামতে নাযাওঁ বুলিয়েই নোযোৱাকৈ থাকিব নোৱাৰি। স্কুলখন বৰ কাঢ়া। আইতুৱে আমাৰ স্কুলতে পঢ়াহেঁতেন, নোযোৱাকৈ থাকিবই নোৱাৰিলেহেঁতেন। আজি মই ঘৰতে আছোঁ বাবেহে , তাইৰ এই নাটকবোৰ ধৰিব পাৰিছোঁ।
মই পঢ়া মেজৰ পৰা উঠি গৈ আইতাক ক'লো -----
‘অ' আইতা, এই ছাগৈ হ'ম ৱৰ্ক কৰা নাই। সেয়ে তাই স্কুললৈ নোহোৱাকৈ থাকিল।‘
মই তেনেকৈ ক'বলৈহে পালোঁ, আইতুৱে ইমান ডাঙৰকৈ চিঞৰি দিলে যে মই দুয়োখন কাণত আঙুলিৰে সোপা দিলোঁ। এনে লাগিল,মই যেন কথা কোৱা নাই, এটা এট'ম বোমাহে পেলাই দিছোঁ, আৰু আমি টলকিব পৰাৰ আগতেই মুহূৰ্ততে বিস্ফোৰণ ঘটিল!
আৰ্তনাদ এটা কৰি তাই কৈ উঠিল----
`আইতা, মিকু দাদাই মিছা কথা কৈছে, মিছা কথা কৈছে।‘
আইতুৰ মুখত মোৰ নাম শুনিয়েই মা পাকঘৰৰ পৰা দৌৰি আহিল। মায়ে ভাবে, মই আইতুৰ লগত কাজিয়া লাগি থাকিবলৈ ভাল পাওঁ। কিন্তু এই কথাটো সঁচা নহয়। তাইৰ দৰে কান্দুৰী-পেন্দুৰী এজনীৰ লগত লাগি থাকিবলৈ মই কিয়, কোনেও ভাল নাপাব। এইয়া মা আহি বাৰাণ্ডাৰ পৰা চকু পকাই মোলৈ চালেই নহয়!
কথা নক'লেও মাৰ মুখ, চকু চায়েই মই মায়ে বুজাব খোজা কথাৰ অৰ্থ বুজি পোৱা হৈ গৈছোঁ। এতিয়া মায়ে চকু পকাই ধৰাৰ অৰ্থ হ'ল----
" তই ভালে ভালে ভিতৰলৈ আহিবিনে?"
মাৰ হাতত এছাৰি এডাল পৰাৰ আগতে মই ভিতৰলৈ যোৱাই উচিত হ'ব। তাকে ভাবি ভাবি চোতালৰ পৰা লাহে লাহে খোজ ল'লোঁ।
মোৰ কথাটো আইতায়ো বিশ্বাস কৰা নাই। এইয়া তেওঁ ক'বলৈ ধৰিছে,আইতুক বোলে স্কুলত কোনোবাই মাৰে, ভয় দেখুৱায়। নহ'লে তাই স্কুললৈ নোযোৱাকৈ থকা ছোৱালী নহয়েই। খুড়াই পিছে আইতাৰ এই কথাটো মানি লোৱা নাই। তেওঁ আইতাক কৈছে-----
"মিছা কথা এইবোৰ। আইতুও কম নহয়। তাই নিজেই কিবা বদমাচি কৰিছে স্কুলত।"
খুড়াৰ কথাই হ'ব লাগিব। তাই এনেও বহুত দুষ্ট। মোৰ কথা মিছামিছিকৈ আইতাক কিমান লগাই থাকে। মোৰ মাকো আনকি মোৰ কথা বেয়াকৈ কয়। মই সঁচাটো ক'লেও মোকেই সকলোৱে দোষ দিয়ে। বৰ খং উঠে মোৰ। কোনো নথকাত সেয়ে এদিন এক থাপ্পৰ লগাইছিলোঁ তাইক। সেইদিনাও তাই যিহে তালফাল লগাই কান্দিছিল! আইতা ভিতৰৰ পৰা দৌৰি আহি ----
" অ' মোৰ লখিমীক কোনে মাৰিলে" বুলি পুৰা হাল্লা লগাই দিছিল।
সেইদিনা তাইক থাপ্পৰ মৰা বাবে মোৰ মায়েও মোক দুচাটমান দিছিল। মোৰ ইমান দুখ লাগিছিল। বহুত কান্দিছিলোঁ।
কিয় জানো মোৰ ভাব হৈছে, মোক যদি কোনোবাই ভাল পাই, কোনোবাই মৰম কৰে-- সেয়া মোৰ মামাহঁতৰ আইতা। ককায়ো মোক বহুত মৰম কৰিছিল। মই কোৱা সকলো কথাই সঁচা বুলি মানি লৈছিল। কিন্তু তেওঁতো এতিয়া নাই। তেওঁ ঢুকুৱাই এবছৰ হ'ব। মই তৃতীয় শ্ৰেণীত থাকোতেই ককা ঢুকাই থাকিল। ককা ঢুকুৱা দিনটো মোৰ বাবে দুখৰ আছিল। তেওঁৰ কথা মনত পৰি মোৰ আৰু দুখ লাগিল।
আজি আৰু পঢ়াত মন নবহে। ছবিকে এখন আকোঁ। দেউতা অফিছৰ পৰা আহি পালে দেখুৱাব লাগিব। মোৰ এটা কথাই এতিয়াও ভাল লাগে যে এই ঘৰখনত দেউতাই একমাত্ৰ ব্যক্তি, যি মোৰ সকলো কথাই শুনে। দেউতাৰ আগত সকলো কথাই ক'ব পাৰি। তেওঁ মোক কেতিয়াও খং নকৰে, নামাৰে। কিন্তু মা? মাৰ মনটো ধৰিব নোৱাৰি। কেতিয়াবা তেওঁ মোক বহুত মৰম কৰে। কেতিয়াবা বহুত খং কৰে। আইতুৰ কথা হ'লেতো মাই সদায় তাইকে সমৰ্থন কৰে। আজিওতো মাই মোক ৰঙা চকু দেখুৱাই, তাইৰেই পক্ষ ল'লে!
অথচ এইখন ঘৰলৈ অহাৰ আগলৈকে মোৰ জীৱনটো কিমান সুখৰ আছিল!
হঠাৎ মোৰ মনৰ পৰা এটা হুমুনিয়াহ সৰি পৰিল!
( ক্ৰমশঃ…)





বৰ ভাল লাগিল। লেখিকাক অভিনন্দন জনালোঁ।