মিকু আৰু হৰিণা পহুটো
- জিণ্টী ৰাণী ডেকা, গুৱাহাটী

- Sep 15, 2024
- 4 min read
Updated: Oct 5, 2024

জিণ্টী ৰাণী ডেকা, গুৱাহাটী
ধাৰাবাহিক গল্প
(তৃতীয় খণ্ড)
এইখন ঘৰলৈ অহাৰ আগলৈকে যে মোৰ জীৱনটো সুখৰ আছিল, সেয়া খুউব সঁচা। এইখনৰ আগৰ ঘৰখন, তাৰো আগৰ আৰু তাতকৈয়ো আগৰ ঘৰখনত থকা মোৰ জীৱনটো যে সুখৰ আছিল, সেই কথা মোক আগতে লগ পোৱা সকলো মানুহেই ক'ব।
মহানগৰীৰে এটা এলেকাত যিটো ঘৰত মোৰ জন্ম হৈছিল, বেলতলাৰ সেই ঘৰটোত মোৰ মা-দেউতা ভাৰাতীয়া হিচাবে আছিল। সেইটো চৌহদতে আৰু তিনিটা বেলেগ পৰিয়াল আছিল। মোৰ জন্মৰ তিনিদিন পিছত যেতিয়া হাস্পতালৰ পৰা প্ৰথম ঘৰলৈ লৈ আনিছিল, বেলতলাৰ ভাৰাতীয়া ঘৰখনেই মোক আদৰিছিল। আমাৰ চৌহদটোত থকা পৰিয়ালবোৰত তেতিয়া কাৰোৰে মোৰ সমান সৰু কেঁচুৱা নাছিল। চৌহদটোত আটাইবোৰ ডাঙৰ মানুহ। মোৰ দৰে অকণমানি জীৱন্ত পুতলা এটা পাই তেওঁলোকে বৰ ভাল পাইছিল। মই হাস্পতালৰ পৰা আহি আমাৰ অকণমানি ভাৰাঘৰটোত সোমোৱাৰ লগে লগেই, মোক সম্ভাষণ জনাবলৈ বোলে বহু মানুহ গোট খাইছিল। মোৰ অকণমানি গুলপীয়া হাত দুখন বোলে মানুহবোৰে আলফুলে চুই চাইছিল আৰু মোক উপহাৰো দিছিল। সৰু সৰু চকু দুটাৰে মই হেনো মানুহবোৰলৈ পিৰিকিয়াই চাই সঁহাৰি দিছিলোঁ। এইবোৰ মোক মা-আৰু দেউতাই কোৱা কথা। পিছে মোৰ হ'লে একো মনত নপৰে।
মনত পৰা কথা বুলিলে মোৰ মনলৈ আহে আমাৰ কাষৰ পাৰ্টটোতে থকা দুজনী পেহীৰ কথা। তেওঁলোক দুয়ো বাই-ভনী আছিল। মই ডাঙৰ হোৱালৈকে দুয়োজনীয়ে মোক মৰমতে কোঁচত লৈ ফুৰাই ফুৰিছিল।
আকৌ পেহীহঁতৰ কাষৰ পাৰ্টটোত এহাল খুড়া-খুড়ী আছিল। তেওঁলোক দুয়োগৰাকীয়ে মোক ইমান মৰম কৰিছিল যে মোৰ খেলিবলৈ সমনীয়া নথকাৰ কাৰণে মোতকৈ তিনি মাহৰ সৰু অকণমানি ভাইটি এটাকে হাস্পতালৰ পৰা লৈ আনিছিল। আনকি সেই অকণমানি ভাইটিটোৰ নাম মোৰ ‘মিকু’ নামটোৰ লগত মিলাকৈ ‘টিকু’ ৰাখিছিল। টিকু থকা স্বত্বেও খুড়ীয়ে কিন্তু সদায় কোলাত লৈ মোকেহে বেছি মৰম কৰিছিল।
ঘৰটোৰ প্ৰথম পাৰ্টটোতেই আছিল এটা পাঞ্জাৱী পৰিয়াল। তেওঁলোকৰ কলেজলৈ যোৱা দুজন ল’ৰা-ছোৱালী আছিল, তেওঁলোকক মই দাদা-বাইদেউ বুলি মাতিছিলোঁ। তেওঁলোকে মোক ইমান মৰম কৰিছিল যে, বেছিভাগ সময় মই তেওঁলোকৰ ঘৰতে অতিবাহিত কৰিছিলোঁ। তেওঁলোকৰ মাক-দেউতাকক ময়ো ‘মাম্মা-পাপা’ বুলিয়ে মাতিছিলোঁ। মাম্মাই পাকঘৰত যেতিয়া ৰুটি সেকিছিল, মোকো ওখ টুল এখনত বহাই লৈ খেলিবলৈ হাতত সৰু সৰু আটাৰ লাড্ডু দিছিল। পাপাই টিভি চাই থাকিলে, ময়ো তেওঁৰ ওচৰতে বিচনাত শুই শুই টি.ভি চাইছিলোঁ। মুঠতে তেওঁলোকৰ ঘৰখন মোৰ দ্বিতীয় ঘৰৰ নিচিনা আছিল।
মোৰ দুবছৰ বয়স হওঁতে, মায়ে ওচৰৰ কিডজি স্কুলখনত নাম লগাই দিছিল। মোৰ জীৱনৰ এই প্ৰথম স্কুলখন আমাৰ ঘৰৰ পৰা অকণমান দূৰৈতে আছিল, সেইখিনি বাট খোজকাঢ়ি গ'লেও হয়। পুৱা স্কুললৈ সদায় মোক দেউতাই কোলাত তুলি লৈ গৈছিল। স্কুল ছুটি হ'লে মায়ে মোক ঘৰলৈ আনিছিল। মায়ে আকৌ খোজকঢ়াইহে ঘৰলৈ আনিছিল। কেতিয়াবা পাঞ্জাৱী পাপাই মোক তেওঁৰ স্কুটাৰৰ আগত উঠাই ঘৰলৈ লৈ আনিছিল। তেতিয়া যে মোৰ ইমান মজা লাগিছিল! আনকি পাপাই মোক তেওঁৰ স্কুটাৰৰ আগত বহুৱাই মাজে মাজে ফুৰাবলৈও লৈ গৈছিল।
মোৰ স্কুলৰ মিছসকলে পাপাক মোৰ নিজৰ দাদাজী বুলিহে ভাবিছিল। সেইখন ঘৰৰ মাম্মাই মোক ঘিঁউ, মাখন লগোৱা ৰুটি, পৰাঠা আদি খাবলৈ দিছিল। মোৰ জিভাত সেই ৰুটি-পৰাঠাৰ জুতি এতিয়াও লাগি আছে। মই যদি এতিয়াও ক'ৰবাত ৰুটি বা পৰাঠা খাওঁ, পাঞ্জাৱী মাম্মাই গৰম ৰুটি বা পৰাঠাৰ ওপৰত দিয়া গলিবলৈ ধৰা মাখনৰ টুকুৰাটোলৈহে মনত পৰে। এতিয়াও স্কুলৰ বন্ধ পালেই মই তেওঁলোকৰ ঘৰলৈ যাওঁ। মই যোৱাৰ লগেলগে এতিয়াও মাম্মাই পাকঘৰলৈ গৈ, মোৰ প্ৰিয় খোৱা বস্তু ৰান্ধিবলৈ ব্যস্ত হৈ পৰে।
(চতুৰ্থ খণ্ড)
বেলতলাৰ প্ৰথম ঘৰখন, য'ত মোৰ বাবে মৰমে উপচি আছিল, সেইখন ঘৰ আমি এৰি আহিব লগা হ'ল! ঘৰখন এৰি আহিবলৈ আমাৰ কাৰোৰে মন নাছিল। কিয়নো সেইখন ঘৰতে মোৰ জন্ম হৈছিল, মা-দেউতাৰ পিছতে মোক যিসকল মানুহে ইমান মৰম কৰিছিল, কোলাত লৈছিল, সেই আটাইবোৰ মানুহক মই সেইখন ঘৰৰ চৌহদতে এৰি আহিলোঁ। আনকি মই যিখন কিডজি স্কুলত পঢ়িছিলোঁ, সেইখন স্কুললৈও সেইখন ঘৰৰ পৰাই অহা-যোৱা কৰিছিলোঁ।
সেই প্ৰথম ঘৰখনত মই যিমান বেছি মানুহৰ মৰম-আদৰ পাইছিলোঁ, তাৰ আধাতকৈয়ো আধা বা তাতকৈয়ো কম মৰম, মই আমাৰ এইখন ঘৰত পোৱা নাই! এইখন ঘৰৰ মানুহবোৰৰ মৰম কেৱল দুষ্ট আইতুজনীলৈহে!
মোৰ এক্কেবাৰে সৰু কালটোৰ কথা ভাবিলে ভালো লাগে, বেয়াও লাগে। ভাল লাগে এইবাবেই যে মোকো এসময়ত বহু মানুহে গুৰুত্ব দিছিল, মৰম কৰিছিল। বেয়া লাগে এইবাবেই যে এতিয়া মই সেই গুৰুত্বও নাপাওঁ, আদৰো নাপাওঁ। কেতিয়াবা এনে লাগে যেন মা-দেউতাক কৈ আমি আকৌ সেই ভাৰা ঘৰখনলৈয়ে গুছি যাম!
মোৰ সেই প্ৰথম স্কুলখনৰ সকলো বন্ধু-বান্ধৱী মোৰ দৰেই সৰু আছিল। আমি প্ৰথম দুদিনমান স্কুলত সকলোৱে কান্দিছিলোঁ। ঘৰত মাহঁতক এৰি আহিব লগা বাবে আমাৰ ইমান বেয়া লাগিছিল। কিন্তু মিছবোৰে ক্লাছলৈ আহি যেতিয়া গান গাই, নাচি নাচি পঢ়াবলৈ, খেলাবলৈ লৈছিল আমি ঘৰৰ কথা একেবাৰে পাহৰি গৈছিলোঁ। স্কুলখন, মিছবোৰ আৰু মোৰ কণমানি বন্ধু-বান্ধৱীবোৰক ইমান ভাল লাগিছিল যে, এই সকলোকে এৰি আহিব লগা কথাটোয়ে মোক বৰ দুখ দিছিল।
এবাৰ আমাৰ স্কুলৰ এনুৱেল ফাংছনত আমাক এটা গ্ৰুপ ডাঞ্চ কৰিবলৈ মিছে শিকাই দিছিল। ধুনীয়া ধুনীয়া পোছাক পিন্ধি পুতলা গীটাৰবোৰ লৈ আমি ইংলিছ গান এটাৰ তালে তালে নাচিব লৈছিলোঁ। বহুত ডাঙৰ মঞ্চ এখনত আমি কেনেকৈ গানৰ তালে তালে নাচিব লাগিব, সেয়া মিছবোৰে দেখুৱাই দিছিল। তথাপি মোৰ ইম্মান যে ভয় লাগিছিল! মই ইয়াৰ আগতে কেতিয়াও মঞ্চত উঠি নচা নাছিলোঁ । সন্মুখৰ দৰ্শকৰ শাৰীত মোৰ মা-দেউতা, লগৰবোৰৰ মাক-দেউতাকসকল আমাৰ ফাংছন চাবলৈ বহি আছিল। সেইদিনাই প্ৰথম মই ইমান মানুহ একেলগে বহি থকা দেখা পাইছিলোঁ। ইফালে মিউজিকটো বজাই দিয়াৰ লগে লগে ইমান ভয় লাগিছিল যে মোৰ কান্দিবৰ মন গৈছিল! কিন্তু সেইটো সময়তে আমাৰ ক্লাছৰ সৌভিক নামৰ ল'ৰাটোৱে মোৰ দুয়োখন হাত তাৰ দুয়োখন হাতৰ মুঠিত সোমাই মোৰ ফালে চাই চাই হালি-জালি নাচিব ধৰিছিল। লগে লগে ময়ো তাৰ দৰে ঘূৰি ঘূৰি হালি-জালি নাচিবলৈ ধৰিলোঁ। পিছত মিছ আৰু মোৰ মা-দেউতাই কৈছে যে আমাৰ নাচটো হেনো বৰ ভাল হৈছিল। মোৰ সেই অকণমানি বন্ধু সৌভিককহে ধন্যবাদ ক'বলৈ মন গৈছিল।
পিছে সেই সৌভিক, ঈশানী, ধৰিত্ৰী, অনুৰাগ, প্ৰিয়াংশু, বেদাংশ্ৰী আৰু মোৰ স্কুলৰ বহুতকে মই এৰি আহিব ল’গা হ’ল। স্কুলখন, মিছসকলক..…. সকলোকে এৰিব ল’গা হ’ল। এইটো মোৰ বাবে বৰ বেজাৰৰ কথা। মই পঢ়ি থকা সেই স্কুলখন যিহেতু এখন প্লে-স্কুলহে আছিল, তাত ওপৰৰৰ ক্লাছবোৰ নাছিল। সেয়ে মা-দেউতাই মোক এখন ডাঙৰ স্কুলত নাম লগাই দিলে। মোৰ দৰেই বহুতে বেলেগ বেলেগ স্কুলত পঢ়িবৰ বাবে পৰীক্ষা দি আছিল। সিহঁতো হয়তো সেইখন স্কুল এৰি গুছি যাব ল’গা হ’ল!
বেলতলাৰ ঘৰখনৰে এদিনৰ কথা এটা মোৰ এতিয়াও মনত পৰে। ধৰিত্ৰী নামৰ মোৰ লগত একেলগে পঢ়া ছোৱালীজনী এদিন আমাৰ ঘৰলৈ আহিছিল। মোৰ মায়ে তাইৰ মাকৰ আগত মই গাখীৰ খাই ভাল নোপোৱাৰ কথা কৈছিল। তেতিয়া তাই মোক কৈছিল,'মই এগিলাছ এগিলাছ গাখীৰ খাওঁ জানা মিকু।' তাই চকুদুটা ডাঙৰ কৰি হাতখনেৰে গিলাছৰ জোখটো দেখুৱাই কথাখিনি কৈছিল। মই এতিয়াও গাখীৰ খাই বৰ এটা ভাল নাপাওঁ। গাখীৰ খাবলৈ অমান্তি হ'লেই মোৰ মায়ে ধৰিত্ৰীৰ নিচিনা চকুদুটা ডাঙৰ কৰি তাই কোৱা কথাখিনি অবিকল কয়। তেতিয়া যে মোৰ ইমান হাঁহি উঠে আৰু ধৰিত্ৰীলৈ মনত পৰে।
ধৰিত্ৰী, বেদাংশ্ৰীহঁতে বা এতিয়া ক'ত থাকে, কোন স্কুলত পঢ়ে!
( ক্ৰমশঃ…)





Comments