মাঘৰ বিহু আৰু কিছু জনশ্ৰুতি


স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ
ইংৰাজী জানুৱাৰী মাহত উদযাপন কৰা মাঘৰ বিহু অসমীয়া সমাজত কেতিয়াৰ পৰা আৰম্ভ হ'ল ....সেয়া পম খেদি অতীতলৈ আগুৱাই গ'লে আমি দেখা পাওঁ.....
মাঘ বিহু যাক ভোগালী বিহুও বোলা হয়, অসমীয়া সমাজত আদিম যুগৰ পৰাই উদযাপন কৰি অহা হৈছে। ইয়াৰ উৎপত্তি প্ৰাচীন কৃষিভিত্তিক সমাজৰ সৈতে জড়িত ৷ মানুহে শস্য চপোৱাৰ অন্তত আনন্দ কৰিছিল আৰু অগ্নি পূজা কৰিছিল। মূলতঃ বড়ো মূলীয় লোকসকলৰ প্ৰধান উৎসৱ আছিল মাঘবিহু ৷ পাছৰ পৰ্যায়ত কামৰূপ ৰাজ্যৰ আৰ্য ব্ৰাহ্মণ সকলে হিন্দু ৰীতি মতে তিথি নিৰ্ধাৰণ কৰি দিয়াৰ পৰাই পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু উদযাপনৰ নীতি প্ৰচলন হয় ৷
মাঘ বিহুৰ দুটা প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা ৷ মেজি শব্দটো উজনি অসমত সৃষ্টি হোৱা শব্দ ৷ গৱেষক সকলৰ মতে এই “মেজি” শব্দটো বড়ো-কছাৰী মূলীয় প্ৰাচীন চুতীয়া ভাষাৰ “মিডি-য়ে-জি” ৰ (মিডি মানে দেৱতা বা পূৰ্বপুৰুষ, য়ে মানে জুই আৰু জি মানে উৰি যোৱা) পৰা উৎপত্তি হোৱা ৷ আনহাতে ’উৰুকা' শব্দটো চুতীয়া ভাষাৰ “উৰুকুবা” ( শেষ হোৱা) শব্দৰ পৰা অহা বুলি জনা যায় ৷ কাৰণ পুহ মাহৰ এই অন্তিম দিনটোত চহা ৰাইজৰ শস্য চপোৱা শেষ হোৱা দেখা যায় ৷
ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে মাঘ বিহু চুতীয়া আৰু আহোম ৰাজত্ব কালত ৰাজকীয়ভাৱে পালন কৰা হৈছিল ৷ আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰ পৰা বিহুৰ দিনা ৰংঘৰৰ বাকৰিত নানান খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল আৰু ৰজা আৰু ডা-ডাঙৰীয়াসকল ইয়াত উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল ৷ আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি যুঁজ লগোৱা হৈছিল। তাৰোপৰি হাতী যুঁজ, কুকুৰা যুঁজ , কণী যুঁজ, ম’হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ, মল্লযুঁজ আদিও সেই সময়ত প্ৰচলন আছিল ৷
মাঘৰ বিহু বুলিলেই আমাৰ মনলৈ আহে মেজিৰ জুইকুৰাৰ কথা। গাঁৱৰ ডেকাসকলে পুহতে পথাৰৰ নৰা কাটি ভেলাঘৰ সাজে ৷ উৰুকাৰ দিনা গাঁৱৰ ৰাইজে লগলাগি ভোজ ভাত খাই নাচি বাগি উজাগৰে থাকে ৷ তাৰোপৰি সকলো ৰাইজে মিলি ভেলাঘৰৰ কাষতে কাঠ- বাঁহেৰে মেজি সাজে ৷ পিছদিনা পুৱাই ৰাইজে হৰিধ্বনি দি অগ্নিদেৱতাক সেৱা জনাই মেজিত অগ্নি সংযোগ কৰে ৷ মেজি সাধাৰণতে প্ৰতিযোগিতামূলকভাৱে ওখ হোৱা দেখা যায় ৷ মেজিৰ ব্যৱহাৰ তুলনামূলকভাবে উজনি অসমত বেছি ৷ মেজিৰ জুইত বাঁহেৰে পানী হিলৈ ফুটোৱাটোও এক পৰম্পৰা ৷ জনবিশ্বাস আছে যে মেজিৰ তলত আশীৰ্বাদ ল’লে ব্যক্তিৰ মনৰ আকাংক্ষা পূৰণ হয় ৷ অতীতত উৰুকাত ভেলাঘৰ বা মেজি সাজি জ্বলোৱাৰ কামটো গৰখীয়াসকলেহে কৰিছিল ৷ নৃতাত্ত্বিক দিশৰ পৰা চাবলৈ গ’লে ই চিকাৰ যুগৰ পৰা কৃষিযুগৰ আৰম্ভণিৰ সমাজখনক সূচায়, যেতিয়া মানুহে জীৱ-জন্তুক পোহ মনাইছিল আৰু শষ্য চপাই আনন্দ কৰিছিল ৷ ই মানৱ সমাজৰ বুদ্ধি-বৃত্তিকো সূচায়, য’ত খেতি কৰাৰ সামৰ্থ কেৱল মানৱ জাতিয়েহে আয়ত্ত কৰিলে ৷ ভেলাঘৰ বা মেজিৰ জুইকুৰাই মানুহক প্ৰাণীসমাজৰ পৰা পৃথক কৰি শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে।
লোকবিশ্বাস অনুসৰি, মেজি জ্বলোৱাৰ জুইৰ ধোঁৱাই বছৰেকীয়া অপায়-অমংগল, ৰোগ-শোক আৰু দুৰ্ভিক্ষ দূৰ কৰে আৰু নতুন বছৰটোত ধন-ধান্যৰ সমৃদ্ধি আনে। মেজিৰ ছাই খেতিত সানিলে শস্যৰ উৎপাদন বাঢ়ে বুলিও বিশ্বাস কৰা হয়। এই পৰম্পৰাই কৃষিজীৱী অসমীয়া সমাজৰ প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা আৰু সমূহীয়া ঐক্যৰ প্ৰতীক হিচাপে গঢ় লৈ উঠিছে।
আন এটা সৰু জনশ্ৰুতি হ’ল উৰুকাৰ নিশা চেমনীয়া ল’ৰাবোৰে গাঁৱৰ মানুহৰ বাৰীৰ পৰা খৰি, শাক-পাচলি আদি “চুৰি” কৰি অনাৰ কথা ৷ কাৰোবাৰ ঘৰত দুজনমান ল’ৰাই পিঠা খোৱাৰ চলেৰে সোমায় আৰু বাকী দুজনমানে বাৰীৰ আলু-কবি, হাঁহ-কুকুৰা, জেওৰা-জপনা আদি চুৰি কৰি লৈ যায় ৷ ইয়াক অপায় দূৰ কৰাৰ ধেমালিৰ অংশ বুলি ধৰা হয় যদিও এতিয়া কেৱল ধেমালিৰূপেহে কৰা হয়। এই প্ৰথাৰ বাবেই গৃহস্থইও ওৰে ৰাতি উজাগৰে থাকি ঘৰ-বাৰী, চৌহদ আদিত চকু ৰাখিবলগীয়া হয় ৷ আজিকালি অৱশ্যে এই ধেমালিৰ লগতে অপৰাধমূলক কাৰ্যৰ সনা-পিটিকাও দেখা যায়। ইয়াৰ সুবিধা লৈ অপৰাধ প্ৰৱণ কিছু যুৱকে অপৰাধ কাৰ্য সংঘটিত কৰে ৷ যাৰ বাবে অতীতৰ পৰম্পৰাত কিছু কালিমা লাগিছে ৷
উৰুকাৰ দিনা দোকমোকালিতে সকলোৱে নিজ নিজ বাৰীৰ লাগনি গছবোৰ নৰা বা ধানখেৰেৰে বন্ধাটোও একপ্ৰকাৰৰ পৰম্পৰা ৷ লোকবিশ্বাস মতে গছবোৰ এনেদৰে নাবান্ধিলে গছত গুটি নালাগে ৷ গছ বন্ধাৰ এই নিয়মটো অষ্ট্ৰিক সকলৰ পৰা অহা বুলি লোকবিশ্বাস আছে ৷
উৰুকাৰ আন এটা পৰম্পৰা হ’ল সমূহীয়াকৈ মাছ ধৰাৰ পৰম্পৰা ৷ মানৱ সমাজৰ চিকাৰ যুগৰ পৰা কৃষি যুগলৈ উত্তৰণ ঘটাৰ লগে লগে সমূহীয়া চিকাৰ কৰাৰ প্ৰথা লাহে লাহে কমি আহিল ৷ সমূহীয়া চিকাৰৰ ঠাইত মধ্যযুগৰ শেষৰ ফালে মৎস্য চিকাৰৰ পৰম্পৰা গঢ়ি উঠিল ৷ বিহুৰ উৰুকাৰ দিনা গঞা ৰাইজে মিলি নদী, বিল, পুখুৰী.জান, জলাশয় আদিত সামূহিকভাৱে মাছ ধৰে ৷ জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোকে এই মাছধৰা উৎসৱত অংশগ্ৰহণ কৰে ৷
মাঘ বিহু ভোগৰ উৎসৱ ৷ বিহু উপলক্ষে অসমীয়া মহিলাই নানান ধৰণৰ জা-জলপান , পিঠা পনা, লাড়ু আদি প্ৰস্তুত কৰা হয় ৷ তিল পিঠা আৰু তিলৰ লাড়ু এই উৎসৱত বিশেষ ভাবে প্ৰস্তুত কৰা হয় ৷ এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে ৷ এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে ৷ সেই বাবে এই বিহুত কোৱা-বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় ৷ বিভিন্ন পৰম্পৰাৰে মাঘ বিহুক আমাৰ অসমীয়া সমাজত ভোগ আৰু আনন্দৰ উৎসৱ হিচাপে প্ৰতিষ্ঠা কৰি আহিছে ৷ বাপতিসাহোন বিহুৱে অসমীয়া সমাজৰ ঐক্য মিলাপ্ৰীতিৰ ভাৱ অটুত ৰাখি অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে ৷
##############



Comments