মানৱ সৃষ্ট বিভীষিকা
- বৰ্ণালী হাজৰিকা, বিশ্বনাথ চাৰিআলি
- Jan 9
- 1 min read

বৰ্ণালী হাজৰিকা, বিশ্বনাথ চাৰিআলি
মানুহৰ পৃথিৱীখন
বিষাক্ত হৈ পৰিছে।
মনোৰম প্ৰকৃতিৰ বুকু,
মানুহৰ বিষাক্ত নখেৰে বিদাৰি,
ৰক্তাক্ত কৰি তুলিছে।
বহু যুগ সহিলে সহনশীলা ধৰিত্ৰীয়ে,
মানুহে নিজৰ সুখ-স্বাচ্ছন্দ্যৰ বাবে
নিৰ্মম প্ৰহাৰেৰে
মনোৰম পৃথিৱীখন,
দিন প্ৰতিদিনে ধ্বংস কৰি তুলিছে।
পৃথিৱীখন যেন মাথোঁ মানুহৰ বাবেহে!
অন্য প্ৰাণীৰ বাবে
যেন কোনো স্থানেই নাই।
জীৱৰ অধিকাৰ কাঢ়ি লৈ,
মানুহে সৃষ্টি কৰিছে বিষাক্ত পৃথিৱী।
গছ-গছনি কাটি, পশু-পক্ষী মাৰি,
পৰ্বত-পাহাৰ বিদাৰি,
মানুহে নিজেই তৰিলে ধ্বংসৰ যজ্ঞ।
যান-বাহন, উদ্যোগৰ ধোঁৱাই
কলুষিত কৰিলে বায়ুমণ্ডল।
আজি গোলকীয় উষ্ণতাত অসহনীয়
অসহায় অৱস্থা মানুহৰ!
অকাৰণে প্ৰকৃতিক বিনষ্ট নকৰি
সময় থাকোঁতেই
মানৱ-প্রকৃতিৰ মিলনেৰে নাশো আহা
বিভীষিকাৰ মলিনতা।
সেউজ পৃথিৱীৰ সজীৱতাৰে গঢ়ো
চিৰ আনন্দৰ সুন্দৰতা।
**********
'বিশ্ৰামৰ সুৰ' কবিতাটি ভাল লাগিছে। সুদীপ্তনয়নক অভিনন্দন জনাই ভৱিষ্যতেও লিখি থাকিবলৈ অনুৰোধ জনালোঁ।