মৌমণিৰ মৌ-পুতলাবোৰ
- পাপৰি ভূঞা, ৰাজগড়, গুৱাহাটী

- Sep 19, 2024
- 3 min read
Updated: Sep 22, 2024

পাপৰি ভূঞা
ৰাজগড়, গুৱাহাটী
কালিৰেপৰা মৌমণিহঁতৰ ঘৰৰ বেৰবোৰত ৰং কৰা আৰম্ভ কৰিছে। ঘৰৰ সন্মুখৰ জপনাখনৰ ঠাইত কাঠৰ নতুন গেট এখনো লগাইছে। মৌমণিয়ে মনতে ভাবিলে, গেটখনটো ৰং অকণ লগাই দিলে কিমানযে ধুনীয়া লাগিব! দেউতাকে কালিলৈ ঘৰলৈ এটা সৰু টি ভিও আনিব হেনো। ফূৰ্তিতে মৌমণি পখিলাজনীৰ দৰে ঘূৰি ফুৰিছে; এই পাকঘৰ, পাকঘৰৰ পৰা পিছফালে বেৰত ৰং কৰি থকা মানুহজনৰ ওচৰলৈ, আকৌ একেকোবেই গেটৰ ওচৰত থকা দেউতাকৰ ওচৰলৈ; মুঠতে তাইৰ গাত তৎ নাই। নহ’বনো কিয়! কিমান দিনৰ পৰা আলচি থকাৰ মূৰত যে সিহঁতৰ ঘৰখনৰ বেৰবোৰত ৰং অকণ লাগিবলৈ লৈছে! তাইৰ লগৰ সকলোৰে ঘৰবোৰত ৰং কৰা। কেৱল মৌমণিহঁতৰ ঘৰটোৱেহে কেতিয়াও ৰঙৰ মুখ দেখা নাছিল। অৱশ্যে এই সকলোবোৰ উত্তৰণৰ মূলতে আকৌ মৌমণি নিজেই।
গাঁৱৰে মাধ্যমিক বিদ্যালয়খনত তাই পঞ্চমমানত পঢ়ে। এইবাৰ গৰমৰ বন্ধত সিহঁতৰ বিদ্যালয়ত কৰ্মশালা পাতিছিল। চহৰৰ পৰা দুগৰাকী প্ৰশিক্ষক বাইদেউ আহি শিক্ষাৰ্থীসকলক বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিছিল। কিছুমান প্ৰশিক্ষণ বিজ্ঞান বিষয়ৰ ওপৰত, কিছুমান শাৰীৰিক সুস্থতা আৰু সুৰক্ষা বিষয়ৰ ওপৰত আৰু কিছুমান প্ৰশিক্ষণ আকৌ হাতৰ কামৰ ওপৰত আছিল। ব্যৱহাৰিক জীৱনত আচলতে এই সকলোবোৰ বিষয়ৰ ওপৰতে প্ৰশিক্ষণৰ অতিকৈ জৰুৰী। মৌমণিয়ে সকলোবোৰ প্ৰশিক্ষণতে আগ্ৰহৰে ভাগ ল'লে, বিশেষকৈ পুৰণা পেলনীয়া কাপোৰৰ পৰা ধুনীয়া ধুনীয়া পুতলা সজা বিদ্যাটো তাই মন-প্ৰাণ ঢালি শিকিলে। মৌমণিৰ লগৰ কিছুমানৰ দোকানৰ পৰা কিনা ধুনীয়া ধুনীয়া বাৰ্বী পুতলা আছে। কিন্তু সেইবোৰ বহুত দামী পুতলা হেনো! তাইনো তেনে পুতলা কিনিবলৈ ইমান পইচা ক’ত পায়! মাক- দেউতাকৰ তাকৰীয়া উপাৰ্জনৰে কোনোমতেহে সিহঁতৰ সৰু পৰিয়ালটো চলি থাকে। গতিকে তাই সেই আশা বাদ দি, দৰা-কইনা জাতীয় পুতলা সাজিবলৈ মাকৰ পৰাই অলপ-অচৰপ শিকি লৈ সেইবোৰৰে ইমানদিনে খেলিছিল।
এতিয়া স্কুলত প্ৰশিক্ষক বাইদেউ দুগৰাকীয়ে যেনেকৈ পুতলাবোৰ সাজিবলৈ শিকাইছে, সাজি-কাচি উঠাৰ পিছত সেইবোৰ দেখিবলৈ সাইলাখ ‘কিনা পুতলা’ ৰ দৰে হৈ উঠে! মৌমণিয়ে নিৰহ-নিপানীকৈ পুতলা সজা শৈলীটো আয়ত্ব কৰিলে। তাই ইমান ধুনীয়াকৈ পুতলা সাজিব পৰা হ’ল যে পোন্ধৰদিনীয়া এই কৰ্মশালাৰ শেষত প্ৰশিক্ষক বাইদেউ দুগৰাকীয়ে তাইৰ কামৰ শলাগ নলৈ নোৱাৰিলে।
মৌমণিয়ে ঠিক কৰিলে গৰমৰ বন্ধৰ বাকী কেইদিনত তাই কেইটামান পুতলা তৈয়াৰ কৰিব আৰু তাৰে তাই খেলিব। কিন্তু তাই অলপ সমস্যাত পৰিল পুতলা সাজিবলৈ লগা পুৰণা কাপোৰৰ বাবে। কাৰণ, ধুনীয়া পুতলা সাজিবলৈ পুৰণা কাপোৰবোৰো ধুনীয়া আৰু ৰঙীন হ’ব লাগিব। তাইনো ইমান ধুনীয়া ধুনীয়া ৰঙীণ কাপোৰ ক’ত পাব? সিহঁত ইমান দুখীয়া আছিল যে সিহঁতৰ পুৰণা কাপোৰবোৰ ঘৰ মোচা কামৰ বাহিৰে আন একোৰে যোগ্য হৈ নাথাকে। গতিকে তাই মন মাৰি অ’ত ত’ত জুপুকা মাৰি বহি থাকিল। পিছে তাইৰ এই পৰিবৰ্তন মাকৰ চকুত নপৰাকৈ নাথাকিল। সেইদিনা মাকে তাইৰ কি হৈছে বুলি সুধিবলৈহে পালে মৌমণিয়ে আৰু নিজক সামৰিব নোৱাৰিলে, হাও হাও কৈ সেয়া কান্দোনৰ ৰূপত বাহিৰ হৈ গ’ল। মাকে তাইৰ সমস্যাটো গম পাই সিহঁতৰ কাঠৰ আলমাৰীটোৰ পৰা এটা টোপোলা উলিয়াই আনি তাইক দিলেহি; য’ত আছিল তেওঁ ইঘৰ-সিঘৰত কাম কৰোঁতে তাইলৈ বুলি দিয়া এসোপামান ৰং বিৰঙৰ চোলা ….. যিখিনিৰ কোনোটোয়েই তাইৰ জোখৰ নহয়। কোনোবাটো তাইৰ কাৰণে যদি সৰু, কোনোবাটো আকৌ জোখতকৈ বহুত ডাঙৰ। সেইখিনি দেখি মৌমণিৰ সেই মুহূৰ্তত মাকক যাদুদণ্ড লৈ উপস্থিত হোৱা সাধুকথাৰ পৰীজনীৰ নিচিনাই লাগিল!
সেয়াই আৰম্ভণি। তাৰপিছত আজৰি সময়ত পুতলা সাজিবলৈ লৈ তাই কেইবাটাও পুতলাৰ যেন প্ৰাণহে দিলে! অৱশ্যে মৌমণিৰ আগ্ৰহ দেখি মাকে সৰু-সুৰা দুই এটা কাম যেনে, কাপোৰ কাটি দিয়া, হাত চিলাই কৰি দিয়া আদি কামবোৰত লাগি দিলে আৰু মৌমণিয়ে আশা কৰাতকৈও বহুত বেছি ধুনীয়াকৈ পুতলা কেইটা সাজিলে।
পুতলাবোৰ দেউতাকক দেখুৱাওঁতে দেউতাকেতো কৈয়েই দিলে, বজাৰত বেচিব পৰা ধৰণৰ হৈছে বুলি! প্ৰথমতে তাই মন কৰা নাছিল যদিও ইমান কেইটা পুতলাৰে কি কৰিব বুলি ভাবি লগতে মাক-দেউতাকৰো অকণমান আৰ্থিক সহায় হওক বুলি মাত্ৰ এটা পুতলা নিজলৈ সাঁচি বাকী কেইটা এটা মোনাত ভৰাই ওপৰত 'মৌ পুতলা' বুলি লেখি দেউতাকক বজাৰত বেচিবলৈ দি পঠিয়ালে। চালে চকু ৰোৱা 'মৌ পুতলা'বোৰ কম দামৰ হোৱা বাবে বজাৰত ততালিকে বিক্ৰী হৈ গ’ল। দেউতাকেও বৰ উৎসাহ পাই মৌমণিলৈ তাই ভাল পোৱা চিঙৰা আৰু বজাৰৰ কেইবাখনো চিনাকি দৰ্জীৰ পৰা পেলনীয়া ৰং বিৰঙৰ কাপোৰৰ টুকুৰা কিছুমান লৈ আহিল নতুনকৈ পুতলা বনাবৰ বাবে। মৌমণি পুনৰ ব্যস্ত হৈ পৰিল পুতলা বনোৱাত। এনেদৰে মৌমণিৰ আজৰি পৰৰ উপৰুৱা আৰ্জনত লাহে লাহে সিহঁতৰ ঘৰখনেও যেন ভালেখিনি সকাহ পালে। মাকে তাইৰ উপাৰ্জিত পইচাখিনি গোটাই থৈ এতিয়া ঘৰখনকে অকণমান নতুনকৈ সজোৱাত ব্যৱহাৰ কৰিছে। বিদ্যালয় আৰু ওচৰ চুবুৰীয়া সকলোৱে মৌমণিৰ গুণৰ ভূয়সী প্ৰশংসা কৰিলে।
কালিলৈ যে তাইৰ দেউতাকে ঘৰলৈ সৰু ৰঙীণ টি ভি এটা আনিব, সেইটো কথা ভাবি ভাবিয়েই মৌমণিয়ে মনৰ উলাহতে পদূলিমুখত থকা বকুলজোপাৰ তলৰ বাঁহৰ চাংখনতে বহিলগৈ। বতৰটো বৰ ফৰকাল। আৰু অকণমান বেলিটো লহিয়ালেই তাই তৰাহঁতৰ সৈতে খেলিবগৈ। দূৰৰ আকাশখনলৈ চাই পঠিয়াওঁতে তাই এখন উৰাজাহাজ দেখা পাই তাইৰো মন গ’ল ডাঙৰ হৈ এখন উৰাজাহাজ চলাবলৈ। স্কুলত বাইদেৱে কৈছিল, "সপোন দেখিব লাগে আৰু মনৰ মাজত সেই সপোন জীয়াই ৰাখি দৃঢ়তাৰে নিজৰ কৰ্ম কৰি সপোনক বাস্তৱলৈ ৰূপায়িত কৰিব লাগে।" তাই ভাবিলে, এইটোৱে আজিৰ পৰা তাইৰ সপোন হ’ব। তাই ঠিক কৰিলে, এই সপোনটোৰ কথা তাই কাকো নকয়। মনৰ মাজতে জীয়াই ৰাখি নিষ্ঠাৰে ভালকৈ পঢ়া-শুনা কৰি আগবাঢ়ি যাব। তেতিয়াহে তাই সফল হ’ব পাৰিব।
লগতে তাই এটা কথা নিশ্চয়কৈ বুজি পালে যে, কোনো বিদ্যা কেতিয়াও অথলে নাযায়। মাত্ৰ সময়মতে তাৰ প্ৰয়োগ কৰিব জানিব লাগিব।
কথাবোৰ ভাবি ভাবি তাই উলাহেৰে তৰাহঁতৰ ঘৰলৈ বুলি খোজ দিলে।
@@@@@@@@@@@@





Comments