top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

মহান বিজ্ঞানীৰ পৰিচয় (দ্বিতীয় ভাগ)

  • Writer: জয়শ্ৰী শইকীয়া, যোৰহাট
    জয়শ্ৰী শইকীয়া, যোৰহাট
  • Apr 6
  • 3 min read
পুণেৰ ইণ্টাৰ-ইউনিভাৰ্ছিটি চেণ্টাৰ ফৰ এষ্ট্ৰোনʼমী এণ্ড এষ্ট্ৰোফিজিক্স বা আইইউচিএ ৰ প্ৰাঙ্গনত স্থাপন কৰা আৰ্যভট্টৰ ভাস্কৰ্য
পুণেৰ ইণ্টাৰ-ইউনিভাৰ্ছিটি চেণ্টাৰ ফৰ এষ্ট্ৰোনʼমী এণ্ড এষ্ট্ৰোফিজিক্স বা আইইউচিএ ৰ প্ৰাঙ্গনত স্থাপন কৰা আৰ্যভট্টৰ ভাস্কৰ্য

মৰমৰ ছাত্ৰ-ছাত্ৰীসকল

আজি তোমালোকক আমাৰ দেশৰ বিখ্যাত গণিতজ্ঞ আৰ্যভট্টদেৱৰ এক চমু পৰিচয় কৰাব বিচাৰিছোঁ, সকলোৱে মনোযোগেৰে শুনিবা দেই৷ আৰ্যভট্ট প্ৰাচীন ভাৰতৰ সকলোতকৈ বিখ্যাত গণিতজ্ঞসকলৰ মাজৰ এজন। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম তেওঁৰ নামেৰে ‘আৰ্যভট্ট’ ৰখা হৈছে।


আৰ্যভট্টৰ জন্ম চন আৰু জন্ম স্থান সম্বন্ধে সুবিশেষ কোনো তথ্য পোৱা নাযায় যদিও তেওঁৰ কাৰ্যৰ দ্বাৰা জন্ম চন ৪৭৬ – ৫৫০ CE (CE ৰ অৰ্থ হৈছে Common Era, যিটো Anno Domini (AD) শব্দটোৰ বিকল্প হিচাপে ধৰা হয়) বুলি গণ্য কৰা হয়। আৰ্যভট্টৰ অন্যতম ভাষ্যকাৰ প্ৰথম ভাস্কৰৰ ভাষ্য অনুযায়ী তেওঁৰ জন্ম হৈছিল অশ্মকা নামৰ এখন ঠাইত। প্ৰাচীন বৌদ্ধ আৰু হিন্দু ৰীতিত এই ঠাইখনক নৰ্মদা আৰু গোদাবৰী নদীৰ মধ্যবৰ্তী স্থানত দক্ষিণ গুজৰাট আৰু উত্তৰ মহাৰাষ্টৰ ওচৰৰ এখন ঠাই হিচাপে চিহ্নিত কৰা হয়। আৰ্যভট্টই তেখেতৰ জীৱনৰ অধিকাংশ কাম নালন্দা বিশ্ববিদ্যালয়ত কৰিছিল বুলি বিশ্বাস কৰা যায়। শিক্ষাৰ শেষত তেওঁ এই বিশ্ববিদ্যালয়ত শিক্ষক হিচাপে যোগ দিয়ে। কোনো কোনোৰ মতে, নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰধান হিচাপেও আৰ্যভট্টই দায়িত্ব পালন কৰিছিল।

 

প্ৰাচীন ভাৰতীয় গণিতৰ ইতিহাসত আৰ্যভট্টৰ হাতত ধৰিয়ে ক্লাছিকেল যুগ (কিম্বা স্বৰ্ণযুগ) আৰম্ভ হয়। গণিত আৰু জ্যোতিৰ্বিদ্যা সংক্ৰান্ত আৰ্যভট্টৰ বিভিন্ন কাম মূলতঃ দুখন গ্ৰন্থত সংকলিত হৈছে বুলি জনা গৈছে। ইয়াৰ ভিতৰত ‘আৰ্যভট্টীয়’ও, এখন যিখন তেওঁ ২৩ বছৰ বয়সতে ৰচনা কৰিছিল আৰু যিখন ইতিমধ্য উদ্ধাৰ কৰা হৈছে। এইখন ৰচিত হৈছিল চাৰিটা খণ্ডত, মুঠ ১১৮টা স্তোত্ৰত।

 

আৰ্যভট্টীয় গ্ৰন্থৰ দ্বিতীয় অধ্যায়ত আৰ্যভট্টই পাইৰ মান ৩.১৪১৬ নিৰ্ণয় কৰিছিল, যিটো তেওঁৰ সময় পৰ্যন্ত যিকোনো গণিতজ্ঞই বাহিৰ কৰা মানবিলাকৰ ভিতৰত সকলোতকৈ সঠিক আছিল। তেওঁৰ অন্য এক কৰ্ম হৈছে ‘আৰ্য-সিদ্ধান্ত’। এই গ্ৰন্থত তেওঁ গণিত আৰু জ্যোৰ্তিবিদ্যাৰ বিষয়ে বিশদ আলোচনা কৰিছিল। আৰ্যভট্টই প্ৰথমবাৰৰ বাবে গণিতক জ্যোতিৰ্বিদ্যাৰ এটা বিভাগ হিচাপে বিবেচনা কৰিছিল।

 

গণিতজ্ঞ হোৱাৰ উপৰিও তেওঁ এগৰাকী জ্যোতিৰ্বিজ্ঞানীও আছিল। পৃথিৱী আৰু অন্যান্য গ্ৰহসমূহ নিজৰ মেৰুদণ্ডত চক্ৰাকাৰে ঘূৰাৰ লগতে সূৰ্যক প্ৰদক্ষিণ কৰে বুলি সৰ্বপ্ৰথমে তেওঁৱেই কৈছিল যদিও তৎকালীন বিজ্ঞমহলে ইয়াক মানি ল’ব খোজা নাছিল। পৃথিৱীৰ এই আহ্নিক গতিৰ ফলত যে দিন-ৰাতি হয় সেয়া তেওঁ জানিছিল। একেদৰে তেওঁ উদ্ভাৱন কৰা অন্যান্য সূত্ৰসমূহো তেতিয়াৰ সমাজে মানি ল’ব বিচৰা নাছিল যদিও আধুনিক বিজ্ঞানে সেই সমূহৰ আধাৰতেই আগুৱাই যাবলৈ সক্ষম হৈছে আৰু পৃথিৱীত মানৱ জাতিৰ জীৱন অৰ্থবহ আৰু সৰল হৈ উঠিছে। সূৰ্যৰ পোহৰেৰে গ্ৰহবোৰ আলোকিত হৈ উজলি উঠে বুলি তেওঁ তেতিয়াই কৈ গৈছে। একেদৰে পৃথিৱীৰ আন্ধাৰ দিশটোৰো তেওঁ ব্যাখ্যা দাঙি ধৰিছিল।

 

আৰ্যভট্টই সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ হিন্দু পৌৰাণিক ধাৰণাৰ পৰিৱৰ্তে প্ৰকৃত কাৰণবোৰ ব্যাখ্যা কৰি গৈছে। ইয়াৰ লগতে তেওঁ সূৰ্য গ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ সময়কাল নিৰ্ণয়ৰ পদ্ধতিও বাহিৰ কৰিছিল। আৰ্যভট্টই কৈছিল যে চন্দ্ৰৰ পোহৰ প্ৰকৃততে সূৰ্যৰ পোহৰৰ প্ৰতিফলনৰেই ফলাফল।

 

প্ৰাচীন ভাৰতীয় সমাজৰ বৌদ্ধিক চেতনাৰ বিষয়ে আৰ্যভট্টৰ কৰ্মৰাজিৰ পৰা ধাৰণা কৰিব পাৰি। তেওঁৰ দৰে এজন বিদগ্ধ পণ্ডিতে আমাৰ দেশত জন্মলাভ কৰাটো আমাৰ বাবে অতি গৌৰৱৰ কথা। তেওঁক আধুনিক ভাৰতৰ বিজ্ঞানী মহলে পথ প্ৰদৰ্শক ৰূপে গণ্য কৰে। তেওঁ ‘দশমিক পদ্ধতিত শূন্যৰ ব্যৱহাৰ’ উদ্ভাৱন কৰি নতুন দিগন্তৰ সূচনা কৰিছিল। গোলকৰ পৰিধিৰ পৰিমাণ আৰু ত্ৰিভুজৰ আয়তনৰ দৰে জটিল বিষয়ৰ ওপৰত তেওঁ স্পষ্ট ধাৰণা দি থৈ গৈছে। বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত তেওঁ শুদ্ধকৈ ৩.১৪৬ বুলি নিৰ্ণয় কৰি উলিয়ায়। শূন্যৰ উদ্ভাৱক ৰূপে আধুনিক বিশ্বই তেওঁক সদায় সোঁৱৰি থাকিব।


আৰ্যভট্টৰ আন এক গুৰুত্বপূৰ্ণ গাণিতিক অৱদান হৈছে আধুনিক ত্ৰিকোণমিতিৰ সূত্ৰপাত কৰা। তেখেতৰ সূৰ্য সিদ্ধান্তত ত্ৰিকোণমিতিৰ বহুল ব্যৱহাৰৰ পূৰ্ণাঙ্গ বিৱৰণ পোৱা যায়। তেখেতেই বীজগণিতৰ সহায়ত একাধিক অজ্ঞাত ৰাশি সম্বলিত সমীকৰণ (সাধাৰণভাবে ডায়োফেণ্টাইন সমীকৰণ নামে পৰিচিত) সমাধান কৰাৰ এটা সাধাৰণ পদ্ধতি তৈয়াৰ কৰিছিল । ইয়াৰ নাম আছিল 'কুত্তক'। 


আৰ্যভট্টৰ দৰে মহান গণিতজ্ঞ আৰু বিজ্ঞানীৰ বিষয়ে জনাটো সকলো ছাত্ৰ-ছাত্ৰীৰ বাবেই প্ৰয়োজনীয় কথা। তেওঁৰ জীৱনৰ অনুপ্ৰেৰণা আৰু সংগ্ৰামৰ বিষয়ে নানান কাহিনী জনশ্ৰুতিত আছে যদিও কালক্ৰমত সিবিলাক হেৰাই গৈছে বুলি ভবাৰ অৱকাশ আছে। তেওঁ এজন সু-লেখকো আছিল। তেওঁৰ জীৱনীগ্ৰন্থ ‘আৰ্যভট্ট’ ই বহু এনে বিষয়ৰ জ্ঞান প্ৰদান কৰিব পাৰে।

 

৫৫০ খ্ৰীষ্টাব্দত ৭৪ বছৰ বয়সত এইজনা মহান গণিতজ্ঞ আৰ্যভট্টৰ মৃত্যু হয়।

ছাত্ৰছাত্ৰী সকল তোমালোকেও নিজৰ ভাল লগা বিষয়ত মনোযোগ দিবা দেই ৷ সদায় এটা কথা মনত ৰাখিবা, চেষ্টাৰ অসাধ্য একো নাই ৷

তোমালোকৰ সকলোৰে উজ্জ্বল ভবিষ্যতৰ কামনা কৰিলোঁ৷

 

বহুতো মৰমেৰে

জয়শ্ৰী বাইদেউ

কল্পতৰু, যোৰহাট

ফোন: ৯৪১০৩৯১৪৪৭

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page