মহান বিজ্ঞানীৰ পৰিচয় ধাৰাবাহিক (প্ৰথম খণ্ড)
- জয়শ্ৰী শইকীয়া, যোৰহাট

- Jan 8
- 2 min read

মৰমৰ ছাত্ৰ-ছাত্ৰীসকল,
আজি তোমালোকক আমাৰ দেশৰ এজন বিখ্যাত পাৰমাণৱিক পদাৰ্থবিদ হোমি জাহাংগীৰ ভাবাৰ লগত এক চমু পৰিচয় কৰাব বিচাৰিছোঁ, সকলোৱে মনোযোগেৰে শুনিবা দেই৷
ভাৰতৰ যিকেইগৰাকী বিজ্ঞানী বিশ্বৰ বৈজ্ঞানিক মহলত পৰিচিত, সেইসকলৰ ভিতৰত হোমী জাহাংগীৰ ভাবা অন্যতম। আজি আমি সমগ্ৰ ভাৰতবাসীয়ে যি পৰমাণু শক্তিক লৈ গৌৰৱ কৰিছোঁ, তাৰ মূলতেই হ’ল ভাবা। ১৯০৯ চনৰ ৩০ অক্টোবৰত বোম্বাইত ভাবাই জন্ম গ্ৰহণ কৰে। তেওঁৰ দেউতাক জে এইচ ভাবা আছিল এগৰাকী ডাঙৰ শিল্পপতি। ভাবাই প্ৰাথমিক শিক্ষা লাভ কৰাৰ পিছত বোম্বাইস্থিত ৰয়েল ইনষ্টিটিউট অৱ চায়েন্সত নাম লগায়। তাৰ পিছত কেম্ব্ৰিজৰ ইঞ্জিনিয়াৰিং কলেজত নাম লগায় আৰু তাৰপৰা ১৯৩০ চনত ট্ৰাইপোচ পৰীক্ষাত উত্তীৰ্ণ হয়।
ভাবাই মাক-দেউতাকৰ তাগিদাত ইঞ্জিনিয়াৰিং পঢ়িলেও তেওঁৰ আকৰ্ষণ আছিল পদাৰ্থ বিজ্ঞানতহে। সেয়েহে তেওঁ কেম্ব্ৰিজৰ গণাভিলি আৰু কেয়াচ কলেজত পঢ়িবলৈ ল’লে। পদাৰ্থবিজ্ঞানৰ প্ৰাথমিক অধ্যয়ন শেষ কৰাৰ পিছত তেওঁ মহাজাগতিক ৰশ্মি (Cosmic rays) সম্পৰ্কে গৱেষণা কৰিবলৈ মন মেলিলে আৰু ৰোমত থকা ইনষ্টিটিউট অৱ ফিজিক্সত যোগদান কৰিলে। তাত কিছুদিন গৱেষণা কৰাৰ পিছত তেওঁ কোপেনহেগেনলৈ গ’ল আৰু তাত থকা ব’ৰ ইনষ্টিটিউটত কাম কৰিবলৈ ল’লে। তাতে ১৯৩৭ চনত অধ্যাপক হাইটলাৰৰ সহযোগত কাচকেদ থিয়ৰি অৱ কশ্মিক ৰে চাওয়াৰ্চ (Cascade theory of cosmic ray showers) নামেৰে এটি নতুন সূত্ৰ উদ্ভাৱন কৰিলে। ভাবাই এই সূত্ৰৰ যোগেদি কৈছিল যে মহাশূন্যৰপৰা বিভিন্ন ধৰণৰ মৌলিক কণিকা বিশেষকৈ তড়িৎযুক্ত কণিকাসমূহ বায়ুমণ্ডল ভেদি অহৰহ আমাৰ পৃথিৱীত পৰে। এই তড়িৎ কণিকাবোৰ অতি ক্ষুদ্ৰ তৰংগৰ আকাৰত আহি সূৰ্য্যৰ পোহৰৰ দৰে চিটিকি পৰে। এয়াই কশ্মিক ৰশ্মি। বহুত দীঘল পথ অতিক্ৰম কৰি আহোতে নিউট্ৰন, প্ৰ’টন আদি বিভিন্ন কণিকাৰ মাজত সংঘৰ্ষ হয় আৰু তাৰ ফলতেই এবিধ নতুন কণিকাৰ সৃষ্টি হয়। ভাবাই এই নতুন কণিকাবিধৰ নাম থ’লে মিৱ’ন। আমাৰ পৃথিৱীত যিমান কশ্মিক ৰশ্মি পৰে, তাৰ চাৰিভাগৰ তিনিভাগেই হ’ল এই মিৱ’ন কণিকা। গৱেষণাৰ কাৰণে ১৯৩৫ চনত ভাবাই আইজাক নিউটন বৃত্তি লাভ কৰিছিল। এনেদৰেই বিশ্বৰ এগৰাকী শ্ৰেষ্ঠ পাৰমাণৱিক পদাৰ্থবিদ হিচাপে তেওঁ প্ৰতিষ্ঠিত হ’ল। ১৯৪১ চনত তেওঁ ৰয়েল চছাইটিৰ সদস্য মনোনীত হয়।
১৯৩৯ চনত ভাবা ভাৰতলৈ ঘূৰি আহে। ১৯৪১ চনত তেওঁ বাংগালোৰস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ চায়েন্সত অধ্যাপক হিচাপে যোগদান কৰে। ভাবাৰ অশেষ কষ্টৰ ফলতে ১৯৪৫ চনত বোম্বাইৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্ছ নামৰ বিখ্যাত গৱেষণা কেন্দ্রটো গঢ় লৈ উঠে। ভাৰত স্বাধীন হোৱাৰ পিছত পৰমাণু আয়োগ গঠন কৰা হ’ল আৰু ভাবাক তাৰ অধ্যক্ষ নিয়োগ কৰা হ’ল। মৃত্যুৰ দিনলৈকে তেওঁ ইয়াৰ উন্নতিকল্পেই কাম কৰি গ’ল। ২৪ জানুৱাৰী ১৯৬৬ চনত এক বিমান দুৰ্ঘটনাত এই মহান বিজ্ঞানীজনে প্ৰাণ হেৰুৱাই, যিটো ভাৰতৰ তথা বিশ্বৰ পৰমাণু বিজ্ঞানৰ ক্ষেত্রখনলৈ এক অপূৰণীয় ক্ষতি হিচাপে চিহ্নিত হৈ ৰ’ল।
ছাত্ৰ-ছাত্ৰী সকল তোমালোকেও নিজৰ ভাল লগা বিষয়ত মনোযোগ দিবাহঁক দেই ৷ সদায় এটা কথা মনত ৰাখিবা যে চেষ্টাৰ অসাধ্য একো নাই ৷
তোমালোকৰ সকলোৰে উজ্জ্বল ভবিষ্যতৰ কামনা কৰিলোঁ৷
বহুতো মৰমেৰে
জয়শ্ৰী শইকীয়া বাইদেউ,
যোৰহাট





Comments