যুক্তৰাষ্ট্ৰত গ্ৰীষ্মবন্ধৰ সময়
- প্ৰণবেন্দ্ৰ শৰ্মা, চান হ'জে, কালিফোৰ্নিয়া
- Jul 9, 2024
- 2 min read
Updated: Sep 22, 2024

প্ৰণবেন্দ্ৰ শৰ্মা,
চান হ'জে, কালিফোৰ্নিয়া
জুন ২১, ২০২৪
" মোক দিয়া এধানি ৰ’দৰ কিৰণ,
দিয়া মোক এটুপি বৰষুণ।"
অকণিহঁত, তোমালোকে এই গীতটো শুনিছানে? নাই শুনা যদি ' থ্ৰী ইডিয়ট ' চিনেমাখন চাবা। ৰ’দৰ কিৰণ আৰু লগতে বৰষুণ, তাৰ মানে গ্ৰীষ্মকাল। পিছে আন এটা কাৰণতহে কথাষাৰ মনত ৰাখিবা। পিছলৈ আলোচনা কৰিম।
আজি ২১জুন। বছৰটোৰ দীঘল দিন। এইবছৰ যুক্তৰাষ্ট্ৰৰ পশ্চিম উপকূলত কালি, ২০ জুনৰ দুপৰীয়া ১:৫০ মিনিটত দীঘল দিনটোৰ আৰম্ভ হৈছে। আমি থকা চহৰখনত, চান হ'জেত (San Jose), এতিয়া দোকমোকালিৰ পৰা সন্ধিয়ালৈ প্ৰায় ষোল্ল ঘণ্টা পোহৰ থাকে। যিমানেই উত্তৰলৈ যাবা সিমানেই গ্ৰীষ্ম কালত দিন দীঘল হৈ গৈ থাকিব। আলাস্কা প্ৰদেশৰ সৰ্ববৃহৎ চহৰ এঙ্কৰেজত আজি প্ৰায় বিশ ঘণ্টা সূৰ্য্যৰ পোহৰ থাকিব। ভাবি চোৱাচোন দিন ইমান দীঘল হ'লে কিমান মজা ! বাহিৰত মনৰ আনন্দতে খেলাধূলা কৰি থাকিব পাৰিবা। অ’ ৰ’বা, খেলাধূলা কৰি থাকিবলৈ আকৌ পঢ়াশালিবোৰ বন্ধ থাকিব লাগিব নহয় ! পাহৰিছিলোঁৱেই, এয়াযে পঢ়াশালিবোৰৰ গৰম বন্ধৰ সময়। যুক্তৰাষ্ট্ৰত ঠাই ভেদে বিদ্যালয়বোৰৰ গৰমৰ বন্ধ জুন মাহৰ দ্বিতীয়ৰ পৰা তৃতীয় সপ্তাহত আৰম্ভ হয়। গৰমৰ বন্ধ আৰম্ভ হোৱাৰ লগে লগে সেই বছৰলৈ বিদ্যালয়ৰ পঢ়া-শুনা শেষ, ছাত্ৰ- ছাত্ৰীসকলে ওপৰৰ শ্ৰেণীলৈ উত্তীৰ্ণ হৈ আগষ্টৰ শেষত বা চেপ্তেম্বৰত আকৌ নতুন শ্ৰেণীৰ পাঠ আৰম্ভ কৰে। তাৰ মানে কি বুজিছাই নহয়, এই সূদীৰ্ঘ সময়খিনিত পঢ়া-শুনা নকৰি উপভোগ কৰাৰ সময় যাতে নতুন বছৰৰ আৰম্ভণিতে তেওঁলোক সতেজ হৈ পাঠ গ্ৰহণ কৰিবলৈ আহিব পাৰে। বহুতো পিতৃ-মাতৃ ৰৈ থাকে ল'ৰা-ছোৱালীবোৰৰ এই দীঘলীয়া গৰম বন্ধৰ বাবে। এইখিনি সময়তেই বহুতেই পৰিয়ালসহ দূৰ-দূৰণিলৈ বন্ধৰ সময়খিনি কটাবলৈ যায়। বহুতেই দীঘলীয়া পথভ্ৰমণ কৰে, ৰাষ্ট্ৰীয় উদ্যান বা ৰাজ্যিক উদ্যানবোৰত সপ্তাহজোৰা কেম্পিং কৰিবলৈ যায় আৰু বহুতেই সাগৰতীৰত সময় কটাবলৈ যায়। কিছুমানে আকৌ এইখিনি সময়তেই নানা খেলাধূলাৰ প্ৰশিক্ষণ লয়। মুঠতে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে গ্ৰীষ্ম বন্ধৰ এই সময়খিনি শাৰিৰীক আৰু মানসিক বিকাশৰ বাবে অতি মনোৰম সময়।
ল’ৰালি জীৱনলৈ এবাৰেই আহে, সেয়েহে সময় সুবিধা পালেই বাহিৰলৈ ওলাই প্ৰকৃতিক উপভোগ কৰিবলৈ নেপাহৰিবা।
###########
Comments