যাদুকৰী আঙুঠি
- ৰুমা হাজৰিকা, মুম্বাই
- Jan 7
- 3 min read

মৰমৰ অকণিহঁতলৈ বুলি,
মই তোমালোকৰ ‘ৰুমা বৰমা’ই ভাৰতৰ মহাৰাষ্ট্ৰ প্ৰদেশৰ এটি লোকপ্ৰিয় সাধুকথা ‘যাদুকৰী আঙুঠি’ আগবঢ়ালোঁ, আশা কৰোঁ তোমালোকে ভাল পাবা।
এবাৰ এজন বৰ দুখীয়া মানুহে খোৱাবস্তুৰ সন্ধানত এখন হাবিত ঘূৰি ফুৰিছিল।
তেনেতে হঠাৎ এটা বাঘে গাহৰি এটাক আক্ৰমণ কৰা দেখিলে আৰু লগেলগে মানুহটোৱে শক্তিশালী তথা হিংস্ৰ বাঘটোৰ পৰা সামান্য জন্তু গাহৰিটোক বচাবলৈ চেষ্টা কৰিলে আৰু অৱশেষত বাঘটো আঁতৰি গ’ল।
প্ৰাণ ৰক্ষা কৰাৰ বাবে গাহৰিটোৱে বিনম্ৰতাৰে মানুহজনক কৃতজ্ঞতা জনালে আৰু ক’লে, ‘মোৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে আপোনাৰ ওচৰত চিৰদিন ঋণী হৈ ৰ’লোঁ, অনুগ্ৰহ কৰি মোৰ গুহালৈ ব’লকচোন, আপোনাক কিবা এটা উপহাৰ দিব বিচাৰিছোঁ ।‘
গাহৰিৰ অনুৰোধ ৰক্ষা কৰি মানুহজন তাৰ পিছে পিছে গৈ সি বাস কৰা গুহাটো পালেগৈ।
ঘৰ পাই গাহৰিটোৱে মানুহজনক এটা আঙুঠি উপহাৰ দি ক’লে, ‘এই আঙুঠিটো আপোনাৰ ঘৰৰ চালত বান্ধি থ’বগৈ, তেতিয়া ই আপোনালোকলৈ সৌভাগ্য কঢ়িয়াই আনিব।‘
গাহৰিটোক আন্তৰিকতাৰে ধন্যবাদ জনাই মানুহজন ঘৰলৈ বুলি ৰাওনা হ’ল। ঘৰ পাই তেওঁ গাহৰিয়ে কোৱাৰ দৰে আঙুঠিটো ঘৰৰ চালত বন্ধি থ’লে।
নিশা হৈ অহাৰ লগে লগে মানুহজন সপৰিয়ালে যেতিয়া শুই পৰে, তেতিয়া লাহে লাহে ধনে-সোণে, খোৱাবস্তু, কাপোৰ-কানি, ঘৰচীয়া জীৱ-জন্তু আদিৰে গোটেই ঘৰটো ভৰি পৰিল। মুঠতে দুখীয়া মানুহজন ৰাতিৰ ভিতৰতে ধনী মানুহলৈ ৰূপান্তৰিত হৈ পৰে আৰু সুখেৰে জীৱন-যাপন কৰিবলৈ ধৰিলে।
দুখীয়া মানুহজন হঠাতে এনেদৰে ধনী হৈ পৰাত ওচৰ-চুবুৰীয়া মানুহবোৰে কথাটো মন কৰিবলৈ ধৰিলে আৰু তাৰে এজন চকুচৰহা মানুহে ইয়াৰ কাৰণ বিচাৰি লগেলগে অনুসন্ধান আৰম্ভ কৰিলে। অৱশেষত তেওঁ ঘৰৰ চালৰ পৰা ওলমাই ৰখা আঙুঠিটো পাই লৈ গুছি গ’ল।
আঙুঠিটো লৈ যোৱাৰ লগেলগে গোটেই ঘৰৰ বস্তু-বাহানিবোৰ নাইকীয়া হৈ পুনৰ মানুহঘৰ দুখীয়া হৈ পৰিল আৰু ঘৰচীয়া জীৱ-জন্তুবোৰো ভোকত চিঞৰিবলৈ আৰম্ভ কৰিলে। উপায়ন্তৰ হৈ সেই দুখীয়া মানুহজনৰ ঘৈনীয়েকে কান্দি কান্দি জীৱ-জন্তুবোৰ মুকলি কৰি দিলে যাতে সিহঁতে ক’ৰবাত খোৱাবস্তু বিচাৰি খাবগৈ পাৰে।
ঘৰখনৰ হঠাতে হোৱা এনে দুৰৱস্থা দেখি পোহনীয়া কুকুৰটোৱে একেলগে থকা মেকুৰীটোক চিন্তা য’তাই ক’লে, ‘এনে কি কাৰণ হ’ব পাৰে যে আমাৰ সৌভাগ্য আকৌ দুৰ্ভাগ্যলৈ পৰিবৰ্তিত হৈ গ’ল।‘
তেতিয়া মেকুৰীটোৱে চিন্তা কৰি ক’লে, ‘আচলতে আমাৰ গিৰিহঁতে এটা আঙুঠি ঘৰৰ চালত বান্ধি থৈছিল, কোনোবাই সেইটো চোৰ কৰি নিয়াৰ বাবে এনে হ’ল; মই ভাবোঁ আমি আঙুঠিটো বিচৰা উচিত হ’ব।‘
এইবুলি দুয়োটাই আঙুঠিটো বিচাৰি গিৰিহঁতৰ হাতত দিহে এৰিব বুলি মনতে শপত খাই ওলাই গ’ল।
ওচৰৰ দুখনমান গাওঁত বিচাৰি নাপাই মাজবাটতে কলকলাই বৈ যোৱা জুৰি এটা অতি কষ্টৰে পাৰহৈ আন এখন গাওঁ পাই সকলো ঠাইতে বিচাৰি ফুৰোতে হঠাতে সিহঁতে এটা ধনী মানুহৰ ঘৰ দেখা পাই ৰৈ গ’ল। দুয়ো কথাটো গমি চাই দেখে যে তেওঁলোক আগতে ইমান ধনী নাছিলে, তেওঁলোক হঠাতে হোৱা ধনীহে হ’ব। সিহঁতে দেখিলে মানুহঘৰৰ কাষতে থকা এন্দুৰ এহালৰ বৰ ধুমধামেৰে বিয়া পাতিছে। এই অসময়ত এন্দুৰৰ বিয়া পতা দেখি কুকুৰ আৰু মেকুৰটোৰ মনত বৰকৈ সন্দেহ হ’ল আৰু নিশ্চিত হ’ল যে এনেদৰে অসময়ত বিয়া পতাৰ নিশ্চয় কিবা কাৰণ আছে। তেনেতে মেকুৰীজনীৰ মনত এটা বুদ্ধি খেলালে, তাই থাপমাৰি দৰা এন্দুৰটোক ধৰি ভয় খোৱাবলৈ ধৰিলে। তাকে দেখি বাকী এন্দুৰবোৰে ভয়তে তাক এৰি দিবলৈ কাকূতি-মিনতি কৰি সেই ধনী মানুহ হোৱা চোৰটোৰ ঘৰৰ চালৰ পৰা আঙুঠিটো আনি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।
কথামতেই এন্দুৰটোৱে জাপমাৰি চালৰ ওপৰত উঠি বান্ধি থোৱা আঙুঠিটো চিঙি আনি মেকুৰীজনীৰ হাতত দিয়াত লগে লগে মেকুৰীয়ে দৰা এন্দুৰটোক এৰি দিয়ে আৰু লগৰ কুকুৰটোৰ হাতত আঙুঠিটো দি সিঁহতৰ গিৰিহঁতৰ ঘৰলৈ বুলি দুয়ো খোজ ল’লে। এন্দুৰ বিলাকেওঁ পুনৰ ৰং হৰষেৰে বিয়াৰ স্ফুৰ্তি কৰিবলৈ ল’লে।
ইফালে কুকুৰ আৰু মেকুৰীৰ ওভতাৰ পথত ধাৰাষাৰ বৰষুণ আৰম্ভ হ’ল। বাটতে পোৱা জুৰিটোৰ পানী ফেনে-ফুটুকাৰে বাঢ়ি আহি সোঁত ববলৈ আৰম্ভ কৰিলে। বেংবোৰে আনন্দত সিঁহতৰ চাৰিওপিনে জঁপিয়াই জঁপিয়াই চিঞৰিবলৈ ধৰিলে। সিহঁত দুয়োৱে মৰসাহ কৰি পানীত জঁপিয়াই সাঁতুৰি নাদোৰি কোনোমতে জুৰিটো পাৰ হওতে হঠাতে কুকুৰটোৰ মুখৰ পৰা আঙুঠিটো পানীত পৰি গ’ল।
ইতিমধ্যে বৰষুণ দিয়া বন্ধ হ’ল। পাৰ পাই কুকুৰ আৰু মেকুৰীয়ে জুৰিটোৰ গভীৰ পানীৰ পৰা কেনেকৈ আঙুঠিটো উদ্ধাৰ কৰিব পাৰি চিন্তা কৰিবলৈ ধৰিলে। তেনেতে সিহঁতে দেখিলে, বৰষুণৰ বতৰ পাই সেই জুৰিটোতে থকা ভেকুলীৰ বিয়া এখন পাতি সকলোৱে বৰ ৰং-ৰহইচ কৰি আছে। আকৌ আগৰ বাৰৰ দৰে এইবাৰো সিহঁতে বুদ্ধি কৰি দৰাটো থাপমাৰি ধৰি পেলালে। লগে লগে ভেকুলীবোৰৰ মাজত হুৱা-দুৱা লাগিল আৰু সেই আগৰ দৰেই দৰাক অপকাৰ নকৰিবলৈ ভেকুলীবোৰে কাকুতি-মিনতি কৰি, গভীৰ পানীৰ পৰা আঙুঠিটো বিচাৰি আনি দিব বুলি প্ৰতিজ্ঞা কৰিলে।
কথা মতেই কাম কৰি ভেকুলীয়ে পানীৰ তলৰ পৰা আঙঠি বিচাৰি আনি মেকুৰী-কুকুৰক দিয়েহি আৰু সিহঁতেও অলপো পলম নকৰি ভেকুলী দৰাক এৰি দিয়ে। ভেকুলীবোৰে পুনৰ বিয়াৰ আনন্দ উৎসৱ কৰাত লাগি যায়।
ইফালে হেৰুৱা আঙুঠি পুনৰোদ্ধাৰ কৰি দুয়ো একো বাধা-বিঘিনি নোহোৱাকৈ ঘৰ পাই ঘৰৰ চালৰ ওপৰত উঠি মেকুৰীটোৱে গৈ পুনৰ আঙুঠিটো বান্ধি দিয়ে আৰু এনেদৰে সিহঁতে অহোপুৰুষাৰ্থ কৰি গৃহস্থক আঙুঠিটো বিচাৰি আনি দিয়ে।
ঘৰৰ গিৰিহঁত-গিৰিহঁতনিয়েও পুনৰ ঘৰ এৰি ওলাই যোৱা মেকুৰী-কুকুৰক দেখি বৰ আনন্দ পালে। ঘৰখনৰ অৱস্থাও পুনৰ আগৰ দৰে ভাল হৈ উঠিল। সিহঁত পুনৰ ধনী হৈ পৰিল আৰু সুখ-শান্তিৰে বসবাস কৰিবলৈ ধৰিলে।
বি: দ্ৰ:
এইটো মহাৰাষ্ট্ৰ প্ৰদেশৰ বিভিন্ন জাতি-জনগোষ্ঠীৰে গঠিত বৃহৎ মাৰাঠা জাতিৰ মাজৰ ৱাৰ্লি (Warli) জনজাতিৰ সাধুকথা। তেওঁলোকে জগতৰ সকলো জীৱ-জন্তুৰ লগতে প্ৰকৃতিক সুৰক্ষা দিয়াতো জীৱশ্ৰেষ্ঠ মানৱৰ নৈতিক কৰ্তব্য হ’ব লাগে বুলি ভাৱে, তেতিয়াহে এই পৃথিৱীত আমি সুখে সন্তোষে বৰ্তি থাকিব পাৰিম।
আমি মানুহ জাতি আৰু অন্যান্য জীৱ-জন্তু তথা প্ৰকৃতি…. এই সকলোবোৰ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰিহে জীয়াই থাকোঁ, গতিকে আমি সকলোৰে মঙ্গল চিন্তা কৰিব লাগিব। এই মহৎ কথাষাৰ উপৰোক্ত সাধুকথাটিৰ দ্বাৰা সংবাদ দিয়া হৈছে।
ধনবাদ সহকাৰে
শ্ৰীমতী ৰুমা হাজৰিকা
মুম্বাই
'আলিদোমোজা' গল্পটি বৰ ভাল লাগিল। আপোনাক আন্তৰিক অভিনন্দন জনালোঁ।