লিমাৰিকৰ বৈশিষ্ট্য
- মীনাক্ষি গগৈ কোঁৱৰ বকুলনী, দুলিয়াজান
- Jan 8
- 3 min read

মীনাক্ষি গগৈ কোঁৱৰ, বকুলনী, দুলিয়াজান
সাহিত্যৰ বিভিন্ন ৰসৰ মাজত ‘হাস্য’ আৰু ‘ব্যঙ্গ’ ৰস অন্যতম ৰস। এই দুয়োবিধ ৰসে পাঠকক সাহিত্য চৰ্চালৈ অনুপ্ৰাণিত কৰাত বিশেষ অৰিহণা যোগায়। তথাপি সাহিত্য জগতত এনে ৰস চৰ্চা কৰা সাহিত্যিক বাকী সাহিত্যিকৰ তুলনাত বহুত কম বুলিয়েই কব পাৰি।
‘হাস্য আৰু ব্যঙ্গ’ সাহিত্যৰ ভিতৰত লিমাৰিকে এক বিশেষ স্থান অধিকাৰ কৰিছে। লিমাৰিক হৈছে পাঁচশাৰীত আবদ্ধ ছন্দোবদ্ধ চুটি কবিতা। লিমাৰিকৰ মাজৰে সমাজৰ হাস্য আৰু ব্যঙ্গ চিত্ৰ এখন ডাঙি ধৰা হয়।
লিমাৰিক এটা নিৰ্দিষ্ট নিয়মৰ মাজত লিখা হয়। প্ৰথম, দ্বিতীয় আৰু পঞ্চম শাৰীত চৈধ্যটা আখৰ তৃতীয় আৰু চতুৰ্থ শাৰীৰ আঠটা আখৰ থকাটো বাঞ্চনীয়। কিন্তু ছন্দ মিলাবলৈ যাওঁতে দুই এটা আখৰৰ হীন-দেৰি হোৱা দেখা যায়।
লিখোঁ বুলিলেই লিমাৰিক লিখিব নোৱাৰি। মনৰ পৰা স্বতঃস্ফুতভাবে লিমাৰিক ওলাই আহিলেহে মোৰ বাবে লিমাৰিক লিখাটো সম্ভৱ। জোৰ কৰি লিখিবলৈ গ’লে ছন্দ পতন ঘটাটো স্বাভাৱিক।
লিমাৰিক ক-ক-খ-খ আৰু ক ছন্দেৰে লিখা হয় অৰ্থাৎ প্ৰথম, দ্বিতীয় আৰু পঞ্চম শাৰীৰ ছন্দ মিলিব লাগিব আৰু তৃতীয় আৰু চতুৰ্থ শাৰীৰ ছন্দ মিলাই এখন হাস্য আৰু ব্যঙ্গ চিত্ৰ ডাঙি ধৰিব লাগিব। এই বিশেষ শৈলী মানি লিখিব লাগে বাবে কবিতা লিখা মানুহতকৈ লিমাৰিক লিখা মানুহ বহুত কম।
লিমাৰিকক বঙালীত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে নাম দিছিল ‘খাপচাৰা’ বুলি। অসমীয়াত কবি হীৰেণ ভট্টাচাৰ্যদেৱে নাম দিছিল ‘পদ-ধেমালি’ বুলি। ‘পঞ্চপদী’ শব্দটোও লিমাৰিকৰ প্ৰতিশব্দ হিচাপে কোনো কোনোৱে ব্যৱহাৰ কৰা দেখা যায়। আনহাতে বহুতে লিমাৰিকক ‘আপদীয়া পদ্য’, ‘ধেমেলীয়া পদ্য’, ‘উপপদ্য’ আদি নামেৰেও নামাংকৃত কৰা দেখা যায়।
লিমাৰিকসমূহ পঢ়িলে এনে ভাৱ হয় যে, যদি এই কথাটো গল্পৰ আকাৰত লিখা যায় তেনেহলে কেইবাটাও পৃষ্ঠা আৱৰি লব। সেয়েহে কম শব্দৰে বেছি কথা বুজাব পৰা বাবেই লিমাৰিকে সাহিত্যৰ এটি বিশেষ ঠাই অধিকাৰ কৰি ল’ব পাৰিছে ।
তলত মোৰ লিমাৰিক পুথি ‘লিমাৰ লিমাৰিক’ৰ পৰা কেইটিমান লিমাৰিক তুলি দিলোঁ। ইয়াত সমাজৰ বিভিন্ন বিষয়, হাস্য আৰু ব্যংগ ৰসৰ জৰিয়তে লিমাৰিকৰ পাঁচশাৰীত ভিতৰত আবদ্ধ কৰিব বিচাৰা হৈছে।
(1)
সমাজ হিতৈষী বৰ ইদ্ৰিয়াছ আলি
দান দক্ষিণাতে তেওঁৰ পকেট খালি
মন্দিৰৰ প্ৰাঙ্গণত
চাফাই অভিযানত
পূজাৰীয়ে দিছিল তেওঁক গোৱাল গালি।
(2)
পূজাৰী বাবু এদিন চেঞ্চলেচ হ'ল
ততালিকে তেজৰ প্ৰয়োজন হ'ল
আলি আহিল আগবাঢ়ি
তেজ দিলে হাঁহি হাঁহি
তেজৰ ৰং মিলি গ'ল, পূজাৰীও ভাল হ'ল।
*** উৎসৱ পাৰ্বন লৈ লিখা লিমাৰিক ....
(1)
তয়ে দিলি আলি আয়ে লিগাঙৰ খবৰ
উজুটিয়াই আহিলো বাটৰ জাবৰ
আপঙৰ ৰাগি লাগি
সমুখতে তোক দেখি
পাহৰিলোঁ ক’ব খোজা মনৰ খবৰ ।
(2)
তোকে চাই কটাম আজি লিগাঙৰ ৰাতি
শুকাব নিদিবি মোৰ আপঙৰ বাতি
ঐনিতমৰ সুৰে সুৰে
গুমৰাগৰ তালে তালে
বুকুয়েদি বৈছে মোৰ পিৰীতিৰ নদী ।
*** শিৱৰাত্ৰি উপলক্ষে লিখা লিমাৰিক….
(1)
কৈলাসত থাকোঁ মই জঁটাধাৰী শিৱ
নালাগে বেছি একো বেলপাতেই হ'ব
পুৱাতেই দিবি জল
তেহে পাবি ফল
বিশুদ্ধ গাখীৰেৰে নালাগে মোক ধুব ।
(2)
শাওণ মাহত শিৱৰ বৰ ভয় লাগে
ভক্তৰ চিঞৰে কাণ ফালো যেন কৰে
মিছাতেই কৰে কষ্ট
নাম ল’লেই হ’ম তুষ্ট
বৰফৰ মাজতো মোক খেদি খেদি আহে।
(3)
ভোলে বাবা ভোলে বাবা কৰে ভক্তই
কৈলাশৰ পৰাই দেখা পায় শিৱই
অসহায় ট্ৰেফিক সেৱা
ঠায়ে ঠায়ে ঠেলা হেঁচা
ডম্বৰু বজাই নাচে জীৱশ্ৰেষ্ঠই....।
*** শাহু আৰু বোৱাৰীৰ দৈনন্দিন জীৱনলৈ লিখা লিমাৰিক....
(1)
এনেয়েহে কওঁ মই শাহু বৰ ভাল
যেনেকৈহে গৈ আছে মোৰ দিনকাল
উখোৰা মোখোৰা কথা
প্ৰতিটো কথাতে লেঠা
লোকৰ আগত কোৱাতকৈ নোকোৱাই ভাল।
(2)
আধুনিকা বোৱাৰীৰ আছে বহু গুণ
নিপিন্ধে ডিঙিত তাই এগালমান সোন
কলেজৰ ক্লাচ কৰি
পাকঘৰৰ আল ধৰি
শুনি যায় শাহুৰ মুখত ননন্দীৰ গুণ।
(3)
শহুৰৰ পুতেকৰ বিলাই বিপত্তি
দুয়োজনীয়ে দি যায় ওজৰ আপত্তি
ভাৰা ঘৰকে ল’লে
পত্নীয়ে ভালেই পালে
বেলেগে থাকি কৰিলে বিবাদ নিষ্পত্তি।
যদিও হাস্য আৰু ব্যঙ্গ ৰসেই লিমাৰিকৰ মূল আধাৰ, তথাপিও প্ৰত্যেকটো লিমাৰিকৰ মাজৰে এটি যোগাত্মক বাৰ্তা পাঠকৰ মাজলৈ এৰি দিবলৈ যত্ন কৰা হয়। সাহিত্যৰ মাজত সদায়েই যোগাত্মক বাৰ্তা প্ৰত্যেকজন পাঠকেই বিচাৰে।
############
Comments