ল'ৰালিৰ আদিপাঠ
- মিনু ডেকা, লতকটা, সীমান্তপুৰ, বশিষ্ঠ গুৱাহাটী

- Sep 14, 2024
- 3 min read
Updated: Sep 22, 2024

মিনু ডেকা, লতকটা,
সীমান্তপুৰ, বশিষ্ঠ, গুৱাহাটী-২৯
গৰমৰ বন্ধ খোলাৰ দিনাই সংগীতৰ শিক্ষয়িত্ৰী মালা বাইদেৱে ৰাহুলহঁতৰ শ্ৰেণী কোঠাত সোমাই গৰমৰ বন্ধত কোনে কি কৰিলে এফালৰ পৰা খতিয়ান ল’লে৷
কোনোবা জন যদি শ্বিলঙলৈ গৈছিল, কোনোবা জন চিকিম গেংটকত ফুৰিবলৈ গৈছিল; কোনোবাজনে আকৌ ঘৰতেই মোবাইলত গেইম খেলি সময় অতিবাহিত কৰাৰ কথা ক’লে ৷ মালা বাইদেৱে এইবাৰ ৰাহুলক সুধিলে, “কোৱাচোন ৰাহুল গৰমৰ বন্ধত এইবাৰ তুমি কি কি কৰিলা?”
ৰাহুলে ক’লে, “পেহীহঁতৰ গাঁৱলৈ গৈছিলোঁ বাইদেউ।"
"তালৈ গৈ তুমিনো কি কৰিলা, আমাকো শুনোৱাছোন" বুলি কৈ মালা বাইদেৱে শ্ৰেণী কোঠাত থকা ল’ৰাছোৱালী বিলাকক সুধিলে, "তোমালোকে বাৰু ৰাহুলে পেহীয়েকৰ ঘৰত কি কি কৰিলে শুনিবলৈ ইচ্ছুক নে?"
ছাত্ৰ-ছাত্ৰীসকলে সমস্বৰে চিঞৰি উঠিল, “আমি শুনিম বাইদেউ।”
তাকে শুনি ৰাহুলে ক’বলৈ আৰম্ভ কৰিলে, "গৰমৰ বন্ধৰ পিছদিনাখনেই দেউতাৰ লগত পেহীহঁতৰ গাঁৱলৈ গৈছিলোঁ ৷ তেখেতসকলৰ ঘৰ পোৱালৈকে এন্ধাৰেই হৈছিল৷ গাড়ীৰ পৰা নামি একেকোবেই পেহীৰ ওচৰ পালোঁগৈ৷ পেহীয়ে আমাক দেখিয়েই আনন্দতে কি কৰো কি নকৰোকৈ মোক হেঁপাহতে ডাঙি ল’লেহি। দেউতায়ো পেহীক আঁকোৱালি ল'লে।
আমাৰ কুশল বাৰ্তা আৰু মাহঁতৰ খবৰ-বাতৰি লৈ পেহীয়ে আমাক ভিতৰলৈ লৈ গৈ হাতমুখ ধুবলৈ দি চাহ-জলপান খাবলৈ দিলে৷ খোৱা মেজত বতৰৰ কেইবাবিধো ফল-মূল, নানা ৰকমৰ পিঠা-পনা, পায়স আদি সুস্বাদু বস্তুবোৰ দেখি মনতে ভাবিলো…... পেহীয়ে চাগৈ আটাইবোৰ সজাই আমালৈ অপেক্ষা কৰিয়েই আছিল৷
সকলোৱে একেলগে চাহ-জলপান খাই পেহীৰ ল’ৰা-ছোৱালীহালৰ সৈতে চোতালতে ঢাৰি পাৰি বহিলোঁ৷ জোনাক ৰাতি মুকলি আকাশৰ তলত বহি আমি সকলোৱে নানা ধৰণৰ কথাবতৰা পাতি থাকোঁতেই পেহাই আমাক ক’লে, “তোমালোকে কালিলৈ ৰাতিপুৱা সোনকালে উঠি মোৰ লগত ওলাবা৷ এতিয়া ভাত খাই শুই থাকা৷”
দেউতা পিছদিনা দোকমোকালিতে ঘৰলৈ উভতি গ'লগৈ।
পিছদিনাখন পুৱাতে পেহীহঁতৰ ল’ৰা-ছোৱালী সুমন, বাব্লী আৰু পেহাৰ লগত ফিচাৰীলৈ গ’লোঁ৷ তেখেতসকলৰ ঘৰৰ পৰা ফিচাৰী কিছু আঁতৰত যদিও আমি খোজকাঢ়িয়ে তালৈ গ’লোঁ। ফিচাৰীৰ লগতে চৌপাশৰ পৰিৱেশ দেখি মই আচৰিত হৈ গ’লো৷ ফিচাৰীৰ চাৰিওদিশে পেহাই বতৰৰ সকলো ফলমূল, পাচলি লগাইছে বুলি সুমন আৰু বাব্লীয়ে কৈছিল যদিও আম, জাম, মধুৰিআম, লেটেকু, কঁঠাল আদি গছবোৰত ডাল ভৰি এনেকৈ মোক খা মোক খাকৈ লাগি থাকিব বুলি ভাবিব পৰা নাছিলোঁ। মোৰ অৱস্থা দেখি সুমনে ক’লে, “কি হ’ল তধা লাগিলি যে!”
"তাকেই তহঁতৰ ইমান যে ভাল, খাবলৈ মন গ’লেই নিজৰ ঘৰতে হোৱা ফলমূল, পাচলি খাবলৈ পাৱ৷ আমি আকৌ অতিৰিক্ত ঔষধ দিয়া বস্তুবোৰহে খাব লাগে সদায়!"
মোৰ কথা শুনি সিহঁত দুয়োটাই ক’লে, "ইচ্ছা কৰিলে তহঁতেও নিজৰ খোৱাৰ বাবে কিছুমান পাচলি লগাব পাৰ দেখোন।"
সিহঁতৰ কথা শুনি মই আচৰিত হৈ সুধিলোঁ, “আমি আকৌ কেনেকৈ লগাম, আমাৰচোন খালী মাটি নায়েই।”
"আজিকালি মাছ জীয়োৱা থাৰ্মোকলৰ কাৰ্টুনত মাটি ভৰাই ভেন্দি, লেচেৰামাহ, জিকা, বেঙেনাৰ গুটি ৰোপণ কৰিলেই হ’ল৷ তেনেকৈ চহৰৰ বহুত মানুহেই ঘৰৰ চাদৰ ওপৰত খেতি কৰে বুলি দেউতাই আমাক কয় দেখোন। ভাতকেৰেলা আৰু পটলৰ আকৌ আলু ৰুলেহে হয় দেই ৷ দেউতাক কৈ তই যাওঁতে আলু কেটামান লৈ যাবি" বুলি কৈ সুমনে মোৰ মুখলৈ চালে ৷
মই ক’লোঁ, “ইমান সহজতে হয় বুলি মই জনাই নাছিলোঁ ৷”
মোৰ কথা শুনি বাব্লীয়ে ক’লে, “ইমান সহজ নহয় যদিও বৰ টান কামো নহয় বুজিছ ৰাহুল৷ গছৰ গুটি পুতি থোৱাৰ পিছত গজালি ওলোৱালৈকে নিৰীক্ষণ কৰি তাৰ যতন লোৱাটো জৰুৰী। আমিও দেউতাৰ সৈতে বন্ধবাৰত সদায় ইয়ালৈ আহি গছপুলিবোৰক মৰম-আপডাল কৰোঁ। তেহে সিহঁতে লহপহকৈ বাঢ়ি আহে" বুলি সুমনে কোৱাত মোৰ মনত আন এটা কথা উদয় হোৱাত তাক সুধিলোঁ,
"গছবোৰ ভাল হ’বলৈ সাৰ দিব নালাগিব জানো? তহঁতে গৰুৰ গোবৰহে দিয় চাগে! আমিতো বজাৰত বেচা সাৰেই দিব লাগিব।"
তাকে শুনি বাব্লীয়ে ক’লে, "তাৰো উপায় আছে, তহঁতে খোৱা পাচলিৰ বাকলি, জাবৰ-জোঁথৰবোৰ এঠাইত জমা কৰি থৈ সেইবোৰে সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিবি ৷ আমাৰ দেউতাই কিছুমান গছত মিঠাতেল পেৰাৰ পিছত ওলোৱা খলিহৈ, আগদিনা ৰাতিপুৱাই তিয়াই থৈ পিছদিনা গছৰ গুৰিত অলপ অলপকৈ দিয়ে আৰু গছবোৰ লাহে লাহে লহপহকৈ বাঢ়ি আহে৷ তই এই সকলোবোৰৰ বাবে দেউতাৰ পৰাও দিহা-পৰামৰ্শ ল’ব পাৰ ৷"
এনেদৰে কথাবতৰা পাতি মাছক খোৱা খাদ্য দি, সিহঁতৰ নাচোন চাই ,ফলমূল শাকপাচলি গোটাই লৈ আমি ঘৰমুৱা হ’লোঁ।
আৰু কেইদিনমান গাঁৱত ৰংমনে কটাই পেহাৰ লগত ওভতনি যাত্ৰাত সুমন-বাব্লীৰ লগত কটোৱা মুকলিমূৰীয়া দিনবোৰ সুঁৱৰি সোনকালেই ঘৰ আহি পোৱা যেন লাগিল।
মালা বাইদেৱে ৰাহুলক বহিবলৈ কৈ সুধিলে, “তুমি বাৰু সুমন আৰু বাব্লীৰ কথাবোৰ শুনিয়েই আহিলা নে হাতে-কামে কিবা কৰিলাহি ৰাহুল?”
ৰাহুলে উত্তৰ দিলে, “কৰিলোঁ বাইদেউ ৷ পেহা, দেউতা আৰু মাৰ সহযোগত চাদৰ ওপৰত ফুলৰ লগতে ধুনীয়া পাচলিৰ বাগিচা এখন আমিও পাতিছোঁ ৷ পেহাই কৰা সহযোগ আমি সদায় মনত ৰাখিম বাইদেউ।”
ৰাহুলৰ কথাবোৰ সকলোৱে মনযোগেৰে শুনি থকা দেখি মালা বাইদেৱে ক’লে, “ৰাহুলৰ কথাবোৰ তোমালোকে নিশ্চয় ভাল পালা, তোমালোকেও তোমালোকৰ ঘৰত শাকনিবাৰী, ফুলনিবাৰী পাতি কামত লাগিবা দেই।”
“বৰ ভাল লাগিল বাইদেউ, বহুত কথা শিকিলোঁ। আমিও চেষ্টা কৰিম বাইদেউ” বুলি আটায়ে সমস্বৰে ক'লে।
মালা বাইদেৱে সকলোকে ৰাহুলৰ বাবে হাতচাপৰি বজাবলৈ ক’লে আৰু পিছৰ ক্লাছত কোনে কি ক’ম বুলি ভাবি আছে সাজু হৈ থাকিবলৈ ক'লে ৷
এনেদৰেই মালা বাইদেৱে কণমানিহঁতক নাচ-গানত পাকৈত হোৱাৰ লগতে মনৰ কথা কোৱাৰ আচিলাৰে এগৰাকী সুবক্তা হোৱাৰ আদিপাঠ পঢ়ায় ৷
@@@@@@@@@@@





Comments