ল'ৰালিৰ এক অপ্ৰকাশ্য স্মৃতি
- চিন্ময়ী বৰুৱা, অষ্টিন, আমেৰিকা যুক্তৰাষ্ট্ৰ
- Jan 7
- 3 min read

চিন্ময়ী বৰুৱা, অষ্টিন, আমেৰিকা যুক্তৰাষ্ট্ৰ
দিনবোৰ আছিল অস্থিৰ, এই কিবা এটা ভাল লাগে, হঠাতে কিবা এটা বেয়া লাগে! এই খঙত চকু ৰঙা পৰে, নিমিষতে কান্দোনত ভাগে হৃদয়, আকৌ পিছ মুহূৰ্ততে নাচি উঠে মন। সেই দিনবোৰ আছিল অজানিতে নতুন পৃথিৱীত খোজ দিয়াৰ আমাৰ কৈশোৰৰ অদ্ভুত শিহৰণৰ।
আমাৰ স্কুললৈ আহিছিল যোৰহাটৰ পৰা এজন নতুন চকীদাৰ। তেতিয়াৰ গাঁৱৰ নগণ্য যাতায়ত ব্যৱস্থাৰ দিনত মোৰ বাবে যোৰহাট আছিল সহজে ঢুকি নোপোৱা দূৰত। চকীদাৰজনৰ নাম আছিল প্ৰমোদ। চিৰাচৰিত নিয়মত আমি ছাত্ৰ-ছাত্ৰীসকলে মাতিছিলো ‘প্ৰমোদ দাই’ (খুৰা) বুলি। সদায়েই হাঁহিমুখীয়া, অতি সাধাৰণ, অমায়িক আছিল প্ৰমোদ দাই।
ইমান দূৰৰ পৰা মানুহ এজন স্কুলত কাম কৰিবলৈ অহাটো আমাৰ সৰু ঠাইখনৰ বাবে নতুন ঘটনা আছিল। প্ৰমোদ দাইলৈ স্বভাৱগত কৌতূহল এটাও আছিল। প্ৰমোদ দাইৰ শালমইনা ভৰা মুখখনলৈ বাৰে বাৰে চাই ভাবিছিলোঁ; তেওঁ আমাৰ স্কুলখন ভাল কাৰণে ইয়ালৈ আহিল নে যোৰহাটৰ পৰা আঁতৰি আহিবলৈ ইয়ালৈ আহিল, নে কাৰোবাৰ চিনাকীৰ আলমত আহিল, কিহৰ তাড়নাত পৰিয়াল এৰি ইমান দূৰলৈ আহিল! মোৰ অন্তৰ্মুখী স্বভাৱে এইবোৰ প্ৰশ্ন কাৰোবাক সোধাৰ পৰা বিৰত ৰাখিছিল। দেউতা স্কুল পৰিচালনা সমিতিৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল, হয়তো সোধা হ'লে নিমিষতে উত্তৰবোৰ পালোঁহেঁতেন। কিন্তু সোধা নাছিলোঁ; আচলতে আজিলৈকে সোধা নহ'লেই। নাভাবোঁ দেউতাৰ স্মৃতিত আজি প্ৰমোদ দাই আছে বুলি। প্ৰশ্নবোৰ মোৰ একান্ত নিজা মনৰ কুঠৰীতে হেন্দোলনি তুলি থাকি গ'ল আন বহুতো কথাৰ দৰে।
প্ৰমোদ দাই মাজেমাজে আমাৰ শ্ৰেণীবোৰ শাসন কৰিবলৈকো আহে, এই ধৰক শিক্ষক অহা ৫ মিনিট পলম হৈছে আৰু আমি উৰাই দিওঁ যেন কৰিছোঁ স্কুলৰ টিনপাত। প্ৰমোদ দাই আহি এটা ধমক দি থৈ যায়। নিজকে তেতিয়া ডাঙৰ হ'লো বুলি ভবা আমিবোৰৰ খং উঠে, ইহ্! চকীদাৰহে তেওঁ, শিক্ষকতো নহয়, কিহৰ ইমান শাসন দেখুৱাবলে আহে!
আমি আছিলোঁ চাৰিজনী বান্ধৱী। তেতিয়া নিজকে নলে-গলে ল’গা বুলিয়েই ভাবিছিলোঁ। কিবা কাৰণত আমাৰ কেইজনীৰ মাজত কাজিয়া হৈছিল, মাত বোল বন্ধ হোৱাৰ তিনি দিনমান হ'ল। আজি কোনোপধ্যেই মনত পেলাব নোৱাৰোঁ কাৰণটো কি আছিল, এয়া নিশ্চিত যে তেতিয়া গুৰুতৰ যেন লগা তেনেই নগণ্য কিবা কাৰণ হ'ব।
প্ৰমোদ দাইয়ে লক্ষ্য কৰি আছিল আমাক। সাধাৰণতে একেলগে ক্লাচৰ বাহিৰলৈ যোৱা চাৰিজনীয়ে এজনীক এৰি গৈছিলোঁ। সদায় একেলগে বহি টিফিন খোৱা চাৰিজনীৰ বেঞ্চত তিনিজনী বহি টিফিন খাইছিলোঁ, এজনী সেইকেইদিন বহিছিল আনবোৰৰ লগত। সদায় একেলগে স্কুললৈ যোৱা দুজনীয়ে এজনী এজনীকৈ অকলে গৈ ওলাইছিলোঁ স্কুল। কৈশোৰৰ জেদী মন, কোনোজনীয়ে সেও নহয়, কোনেও আগবঢ়াই নিদিয়ে ভগা দলং বন্ধাৰ প্ৰথম খোজ। আমি অতি টেঙৰামিৰে কথাটো লুকুৱাই ৰাখিছোঁ বুলিয়েই ভাবিছিলোঁ, অপৈণত মনেৰে বুজা নাছিলোঁ কেনে দৃষ্টিকটূ হৈছিল সেই পৰিৱেশ।
এদিন স্কুল ছুটী হোৱাৰ লগেলগেই প্ৰমোদ দাই আহিল ক্লাচলৈ। সকলো ওলাই যোৱাৰ সময়ত আমাক ৰ'বলৈ ক'লে অলপ সময়। কৌতূহল আছিল, অশ্ৰদ্ধা কেতিয়াও নাছিল, ৰ'লো। আমাক বহুৱালে এখন বেঞ্চত। ক'লে, ‘মই দেখি আছোঁ তোমালোকে কি কৰি আছা। সৰু সৰু কথাত এইবোৰ কৰে নেকি? তোমালোকৰ নিচিনা ভাল ছোৱালীকেইজনীয়ে এনেকুৱা কৰাটো ভাল নেদেখে। এতিয়াই এজনীয়ে ইজনীৰ লগত হাত মিলোৱা।‘ মুহূৰ্ততে মুখবোৰত ভাঁহি উঠিছিল বিভিন্ন ভাৱৰ সমাহাৰ; আশ্চৰ্য, খং, অনুশোচনা আৰু সকাহ। আত্মসন্মানৰ বীজ সৰুতেই ৰোপণ কৰা মোৰ মনটো লাজত কোঁচ খাই আহিছিল প্ৰমোদ দাইৰ আগত। কিন্তু তেওঁ দেখুওৱা নাছিল কোনো বিদ্বেষৰ আভাস। দেখা পাইছিলোঁ মৰমৰ আশ্ৰয়ভৰা চাৱনি, যেন আশাৰে মাথোঁ ৰৈ চাই আছে আমাৰ হাঁহি ভৰা মুখবোৰ চাবলৈ। খহি পৰিছিল পাহাৰ যেন লাগি থকা জেদৰ দেৱাল। মনৰ সকাহ মুখত ধৰা পৰিবলৈ নিদিয়াকৈ হাত মিলাই মনেমনে ওলাই আহিছিলোঁ আটাইকেইজনী। স্কুলৰ গে'ট পাৰ হৈ ৰাস্তাত ভৰি দিওঁতে সেইদিনা চাৰিজনীৰ খোজত খোজ মিলাই সমানে চলিছিল। কিছু সময়ৰ পাছতে মৌনতা ভাঙি ওলাই আহিছিল আমাৰ চিৰাচৰিত হাঁহিৰ খিলখিলনি।
মই প্ৰায়েই স্কুল ছুটীৰ পাছত ৰ'ব লগা হয়, দেউতা আহে নিবলৈ; কেতিয়াবা দাদা, কেতিয়াবা খুড়া। সেইদিনাও ৰৈ আছিলোঁ অকলে। প্ৰমোদ দাইৰ কাম তেতিয়াও বাকী আছিল; বাহিৰত থকা বস্তু সামৰি ভিতৰত থোৱা, ৰূমবোৰত তলা লগোৱা ইত্যাদি। সেইদিনা কিন্তু দেখা নাছিলোঁ তেওঁৰ মাজত কামৰ তৎপৰতা। অৱসভাৱেৰে বাৰাণ্ডাতে বহি আছিল চকী এখনত। তথাপি মোক দেখি ওচৰলৈ মাতি দেউতা আহিব নে নাই খবৰ ল'লে। আৰু কিবা কিবি সুধিছিল, এতিয়া মনত পেলাব পৰা নাই। অলপ সময়ৰ পাছত মোৰ হাতত ধৰাই দিছিল চাৰ্টৰ জেপত আধা ওলাই থকা চিঠিখন। মই আছিলোঁ বিস্কুট বান্ধি অনা বাতৰি কাকতখনো এটা আখৰ বাদ নপৰাকৈ পঢ়ি পেলোৱা মানুহ। হাতত চিঠি এখন পাই পঢ়ি পেলাইছিলোঁ মুহূৰ্ততে। মোৰ পঢ়ি শেষ হয় মানে প্ৰমোদ দাইৰ চকুৰ কোণেৰে দুটোপাল চকুলো বিৰিঙি উঠা দেখিছিলোঁ, মই সৰু মনটোৰে তেওঁক কি ক'ব লাগিব জনা নাছিলোঁ। দেউতা আহি পাইছিল, গুছি আহিছিলোঁ স্কুটাৰত উঠিবলৈ নিঃশব্দে।
প্ৰায় এসপ্তাহমানৰ পাছত প্ৰমোদ দাই ছুটী লৈ ঘৰলৈ গ'ল। সাময়িকভাৱে তেওঁৰ ঠাইত আন এজনক দায়িত্ব দিলে, তেওঁ স্কুলৰ ওচৰৰে মানুহ। সময় বাগৰি মাহ-বছৰ বাগৰি গ'ল, প্ৰমোদ দাই ঘূৰি নাহিল। প্ৰশ্নৰ চাকনৈয়া আছিল মনত যদিও সোধা নাছিলোঁ কাকো। লাহে লাহে সকলো অভ্যস্ত হৈ গ'ল তেওঁৰ অনুপস্থিতিৰ সৈতে। আমাৰ স্মৃতিৰ পাতবোৰ নতুন মানুহেৰে ভৰি পৰিল, মোহাৰ খাই গ'ল প্ৰমোদ দাই নামৰ আখৰবোৰ। সকলো একেই চলি থাকিল, মাথোঁ মোৰ বুকুৰ কোনোবাখিনিত থাকি গ'ল সেই বিষাদ সনা চকুহাল আৰু সেই চিঠিৰ কিয়াদংশ; …..’ ভাইটি, দেউতাৰ ভৰি দুখন গৰুৰ ঠেঙৰ দৰে হৈ যাব ধৰিছে। সোনকালে চিকিৎসা কৰিব নোৱাৰিলে হয়তো বচাব নোৱাৰিম। ঘৰটোও জহি খহি গৈছে। তই সোনকালে আহিবি বুলি আশা ৰাখিলোঁ।‘
প্ৰমোদ দাই এতিয়া ক'ত বা কি পৰিৱেশত আছে, জীৱিত নে মৃত সেয়ায়ো নাজানোঁ। বুকুৰ একোণত ৰৈ যোৱা প্ৰমোদ দাইৰ সোঁৱৰণীয়ে মোক আজিও কন্দুৱায়।
&&&&&&&&&&&&&&
Comments