top of page
  • Black Facebook Icon
  • Black Instagram Icon

শিক্ষাগুৰু

  • Writer: ইন্দু বৰুৱা, গুৱাহাটী
    ইন্দু বৰুৱা, গুৱাহাটী
  • Sep 14, 2024
  • 1 min read

Updated: Oct 3, 2024

ree











ইন্দু বৰুৱা

গুৱাহাটী


যি দিলে জ্ঞান মোক

জীৱন বাটৰ

তেওঁ মোৰ শিক্ষাগুৰু

অমিয়া মাতৰ।

 

আঙুলিত ধৰি মোক

শিকালে আখৰ

দেখুৱালে বিনন্দীয়া

বাট পোহৰৰ।

 

অংক, বিজ্ঞান জানে

জানে দেশ-বিদেশ

জ্ঞানৰ ভঁৰাল তেওঁ

গুণৰ নাই শেষ।

 

সকলো বিলাই দিয়ে

প্ৰসাদৰ দৰে

হাত পাতি ল'লে তেওঁ

সুখী হৈ পৰে।

 

মানৱতাৰ পাঠ দিয়ে

যি গুণ মহান

সঁচা-মিছা, ভাল-বেয়াৰ

দিয়ে তেওঁ জ্ঞান।

 

সত্য আৰু সুন্দৰৰ

পথ দেখুৱায়

তেওঁৰ ত্যাগৰ কোনো

প্ৰতিদান নাই।

 

ডাক্তৰ, ইঞ্জিনীয়াৰ,

পুলিচ, বিষয়া

গছ হৈ সকলোকে

দিয়ে তেওঁ ছায়া

 

সেইহেন শিক্ষকক

কৰোঁ নমস্কাৰ

যুগে যুগে জিলিকক

হৈ জাতিষ্কাৰ।


*********

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page