শিশুৰ মনোজগত বুজা এগৰাকী মহীয়সী নাৰী, মাৰিয়া মণ্টেছৰী
- দেৱীকা বৰপূজাৰী,চান্তাক্ৰুজ, মুম্বাই
- Jul 7, 2024
- 2 min read
Updated: Sep 22, 2024

দেৱীকা বৰপূজাৰী, চান্তাক্ৰুজ, মুম্বাই
শিশু সকল, তোমালোক বহুতেই হয়তো মন্টেছৰী স্কুলত পঢ়ি আছা বা পঢ়িছিলা। মই আজি সেই স্কুলৰ প্ৰতিষ্ঠাপক গৰাকীৰ বিষয়ে তোমালোকক জনাব খুজিছোঁ।
মাৰিয়া টেক্লা আৰ্টেমিচিয়া মণ্টেছৰী (Maria Tecla Artemisia Montessori), যিগৰাকী চমুকৈ মাৰিয়া মণ্টেছৰী বুলি খ্যাত, ১৮৭০ চনৰ ৩১ আগষ্টত ইটালীৰ চিয়াৰাভালে চহৰত জন্মগ্ৰহণ কৰিছিল I মাৰিয়াই মাধ্যমিক বিদ্যালয়ৰ পৰা স্নাতক হোৱাৰ পিছত মেডিকেল স্কুলত নামভৰ্তি কৰি ডাক্তৰ হ’বলৈ দৃঢ়প্ৰতিজ্ঞ হৈ পৰিছিল। ফলস্বৰূপেই তেখেত ৰোমৰ ৰোম লা চেপিয়েঞ্জা বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞান পাচ কৰা ইটালিৰ প্ৰথম গৰাকী মহিলা চিকিৎসক হ'ব পাৰিছিল I তেওঁ বিশ্ববিদ্যালয়ৰ মানসিক চিকিৎসা ক্লিনিকৰ সদস্যা আছিল আৰু বিশেষ মনোযোগৰ প্ৰয়োজনীয়তা (special needs) বা "মানসিক দুঃখী" (unhappy little ones) আৰু "শিক্ষা অসমৰ্থ" (ineducable) সকলৰ সমস্যাৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হয়।
মাৰিয়াৰ শিক্ষাদানত এক মনোবৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ আছিল আৰু এই অভিনৱ পদ্ধতি অক্ষম, পঙ্গু ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আকৰ্ষণীয় আৰু ফলপ্রসূ হৈ উঠিছিল। তেখেতে এখন নতুন স্কুল খুলি সকলোৰে বাবে এই পদ্ধতিৰে চলাবলৈ সঞ্চালক হিচাবে নিযুক্তি পায়। নতুন স্কুলৰ নাম দিলে, ‘The Children's House’ I এই স্কুলৰ বাবে মাৰিয়াই শিশুৰ উপযোগী আচবাব যেনে সৰু চাপৰ মেজ, সৰু সৰু চকী, যাতে তেওঁলোকে নিজেই ইফালে সিফালে লৈ যাব পাৰে, চাপৰ কিতাপ পত্ৰ থ'ব পৰা আলমাৰী, যাতে তেওঁলোকে নিজেই কাৰো সহায় নোলোৱাকৈ নিয়াৰিকৈ নিজৰ বস্তু উলিয়াব বা সুমুৱাব পাৰে। মাৰিয়াই বাৰে বাৰে সোঁৱৰাই দিছিল যে, যিটো কাম সৰু ল'ৰা ছোৱালীয়ে কৰিব নোৱাৰে, তেনে কাম তেওঁলোকক কেতিয়াও কৰিবলৈ দিব নালাগে।
পুৰণি শিক্ষণ প্ৰণালীক আঁতৰাই মাৰিয়াই চাবলৈ বিচাৰিছিল, কেনেকৈ শিশু সকলে নতুন কথা শিকিব পাৰে। তেওঁৰ নিজৰ স্কুলত, শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীক কোনো কথা শিকিবলৈ বাধ্য কৰা নাছিলI সৰু সৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ইচ্ছাত সকলোতে ঘূৰি ফুৰিব পাৰিছিল আৰু যি কৰিবলৈ মন যায়, তাকে কৰিব পাৰিছিল।
মাৰিয়াই লগতে এনে ধৰণৰ খেলা বস্তু উদ্ভাৱন কৰি উলিয়াইছিল যাতে ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰিক আৰু স্বাধীনভাৱে কিছু কথা নিজে নিজেই আৱিষ্কাৰ কৰি উলিয়াব পাৰে। মাৰিয়াৰ শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীয়ে নিজেই আৱিষ্কাৰ কৰিছিল কিদৰে নিজৰ চাৰ্টৰ বুতাম বন্ধ কৰিব বা খুলিব পাৰে, টেবুলত নপৰাকৈ পানীৰ গিলাছ নিজেই ল'ব পাৰে বা কিদৰে খোৱাৰ মেজ ঠিক কৰিব পাৰে ইত্যাদি।
শিশু সকল, মাৰিয়াই অভিভাৱকক কি কৈ গৈছিল শুনাচোন - " আত্মনিৰ্ভৰশীল হ'বলৈ সৰুৰে পৰা শিশুক শিকোৱা দৰকাৰ। নিজৰ কাম নিজে কৰিলে শিশুৱেও আনন্দ লাভ কৰিব আৰু সেই আনন্দ আহিব, স্বাধীনভাৱে নিজে কৰিব পৰাৰ বাবে"। তোমালোকে যদি নিজৰ জোতাযোৰ নিজেই পিন্ধা বা স্কুল ইউনিফৰ্ম নিজেই পিন্ধা অথবা খোলা, মনটো ভাল নালাগিব নে ? মাক নো কিয় কওঁ, নহয় নে বাৰু?
মাৰিয়া মন্টেছৰী পদ্ধতি সমগ্ৰ বিশ্বতে চলি আছে আৰু ইয়াৰ পৰা হাজাৰ হাজাৰ সৰু ল'ৰা ছোৱালীয়ে নিজৰ কাম নিজে কৰি শক্তিশালী আৰু স্বাধীন হবলৈ শিকিছে।
এইগৰাকী মহীয়সী নাৰীৰ ১৯৫২ চনৰ ৬ মে’ত নেদাৰলেণ্ডত ৮১ বছৰ বয়সত মৃত্যু হয়।
*********
Comentários