শিহু বা নদী ডলফিন
- স্মিতা ভাগৱতী, গুৱাহাটী
- Jul 12
- 2 min read

স্মিতা ভাগৱতী, গুৱাহাটী
শিহু হৈছে ভাৰত, বাংলাদেশ আৰু নেপালৰ নদীত পোৱা ডলফিনৰ এক প্ৰজাতি ৷ এই ডলফিনৰ প্ৰজাতি সাধাৰণতে গঙ্গা নদী আৰু ব্ৰহ্মপুত্ৰ নদ আৰু বাংলাদেশ আৰু নেপালৰ প্ৰৱাহিত ইহঁতৰ উপনৈ সমূহত পোৱা যায় ৷ ভাৰত চৰকাৰে ২০০৯ চনৰ ৫ অক্টোবৰত শিহুক “ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী”ৰ স্বীকৃতি দিছে ৷
শিহুৱে কেৱল নদীতহে বাস কৰে আৰু সেয়েহে ইহঁত সাগৰীয় ডলফিনতকৈ বহুখিনি পৃথক৷ সাগৰীয় ডলফিনবোৰ দৃষ্টিসক্ষম হোৱাৰ বিপৰীতে আমাৰ শিহুবোৰ সম্পূৰ্ণৰূপে অন্ধ বুলিব পাৰি ৷ আটলাণ্টিক মহাসাগৰত উদ্ধাৰ হোৱা কিছুমান ফছিলৰ পৰা প্ৰমাণিত হৈছে যে শিহুৰ উপৰিপুৰুষবোৰ এসময়ত সাগৰতে বাস কৰিছিল৷ কিছুমান প্ৰাকৃতিক পৰিঘটনাৰ বাবে এই প্ৰাণীবোৰ আহি নদীত বসবাস কৰিবলৈ লয়হি৷ নদীৰ ঘোলা পৰিবেশত শিহুৰ চকুৰ ব্যৱহাৰ লাহে লাহে নাইকিয়া হয়, যাৰ ফলত পাছলৈ বিৱৰ্তন হৈ ইহঁতে চকুৰ ব্যৱহাৰ কৰিবলৈ বাদ দিয়ে ৷ চকুৰ সলনি শিহুৱে বাদুলিৰ দৰে চ’নাৰ সংকেত ব্যৱহাৰ কৰি চলন ফুৰণ কৰে আৰু চিকাৰৰ উপস্থিতি অনুধাৱন কৰে ৷ চ’নাৰ সংকেতৰ জৰিয়তেই ইহঁতে নিজৰ মাজত কথাবতৰাও পাতে ৷ প্ৰাপ্তবয়স্ক শিহু এটাৰ ওজন ৭০--৯০ কেজি হয় আৰু দৈৰ্ঘ্য প্ৰায় ১.৫--৩ মিটাৰ হয়৷ ইহঁতৰ শৰীৰটো চিলিণ্ডাৰৰ নিচিনা আৰু মুখখন ঠোঁটৰ দৰে ঠেক আৰু জোঙা হয়, যাক ৰষ্ট্ৰাম বুলি কোৱা হয় ৷ শিহুৰ দাঁতবোৰ ধাৰ থকা আৰু জোঙা ৷ শিহুৰ সাগৰীয় ডলফিনৰ দৰে পিঠিৰ ফালে এখন সৰু তিনিকোণীয়া ফিণ থাকে ৷ মাছেই হ’ল শিহুৰ প্ৰধান খাদ্য ৷ নদীত থাকে বাবে বহুতে শিহুক মাছ বুলিয়েই ভাবে ৷ আচলতে ইহঁত স্তন্যপায়ী প্ৰাণীহে ৷ অন্য স্তন্যপায়ী প্ৰাণীৰ দৰে ইহঁতে পানীৰ তলত উশাহ-নিশাহ ল’ব নোৱাৰে আৰু উশাহ ল’বৰ বাবে কিছুসময়ৰ মূৰেমূৰে পানীৰ পৰা বাহিৰলৈ ওলায় ৷ এনেদৰে উশাহ-নিশাহ ল’বলৈ ওলোৱা সোমোৱা কৰোতেই শিহুবোৰ আমাৰ দৃষ্টিগোচৰ হয় ৷ মাছ ধৰিবৰ বাবেও শিহুবোৰ পানীৰ পৰা বাহিৰলৈ ওলায় ৷
নদীতন্ত্ৰৰ খাদ্য শৃংখলত শিহুৰ উপস্থিতিয়ে এক উচ্চখাপৰ ভাৰসাম্য প্ৰদান কৰে ৷ সেয়েহে শিহু বসবাস কৰা নদীসমূহৰ জলজ পৰিবেশতন্ত্ৰ অন্য নদীতকৈ উচ্চ গুণসম্পন্ন হয় ৷ শিহু সাধাৰণতে নদীৰ মোহনা, নদী দ্বীপ তথা বালিচৰৰ দাঁতিকাষৰীয়া সুঁতি আৰু নদীৰ ভাঁজ আদিত বেছিকৈ দেখা যায় ৷ নদীৰ এই অঞ্চলবিলাকৰ বিশেষত্ব হ’লযে নদীৰ বাকীবোৰ অঞ্চলতকৈ ইয়াত জলজ উৎপাদনৰ হাৰ বেছি, ফলত বিভিন্ন ধৰণৰ মাছে এই অঞ্চলবোৰত খাদ্য আহৰণ কৰিবৰ বাবে প্ৰাধান্য দিয়ে, ইয়াৰ ফলত শিহুও এই অঞ্চলবোৰত বেছিকৈ দেখা যায় ৷ বিভিন্ন কাৰণত নিৰ্মাণ কৰা নদীবান্ধ সমূহে নদীৰ গতি নিয়ন্ত্ৰণ কৰাৰ ফলত ইয়াৰ প্ৰাকৃতিক বৈশিষ্ট্যপূৰ্ণ অঞ্চলসমূহৰ অৱস্থানৰ সালসলনি হয় ৷ ইয়েই লাহেলাহে শিহু আৰু মাছৰ উৎপাদনৰ সালসলনি ঘটায় ৷ তাৰোপৰি শিহু থাকিবৰ বাবে প্ৰয়োজনীয় নদীৰ গভীৰতাৰো তাৰতম্য ঘটায় ৷
বিভিন্ন কাৰণত বৰ্তমান শিহুৰ সংখ্যা কমি গৈছে ৷ ওপৰত উল্লেখ কৰা কাৰণসমূহৰ বাহিৰেও মাছমৰীয়াসকলৰ মিহি সূতাৰ ফাঁচি জালত লাগিও শিহু আঘাতপ্ৰাপ্ত হয়; জোঁট-পোঁট খায় আৰু ওপৰলৈ আহিব নোৱাৰাৰ ফলত উশাহ ল’ব নোৱাৰি মৃত্যু মুখত পৰে ৷ বহুত ঠাইত হানিখুঁচিও শিহু হত্যা কৰে ৷ শিহুৰ গাত বহুত চৰ্বি থাকে আৰু কিছুমানৰ মতে এই চৰ্বি গাৰ বিষৰ মহৌষধ ৷ শিহুৰ তেল টোপ হিচাপে ব্যৱহাৰ কৰি মাছো ধৰা হয় ৷ কল কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনা নদীত পেলাই দিয়া হয়, ফলত প্ৰদুষণৰ ফলতো বহুত শিহুৰ মৃত্যু হয় ৷
অসমত ব্ৰহ্মপুত্ৰৰ উপৰিও কামৰূপৰ কুলসী লখিমপুৰৰ সোৱণশিৰি নদীত কিছু সংখ্যক শিহু বাচি আছেগৈ ৷ ডিব্ৰু-চৈখোৱা অভয়াৰণ্যতো শিহু দেখিবলৈ পোৱা যায় ৷ শিহুৰ সংখ্যা ক্ৰমাগতভাৱে কমি অহালৈ চাই শিহুক সংকটাপন্ন (Endangered) শাখাত ৰখা হৈছে ৷ আমি দূৰদৰ্শনত সাগৰীয় ডলফিনবোৰৰ খেলা উপভোগ কৰোঁ ৷ আহাচোন আমি, আমাৰ নদীত থকা শিহু বা নদী ডলফিনবোৰৰ বিষয়েও জানিবলৈ চেষ্টা কৰোঁ ৷ আমি যদি সজাগ নহওঁ, অতি সোনকালে এই সুন্দৰ জীৱবিধ আমাৰ পৃথিৱীৰ পৰা নোহোৱা হৈ যাব ৷
##############
Comments