সুখ আৰু প্ৰশান্তিৰ সংজ্ঞা
- দেৱীকা বৰপূজাৰী, মুম্বাই
- Mar 5
- 2 min read
Updated: Apr 6

দেৱীকা বৰপূজাৰী, মুম্বাই
মৰমৰ মইনাহঁত, আশা কৰোঁ তোমালোক সকলোৱে ভালে-কুশলে আছা।
তোমালোকে পঢ়া-শুনা, খেলা-ধূলা, গান-নাচ বা আন আন কামৰ মাজত ব্যস্ত হৈ থকা সময়তো মন কৰিছা নে বাৰু যে আজি সমগ্ৰ বিশ্ব এক জটিল সমস্যাৰ মাজত সোমাই পৰিছে। লাহেলাহে হিংসা আৰু অশান্তিৰ ধুমুহাই যেন কেওপিনে ছানি ধৰিছে। আমি বুজি পাওঁ, এইবোৰ দেখি-শুনি তোমালোকৰ মনৰ অৱস্থা কেনে হ’ব পাৰে। সেয়ে, তোমালোক উঠি অহা সকলক আমাৰ ডাঙৰসকলে আকাৰে-ইংগিতেৰে বুজনি দি তোমালোকক মানসিকভাৱে প্ৰশান্তি প্ৰদান কৰিবলৈ চেষ্টা কৰিব লাগে, যিদৰে এজোপা গছে নিজৰ ছাঁৰ সহায়ত বাটৰুৱাক স্বস্তি প্ৰদান কৰে।
এইখিনিতে এটা কথা কওঁ, তোমালোকৰ আৱশ্যকীয় সকলোখিনি নাইবা আমোদ-প্ৰমোদ, সুখ-স্বচ্ছন্দৰ বাবে তোমালোকৰ পিতৃ-মাতৃ বা পৰিয়ালে যিখিনিলৈকে দিবলৈ সমৰ্থ হয়, তোমালোকে সেইখিনিহে বিচৰা উচিত, তাতকৈ বেছি নহয়। আচলতে মনে বিচৰা বস্তুৰ কোনো সীমা-সংখ্যা নাই। আকৌ মনে বিচৰা বস্তু নাপালে মনত শান্তিয়ো পোৱা নাযায়। কিন্তু এটা কথা সদায় মনত ৰাখিবা, সুখ শান্তি আচলতে আমাৰ সকলোৰে হাতৰ মুঠিতে আছে।
এই সংক্ৰান্ততে তোমালোকক আজি মই এখন পৃথিবী বিখ্যাত ছবিৰ বিষয়ে ক’বলৈ ওলাইছোঁ।
বিংশ শতাব্দীত নাজিম হিকমত (জন্ম: ১৫ জানুৱাৰী, ১৯০২ - মৃত্যু: ৩ জুন, ১৯৬৩) নামৰ এজন বিখ্যাত তুর্কি ভাষাৰ কবি ও নাট্যকাৰ আছিল। উনৈশ বছৰ বয়সতে তেখেতে তুৰস্কৰ স্বাধীনতা সংগ্রামত যোগদান কৰিছিল। তেখেতৰ ৰচিত কবিতা বিংশ শতাব্দীৰ নিপীড়ন অধ্যুষিত বিশ্বত বহু ভাষালৈ অনুদিত হৈছে।
সেই কবি নাজিম হিকমতে এদিন তেখেতৰ এজন তুৰস্কৰ বিখ্যাত শিল্পী আৰু চিত্ৰশিল্পী বন্ধু, আবিদিন ডিনো (জন্ম; ২৩ মাৰ্চ ১৯১৩ – মৃত্যু: ৭ ডিচেম্বৰ ১৯৯৩) ক অনুৰোধ কৰিলে 'সুখী ' জীৱনৰ ওপৰত এখন ছবি আঁকি দিবলৈ।
আবিদিনে বন্ধুৰ কথামতে আঁকিলে এটা পৰিয়ালৰ এখন মৰ্মস্পর্শী ছবি, উপৰোক্ত চিত্ৰখন---
সাধাৰণ, সৰু কোঠা এটা য'ত বৰষুণৰ বতৰত ওপৰৰ চালৰ পৰা পানী নিগৰি পৰে, তাৰ তলতে থকা এখন ভগা খুৰাৰ বিছনাত পৰিয়ালৰ সকলোবোৰ থেপাথেপিকৈ শুই আছে - প্ৰশান্তিৰ হাঁহি মুখত লৈ! কোৱা বাহুল্য যে, এই ছবিখনে বিশ্বত আলোড়নৰ সৃষ্টি কৰিছিল।


নাজিম হিকমত আবিদিন ডিনো
সঁচা কথা, সুখ মানে যন্ত্ৰণাৰ অনুপস্থিতি নহয়, সুখৰ অৱস্থিতি হৈছে যন্ত্ৰণা গ্ৰহণ কৰিব পৰাটোত আৰু অপ্ৰাপ্তিৰ মাজতো আনন্দ ল’ব পৰাটোহে! প্ৰতিকূল অৱস্থাতো আমি চাৰিওফালৰ ভালবোৰৰহে সন্ধান কৰিব লাগে। যিবোৰ আমাৰ হাতত নাই, তাৰবাবে অমূলক চিন্তা কৰা বাদ দিব পাৰিলেই সুখ আমাৰ মাজলৈ আপোনাআপুনি আহিব।
So don't worry children, be happy...... সকলোতে যেন আনন্দ বুটলিবলৈ যত্নপৰ হোৱা আৰু কাকো যেন হিংসা নকৰা। এনেকৈ থাকিলে তোমালোকৰ জীৱন আনন্দময় হৈ উঠিব আৰু জীৱনত মনে বিচৰা ধৰণেৰে আগুৱাই যাব পাৰিবা।
@@@@@@@@
Comments