সুগন্ধি-বেলৰ কাহিনী
- হিয়া দাস, শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ, কামৰূপ

- Sep 15, 2024
- 4 min read
Updated: Sep 22, 2024

হিয়া দাস
শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ
শুৱালকুছি, কামৰূপ
এজনী শহাপহু। থোপোকা, উজ্জ্বল সোণোৱালী ৰং আৰু দেখিবলৈ বৰ মৰম লগা কাৰণে ঘৰৰ মানুহে তাইৰ নাম দিছিল সুগন্ধি। সুগন্ধি সকলোৰে অতি মৰমৰ। পৰিয়ালৰ লোকে তাইক কোলাত লৈ খুৱাই, গা ধুৱাই, তেল-পাউদাৰ সানি দিয়ে, ধুনীয়া ধুনীয়া চোলা পিন্ধাই দিয়ে। ভেলভেটৰ বিছনাত শুবলৈ দিয়ে, ফুৰাবলৈ নিয়ে।
ইমান সুখ পাই সুগন্ধি অহংকাৰী হৈ পৰিছিল। তাই ঘৰৰ হাঁহ, পাৰ, কুকুৰা, কাৰো লগ নহৈছিল। ভাবিছিল সিহঁত লেতেৰা, য'তে ত'তে ঘূৰি ফুৰে। সেয়ে ঘৰৰ মানুহে সিহঁতক তাইৰ সমান মৰম নকৰে। কোলাত লোৱাটো দূৰৈৰ কথা ঘৰৰ ভিতৰলৈকে সোমাবলৈ নিদিয়ে। তাই দিনৰ দিনটো অকলেই পাৰ কৰে নাইবা ওচৰৰ চৰণীয়া পথাৰখনত কোমল, মিঠা ঘাঁহ, শাক, পাত আদি খাই আনন্দমনে চৰি ফুৰে।
এদিন সুগন্ধি গা পা ধুই নীলা-বগা ফুটুকীয়া ফ্ৰক এটা পিন্ধি চৰণীয়া পথাৰলৈ আহিল। দেখিলে, সিহঁতৰ চুবুৰীৰ বেল নামৰ গাধটোও তাত চৰি আছে। তাই তালৈ কেৰেপ নকৰি অন্য এফালে মাটিত আঁঠু কাঢ়ি বহি একান্তমনে দুবৰি বন খোৱাত লাগিল। বেলে সুগন্ধিৰ ফালে অলপ সময় চাই চুচুক চামাককৈ ওচৰলৈ গৈ লাহেকৈ সুধিলে---
: সুগন্ধি, মই বৰ অকলশৰীয়া। তুমি বাৰু মোৰ বন্ধু হ'বানে?
কথা শুনি সুগন্ধিয়ে ঘোপাকৈ বেলৰ ফালে চাই ক'বলৈ ধৰিলে,
: নিজকে আইনাত দেখিছ কেতিয়াবা? তই ইমানেই কুন্ধচ যে তোক দেখিলেই মোৰ খং উঠে। দেখিছনে মই কিমান ধুনীয়া? সোণৰ দৰে মোৰ গাৰ ৰং, মিহি নোম, ধুনীয়া চকু। মই ৰাস্তাৰে গৈ থাকিলে মানুহে ৰ লাগি চাই হেৰৌ। নাচাবই বা কিয়। মই গাজৰ খাওঁ, কেপছিকাম খাওঁ, ৰঙালাও, মটৰ মাহ, ব্ৰকলি, পালেং শাক, ধনীয়া শাক, পদিনা, ফুলকবি, বন্ধাকবি, মেথি শাক আদি পুষ্টিকৰ আহাৰ খাওঁ। আৰু তই কি খাৱ? শুকান ঘাঁহ আৰু পানী। মই তোৰ দৰে লোকৰ বোজা কঢ়িওৱা গাধ এটাৰ লগত কেতিয়াও বন্ধুত্ব নকৰোঁ। যাঃ ইয়াৰ পৰা, আঁতৰ হ।
সুগন্ধিৰ দম্ভালি মৰা কথা শুনি বেলৰ মুখখন ক'লা পৰি গ’ল। অলপ সময় থিয় হৈ থাকি সি তাইৰ কাষৰ পৰা দুখী মনেৰে লাহে লাহে আঁতৰি পুখুৰীৰ পানীত নিজৰ মুখখন চাই আচৰিত হ'ল। সুগন্ধিয়ে ঠিকেই কৈছিল। সি দেখিবলৈ সঁচাকৈয়ে বৰ কুন্ধচ! লেতেৰা! সি পানীত নামি চাবোনেৰে সেইদিনা ঘঁহি ঘঁহি গা ধুলে।
আজি সুগন্ধি সাজি-কাচি সাগৰৰ পাৰলৈ ফুৰিবলৈ আহিল। তাই মুকলি পৰিৱেশত ঘূৰি ফুৰোঁতে হঠাৎ এটা বাকচ চকুত পৰিল। তাই জঁপিয়াই জঁপিয়াই বাকচটোৰ ওচৰলৈ গৈ ভালদৰে চালে। বাখৰপতোৱা এটা সোণৰ বাকচ। এনেহেন সুন্দৰ বাকচ ইয়াৰ আগতে তাই কেতিয়াও দেখা নাছিল। বাকচটো দেখি সুগন্ধিৰ বৰ লোভ লাগিল। তাই বাকচটো ঘৰলৈ লৈ যাও বুলি ভাবি হাতখন মেলিলে। লগে লগে এটা ভয়ংকৰ শব্দ কৰি বাকচটোৰ দুৱাৰ এখন বন্ধ হৈ গ'ল । আৰু সুগন্ধি ভিতৰত আৱদ্ধ হ'ল।
চঁক খাই উঠিল সুগন্ধি। অকস্মাৎ কি হৈ গ'ল তাই ধৰিবই পৰা নাছিল। ভালদৰে চাওঁতেহে বুজিব পাৰিলে, সোণৰ বাকচ যেন দেখা এয়া প্ৰকৃততে এখন ফান্দহে। বনৰীয়া পশু-পক্ষী ধৰিবলৈ কোনো দুষ্ট চিকাৰীয়ে এইদৰে ফান্দখন পাতি থৈছিল। সুগন্ধিৰ ভয় লাগিল। এতিয়া যদি চিকাৰী আহি তাইক জোৰকৈ ধৰি লৈ যায়--- ভাবি তাই ধৰফৰাই উঠিল। ….তাইক সহায় কৰিবলৈ ওচৰত কোনোবা আছে নেকি, ডিঙি মেলি ইফালে-সিফালে চালে। কিন্তু কোনো নাই! তাই বেছিকৈ ভয় খাই কান্দিবলৈ ধৰিলে।
সুগন্ধিয়ে কান্দি কান্দি ভাবিলে, আজি তাইৰ মৰণ নিশ্চিত। তাই এই নিজম ঠাইটুকুৰাত ফান্দত বন্দী হোৱা বুলি ঘৰৰ মানুহে কেতিয়াও গম নাপাব। নিষ্ঠুৰ চিকাৰীটোৱে তাইক ধৰি নি চিৰিয়াখানাত বাঘ নাইবা সাপৰ মুখৰ আগত দলিয়াব। তাই সম্ভাব্য মৃত্যুৰ কথা ভাবি কান্দি থাকোঁতেই হঠাৎ ফান্দখন এটা প্ৰচণ্ড শব্দেৰে জোকাৰ খাই উঠিল। সুগন্ধিয়ে চিকাৰী অহা বুলি জোৰকৈ চকুহাল মুদি দিলে। ভয়ংকৰ শব্দটোৰ লগে লগে ফান্দখনো ধুমুহাত কলপাত লৰা দি লৰি থাকিল। নিৰুপায় হৈ সুগন্ধিয়ে এইবাৰ ভগৱানৰ নাম স্মৰণ কৰিবলৈ ধৰিলে, ওম নমঃ শিৱায় ... ওম নমঃ শিৱায় ... ...
: চকু মেলা সুগন্ধি। এতিয়া তুমি মুক্ত। তোমাৰ কোনো ভয় নাই।
চকু মুদি থাকিয়েই তাই অনুভৱ কৰিলে, ভয়ংকৰ শব্দ আৰু জোকাৰণি নোহোৱা হৈছিল। তাই চকু মেলি চাই আচৰিত হ'ল, সম্মুখত দেখোন বেল!
: বেল! তুমি ইয়াত কেনেকৈ? মই ইয়ালৈ অহা বুলি কেনেকৈ জানিলা? তুমিচোন ঘৰতে আছিলা?
: তোমাৰ কান্দোন শুনি উধাতু খাই দৌৰি আহিলোঁ সুগন্ধি ভনী। মই বুজিব পাৰিলোঁ তুমি নিশ্চয় কিবা বিপদত পৰিছা।
: এয়া কেনেকৈ সম্ভৱ! মইতো ঘৰৰ পৰা বহুত দূৰৈত, প্ৰায় ৬০ মাইলমান দূৰৈত আছোঁ।
: সম্ভৱ হয় সুগন্ধি ভনী। আমাৰ ডাঙৰ কাণ দুখনৰ কাৰণেই ৫০/৬০ মাইল দূৰৈত হোৱা চিঞৰ-বাখৰ আমি গাধবোৰে খুব স্পষ্টকৈ শুনিবলৈ পাওঁ।
বেলৰ মুখত গাধৰ বিষয়ে আচৰিত কথাটো শুনি সুগন্ধিৰ চকু দুটা বহল হৈ পৰিল।
সুগন্ধিয়ে দেখিলে, বেলে ফান্দৰ দুৱাৰখন আগঠেং দুটাৰে ভাঙি পেলাইছে। এতিয়া তাই মুক্ত। আনন্দত তাই একে জাঁপে বাহিৰলৈ ওলাই আহিল আৰু তাইক নতুন জীৱন দিয়া কাৰণে বেলক কৌটি কৌটি ধন্যবাদ জনাই ক'লে---
: বেল ককাইটি, মোক ক্ষমা কৰি দিয়া। তোমাক সেইদিনা বৰকৈ অপমান কৰিলোঁ। তুমি কিমান গুণী আৰু জ্ঞানী তাৰ প্ৰমাণ মই আজিহে পালোঁ। লগতে বুজিলোঁ, আমি কেতিয়াও কাকো ইতিকিং কৰিব নাপায়। ঈশ্বৰে সকলোকে ভিন ভিন গুণ দি ধৰালৈ পঠিয়াইছে। কাৰোবাক যদি ৰূপ দিছে কাৰোবাক গুণ দিছে। কিন্তু ৰূপৰ কোনো মূল্য নাই। কথাতেই কয় নহয়, 'ৰূপে কি কৰে, গুণেহে সংসাৰ তৰে।' ককাইটি, মই আজিৰ পৰা আৰু নিজৰ ৰূপক লৈ মিছা অহংকাৰ নকৰোঁ। তোমাৰ বন্ধু হৈ তোমাৰ দৰে গুণী-জ্ঞানী হোৱাৰ চেষ্টা কৰিম।'
সুগন্ধি আজিৰ পৰা তাৰ বন্ধু হ'ব--- এই কথা জানি বেলৰ বৰ আনন্দ লাগিল। সি ডিঙিৰ গামোচাখনেৰে সুখৰ চকুপানী মচিলে। তাৰপাছত লংপেণ্টৰ পকেটৰ পৰা এটা আপেল উলিয়াই সুগন্ধিক খাবলৈ দিলে। সুগন্ধিয়ে আগ্ৰহেৰে আপেলটো খালে। তাই আকৌ এবাৰ বেলক ধন্যবাদ জনালে।
: সুগন্ধি ভনীটি, তুমি এতিয়া মোৰ পিঠিত বহা। চিকাৰী আহি পোৱাৰ আগেয়ে আমি ইয়াৰ পৰা আঁতৰ হোৱাই মংগল। ক'বতো নোৱাৰি আকৌ বা কি বিপদ হয়!
সঁহাৰি জনাই সুগন্ধি বেলৰ পিঠিত বহিল। লগে লগে বেলে দৌৰিবলৈ আৰম্ভ কৰিলে।
@@@@@@@@@@@@





Comments