top of page
  • Black Facebook Icon
  • Black Instagram Icon

সংস্কৃতিৰ সাধক ড৹ ভূপেন হাজৰিকা

  • Writer: নিবেদিতা শৰ্মা, যোৰহাট
    নিবেদিতা শৰ্মা, যোৰহাট
  • Oct 13
  • 2 min read
ree

নিবেদিতা শৰ্মা, যোৰহাট

                

ঐকান্তিক সাধনাৰে, সাফল্যৰ শীৰ্ষবিন্দুলৈ আৰোহণ কৰি, চিৰযুগমীয়া ঢৌ তুলি, চিৰ নতুন পানচৈত উটি, সময় নদীত পট আঁকি যোৱা, সংস্কৃতিৰ সাধক ড° ভূপেন হাজৰিকাদেৱৰ জীৱনাদৰ্শনৰ বিষয়ে প্ৰতিজন সংগীতপ্ৰেমীৰে অপাৰ আগ্ৰহ থাকে। গানৰ সুৰে অসমীয়াৰ হৃদয় গুণগুণাই থকা, ড° হাজৰিকা একেধাৰে গীতিকাৰ, সুৰকাৰ, গদ্যশিল্পী, সাংবাদিক। ভূপেনদা আছিল মহান সাংস্কৃতিক আদৰ্শৰ ৰূপকাৰ। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বৰ্ণাঢ্য সংস্কৃতিৰ পৰা তেখেত অনুপ্ৰাণিত হৈছিল, তাৰেই ফচল হৈছে তেখেতৰ কালজয়ী সৃষ্টিৰাজি। ৰাইজৰ শিল্পী ভূপেন হাজৰিকাদেৱৰ প্ৰকাশ মাধ্যম আছিল গীত আৰু তেখেতৰ কন্ঠ।

 

বহাগ বুলিলেই যেন ভূপেনদা। অসমৰ লগত, লুইতৰ লগত, বাপতিসাহোন বিহুটিৰ লগত ভূপেনদাৰ এৰাব নোৱাৰা টান।

 

"বহাগ এটি মাথো ঋতু নহয়,

নহয় মাথো এটি মাহ

অসমীয়া জাতিৰ ই আয়ুসৰেখা

গণজীৱনৰ ই সাহ।"

 

তেখেতৰ গান আছিল সত্য প্ৰশস্তিৰ গান। আপোন মহিমা আৰু স্বকীয়তাৰে জিলিকি উঠিছিল সেই কন্ঠ।

 

"ধ্বংসমুখী দৃষ্টিভঙ্গী কিম্বা মনোমালিন্য

সেয়া নহয় মোৰ গানৰ লক্ষ্য

লক্ষ্য শান্তি অনন্য।"

 

১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ ভূপেনদাৰ সাংস্কৃতিক সোণালী যুগ আছিল। সেই সময়ছোৱাতেই সৃষ্টি হৈছিল অধিকাংশ কালজয়ী গীত,"দোলা দোলা", "পানেইৰ পোণাকণ", "ৰংমন মাছলৈ গ'ল," আদি অনেক গীত। সেই সময়ত গাইছিল-"ভাং ভাং ভাঙোতা শিল ভাং"

মূল উদ্দেশ্য আছিল শোষণৰ পৰা মুক্তিৰ প্ৰকৃত পথ সন্ধান কৰা।

 

কলম্বিয়া বিশ্ববিদ্যালয়ত ভূপেনদাৰ গৱেষণাৰ বিষয় আছিল - "প্ৰপ'জেলছ ফৰ প্ৰিপেয়াৰিঙ ইণ্ডিয়াজ বেছিক এডুকেটৰছ টু ইউজ অডিঅ' ভিজুৱেল টেকনিকছ ইন এডাল্ট এডুকেচন”। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নাট, ভাওনাকে ধৰি, সত্ৰ সংস্কৃতি, সাঁচিপাতত অংকিত অসমৰ চিত্ৰশিল্প, হস্তীবিদ্যাৰ্ণৱ, আহোম ৰাজসভাৰ চিত্ৰ শিল্পৰ আদৰ আদিৰ প্ৰসংগ ভূপেনদাৰ গৱেষণাপত্ৰত উল্লেখ আছে। অসমীয়া সংস্কৃতিক সেই যুগতেই বিশ্ব দৰবাৰলৈ লৈ যোৱা ভূপেনদাৰ আপুৰুগীয়া গৱেষণা পত্ৰখন আজিও কলম্বিয়া বিশ্ববিদ্যালয়ৰ আৰ্কাইভত সংৰক্ষিত হৈ আছে।

 

বিশ্ব বিশ্ৰুত ড॰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন গাঁৱৰ এটা সম্ভ্ৰান্ত পৰিয়ালত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। তেওঁলোকৰ দহোটা সন্তানৰ জ্যেষ্ঠজন আছিল ড৹ ভূপেন হাজৰিকা। নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল।

 

বৃত্তৰ পৰিধি ভঙা অসমীয়াৰ হিয়াৰ আমঠু শিল্পীজনে ২০১১চনৰ ৫ নবেম্বৰত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে।

 

তেখেতৰ সৃষ্টিৰাজি বিশ্বৰ জনগণৰ হৃদয়ত সদায় অনুৰণিত হৈ থাকিব। ড° অমৰজ্যোতি চৌধুৰীদেৱৰ "মৃত্যু জিনাৰ গান" নামৰ কবিতাটিৰ শেষ পংক্তিটোৰেই ভূপেনদালৈ শ্ৰদ্ধাঞ্জলি যাচিলোঁ।

 

"কোন ক'ত আছ আহ

গাওঁ জাতিক জগোৱা গান

গাওঁ মানুহৰ জয়গান

মৃত্যু জিনাৰ উদযাপনৰ গান

গানৰ দেহতে গজিছে নতুন গান।


🙏🙏🙏🙏🙏


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page