সূৰুযমুখীৰ স্বপ্ন
- প্ৰণবেন্দ্ৰ শৰ্মা, কালিফোৰ্নিয়া

- Jun 27, 2024
- 1 min read
Updated: Jul 16, 2024

প্ৰণবেন্দ্ৰ শৰ্মা, চান হ'জে,
কালিফোৰ্নিয়া
ডালিম গাঁও এতিয়া দূৰ অতীত,
গুলচ, চেনিমাই, কপাহী, তৰা
আজি চিৰনিদ্ৰাত,
কিন্তু সূৰুযমুখী ?
সূৰুযমুখী যে এতিয়াও
স্বপ্নত বিভোৰ।
পৃৱালী সুৰৰ ৰাগ
পাটকাইৰ সিপাৰে দূৰ গগণত,
পাখি মেলি পৃৱেৰুণ আকাশত
কলকণ্ঠী ৰাজহংসই
শুকুলা মেঘৰ বোকোচাত
মেলিছে পাৰি
সৰগৰ অলকানন্দাত,
মানস সৰোবৰলৈ
অমৃতৰ সন্ধানত।
নিশাৰ তিমিৰ ভেদি,
তমসাৰ ওৰণি তুলি,
চৌদিশে যেন এটি
সাজ সাজ ৰৱ,
নিয়ৰ স্নাতা সূৰুযমুখী
এঙামুৰি মাৰি
হঠাতে হ'ল সজাগ,
বহুদূৰৰ পৰা আহিছে ভাহি
তেজৰে কমলাপতি পৰভাত নিন্দ,
এতিয়াযে সপোনৰ নহয় সময়।
পূবেৰুণ আকাশত
ফেঁহুজালিৰ পৰশ,
পৰশুৰাম কুণ্ডৰ গহনৰ পৰা
প্ৰভাতী অৰুণৰ
ধীৰে উৰ্দ্ধগামী ৰথ,
সূৰুযমুখীৰ গালত
দোকমোকালীৰ ৰহণ,
তাইৰ জীৱন তৰণীৰ কাণ্ডাৰীক
নতশিৰে জনাই নমন,
মেলি দিয়ে পাহি তাই
অৰুণাভক কৰিব আলিঙ্গন।
পাৰ হৈ গ'ল নিশাৰ এন্ধাৰ,
পূৰ্ণ হ'ল তাইৰ সপোন,
এতিয়া পুৱাৰ পৰা গধূলিলৈ
প্ৰতিটো মুহূৰ্ত্ততে
তাই হৈ থাকিব মগন,
দিনমণিৰ সৈতে ৰমণ;
দোকমোকালিৰ ৰবিৰ কিৰণত
কৰি স্নান,
মধ্যাহ্নৰ সূৰ্য্যৰ উত্তাপত
তিৰবিৰ কৰা তাইৰ
জলন্ত যৌৱন,
সায়াহ্নৰ হেঙুলীয়া বেলিৰ পৰশত
ভাগৰুৱা দেহ পৰিতৃপ্ত,
সাজু তাই দেখিবলৈ
আকৌ সপোন।
বিশ্বাস অটল তাইৰ,
ঘোৰ অমানিশাৰ
কাল এন্ধাৰৰ পাছত
“আকৌ নতুন প্ৰভাত হ'ব,
আকৌ নতুন প্ৰভাত হ'ব,"
নহয় জানো
সূৰুয তাইৰ
প্ৰেমিক চিৰন্তন ?
সেয়েহে ঢলি পৰে
নিচিন্ত মনে তাই
ফুট গধূলিতে
নিদ্ৰাদেৱীৰ কোলাত,
জানে তাই
বৃথা নহয় কেতিয়াও
সূৰুযমুখীৰ সপোন।
***********





Comments