top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

সম্পাদকীয় – দ্বিতীয় সংখ্যা, অক্টোবৰ -২০২৪

  • Writer: পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
    পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
  • Sep 30, 2024
  • 5 min read

Updated: Dec 20, 2024

ree

চাওঁতে চাওঁতে বছৰৰ ন পানীয়ে কোমল কৰি ৰখা ধৰিত্ৰীক কৰ্ষণ কৰি কঠীয়া গজাই ন-ভূঁই ৰোৱা আহাৰৰ পথাৰখন ঠন ধৰি উঠিল। লাহে লাহে হালধীয়া চানেকীয়া সাজ সলাই গাঢ় সেউজীয়া সাজ পিন্ধিলৈ ৰিব্ ৰিব্ বতাহত দোপত-দোপে শ্ৰীবৃদ্ধি কৰি মোৰ দেশৰ গোটেই পথাৰবোৰেই যেন এতিয়া ৰঙতে ৰঙীয়াল হৈ পৰিছে। সেউজীয়া ৰঙৰ গাঢ়তাৰো যে কত ভিন্নতা! সৌ চকুৰে নমনা দূৰলৈকে থকা এইখন লাহিধানৰ পথাৰৰ ৰং যদি গাঢ় সেউজীয়া, লগতে থকা আনখন পথাৰ তাতোকৈ কম সেউজীয়া। গাতে লাগি থকা এই বহল পথাৰডৰাৰ বৰণ আকৌ কম সেউজীয়া, এতিয়াও হালধীয়া চানেকীয়া হৈয়ে আছে। লহপহকৈ ঠন ধৰি উঠা, এহতীয়া মুঠিৰে সামৰিব নোৱাৰা ধানৰ গোঁজবোৰৰ উচ্চতাৰ বৈষম্যতা আছেই! তথাপিও একক, অপৰূপ, অনন্য সেউজীয়া মোৰ দেশৰ ভাদ-আহিন মাহৰ সেই পথাৰৰ সৌন্দৰ্য মই এইয়া মুম্বাই চহৰত বহিও কল্পনাৰ চকুৰে উপভোগ কৰিছোঁ!

 

সঁজাল ধৰা ধাননি পথাৰখনত জান-নেজানকৈ থকা কজলা পানীখিনিত গৰৈ, চেঙেলী, পুঠি, দৰিকণা, খলিহনাৰ চিন্তামগ্ন অথচ ধীৰ চাল-চলন! ধাননি পথাৰত নিশব্দে বিচৰণ কৰি ফুৰা বগলী, কণামুচৰি আদিৰ পৰা বাৰু ধানপাতৰ আঁৰ হৈ বাচিব পাৰিম যেনেতেনে, কিন্তু ভৰিৰ সৰু গাঁঠি ডুবু নুডুবুকৈ থকা এই পানীকণো শুকাই গ'লেহে লাগিব লেঠা! তেনেই মৰিব লাগিব! অহুকাণে পহুকাণে খা-খবৰ লৈ কাষৰ নদী, খাল, বিল আদিলৈ পুঠি-খলিহনাবোৰ লাহে লাহে, দৰক মাৰি মাৰি, ফিছা লৰাই লৰাই গ'লগৈ। কাৱৈ মাছৰ চিন্তা নাই, পথাৰৰ পানী শুকালে কাণ দুখনৰ সহায়ত মাটিত খোপনি পুতি পানীৰ সন্ধানত গুচি যাবগৈ। চেঙেলী, মাগুৰ জাতীয় কেইটাই আকৌ পানী শুকালেও খাল-বিল আদিৰ দাঁতিত গাঁত খান্দি সোমাই থাকি বাৰিষা অহালৈকে মৰা ভেশ ধৰি পৰি থাকিম বুলি এইকেইদিন বুকু ফিন্দাই ঘূৰি ফুৰিছে।

 

আমি জীৱ শ্ৰেষ্ঠ মানৱ জাতিয়েও হৈ যোৱা বাৰিষাৰ দিনকেইটাত পৃথিৱীৰ বিভিন্ন ঠাইত হোৱা অতিমাত্ৰা বৰষুণ, বানপানী, প্ৰলয়ংকাৰী ঘূৰ্ণীবতাহ, ধুমুহা, ভূমিস্খলন আদিত জানো যথেষ্ট ত্ৰস্ত হৈ থকা নাছিলোঁ! চকুৰ পচাৰতে, হঠাতে অহা এজাক মুষুলধাৰ বৰষুণে কাহানিও ডুব নোযোৱা বসতিপূৰ্ণ ওখ ঠাই এডোখৰও ক্ষন্তেকতে জলমগ্ন কৰি পেলাইছে। একোটা একোটা অঞ্চলৰ শান্তিৰে শুই থকা বাসিন্দাসকলে কি হ'ল বুজি উঠাৰ আগতেই অবিৰাম বৃষ্টিপাতৰ বাবে হোৱা ভূমিস্খলনে ঘৰ দুৱাৰকে আদি কৰি সকলো মহটিয়াই নি মাটি, শিল, বালিৰে একাকাৰ কৰি মৃত্যুৰ শীতল কোলাত শুৱাই থ'লে! প্ৰতিবছৰে বাঢ়ি অহা প্ৰকৃতিৰ এই তাণ্ডৱ ৰূপে আমাক আজি ভাবিবলৈ বাধ্য কৰাইছে, প্ৰকৃতিৰ বিধ্বংসী ৰোষৰ পৰা কেনেকৈ ৰক্ষা পৰিব এই পৃথিবীখন আৰু ইয়াত বসবাস কৰা জীৱকুল!

 

এনে সময়ত, আমাৰ জীৱ শ্ৰেষ্ঠ মানৱ জাতিৰ ওপৰতেই দায়িত্ব আহি পৰে এনে বিধ্বংসৰ কাৰণসমূহ নিৰ্ণয় কৰা আৰু ইয়াৰ প্ৰতিকাৰৰ উপায় বিচাৰি উলিওৱাৰ। বাকী ইহ জগতৰ পোক-পৰুৱাৰ পৰা আৰম্ভ কৰি সকলো ইতৰ প্ৰাণীলৈকে আনকি উদ্ভিদ জগতখনৰ স্থায়িত্বও এই জীৱশ্ৰেষ্ঠ প্ৰজাতিৰ ওপৰতেই নিৰ্ভৰশীল।

 

বিজ্ঞানৰ এই জয়যাত্ৰাৰ দিনত, ভূ-বিজ্ঞানৰ আটাইবোৰ দিশ - বায়ুমণ্ডল, জলমণ্ডল,  জৈৱমণ্ডল, মহাসাগৰ, জীৱাশ্মবিদ্যাৰ লগতে পৃথিৱীৰ কঠিন ক্ষেত্ৰবোৰ অধ্যয়ন কৰি এই ধ্বংস যজ্ঞৰ কাৰণসমূহ নিৰ্ণয় কৰাত মানৱ জাতি আজি বহু আগুৱাই গৈছে। পৰিস্থিতি বিদ্যা (Ecology) আৰু পৰিবেশ অধ্যয়ন (Environment studies)ৰ যোগেদিও আজিৰ মানৱ জাতিয়ে বহু কথা বুজি উঠিছে। এইটোও বুজি উঠিছে যে মানুহে নিজৰ কৃতকৰ্মৰ বাবে, নিজৰ সুবিধাৰ্থে যিমানেই বেছিকৈ কয়লা, তেল আৰু গেছ আদি জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰিবলৈ লৈছে, সিমানেই গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিবৰ্তনৰ সমস্যাৰ বাবে অসন্তোলিত পাৰিপাৰ্শ্বিকতাৰ সৃষ্টি হৈছে। যাৰ ফলত অতিপাত গৰম, অতিমাত্ৰা বৰষুণ আদি প্ৰাকৃতিক দুৰ্যোগৰ সীমা নোহোৱা হৈছে।

 

ইমানবোৰ বিশ্লেষণৰ পিছতো, সঠিকভাৱে ইমানখিনি বুজি উঠাৰ পিছতো, এই ধ্বংসলীলাৰ অন্ত পেলোৱাত আজি মানৱ সমাজ ব্যৰ্থ কিয়!

 

এতিয়া আনৰ হাতলৈ-মুখলৈ চাই অপেক্ষা কৰাৰ সময় আৰু নাই। মাত্ৰ নিজৰ বিবেক বুদ্ধিৰ সহায়ত আন নহ'লেও নিজৰ স্তৰতে আমাৰ পাৰিপাৰ্শ্বিকতাৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব লৈ হাতে কামে লগাৰ সময় সমাগত হৈছে।

 

বিভিন্ন মাধ্যমৰ জৰিয়তে আমাৰ উঠি অহা ল'ৰা-ছোৱালী, আমাৰ নৱ-প্ৰজন্ময়েও বুজি উঠিছে, প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে তেওঁলোকে কেনেধৰণে সদা সষ্টম হৈ থাকিব লাগে। তেওঁলোকে নিশ্চয় এইখিনিও বুজি উঠিছে, আমাৰ পাৰিপাৰ্শ্বিকতা ৰক্ষণাবেক্ষণৰ জৰিয়তে আমি আমাৰ ধৰাখন কেনেকৈ বচাই ৰাখিব পাৰিম। মাথোঁ তেওঁলোক সচেতন, উৎসাহী আৰু কৰ্মপটু হ'ব লাগিব। কোনে জানে, তেওঁলোকৰ নিষ্কলুষ মনোজগততে কিজানি আমাৰ একমাত্ৰ আশ্ৰয়স্থল, এই ধৰণীখন ৰক্ষা কৰাৰ আমোঘ সমাধান সূত্ৰ অংকুৰিত হৈ উঠে। আমি আশাবাদী…....।

 

এই আপাহতে ‘সূৰুজমুখী’ৰ তৰফৰ পৰা আমাৰ অসম, উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ বিভিন্ন ৰাজ্য তথা ধৰাৰ বিভিন্ন প্ৰান্তত প্ৰাকৃতিক দুৰ্যোগৰ ফলত অকালতে মৃত্যুবৰণ কৰা আৰু লগতে বিশ্বৰ ৰাজনৈতিক অস্থিৰ প্ৰেক্ষাপটৰ ফলস্বৰূপ যুদ্ধ-বিগ্ৰহত প্ৰাণ আহুতি দিবলগীয়া হোৱা সকলোলৈকে আৰু তেখেতসকলৰ পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ।

 

সময় বাগৰাৰ লগেলগে প্ৰকৃতি দেৱীয়েও যেন ক্ৰোধৰ প্ৰাৱল্যতা কমাই আনি সাময়িক ভাৱে হ’লেও, লাহে লাহে শান্ত হৈ আহিব ধৰিছে। হেৰুওৱাৰ বেদনাখিনিতে খোপনি পুতি নৰৈ জনগণেও আগবাঢ়ি যোৱাৰ স্বাভাৱিক প্ৰৱণতাৰে কাণ-মূৰ জোকাৰি গতানুগতিক জীৱন যাত্ৰাত খোজ পেলাবলৈ আৰম্ভ কৰিছে…….।

 

ইয়াৰ মাজতে আমিও সামাজিক জীৱনৰ গতানুগতিকতাৰ মাজত সোমাই পৰিছোঁ ধীৰে ধীৰে। গুণীৰ গুণৰ, উপকাৰৰ নিষ্ঠাৰে শলাগ লোৱা আমাৰ দেশবাসীয়ে আধ্যাত্মিকতাতো বিশ্বাস ৰাখি লাহেলাহে পূজা-অৰ্চনাৰ বাতাৱৰণৰ মাজত সোমাই পৰে....।

 

ভাদ মাহত অসমৰ আকাশ-বতাহ, নামঘৰ, সত্ৰ আদি খোল-তাল আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি অগাপিছাকৈ আহিল মহাপুৰুষ দুয়োজনাৰ তিৰোভাৱ তিথি। শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য শ্ৰীশ্ৰী মাধৱদেৱে সমূহীয়া ভাৱে এক শৰণ নাম ধৰ্ম প্ৰচাৰৰ লগতে অসমৰ সাহিত্য সংস্কৃতি আৰু জাতীয় জীৱনলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই যিদৰে অসমীয়া জাতিৰ ভেটি স্থাপন কৰি থৈ গ'ল, তাৰবাবে প্ৰতিবছৰৰ দৰে এইবাৰো মহাপুৰুষ দুজনাক শ্ৰদ্ধাৰে নমন কৰা হয়।

 

ইয়াৰ পিছতেই ৫ ছেপ্তেম্বৰত প্ৰখ্যাত দাৰ্শনিক, শিক্ষাবিদ আৰু ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু পিছত ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত, তেখেতৰ জন্মৰ দিনটো ‘শিক্ষক দিৱস’ হিচাপে পালন কৰা হয়। তেনেকৈ ২ অক্টোবৰৰ দিনা ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিনটো আমি সকলোৱে ‘গান্ধী জয়ন্তী’ হিচাপে পালন কৰোহঁক।

 

গতিশীল সময়ৰ লগেলগে ঋতুয়েও ৰঙ সলালে…..। ভাদ মাহ শেষ হৈ আহিন সোমাওঁতে নৌসোমাওঁতেই লাহেকৈ আগমণি ঘটিল সৌন্দৰ্যৰ অপৰূপ সম্ভাৰ লৈ ঋতুৰ ৰাণী শৰতৰ।

 

শৰতৰ আগমণৰ লগেলগে বকুল, শেৱালী আদি ফুলৰ সুগন্ধৰে চৌপাশ যেন আমোল-মোলাই উঠিল!  হালিজালি থকা ধৱল, লিহিৰী কঁহুৱালৈ কটাক্ষ কৰি, জিৰজিৰ মলয়াৰ তালে তালে হালিজালি মিচিকিয়াই থকা সেউজীয়া ধাননীয়েও যেন কৈ উঠিল....ক'তা, ক'তনো লুকুৱাই আনিছা তুমি....আমাৰ বাবে অনা নিয়ৰৰ মুকুতাৰ মালা? আমি উন্মুখ হৈ ৰৈ আছোঁ তোমাৰ অমূল্য দান সেই নিয়ৰৰ কণিকালৈ, যাৰ সংস্পৰ্শলৈ অহাৰ পিছতহে আমি আমাৰ গৰ্ভত কণ কণকৈ সঞ্চিত কৰিম বুভুক্ষুৰ চিৰবাঞ্ছিত, সোণগুটিৰ মৌকোঁহ। ……লাহেলাহে কুঁৱলীৰ আৱৰণি ফালি জিলিকি উঠিম আপোন গৰ্ভত পালিত কৰা, পূৰঠ সোণোৱালী দো-খোৱা শস্যৰ অভিবাদনেৰে, খেতিয়কৰ ঘামৰ প্ৰতিদান দিবলৈ।

 

এনে নদন-বদন সময়তে, বকুল-শেৱালীৰ সুগন্ধিৰে মলমলাই থকা পৰিৱেশ আৰু নিয়ৰ সেমেকা সেউজীয়া দুবৰি গছকি যেন চৌপাশ উজ্বলাই তুলিলেহি পূজাৰ বতৰা লৈ এক উৎসৱমুখী পৰিৱেশে। প্ৰকৃতিৰ এনে মনোমোহা ৰূপ দেখা পাইয়ে কিজানি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কলমেদি নিগৰিছিল-

 

“এসেছে শরৎ, হিমের পরশ

লেগেছে হাওয়ার পরে,

সকাল বেলায় ঘাসের আগায়

শিশিরের রেখা ধরে………..”

 

ভক্তপ্ৰাণ ৰাইজে সকলো অশুভ শক্তি ধ্বংস হোৱাৰ কামনাৰে আহিন মাহৰ কৃষ্ণপক্ষৰ অমাৱস্যা তিথিৰ দিনা মহালয়া উদযাপন কৰে। লগলগেই আৰম্ভ হয়, ৩ অক্টোবৰৰ পৰা দূৰ্গতিনাশিনী শ্ৰী শ্ৰী দূৰ্গাদেৱীৰ ন-টা ৰূপৰ উদ্দেশ্যৰে "নৱৰাত্ৰি"ৰ।

 

এনে সুন্দৰ সময় আৰু শাৰদীয় উৎসৱমুখৰ পৰিৱেশত আজি 'সূৰুযমুখী'ৰ দ্বিতীয় সংখ্যাৰ বাবে সম্পাদকীয় শিতানটো লিখিবলৈ লৈ এক অনাবিল আনন্দ অনুভৱ কৰিছোঁ।

 

এইবোৰৰ মাজতো মোৰ মনৰ মাজত অহৰহ এটা ভাৱেই ক্ৰিয়া কৰি থাকে, কি উপায়েৰে আমি বয়োজ্যেষ্ঠ বা বয়োজ্যেষ্ঠাসকলে কিঞ্চিৎ হ'লেও আমাৰ নৱ-প্ৰজন্মৰ সহায় হোৱাকৈ কিবা এটা কৰিব পাৰোঁ!

 

মোৰ মৰমৰ শিশু আৰু কিশোৰ-কিশোৰীসকল, ----

 

তোমালোকে যদি মনোযোগেৰে চোৱা, আলোচনীখনৰ প্ৰতিটো লেখাতে, প্ৰতিটো পৃষ্ঠাতে আমাৰ এই প্ৰচেষ্টাৰ প্ৰতিবিম্ব দেখা পাবা নিশ্চয়। মাথো তোমালোকে যিমান পাৰা আলোচনীখনৰ লগত জড়িত হ'বলৈ চেষ্টা কৰা যেন। তোমালোকৰ মাজৰে কেইজনমান শিশু আৰু কিশোৰ-কিশোৰীয়ে সুন্দৰ ছবি, কবিতা, গল্প আদি পঠিয়াই সকলো পাঠককে আপ্লুত কৰাৰ উপৰিও নিজেও এক অনাবিল সুখানুভূতি অনুভৱ কৰিছে। তোমালোক সকলোৱে এনেদৰে ভাগ ল'বলৈ আগবাঢ়ি আহিবা দেই।

 

এইখিনিতে 'সূৰুযমুখী' আলোচনীখনৰ তিনিওজন উপদেষ্টা আৰু সম্পাদনা সমিতিৰ সকলো সদস্য-সদস্যালৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বিভিন্ন সময়ত তেখেতসকলৰ পৰা পোৱা নানান দিহা-পৰমৰ্শ আৰু সহায়-সহযোগৰ বাবেই আজিৰ এই 'সূৰুযমুখী'ৰ দ্বিতীয় সংখ্যাটো পূৰ্বে নিৰ্দ্ধাৰিত সময়তে ৰাইজৰ মাজলৈ আগবঢ়াই দিব পৰা হৈছে।

 

যিসকলৰ লেখাৰে এই সংখ্যাৰ সূৰুযমুখীখন সজোৱা হ'ল, সেই সকলো লেখক-লেখিকালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ভৱিষ্যতেও তেখেতসকলৰ এনে সহায়-সহযোগ কামনা কৰিলোঁ।

 

সম্পাদনা কৰোঁতে, লেখক-লেখিকাসকলৰ মনৰ কথাবোৰ অধিক বাঙ্ময় কৰি তুলিবৰ বাবে কিছুমান ফটোৰ সহায় লোৱা হৈছে। অনুমতি সাপেক্ষে কিছু ফটো ইণ্টাৰনেটৰ পৰা আৰু কিছু ফটো গুৱাহাটীৰ শ্ৰীমান সণ্ডীপ হাজৰিকাদেৱৰ ৱালৰ পৰা সংগ্ৰহ কৰা হৈছে। তেখেতসকলৰ কষ্টোপাৰ্জিত ফটোৰ সহায়ত 'সূৰুযমুখী'ক সজাই পৰাই তুলিবলৈ অনুমতি দিয়াৰ বাবে তেখেতসকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

 

'সূৰুযমুখী'ৰ সম্পাদনা মণ্ডলীৰ হৈ সন্মানীয় সকলো লেখক-লেখিকা, সহৃদয় পাঠকসমাজ সহ সকলোলৈকে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কামনা কৰিছোঁ যেন এনে সুন্দৰ, আনন্দময় পৰিৱেশে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু আনন্দ কঢ়িয়াই আনে।

 

সদৌ শেষত, বিভিন্ন দিশত থকা আমাৰ কিছু সীমাবদ্ধতাৰ বাবে সম্পাদনা কৰোঁতে সূৰুযমুখীত অনিচ্ছাকৃতভাবে হয়তো কিছু ভুল-ত্ৰুটি ৰৈ যাব পাৰে, গতিকে এইক্ষেত্ৰত আমি সকলোৰে গঠনমূলক দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলোঁ।

 

পবিত্ৰা বৰঘৰীয়া

সম্পাদক – সূৰুযমুখী

নৱী মুম্বাই

ফোন: ৯৪২৮৩৩০৮০০

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page