top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

সম্পাদকীয় – প্ৰথম বছৰ, চতুৰ্থ সংখ্যা

  • Writer: পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
    পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
  • Apr 6
  • 5 min read

Updated: Apr 11


সৰুতে আমাৰ মনলৈ অলেখ প্ৰশ্ন আহিছিল। ফৰকাল বতৰত আমাৰ গাঁৱৰ বিশাল মুকলি পথাৰখন অতিক্ৰমী মহুৰামুখলৈ যাওঁতে, গছ-বিৰিখ নথকা মুকলি একেবাৰে পোন পথটোৰে সমুখলৈ চাই পঠিয়ালে সুদূৰত দেখা সেই সেউজীয়া আৰু বগাৰ লুকা-ভাকুবোৰ কি বাৰু? ক্ষন্তেকতে ৰূপ সলাই থাকে, বগাবোৰ যেন বেছি চঞ্চল। বগাবোৰ চলমান যেতিয়া সেয়া নিশ্চয় ডাৱৰ, কিন্তু সেই সেউজীয়াখিনি একে ঠাইতে দেখোন ৰৈ থাকে! কিয় বা? এনে লাগে যেন কোনো নাৰীৰ সেউজীয়া পোচাকযোৰৰ ওপৰেদি পাতল কপাহী বগা চাদৰ এখনহে আলফুলকৈ টানি লৈ যোৱা হয়। মোৰ মনৰ এই খুদুৱনি মাৰি বাইদেউ এগৰাকীয়ে এদিন ক'লে, “সেয়া হিমালয় পৰ্বতমালাৰ নামনিলৈ থকা পাহাৰৰ কিছু অংশ।“

 

হিমালয়ৰ নাম শুনি এক শিহৰণ অনুভৱ কৰিছিলোঁ! মনতে ভাবোঁ যে, অ’ সেয়া যদি হিমালয় পৰ্বতমালা হয়, তেনেহলে মহুৰামুখ নামৰ গাঁওখন, আমাৰ গোলাঘাট জিলাৰ কমাৰগাঁৱৰ উত্তৰত আছে; কাৰণ হিমালয় আমাৰ উত্তৰ-পূবদিশে অৱস্থিত। তেতিয়ালৈকে হোৱা ভূগোলৰ জ্ঞানৰ লগত গঢ়মিল কৰি তেনেদৰেই আমাৰ গাঁৱৰ বাকী তিনিটা দিশৰ গাঁওবোৰৰ নামবোৰ মনত ৰাখি লৈছিলোঁ।

 

আৰু অলেখ প্ৰশ্নই মনলৈ অগা-দেৱা কৰি থাকে। অতীজতে কেও-কিছু নথকা, খালীহৈ থকা গোটেই পৃথিবীখন কেনেকৈ মানুহেৰে ভৰি পৰিল! প্ৰতিজন মানুহৰো বেলেগ বেলেগ চেহেৰা, বেলেগ বেলেগ আদৱ-কায়দা! একেখন গাঁৱতে “বৰা চুক", “বৰুৱা চুক”!  দেখিবলৈ একে মানুহবোৰৰ ভিন্ন পৰিচয় কেনেকৈ হ’ল!

 

অলপ ডাঙৰ হৈ, অসম বুৰঞ্জী পঢ়ি জানিব পাৰিলোঁ কেনেকৈ ১৩ শতিকাত চাও লুং চুকাফা নামৰ এজন বীৰ পুৰুষ তথা দক্ষ তাই (শান) নেতাই তেওঁৰ অনুগামীসকলৰ সৈতে পাটকাই পৰ্বতমালা অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল আৰু উজনিৰ স্থানীয় জনগোষ্ঠী; যেনে: বৰাহী, কছাৰী, চুতীয়া আদি জনগোষ্ঠীসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰি তেওঁলোকৰ ভাষা, সংস্কৃতি আৰু পৰম্পৰা আদিক নিজৰ শাসন ব্যৱস্থাত সংযোজন কৰি আহোম ৰাজত্ব আৰম্ভ কৰিছিল।

 

ভাৰত বুৰঞ্জী পঢ়ি জানিব পাৰিলোঁ, কেনেকৈ প্ৰাচীন গ্ৰীক ৰাজ্য মেচিডনৰ ৰজা আলেকজেণ্ডাৰে বিশ্ব-বিজয় কৰাৰ অভিপ্ৰায়ে অভিযান আৰম্ভ কৰি খ্ৰীষ্টপূৰ্ব ৩২৬ ত ভাৰত আক্ৰমণ কৰিছিল। তেওঁৰ লক্ষ্য আছিল ভাৰতৰ গঙ্গা উপত্যকা জয় কৰাৰ, কিন্তু তেওঁৰ সৈন্যসকলৰ বিদ্ৰোহৰ ফলত সেই বিজয় অভিযান অসমাপ্ত ৰাখি স্বদেশলৈ ঘূৰি যাবলৈ বাধ্য হয়। তেনেদৰে ১১৭৫ খ্ৰীষ্টাব্দত মহম্মদ ঘোৰীয়ে ভাৰত আক্ৰমণ কৰি ভাৰতত প্ৰথম ইছলামিক সাম্ৰাজ্য কেনেকৈ প্ৰতিষ্ঠা কৰিছিল আদি কথাবোৰ। মনৰ মাজৰ কিছু প্ৰশ্ন লাহে লাহে নিৰ্বাপিত হৈ আহিছিল।

 

আকৌ মনলৈ প্ৰশ্ন আহিছিল, আমাৰ গাঁওবোৰৰ সীমা ৰেখাবোৰ কেনেকৈ অংকিত হ’ল? এইখন তেওঁৰ দেশ, এইখন মোৰ দেশ বুলিবলৈ দেশৰ সীমাবোৰ কেনেকৈ ধৰিব পাৰে? হিমালয়ৰ সৌ সিপাৰে চীনদেশ আৰু নামনিলৈ এইফালে আমাৰ ভাৰতবৰ্ষ, সেয়া ধৰিব পাৰিলোঁ। য'ত এনে পাহাৰ বা নদী আদি নাথাকে, ত'ত কেনেকৈ দেশবোৰৰ বা ৰাজ্যবোৰৰ সীমাৰেখা চিহ্নিত কৰা হয় বাৰু? জেওৰা দিয়া থাকে নেকি, ঠিক যেনেকৈ আমি আমাৰ ঘৰবোৰৰ চৌপাশে জেওৰা দিওঁ? পিছত ডাঙৰ হৈ এবাৰ মান-কাছাৰলৈ যাওঁতে ভাৰত-বাংলাদেশৰ মাজত থকা কাঁটা তাঁৰৰ বেৰাখন দেখোঁতে সেই সৰুকালৰ ধাৰণাৰ সত্যাসত্য উপলব্ধি কৰিব পাৰিছিলোঁ। কিন্তু অসমতল পৃষ্ঠভূমি, নদ-নদী, সাগৰ-মৰুভূমি অতিক্ৰমী সদায় কাঁটা তাঁৰৰ বেৰা দিয়া সম্ভৱ নহয়। তেতিয়া কেনেদৰে দেশৰ সীমাৰেখা টনা হয় বাৰু! পিছলৈ জানিব পাৰিলোঁ, গাঁও, ৰাজ্য নাইবা দেশৰ সীমাবোৰ বিভিন্ন গোটৰ দ্বাৰা পৰিচালিত অঞ্চলসমূহক পৃথক কৰিবলৈ মানুহে সৃষ্টি কৰা ৰাজনৈতিক ৰেখা নাইবা প্ৰাকৃতিক বৈশিষ্ট্য অনুসৰণ কৰি কৰা হয় । কিন্তু কেতিয়াবা এনেদৰে অংকিত ৰেখাবোৰ সন্ধি, বাণিজ্য আৰু বিশেষকৈ যুদ্ধৰ ফলত সালসলনিয়ো কৰা দেখা যায়।

 

আনৰ দেশ এখন অধিকাৰ কৰিবলৈ গৈ, মানুহে যুদ্ধ-বিগ্ৰহ কৰা কথাটোৱে মনত অশান্তিকৰ ভাৱৰ উদ্বেগ কৰে। সৰুতে আমি নিৰাপত্তা অনুভৱ কৰিছিলো এইবুলি যে আমাৰ দেশৰ উত্তৰ দিশত চিৰজাগ্ৰত প্ৰহৰী স্বৰূপ হিমালয় পৰ্বতমালা, পশ্চিমত আৰব সাগৰ, পূৱত বঙ্গোপসাগৰ আৰু দক্ষিণত ভাৰত মহাসাগৰে আগুৰি থকাৰ বাবে—স্থলপথেৰে বাহিৰৰ শত্ৰুৰ আক্ৰমণৰ পৰা যথেষ্ট সুৰক্ষিত। কিন্তু তথাপিও সাগৰীয় পথৰ সুবিধা লৈ পৰ্তুগীজসকলে ১৫০০ শতিকাৰ আৰম্ভণিতে ভাৰতত প্ৰৱেশ কৰে। ১৪৯৮ চনত ভাস্কো দা গামা নামৰ পৰ্তুগীজ নৌ-অভিযাত্ৰীয়ে কেৰেলাৰ কালিকটত উপস্থিত হৈছিল, যি আছিল ভাৰতৰ মছলা বাণিজ্যৰ এক কেন্দ্ৰ। ভাৰতীয় মছলা যেনে জালুক, ডালচেনি, লং আদিৰ ইউৰোপত অতি চাহিদা আছিল আৰু ইয়াৰ লাভজনক ব্যৱসায়ৰ সম্ভাৱনা দেখি পৰ্তুগীজসকলে এই অঞ্চলত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰে। প্ৰথমে তেওঁলোকে বাণিজ্যিক সম্পৰ্ক স্থাপন কৰে, কিন্তু পিছলৈ সামৰিক শক্তি প্ৰয়োগ কৰি উপকূলীয় অঞ্চলত নিজৰ নিয়ন্ত্ৰণ স্থাপন কৰে।

 

এটা কথা কিন্তু ঠিক যে, আদিম যুগৰ পৰা বৰ্তমানলৈকে মানৱৰ কিছুমান মৌলিক চাৰিত্ৰিক বৈশিষ্ট্য—যেনে, আনৰ ভাল বা সফলতাক নিজৰ কৰি লোৱাৰ ইচ্ছা, প্রতিযোগিতা বা স্বাৰ্থপৰতা প্ৰকৃততে সলনি হোৱা নাই বুলি ক’ব পাৰি। তাৰমাজতে দেশৰ পৰিধি বঢ়োৱাৰ চিন্তা বা পৰিকল্পনা থাকেই। বৰ্তমান দেশ এখনৰ স্থলভাগ, জলভাগত থকা গুৰুত্বপূৰ্ণ সম্পদৰ পয়োভৰ নাইবা আকাশ মাৰ্গৰ সুবিধা- অসুবিধা নিৰ্ণয় কৰি আন এখন দেশক বা দেশৰ কিছু অংশক নিজৰ দেশৰ অন্তৰ্ভূক্ত কৰিবলৈ যোৱা মানসিকতায়ো চিন্তাৰ কাৰণ হৈ পৰিছে। এই স্বভাৱ মানৱ জাতিৰ বিৱৰ্তন আৰু জীৱন ধাৰণৰ সংগ্রামৰ সৈতে ওতপ্ৰোতভাৱে জড়িত।

 

কিন্তু প্ৰশ্নটো হ’ল, এইটো কৰা সমীচীন নে? আচলতে সেয়া নিৰ্ভৰ কৰে আমি কেনেকৈ এই স্বভাৱক ব্যৱহাৰ কৰোঁ তাৰ ওপৰত। যদি এই মানসিকতাই সৃষ্টিশীলতা, প্ৰগতি বা সমাজৰ উন্নতিৰ দিশত পৰিচালিত হয়; যেনে, আনৰ পৰা শিকি নিজৰ জীৱন সমৃদ্ধ কৰা—তেন্তে সেয়া ইতিবাচক হ’ব পাৰে। কিন্তু যদি ই কেৱল ঈৰ্ষা, লোভ বা ধ্বংসাত্মক প্রতিযোগিতাৰ জন্ম দিয়ে, তেন্তে সেয়া নিশ্চয়কৈ নেতিবাচক।


ইতিহাসৰ পাত লুটিয়ালে দেখা যায়, এনেদৰেই মানুহে নিজৰ দেশৰ উন্নতিৰ বাবে আন দেশৰ প্ৰয়োজনীয় সম্পদ হাত কৰাৰ কাৰণে বিভিন্ন পদ্ধতি অৱলম্বন কৰি আহিছে। আজিকালি যেন মানুহৰ পৰ দেশৰ সম্পদৰ প্ৰতি লালসা বাঢ়ি গৈছে। এই কামত ৰাজনৈতিক আৰু কূটনৈতিক কৌশলৰ ভূমিকা সদায় গুৰুত্বপূৰ্ণ হৈ আহিছে। ইয়াৰোপৰি বাণিজ্যিক চুক্তি, ঔপনিৱেশিকতা, যুদ্ধৰ দ্বাৰা দখল, আধুনিক কৌশল আদিৰ প্ৰয়োগ কৰি যুগেযুগে বলী দেশে বলহীন  দেশক শোষণ কৰি আহিছে।

 

সময়ৰ লগেলগে মাত্ৰ সলনি হৈছে শোষণ কৰাৰ কৌশল-কিটিপবোৰ। সলনি হৈছে হস্তগত কৰিবলৈ শক্তি প্ৰয়োগ কৰাৰ পদ্ধতিবোৰ। এই পৰিৱৰ্তনে বৰ্তমানৰ পৃথিৱীত অশান্তিৰ সৃষ্টি কৰিছে। অতীতত যুদ্ধৰ সঁজুলি আৰু কৌশল সৰল আছিল—হাতেৰে নিৰ্মিত অস্ত্ৰ যেনে বৰশী, তৰোৱাল বা শিলৰ টুকুৰা। এইবোৰৰ শক্তিৰ উৎস আছিল মানুহৰ শাৰীৰিক ক্ষমতা আৰু সীমিত প্ৰাকৃতিক সম্পদ। কিন্তু সময়ৰ সৈতে, বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ ফলত অস্ত্ৰৰ প্ৰকৃতি সলনি হৈছে। আগ্নেয়াস্ত্ৰৰ পৰা আৰম্ভ কৰি বোমা, আৰু তাৰ পিছত পৰমাণবিক অস্ত্ৰলৈকে; এই সঁজুলিবোৰৰ শক্তিৰ উৎস হৈ পৰিছে জটিল ৰাসায়নিক বিক্ৰিয়া, পৰমাণবিক বিভাজন আৰু সংযোজনৰ দৰে প্ৰযুক্তি। যুদ্ধৰ কৌশলে প্ৰযুক্তিৰ উন্নতিৰ গতি বৃদ্ধি কৰিছে, যি কেতিয়াবা শান্তিপূৰ্ণ কামতো ব্যৱহাৰ হৈছে সঁচা; যেনে, পাৰমাণবিক শক্তিৰে বিদ্যুৎ উৎপাদন কৰা কাৰ্য আদি। কিন্তু ইয়াৰ লগেলগে বেছিভাগ সময়তে ধ্বংসৰ হাথিয়াৰ হিচাপেও ব্যৱহাৰ হৈছে।

 

শক্তিৰ উৎস আৰু কৌশলবোৰে বৰ্তমানৰ পৃথিৱীক অশান্ত কৰি তুলিছে, সাংঘাতিকধৰণে পৃথিৱীৰ পৰিৱেশৰ আৰু মানৱতাৰ ক্ষতি সাধন কৰিছে। এই অভিশাপৰ পৰা মুক্তিৰ পথ বিচাৰি উলিওৱাটো এতিয়া জনসাধাৰণৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে।

 

এনে দিনৰ আশংকা কৰিয়েই হয়তো অশান্ত পৰিবেশৰ মাজতো উত্তৰপুৰুষৰ মানসিকতাক সুশৃংখলিত কৰি ৰাখি সমাজত মানৱতাক জাগ্ৰত কৰি তুলিবলৈ আমাৰ দেশৰ স্বনামধন্য অগ্ৰজসকলে শান্তি-সংযমৰ মহামন্ত্ৰ দি থৈ গৈছে,


“সবাৰো ওপৰে মানুষ সত্য....”

“অহিংসাই পৰম ধৰ্ম ….”


সমাজত দিনেদিনে বাঢ়ি অহা লোভ-মোহ, উচ্চাকাংক্ষা আদি নেতিবাচক দিশবোৰ নিয়ন্ত্ৰণাধীন কৰি, অহিংসাৰ মন্ত্ৰৰে অনুপ্ৰাণিত হৈ আমি সকলোৱে যুদ্ধৰ মনোভাৱ পৰিহাৰ কৰি সমগ্ৰ পৃথিবীৰ মানৱ জাতিৰ মাজলৈ শান্তিৰ বাতাবৰণ ঘূৰাই আনিবলৈ যত্নপৰ হ’ব লাগে।

 

আমি আশাবাদী, অতি শীঘ্ৰেই পৃথিবীৰ পৰা এই কালসময় আঁতৰি যাব; শান্তিৰ পৰশে সকলোৰে জীৱনলৈ সুখ আনন্দ কঢ়িয়াই আনিব। আমি আন্তৰিকতাৰে কামনা কৰোঁ এই পৰিবৰ্তন ধৰালৈ অতি শীঘ্ৰেই নামি আহক।

 

সময় কেতিয়াও একদৰে নাথাকে, অতি সোনকালেই নিশ্চয় ধৰাৰ বুকুলৈ শান্তি নামি আহিব। শীতৰ শুকান, জঠৰ দিনবোৰ, ফাগুন-চ’তৰ ধূলিময় সময়বোৰো একেদৰে নাথাকে সদায়, এনে সময় পিছলৈ ঠেলি থৈ ধৰালৈ নামি আহিব ধৰা বসন্তৰ দিনবোৰৰ আমেজ ল’বলৈ; সৃষ্টিৰ কঠিয়া সিঁচিবলৈ প্ৰকৃতিয়েও আমাক সঠিক সময়ৰ সংকেত দিয়ে।

 

আমি মাথোঁ কামনা কৰোঁ সকলোৰে জীৱন সুৰক্ষিত হওক, সকলোৰে জীৱন সুখ আনন্দৰে ভৰি পৰক। আমাৰ নৱ-প্ৰজন্মই এখনি শান্তিপূৰ্ণ ধৰাৰ বুকুত নিজকে বিকশিত কৰিবলৈ সুযোগ-সুবিধা লাভ কৰক।

 

এনে আশা মনত লৈয়েই, আপোনালোকৰ মাজলৈ সূৰুযমুখীৰ চতুৰ্থ সংখ্যাটো আগবঢ়াই দিছোঁ। বিশ্বৰ বৰ্তমানৰ পৰিস্থিতিলৈ চাই আমাৰ এই সংখ্যাৰ সূৰুযমুখীৰ মূল বিষয়বস্তু “অহিংসা” ৰখা হৈছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰি সকলোৰে পৰা পোৱা উৎসাহ পূৰ্ণ সহযোগে আমাৰ সূৰুযমুখীক আৰু আগুৱাই লৈ যাবলৈ উৎসাহ যোগাইছে।

 

বিষয়বস্তু বা লেখাবোৰ ছাত্ৰ-ছাত্ৰীসকলৰ বা পাঠকৰ মাজত সহজে বোধগম্য কৰি তুলিবলৈ ফটো, ভিডিঅ’, উদ্ধৃতি আদিৰ অতি প্ৰয়োজন। তেনে কৰিবলৈ যাওঁতে কেতিয়াবা ইণ্টাৰনেটত উপলব্ধ কিছু ফটো সূৰুযমুখীৰ পৃষ্ঠাতো ব্যৱহাৰ কৰা হৈছে।

 

আমাৰ যিসকল শিশু, ছাত্ৰ-ছাত্ৰী আৰু লেখক-লেখিকাই 'সূৰুযমুখী'লৈ লেখা পঠিয়াইছে, সম্পাদনা মণ্ডলীৰ হৈ তেখেতসকললৈ আৰু সন্মানীয় সহৃদয় পাঠকসমাজ সহ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কামনা কৰিছোঁ তেখেতসকলে যেন আগলৈয়ো তেখেতসকলৰ দিহা-পৰামৰ্শ আৰু লেখাৰে আমাৰ আলোচনীখন সমৃদ্ধ কৰি ৰাখে।


সদৌ শেষত, সূৰুযমুখী আলোচনীখন সম্পাদনা কৰোঁতে অনিচ্ছাকৃতভাবে হয়তো কিছু ভুল-ত্ৰুটি ৰৈ যাব পাৰে, গতিকে এইক্ষেত্ৰত আমি সকলোৰে গঠনমূলক দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলোঁ।

 ধন্যবাদ সহকাৰে,


পবিত্ৰা বৰঘৰীয়া,

সম্পাদক – সূৰুযমুখী, মুম্বাই

এপ্ৰিল - ২০২৫



Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page