top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

সম্পাদকীয় - প্ৰথম বছৰ, তৃতীয় সংখ্যা

  • Writer: পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
    পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
  • Jan 9
  • 5 min read

Updated: Jan 21

সকলোলৈকে সাদৰ সম্ভাষণ 🙏🙏
সকলোলৈকে সাদৰ সম্ভাষণ 🙏🙏

সৰ্বপ্ৰথমেই আপোনালোকলৈ অনুৰোধ, ‘সূৰুযমুখী’ নামৰ বিনামূলীয়া এই ই-আলোচনীখন আপোনালোকে যেন যিমান পাৰে সিমানে আমাৰ শিশু, ছাত্ৰ-ছাত্ৰী আদি কৰি সকলো নৱ-প্ৰজন্মলৈ আগবঢ়াই দি তেওঁলোকৰ উপকাৰ সাধনৰ লগতে

তেওঁলোকৰ মংগলৰ হকে কিবা এটা কৰাৰ আমাৰ ইচ্ছাক পূৰ্ণতা প্ৰদান কৰে। আপোনালোকৰ সঁহাৰিৰ

লগেলগে আমিয়ো ‘সূৰুযমুখী’ ক তেওঁলোকৰ আৰু উপযোগীকৈ সজাবলৈ যত্ন কৰিম।

*******



এইয়া শেৱালী ফুলৰ সুবাসেৰে আমোলমোল নিয়ৰ সেমেকা বননি অতিক্ৰমি আহি আহি, আমি পালোঁহি শীতৰ কুঁৱলীয়ে ঢকা দিনবোৰ। বতাহৰ সতে সেউজীয়া লিহিৰি লিহিৰি পাতৰ ধাননি পথাৰখনে হালিজালি থাকোঁতে থাকোঁতেই ধান গছবোৰে বুকুত পূৰঠ শস্যৰ সম্ভাৰ লৈ লাহে লাহে গাত সোণালী ৰহণ চৰাই ল'বলৈ ধৰিলে। চাৰিওদিশ যেন প্ৰাচুৰ্যতাৰে ভৰি পৰিল... থোকা-থোকে পকাধানৰ গাম্ভীয্যপূৰ্ণ হিল্লোলিত আবেদনে যেন কৃষকৰ অন্তৰ সন্তুষ্টিৰে ভৰাই তুলিলে...।  সৌ সিদিনালৈকে হালধীয়া দলিচা পাৰি ৰখা সৰিয়হডৰা, মৌ-মাখি আদি পতংগক বলিয়া কৰি ৰখা মাহ জাতীয় শস্যবোৰৰ হৰেক ৰঙৰ ফুলবোৰেও লাহে লাহে পৰিপূৰ্ণ হৈ কৃষকৰ বাঞ্চিত ফচললৈ পৰিৱৰ্তিত হৈ চৌদিশ হাঁহিৰে ঢৌৱাই তুলিলেহি। উপচি পৰা মনৰ আনন্দৰে আমাৰ কৃষকসকলে পথাৰৰ লখিমীক নিজৰ ভঁৰাললৈ আদৰি আনিবলৈ সাজু হ'ল। .... কৃষকৰ বহু কষ্টৰে আৰ্জিত ফল, এই ধান-মাহ আদি সোণগুটি ফচলবোৰ এতিয়া সামৰি সুতৰি থ'ব। .... অন্নমুঠি ঘৰত সোমোৱাই লব পাৰিলেই কৃষকসকল বছৰেকলৈ বুলি নিচিন্ত হ’ব পাৰিব।

 

বছৰৰ নতুন ফচলৰ প্ৰথম ভাত মুঠি অকলেই গ্ৰহণ কৰিবনে! অতিথিপৰায়ণ আমাৰ অসমৰ লোকসকলে সেয়া ভাবিবই নোৱাৰে। সেয়ে নতুন চাউলৰ ভাত, মাছে-মঙহে, বিধে বিধে ব্যঞ্জনৰ যা-যোগাৰ কৰি প্ৰথমতে ভগৱানৰ নামত উৎসৰ্গা কৰাৰ পিছত ওচৰ-চুবুৰীয়া, জ্ঞাতি-কুটুম সকলোৱে মিলি-জুলি আনন্দ মনেৰে অন্নমুঠি গ্ৰহণ কৰে। ...তাকেই অসমত 'ন-খোৱা' বুলি কোৱা হয়। ন-খোৱা হৈছে অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ।


আমাৰ অসমীয়া ফকৰা যোজনা ‘চল চাই কঠীয়া পৰা’ বুলি কোৱাৰ দৰে আমাৰ কৃষিজীৱী লোকসকলে প্ৰকৃতিৰ ৰেহ-ৰূপ চাই, প্ৰকৃতিৰ বুকুৰ পৰাই জীয়াই থকাৰ মন্ত্ৰ উদ্ভাৱন কৰে। আচলতে আমাৰ অলক্ষিতেই প্ৰকৃতিয়ে আমাৰ বাবে কিছুমান অৱস্থা নিৰ্ধাৰণ কৰি ৰাখে। আমাক যেতিয়া যি অৱস্থা বা পৰিবেশৰ আৱশ্যক হয়, সেয়া প্ৰকৃতিয়ে নিজে নিজেই সৃষ্টি কৰি ৰাখে । মাত্ৰ আমি সেয়া মনোযোগেৰে লক্ষ্য কৰি একান্তভাৱে অনুভৱ কৰিব পাৰিব লাগিব।

 

আমি যে এইসময়ত গ্ৰীষ্মৰ অত্যাধিক গৰমৰ পৰা নিষ্কৃতি লাভ কৰি এইয়া যে শীতকালৰ উমাল আমেজ উপভোগ কৰিছোঁ নাইবা ঠায়ে ঠায়ে শীতৰ ৰুক্ষতাৰ কৱলতো পৰিছোঁ, এইয়াতো প্ৰকৃতিৰ নিশ্চয় কিবা উদ্দেশ্য নিহিত হৈ থাকে। .... হয়তো কক্ষপথেদি সূৰ্যক প্ৰদক্ষিণ কৰি থকা পৃথিৱীয়ে এই সময়তেই সূৰ্যৰ পৰা আঁতৰি গৈ যেন গুপুত ইঙ্গিতেৰে আমাক ক'ব খোজে..... ‘সূৰ্যৰ প্ৰখৰতাৰ পৰা তোমালোকক নিলগাই আনিছোঁ কিছুদিনলৈ, শীতৰ আমেজ লৈ শৰীৰক আৰু মস্তিষ্কক জিৰণি দিয়া কিছু ক্ষণ...।‘ জীৱক জীয়াই থাকিবলৈ যেনেকৈ বায়ু, পানী আৰু খাদ্যৰ প্ৰয়োজন তেনেকৈ সু-স্বাস্থ্যৰে জীয়াই থাকিবলৈ শৰীৰ আৰু মস্তিষ্ক দুয়োটাৰে জিৰণিৰ প্ৰয়োজন। যথাযথ জিৰণিৰ পিছতহে মস্তিষ্কই নতুন উদ্যমেৰে ন ন দিশত উদ্ভাৱন কৰিব পাৰে, চিন্তা শক্তি প্ৰখৰ হয়, ভবিষ্যতৰ বাবে নিৰ্ভুল কাৰ্যপন্থা গ্ৰহণ কৰিব পাৰে।


সঁচাকৈয়ে আমাৰ দৈনন্দিন সময়সূচীত বিৰতিৰ অন্তৰ্ভূক্তিৰ কিমানে যে প্ৰয়োজনীয়!... কিন্তু আমি সাধাৰণতে সেয়া উপেক্ষা কৰোঁ। প্ৰকৃতিয়ে চাৰিওফালে তেনে কিছুমান পৰিবেশ সৃষ্টি কৰি ৰাখিছে আমি মাথোঁ সেয়া লক্ষ্য কৰিবলৈ জানিব লাগে। ভেকুলী, কিছুমান সৰীসৃপ আৰু মাছ জাতীয় জীৱই শীতৰ এই দিনকেইটাতে শীতনিদ্ৰাৰ বাবে সাজু হয়।

 

আমি মানৱজাতিয়েয়ো তাৰমাজতে ২৫ ডিচেম্বৰৰ দিনা খ্ৰীষ্টান ধৰ্মৰ প্ৰতিষ্ঠাপক যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে বিশ্বব্যাপি খ্ৰীষ্টমাছ বা বৰদিন আড়ম্বৰপূৰ্ণভাৱে পালন কৰোঁ। আমাৰ অকণিহঁতেও অতীব আগ্ৰহেৰে বাটচাই থাকে সেইদিনা চান্টাক্লজে আহি মাজনিশা দিয়া উপহাৰ চাবৰ বাবে। চান্টাক্লজৰ আধুনিক দিনৰ চিত্ৰটো চেইন্ট নিকোলাছ (Saint Nicholas)ৰ কিংবদন্তিৰ ওপৰত ভিত্তি কৰি প্ৰচলিত হৈছে। দৰাচলতে চেইন্ট নিকোলাছৰ সৰুৰে পৰা প্ৰভু যীশুৰ ওপৰত গভীৰ বিশ্বাস আছিল, তাৰ পিছত তেওঁ ডাঙৰ হৈ খ্ৰীষ্টান ধৰ্মৰ যাজক আৰু পিছলৈ বিছপ হৈছিল । চেইন্ট নিকোলাছে শিশুক বহুত ভাল পাইছিল, যাৰ বাবে তেওঁ আৰ্ত শিশুক উপহাৰ দিবলৈ গৈছিল। তেওঁ সদায় মাজনিশা সকলো উপহাৰ দিছিল কাৰণ তেওঁ নিজৰ পৰিচয় প্ৰকাশ কৰিব বিচৰা নাছিল। কথিত বিশ্বাস অনুসৰি সেই চেইন্ট নিকোলাছৰ ডাচ উপনাম আছিল চিণ্টাক্লাছ (Sinterklaas) আৰু সেই নামটোকে সহজ কৰি চুটিকৈ 'চান্টাক্লজ' বোলা হয়।

 

কিন্তু যোৱা দুবছৰৰ দৰে এইবছৰো মধ্যপ্ৰাচ্যৰ ভালেমান দেশ আৰু ইউৰোপীয় কিছুদেশৰ লোকে যুদ্ধ বিভিষিকাৰ বাবে খ্ৰীষ্টমাছ পালন কৰাৰ পৰা বিৰত থাকিব লগা হৈছে। সেইবোৰ ঠাইত যুদ্ধৰ নিৰ্মমতাত প্ৰাণ হেৰুওৱা, আহত আৰু বিকলাংগ হোৱা হাজাৰ হাজাৰ লোক বিশেষকৈ শিশুসকলৰ বাবে উৎসৱ, পাৰ্বণ এইবোৰ যেন এতিয়া মাথোঁ অতীতৰ সপোন স্বৰূপ! যুদ্ধ বিধ্বস্ত সেই অঞ্চলৰ পিতৃ -মাতৃহীন, ভাই-ভগ্নীহীন, বন্ধু বিহীন, হয়তো নিজ অংগ বিহীন কোনো অকণিয়ে এতিয়া হয়তো চাণ্টাক্ল'জৰ পৰা কোনো খেলনা উপহাৰ হিচাপে আশা নকৰে, তেওঁলোকক লাগে কেৱল যুদ্ধৰ আগৰ সেই সময়খিনি, যেতিয়া তেওঁলোকৰ নিজাকৈ এখন মৰমৰ ঘৰ আছিল আৰু পৰিয়াল পৰিজনৰ পৰস্পৰৰ অপত্য স্নেহ আৰু অনাবিল শান্তিৰে সেই ঘৰখন পৰিপূৰ্ণ হৈ আছিল ।

 

আমিও তেওঁলোকৰ মাজৰে এজন হৈ অন্তৰেৰে কামনা কৰোঁ সমগ্ৰ বিশ্বতে শান্তিৰ যেন পুনৰ সংস্থাপন হওক আৰু সমগ্ৰ মানৱজাতি ধ্বংসৰ গ্ৰাসৰ পৰা ৰক্ষা পৰক। দমন, ক্ৰুৰতা, হিংস্ৰতা, অহংকাৰ, আগ্ৰাসন, মতানৈক্য, পৰস্পৰ বিৰোধী মনোভাৱ এই সকলোবোৰৰ উৰ্দ্ধত এখন সহনশীল, মানৱদৰদী সুস্থ সমাজ গঢ়ি উঠক য'ত মানৱজাতিৰ লগেলগে সকলো জীৱজগত, উদ্ভিদজগত আৰু স্থাৱৰ-অস্থাৱৰ সকলো সম্পত্তিৰ সুন্দৰভাৱে ৰক্ষণাবেক্ষণ হওক।

 

আজি পৃথিৱীজুৰি যুদ্ধৰ যি বিভীষিকাই চৌদিশ চানি ধৰিছে, তেনেদৰে আন এটা সমস্যাইয়ো আমি বাস কৰা পৃথিৱী নামৰ এই গ্ৰহটোৰ ভৱিষ্যত ধূসৰ কৰি তুলিছে। এই সমস্যাৰ ভয়াবহতা আৰু অধিক ভয়ানক আৰু জটিল কাৰণ এই সমস্যাৰ সৃষ্টিত আমি সকলোৱে পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত হৈ আছোঁ। বিজ্ঞানৰ ন ন আৱিষ্কাৰ, নতুনত্বৰ প্ৰতি মানুহৰ স্বাভাৱিক আকৰ্ষণ, কৰ্ম-বিমুখতা, বিলাসিতা পূৰ্ণ জীৱনশৈলী আদি অনেকটা কাৰণবশতঃ আমি এনে কিছুমান পৰিবেশৰ সৃষ্টি কৰিছোঁ, যাৰ কাৰণে পৃথিৱীপৃষ্ঠৰ উষ্ণতা দিনকদিনে বাঢ়িবলৈ ধৰিছে। আজি পৃথিৱীৰ এক প্ৰত্যাহ্বানৰূপে ঠিয় দিয়া এই বিষয়টোৰে নাম দিয়া হৈছে ‘গোলকীয় উষ্ণতা’ বুলি। গোলকীয় উষ্ণতা হ'ল পৃথিৱীপৃষ্ঠৰ ঠিক উপৰিভাগৰ বায়ুৰ দীৰ্ঘম্যাদী উত্তাপ বৃদ্ধি যি প্ৰাক-শিল্প যুগৰ পৰা বৰ্তমানলৈকে মানুহৰ বিভিন্ন কাৰ্য-কলাপৰ কাৰণে জগৰীয়া।

 

এই বিশ্বজনীন সমস্যাৰ মূল উৎস সঠিকভাৱে নিৰ্ণয় কৰি আৰু তাৰ সমাধানৰ উপায় অৱলম্বন কৰি এক সজাগ আৰু দায়িত্বশীল পদক্ষেপ গ্ৰহণ কৰিলে গোলকীয় উষ্ণতাৰ ভয়াবহতা এতিয়াও হ্ৰাস কৰিব পৰা যায়। সময়ত ব্যৱস্থা নল’লে, পৃথিৱীখন ভৱিষ্যতে অতি কঠিন সংকটৰ সন্মুখীন হ'ব।

 

অৱশ্য গোলকীয় উষ্ণতাৰ মূল কাৰণ আৰু তাৰ ভয়াবহ পৰিণাম চিহ্নিত কৰি, ইয়াক হ্ৰাস কৰাৰ উপায়সমূহ বিভিন্ন স্তৰত বিজ্ঞানসন্মত আলোচনা- বিলোচনাৰে সিদ্ধান্ত লোৱাৰ ক্ষিপ্ৰতা দেখা গৈছে। এইয়া এক ইতিবাচক দিশ হিচাপে চিহ্নিত হৈছে। নহ’লে জোৰ পুৰি হাত পোৱাৰ উপক্ৰম হোৱাৰ পিছতো যদি আমি গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰিবলৈ নাইবা হ্ৰাস কৰিবৰ বাবে কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰোঁ, তেন্তে পৃথিৱীখন আৰু অধিক গৰম হৈ পৰিব, ফলত মানুহ, জীৱ-জন্তু, উদ্ভিদৰ বাবে অধিক সমস্যাৰ সৃষ্টি হ’ব।

 

আমি আমাৰ শিশু আৰু ছাত্ৰ ছাত্ৰী সকলৰ মাজত আমাৰ পৃথিৱীখনৰ উষ্ণতা বৃদ্ধিৰ এই দিশটোৰ প্ৰতি সচেতনতা আনিবৰ বাবেই এই তৃতীয় সংখ্যাৰ 'সূৰুযমুখী' ত 'গোলকীয় উষ্ণতা' ৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে। জ্যেষ্ঠ হিচাবে আমি আমাৰ ভৱিষ্যত নৱ-প্ৰজন্মক সকলো দিশতে দৃষ্টি ৰাখিবলৈ শিকোৱাতো আমাৰ কৰ্ত্তব্য। সেয়েহে এই সংখ্যাৰ আলোচনীখন আমাৰ শিশু আৰু ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা উন্মোচন কৰোৱাৰ ব্যৱস্থা কৰা হৈছে, যাতে তেওঁলোকে এই বিষয়টোৰ লগত গভীৰভাৱে একাত্ম অনুভৱ কৰিব পাৰে।

 

কিন্তু সেইবুলি আমি তেওঁলোকক কেৱল সমস্যাবোৰৰ কথা কৈ ভীতিগ্ৰস্ত কৰাটো মুঠেই সমীচিন নহ’ব। তেওঁলোকৰ মনত নিজ দেশক লৈ সন্তুষ্টিৰ আৰু নিৰাপত্তাৰ ভাৱ এটা অনবৰতে জাগ্ৰত হৈ থাকিব লাগিব। তেতিয়াহে তেওঁলোকে নিজ মাতৃভূমিক লৈ গৌৰৱো অনুভৱ কৰিব পাৰিব।

 

পৃথিৱীৰ বহুদেশত বৰ্তমান চলি থকা ইমান অস্থিৰতাৰ মাজতো কিন্তু আমাৰ দেশে হাত সাৱতি বহি থকা নাই।

 

আজি আমি আমাৰ নৱ-প্ৰজন্মক জনাবলৈ পাই অতি সুখী হৈছোঁ যে আমাৰ চৌপাশৰ বহুত দেশত সমস্যাই জটিল ৰূপ ধাৰণ কৰাৰ সময়তো আমাৰ দেশ ভাৰতবৰ্ষই কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিৰ দিশত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। অলপতে ভাৰতে অন্তৰীক্ষত এক নতুন যুগৰ সূচনা কৰে। ২০২৪ চনৰ ৩০ ডিচেম্বৰৰ দিনা ভাৰতৰ প্রথম মহাকাশ ডকিং মিশন আৰম্ভ কৰি শ্ৰীহৰিকোটাৰ পৰা সফলভাৱে PSLV-C60 উৎক্ষেপণ কৰে। ভাৰতীয় মহাকাশ গবেষণা সংস্থা (ISRO) দ্বাৰা এই স্পেস ডকিং এক্সপেৰিমেন্ট (SpaDeX) ৰ লক্ষ্য হ’ল চ্যাটেলাইট  চার্ভিসিং, স্পেস স্টেশন অ্যাসেম্বলি আৰু ইন্টাৰস্টেলাৰ আভিযানসমূহ  আগুৱাই লৈ যোৱা যি আমাৰ দেশৰ মহাকাশ অনুসন্ধান যাত্রাত এক উল্লেখযোগ্য খোজ (মাইলষ্ট’ন) হিচাবে চিহ্নিত হৈ ৰ’ব।  

 

তাৰ ঠিক ডেৰমাহ আগতেই ভাৰতে প্ৰথমবাৰৰ ববে হাইপাৰছনিক ক্ষেপণাস্ত্র সফলভাবে পৰীক্ষা কৰে যাৰ গতিবেগ শব্দৰ গতিতকৈ প্ৰায় পঁচগুণে বেছি। ইয়াৰ লগেলগে আমাৰ দেশে প্ৰতিৰক্ষাৰ সক্ষমতাৰ ক্ষেত্ৰতো এক অতি উল্লেখযোগ্য অগ্রগতি চিহ্নিত কৰে আৰু বিশ্বৰ হাইপাৰছনিক প্রযুক্তি থকা দেশৰ লগতে নিজৰো এক স্থান অধিকাৰ কৰে।

 

গতিকে আমাৰ নৱ-প্ৰজন্মই আমাৰ মাতৃভূমি ভাৰতবৰ্ষৰ সন্তান হিচাপে গৌৰৱ অনুভৱ কৰিব পৰাৰ সম্পূৰ্ণ স্থল আছে।


আমাৰ যিসকল শিশু, ছাত্ৰ-ছাত্ৰী আৰু লেখক-লেখিকাই 'সূৰুযমুখী'লৈ লেখা পঠাইছে, সম্পাদনা মণ্ডলীৰ হৈ  তেখেতসকললৈ আৰু সন্মানীয় সহৃদয় পাঠকসমাজ সহ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কামনা কৰিছোঁ তেখেতসকলে যেন আগলৈয়ো তেখেতসকলৰ দিহা-পৰামৰ্শ আৰু লেখাৰে আমাৰ আলোচনীখন সমৃদ্ধ কৰি ৰাখে।


সদৌ শেষত, সূৰুযমুখী আলোচনীখন সম্পাদনা কৰোঁতে অনিচ্ছাকৃতভাবে হয়তো কিছু ভুল-ত্ৰুটি ৰৈ যাব পাৰে, গতিকে এইক্ষেত্ৰত আমি সকলোৰে গঠনমূলক দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলোঁ।


 ধন্যবাদ সহকাৰে,


পবিত্ৰা বৰঘৰীয়া,

সম্পাদক – সূৰুযমুখী

মুম্বাই

ফোন: ৯৪২৮৩৩০৮০০




Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page