সম্পৰ্ক
- তন্ময় কলিতা, গুৱাহাটী

- Jan 9
- 1 min read

তন্ময় কলিতা, সাতগাঁও, গুৱাহাটী
সুদীৰ্ঘ বসন্তৰ অপেক্ষা সামৰি
সংগোপনে ঘৰ সাজিছে
দুটি উৰণীয়া পখীয়ে।
ইপিনে সমুখত প্ৰাপ্তিৰ হাজাৰ আনন্দ
সিপিনে দুচকুত হেৰুৱা সময়ৰ
এসোঁতা চকুপানী।
ল'ৰালিৰ ৰ'দঘাই সময়তে
আয়ে সপোন ৰচিছিল
নিজ ভনীক লৈ,
আপোন ভনীক ওৰে জীৱন
আলফুলে সামৰি ৰাখিম।
এৰা, কথাবোৰ কথা হৈ নাথাকিল
জীৱনৰ সেন্দুৰীয়া বাট পাহৰি
ক্ষণিকতে দুৰ্দিনে লগ দিছিল
সকলো জানিও আজি আকৌ
আইৰ হেনো সুধিবলৈ মন গৈছে,
তই কোন বাটেৰে নীৰৱে
গুচি গৈছিলি ভনী?
তোৰ কথা ভাবিয়ে পাৰ হৈছিল
কিমানটা শোকাকুল ৰাতি!
শেলুৱৈ গজা বুকুত
বেদনাৰ এপাহ ৰক্তজবা ফুলিছিল
দুহাতৰ শিকলি ছিঙি
ক্ৰমশঃ পুৰণি সম্পৰ্কক নতুন আদৰণি।
কমলাৰঙী আবেলিবোৰত এতিয়া
অব্যক্ত কথাৰ উজান উঠিছে
চকুৰ ভাষাৰে আমি আজি
নিজেই নিজক সুধিছোঁ,
কিমান সুখী আমি!
বাঙ্ময় হৃদয়ৰ ভাঁজত
থুপি থুপি ভালপোৱা,
লগ নোপোৱাৰ সেই কাহিনীৰ আঁৰত
কিমান কণ্টকময় বাটৰ চকুলো!
আজিৰ হাঁহি প্ৰাপ্তিৰ
আজিৰ মিলন হৃদয়ৰ
আজিৰ সুখ সমস্ত ভালপোৱাৰ।
🌸🌸🌸🌸🌸🌸





Comments