হৃদয়ৰ যতন: ঈৰ্ষা, কপটতা, হিংসা বৰ্জন
- শিখা ৰাণী শৰ্মা, কামৰূপ, অসম
- Apr 6
- 3 min read

শিখা ৰাণী শৰ্মা, মিৰ্জা, অসম
ভাৰতীয় দৰ্শনত অহিংসাক পৰম ধৰ্ম বুলি কোৱা হয়। অহিংসা শব্দটো শুনিবলৈ যিমান সহজ, তাক পালন কৰাটো ইমান সহজ নহয়। কাকো আঘাত নকৰাকৈ থকাই অহিংসাৰ মহৎ অৰ্থ।
অহিংসা পালন কৰিবলৈ হ’লে সৰুৰে পৰাই অনুশীলন কৰিব লাগিব। কথাটো শুনিবলৈ আচহুৱা যেন লাগিলেও ই সত্য। অনুশীলনৰ দ্বাৰাহে অভ্যাস হয়, আৰু অহিংসাৰ ভাৱনাৰে চলিবলৈ মানুহৰ প্ৰতি প্ৰেম ভাব অন্তৰত ৰোপন কৰি চলিবলৈ সৰুৰে পৰা অনুশীলন কৰিব লাগিব। সেই প্ৰেমময় চিন্তাধাৰা আৰু অহিংস ভাৱনা পিতৃ মাতৃয়ে সন্তানক শিকাব লাগিব। কেতিয়াবা সন্তানে সমনীয়াহঁতৰ কৃতকাৰ্যতা দেখি তেওঁলোকৰ প্ৰতি অজানিতে ঈৰ্ষান্বিত হৈ পৰিব পাৰে। সন্তানৰ মুখেৰে পিতৃ-মাতৃয়ে তাৰ উমান পাবই, তেতিয়া লগে লগেই পিতৃ-মাতৃয়ে মৰমেৰে সন্তানৰ মনটো ঈৰ্ষাৰ পৰা মুক্ত কৰি আনৰ সুখত সুখী হোৱাৰ কৌশল শিকাব লাগে আৰু আনৰ কৃতকাৰ্যতাত জ্বলন নহৈ উৎসাহিত কৰাৰ মানসিকতা পোষন কৰিব লাগে। জীৱনৰ প্ৰেমৰ আদিপাঠ পিতৃ মাতৃয়ে ঘৰতেই দিব লাগে আৰু নিজে ওচৰ চুবুৰীয়াৰ কৃতকাৰ্যতাত উৎসাহ যোগাব লাগে, তেতিয়াহে সন্তানৰ মনো আনৰ কৃতকাৰ্যতাত উৎফুল্লিত হ'ব পাৰিব।
অহিংসাৰ অৰ্থ বহুত বিশাল যদিও আমি নিজৰ জীৱন যাপনৰ উদ্দেশ্যত কৰা অহিংসাৰ কথাকে ক'বলৈ বিচৰা হৈছে। অহিংসাক আমি পালন কৰিব লাগে জীৱনৰ উদ্দেশ্য হিচাপে।
হিংসা মনলৈ আহিব পাৰে, কিন্তু তাক জয় কৰি নিজকে উন্নত কৰাৰ মানসিকতা মানুহৰ থাকিব লাগিব। এইক্ষেত্ৰত মানুহে নিজক দমন কৰিবলৈ কঠোৰ হ'ব লাগিব। হিংসা মানুহৰ মনৰ অশান্তিৰ কাৰণ। হিংসুক মানুহে হেৰুৱাই পেলায় হৃদয়ৰ কমনীয়তা। মনৰ ভিতৰত পুহি ৰখা হিংসাই মানুহৰ মানসিক দৃষ্টিভংগী লেতেৰা কৰি পেলায়।
অহিংসা হ'ল মানৱ মনৰ দিব্য শক্তি। অহিংসাই হৃদয়ৰ কোঁহে কোঁহে দিব্য়প্ৰভাৰ সৃষ্টি কৰে, যাৰ পোহৰত মানুহে জীৱন উদযাপনৰ কৌশল শিকে।
অহিংসাৰে সযত্নপালিত ঈৰ্ষামুক্ত হৃদয় এখনে যি কোনো পৰিস্থিতিতে নিজক চম্ভালিব পৰাকৈ অফুৰন্ত শক্তিৰ অধিকাৰী হ'ব পাৰে; সদায়ে আভ্যন্তৰীণ সুখৰ গৰাকী হৈ নিষ্কলুষ হাঁহিৰে জীয়াই থাকিব পাৰে।
হৃদয়খন ঈৰ্ষামুক্ত কৰি ৰাখিবলৈ আমি হৃদয় বা মনৰো যতন ল'ব লাগে। জীৱনৰ বাটত আমি বিভিন্ন মানুহৰ সংস্পৰ্শলৈ আহোঁ। সকলো মানুহৰ লগত আমাৰ আদৰ্শগত মিল নাথাকিব পাৰে। কাৰোবাৰ লগত মতৰ অমিল হ'ব পাৰে। কেতিয়াবা তৰ্কৰ পৰ্যায়লৈও যাব পাৰে। তেনে পৰিস্থিতিত কিছু সময়ৰ পিছতে সেই কথাবোৰ পাহৰি গৈ মানুহজনক ক্ষমা কৰিব লাগে, নিজৰ ভালৰ কাৰণে তেওঁক বেয়া পাই থাকিব নালাগে। তেওঁ কোৱা ভুল কথাবোৰ ধৰি থাকিব নালাগে। সেই ভুল কথা কোৱা মানুহজনৰ প্ৰতি প্ৰতিশোধ বা ঈৰ্ষাৰ জন্ম হ'লে ঈশ্বৰৰ ওচৰত নিজক সমৰ্পণ কৰি সেই বিষময় পৰিবেশৰ পৰা মনক উদ্ধাৰ কৰিব লাগে।
এই কাম ইমান সহজ নহয়, কিন্তু অনুশীলনৰ দ্বাৰা এই কাম সহজ হৈ পৰে। কাৰো প্ৰতি আক্ষেপ নৰখাকৈ আমি সুস্থ জীৱন যাপনৰ প্ৰয়াস কৰিব লাগে। এয়া হ'ল হৃদয়ৰ সৌন্দৰ্য চৰ্চা। আমি হৃদয়ৰ যতন লৈ আত্মশুদ্ধিৰ দ্বাৰা আভ্যন্তৰীণ সুখত সুখী হৈ থাকিবলৈ শিকিব লাগে। তেতিয়া হৃদয়ে আমাক আজীৱন সুন্দৰ কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিব। আমি যে পৰমাত্মাৰ অংশ সেই কথা মনত পেলাই মনক নেতিবাচক চিন্তাৰ পৰা দূৰত ৰাখিব লাগে। নিজক প্ৰাণভৰি ভাল পাব লাগে আৰু সেই ভালপোৱাৰে আনকো সামৰি ল'ব লাগে। কাকো হেয় প্ৰতিপন্ন কৰাৰ মানসিকতা ৰাখিব নালাগে, আনক কথাৰে আঘাত কৰা প্ৰতিশোধমূলক আচৰণ কেতিয়াও কৰিব নালাগে। তেনে আচৰণৰ দ্বাৰা নিজৰেই ক্ষতি হয়। নিজৰ বুকুত যিমানেই আকাশসম উদাৰতাৰে ভালপোৱাৰ অনুশীলন কৰিব, সিমানেই আপোনাৰ মন-প্ৰাণ অনাবিল প্ৰশান্তিৰে ভৰি পৰিব। কোনোবাই ভাবিব পাৰে এয়া অসম্ভৱ, কিন্তু এয়া ১০০ শতাংশই সম্ভৱ। মানুহৰ প্ৰতি প্ৰেম অভ্যাসৰ দ্বাৰাই গঢ় লৈ উঠে। অসন্তুষ্টিবোৰ দলিয়াই দি প্ৰতিটো দিনেই উদযাপন কৰিব লাগে। সেই ভাৱেৰে অসমীয়া সাহিত্য জগতৰ প্ৰখ্যাত লেখক, সাংবাদিক, সমালোচক হোমেন বৰগোহাঞিদেৱে তেখেতৰ "আত্ম দ্বিপো ভৱ " নামৰ গ্ৰন্থত নিজে নিজৰ পোহৰ হোৱাৰ কথা কৈ গৈছে। নিজৰ অন্তৰত জ্বলাই লোৱা চাকি এটিৰ পোহৰত আমি নিজৰ বুকুৰ মাজতে সুখৰ সন্ধান পাব পাৰোঁ।
এই পৃথিৱীত আমি যে মাথোঁ এক ক্ষণস্থায়ী অভিনেতা, এই কথাষাৰ নিজৰ মনতে আওৰাই থকা ভাল। নিদ্দিষ্ট সময়ত ঈশ্বৰৰ নিৰ্দেশ আহিলে আমি সকলোৱে এই মায়াময় ধৰা এৰি এদিন গুচি যাব লাগিব। সেয়ে জীয়াই থকালৈকে সকলোৰে লগত সদ্ভাৱ বজাই ৰাখি, সুস্থ জীৱনৰ বাবে শৰীৰৰ দৰে হৃদয়ৰো যত্ন লোৱা উচিত। ঈৰ্ষা, অসূয়া, কপটতা, হিংসা ত্যাগ কৰি এক সুন্দৰ মানসিকতাৰ ব্যক্তি হিচাপে নিজৰ পৰিচয় ৰাখি যাবলৈ সদা চেষ্টা অব্যাহত ৰখা বাঞ্ছনীয়।
@@@@@@@@@
Comments