হেঁপাহৰ শাওণত, পিতাইলৈ
- মন্দিতা শৰ্মা, গুৱাহাটী

- Sep 19, 2024
- 1 min read
Updated: Oct 8, 2024

মন্দিতা শৰ্মা
গুৱাহাটী
পিতাই ঐ, ফেঁহুজালি দিবলৈ বহুত বাকী!
এধানিমান নিটালে পৰি থাক অ' পিতাই।
ফলি-পুথি সামৰি তোলৈ চাহ-জলপান লৈ যাম মই।
আপুতৰ-পুত কৰি মোক নাৰাখিবি অ' পিতাই।
তই নিদিলেও আজি মই মৈত উঠিম,
বুৰবুৰণি কঢ়া ঘোলা মাটিৰ ফুৰ্ফুৰীয়া গন্ধই
মোকো উতলা কৰে অ' পিতাই।
বেলা এপৰত আহি
বাহিৰে বাহিৰে পুখুৰীত জোবোৰাটো মাৰি,
নাকে-মুখে আয়ে যতনাই দিয়া ভাতকেইটা গুজি
তই শেতেলীত অকণমান জিৰণি লওঁতে,
পিতাই ঐ, তোৰ আধাপকা কেঁকোৰা চুলিত
আঙুলি বুলাওঁ আথে-বেথে,
জানোচা তোৰ ঘুমটি ভাগে!
খাওঁ খাওঁ কৰা ৰ'দে পোৰা পিঠিৰ
জোলাবন্ধা কেঁচা ঘামৰ সুবাসে
মোলৈ সুখ অথবা দুখৰ পাঠৰ মোহিনী মাৰে।
তোৰ কৰ্মঠ দেহাটি সাৱটি
যোজনৰ নীলা আকাশখন তোৰ বুকুতে পাওঁ,
সঁজাল ধৰা মতলীয়া সেউজীয়াবোৰ
তয়েতো দেহাৰ সুগন্ধৰে ধৰালৈ নমাই আন অ' পিতাই!
ৰৌদ্ৰৰ দহনেই তোৰ প্ৰাপ্তি।
সেউজীয়াৰ ন-পল্লৱেৰে,
সোণ-সোণালী সোণগুটিৰ আঘোণীয়া সৌষ্ঠৱ!
লিখা-পঢ়া মই, তই ভবা দৰেই কৰিম,
পঢ়াশালিৰ ছাৰৰ আশাৰ ফুল ময়েই ফুলাম।
শাওণৰ পথাৰখন বুকুত থাপি
আমি ইঞ্জিনচালিত হাল বাম দেই পিতাই।
বৰ্ষা হৈ আমি জীপাল কৰিম সেউজী ধৰণী।
আৰু এমুঠিমান সূৰুযমুখী হাঁহিৰে
শাওণতে গজালি মেলিব
সোণ-সোণালী জীৱন উদযাপনৰ শ্যামলী বাট।
******************





Comments