ৰাজকুমাৰী খেইৰী

Updated: Apr 20, 2025

হেল্ল’ অকণিহঁত কেনে আছা? বৰ গৰম পৰিছে নহয় নে? কিনো ক’ম !! আমি মানু্হবোৰে গছ-বিৰিখ কাটি পৃথিৱীখন তেনেই নাঙঠ কৰিলোঁ, গৰমতো হ’বই। এতিয়া তোমালোকেই আমাৰ ভৰষা। তোমালোকে পাৰিলে তোমালোকৰ জন্মদিন, নতুন বছৰ, মাদাৰ্চ ডে, ফাদাৰ্চ ডে ইত্যাদি বিশেষ দিনবোৰত একোজোপাকৈ হ’লেও গছ ৰুবাচোন। এনে কৰিলেও আমাৰ ধৰণীখন এদিন কেনে সেউজীয়া হৈ উঠিব চাবাচোন। সেয়া দেখি তোমালোকেই আনন্দত আত্মহাৰা হৈ উঠিবা।
আজি তোমালোকক মই এটা মজাৰ কাহিনী ক’ম, …এজনী সুন্দৰী ৰাজকুমাৰীৰ বিষয়ে ক’ম। এজনী ৰাজকুমাৰী যাৰ সোন্দৰ্য্য বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। এজনী ৰাজকুমাৰী গহীন গম্ভীৰ কিন্তু নটখটি। এজনী ৰাজকুমাৰী যাৰ কোনো ৰাজপাট নাছিল যদিও বিশ্বৰ অলেখ মানুহৰ অন্তৰত ৰাজত্ব কৰিছিল। এজনী ৰাজকুমাৰী যিজনীক কোনো ৰাজকুমাৰে পছন্দ কৰি নিজৰ ৰাজপ্ৰসাদলৈ লৈ যোৱা নাছিল। তোমালোকে ভাবিছা, মই কিনো লাগ-বান্ধ নোহোৱা কথাবোৰ কৈ আছোঁ! নহয়নে?
তোমালোকে বাৰু উৰিষ্যা ৰাজ্যৰ, ময়ুৰভঞ্জ জিলাৰ “শিমলিপাল টাইগাৰ ৰিজাৰ্ভ” ৰ নাম শুনিছানে? এই জাতীয় উদ্যানখন বাঘ, হাতী আৰু পাহাৰীয়া মইনা (Hill mynah) সংৰক্ষণৰ বাবে বিখ্যাত। প্ৰায় ২৭৫০ কি:মি: জুৰি বিস্তৃত হৈ থকা এই উদ্যানখনত প্ৰচুৰ পৰিমাণে শিমলুগছ থকাৰ বাবে শিমলিপাল ৰাষ্ট্ৰীয় উদ্যান নাম ৰখা হৈছে। ইয়াত থকা দুটা বিখ্যাত জলপ্ৰপাত হ'ল বৰহেপানী আৰু জোৰান্ডা। ২০০৯ চনত এই উদ্যানখন UNESCO World Network of Biosphere Reserve ৰ অন্তৰ্গত কৰা হৈছে।

৩ অক্টোবৰ ১৯৭৪ চনৰ এটা দিন। শীতকালৰ ৰাতিপুৱা, ময়ুৰভঞ্জ জিলাৰ খৰীয়া জনজাতিৰ কিছু মানুহ মৌ বিচাৰি ডাঠ হাবিৰ মাজলৈ গৈছিল। ঘূৰি ফুৰোতে সিহঁত এটা অদ্ভূত পৰিস্থিতিৰ সন্মুখীন হ'ল। খেয়ৰী নদীৰ পাৰত এজনী বাঘিনীয়ে নিজৰ পোৱালিকেইটাক লৈ বহি আছিল। মানুহ কেইটাই ভয়তে চিঞৰ বাখৰ লগালত বাঘিনীয়েও ভয়তে পোৱালি এৰি পলাল। লগে লগে মানুহ কেইটাই দৌৰি পলাই কিছু দূৰৈত থকা ডাঠ হাবিৰ আঁৰ লৈ বাঘিনীজনীৰ ৰেহ ৰূপ চাবলৈ ধৰিলে। কিছু সময়ৰ পাছত তাই লাহেকৈ ওলাই আহি পোৱালি কেইটা লৈ গ'ল। কিন্তু তাৰে এটা পোৱালি তাতে থাকি গ’ল। মানুহকেইটাই ভাবিলে বাঘিনীজনী আকৌ ঘূৰি আহিব পোৱালিটো নিবলৈ, গতিকে লুকাই থকাই ভাল। সময় যাবলৈ ধৰিলে- আধা ঘন্টা, এঘন্টা, দুঘণ্টা। বাঘিনীৰ কোনো খবৰ নাই। পোৱালিটো তাতে ঠৰঙা লাগি বহি আছিল। সন্ধিয়া হ’বৰ হ'ল। বেলি ডুবো ডুবো। কিন্তু বাঘিনী আৰু ঘূৰি নাহিল, কাৰণ এজনী ৰাজকুমাৰীৰ জন্ম হ'বলগীয়া আছিল।
ৰাতি হ'লে অকলে থকা পোৱলিটোৰ কিবা বিপদ হ'ব পাৰে বুলি ভাবি সিহঁতে পোৱালিটোক লগত লৈ গাঁও পালেগৈ। পিছে গাঁৱতনো এটা বাঘৰ পোৱালি কেনেকৈ ৰখা যায়? বহুত ভাবি চিন্তি সিহঁতে ঠিক কৰিলে-শিমলিপাল ৰাষ্ট্ৰীয় উদ্যানৰ বাঘ সংৰক্ষণৰ প্ৰতিষ্ঠাপক আৰু ক্ষেত্ৰ সঞ্চালক সৰোজ ৰাজ চোধুৰীৰ ওচৰলৈ লৈ যোৱাৰ। ভবা মতেই কাম। ইতিমধ্যে বন সংৰক্ষণৰ ক্ষেত্ৰত সৰোজ ৰাজ চৌধুৰীৰ নাম বিখ্যাত হৈ পৰিছিল। ১৯৭২ চনত তেখেতে বাঘৰ লোকপিয়ল (Tiger census) ৰ বাবে পদচিহ্নৰ দ্বাৰা চিনাক্তকৰণ (Pugmark methodiligy )পদ্ধতি প্ৰৱৰ্তন কৰিছিল। কেমেৰা ট্ৰেকিং পদ্ধতি ওলোৱাৰ আগলৈকে তেখেতৰ এই পদ্ধতি অনুশীলন কৰা হৈছিল। গাঁওৰ বহু মানুহ একেলগ হৈ ৫০ কি:মি: দূৰৈত থকা সৰোজ ৰাজ চোধুৰীৰ বন বিভাগৰ বাসগৃহলৈ ৰাওনা হ’ল। সৰোজ ৰাজ চোধুৰী আৰু তেখেতৰ পত্নী নিহাৰ নলিনী চোৱেইনে অতি আন্তৰিকতাৰে বাঘৰ পোৱালিটোক আদৰি ল'লে। খেইৰী নদীৰ পাৰত পোৱা বাবে তাইৰ নাম ৰাখিলে 'খেইৰী'। এনেকৈয়ে জন্ম হ'ল ৰাজকুমাৰী খেইৰীৰ।
সৰোজ ৰাজৰ বাসগৃহত ব্লেকী (Blacky) নামৰ এটা কুকুৰ, এটা অজগৰ সাপ, এটা হৰিণা পোৱালি (মানিক), এটা হায়েনা, এটা ভালুক আৰু এজনী পোৱালিৰে সৈতে বনৰীয়া মেকুৰী আছিল। ইহঁতৰ লগতে খেলি খেইৰী ডাঙৰ হ'বলৈ ধৰিলে। তাইৰ প্ৰিয় বন্ধু আছিল ব্লেকী। সৰোজ ৰাজ আৰু নিহাৰ নিঃসন্তান আছিল। খেইৰীৰ মাজত যেন তেওঁলোকে নিজৰ সন্তানক বিচাৰি পালে। খেইৰীৰ প্ৰিয় খাদ্য আছিল মাংস আৰু পাউদাৰ গাখীৰ। কিন্তু মাকে বা দেউতাকে খোৱাই নিদিলে ইমান প্ৰিয় খাদ্যলৈকো তাই ঘূৰিয়েই নাচাইছিল। নিহাৰৰ শাৰীৰ আচঁল টানি টানি খেলা, দেউতাক সৰোজ ৰাজ উভতি আহিলে দৌৰি গৈ কোলাত উঠা, খেইৰীৰ দৈনন্দিন কাম আছিল। ৰাতি তেওঁলোকৰ লগত বিচনাত শুইছিল। দিন যোৱাৰ লগে লগে লহপহকৈ খেইৰী বাঢ়িবলৈ ধৰিলে। ইফালে দেউতাক সৰোজ ৰাজৰ ৰাতিৰ টোপনি নাইকীয়া হ'ল। জীয়ৰীৰ কাৰণে এজন লগৰীয়া বিচৰাৰ কাম আৰম্ভ কৰিবলগীয়া হ'ল। বন বিভাগৰ নিয়ম অনুসৰি তাইক কেইবাবাৰো হাবিত এৰাৰ বাবে চেষ্টা কৰা হৈছিল। কিন্তু প্ৰত্যেক বাৰেই তাই হাবি এৰি ঘৰলৈ উভতি আহিছিল। খেইৰী বাঘিনী হ'লেও কেতিয়াও কোনো অৱস্থাতে হিংস্ৰতা দেখুওৱা নাছিল। মানুহ আৰু হিংস্ৰ বন্যপ্ৰাণীৰ মাজত এনে সম্বন্ধ অতি বিৰল নহয় নে? লাহে লাহে খেইৰীৰ বিষয়ে দেশ বিদেশৰ মানুহৰ কাণত পৰিবলৈ আৰম্ভ হ'ল। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে খেইৰী যেন বৰ আপোন হৈ পৰিল। কোনোবাই তাইলৈ চিঠি লিখিলে, কোনোবাই তাইৰ ওপৰত কবিতা লিখিলে। খেইৰীক চাবলৈ, লগত বহি ফটো তুলিবলৈ মানুহৰ ভিৰ লাগিল। এজনী বাঘিনীৰ সুন্দৰ ব্যৱহাৰে মানুহক আপ্লুত কৰি তুলিলে। খেইৰীৰ বিষয়ে তেতিয়াৰ প্ৰধান মন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীৰ কাণতো পৰিলগৈ।
তেখেতে সেই সময়ত বাঘৰ সংৰক্ষণৰ বাবে 'Project Tiger' নামেৰে এটা যোজনা আৰম্ভ কৰিছিল। গতিকে তেখেতে খেইৰীৰ নিৰাপত্তাৰ বাবে বিশেষ সচেতন হৈ সৰোজ ৰাজৰ লগত টেলিফোনেৰে যোগাযোগ কৰিলে। বহু দীঘলীয়া কথোপকথনৰ পাছত প্ৰধানমন্ত্ৰী নিশ্চিত হ'ল যে খেইৰীৰ নিৰাপত্তা একমাত্ৰ সৰোজ ৰাজ আৰু তেওঁৰ পত্নীৰ ওচৰতহে আছে। গতিকে খেইৰীক গোটেই জীৱন তেওঁৰ বাসগৃহত ৰাখিবলৈ অনুমতি দিয়া হ'ল। তাৰ পাছত আৰু তাইক বনত এৰিবলৈ কোনো চেষ্টা কৰা নহ'ল। মাক-দেউতাক আৰু নলেগলে লগা বন্ধু ব্লেকীৰ লগত বন বিভাগৰ বাসগৃহতে জীৱনটো পাৰ হ'বলৈ ধৰিলে।
কিন্তু এই সুখ বেছি দিন নাথাকিল।
খেইৰীৰ বয়স প্ৰায় ৭ বছৰ। সৰোজ ৰাজ তেখেতৰ অফিচৰ কামত দিল্লীলৈ গৈছিল। খেইৰী ব্লেকীৰ লগত খেলি আছিল। হঠাতে এটা পগলা কুকুৰ ক'ৰবাৰ পৰা আহি বাংলোৰ চৌহদত সোমাল। খেইৰী লগেলগে তৎপৰ হৈ উঠিল। বাকী জীৱ জন্তু আৰু মাক নিহাৰক বচাবৰ বাবে পগলা কুকুৰটোৰ ওপৰত জপিয়াই পৰিল আৰু নিমিষতে তাক মাৰি পেলালে। নিহাৰ দৌৰি বাহিৰলৈ আহি দেখে খেইৰী তেজেৰে লুটুৰি পুটুৰি! বন বিভাগৰ কৰ্মচাৰী, ডাক্তৰ সকলো লগে লগে আহি খেইৰীক চিকিৎসা কৰাত উঠি পৰি লাগিল। সৰোজ ৰাজক খবৰ দিয়া হ'ল। অনিচ্ছা সত্বেও তাইক এটা বেলেগ কোঠাত ৰখা হ'ল। কিন্তু সকলো চিকিৎসা বিফল কৰি খেইৰীৰ দেহত ৰেবিছ নামৰ বীজাণুবিধৰ সংক্ৰমনৰ সকলো লক্ষণ দেখা পোৱা গ'ল।
ইতিমধ্যে সৰোজ ৰাজ দিল্লীৰ পৰা উভতি আহিল। খেইৰীৰ অৱস্থা দেখি তেওঁ সম্পূৰ্ণ ৰূপে ভাগি পৰিল। ইফালে খেইৰীৰ অৱস্থা দিনক দিনে বেয়ালৈ যাব ধৰিলে। এনে পৰিস্থিতিত সকলো ডাক্তৰে তাইক আৰামৰ মৰণ (Euthanize) কৰাৰ পৰামৰ্শ দিলে। সৰোজ ৰাজে প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীলৈ ফোন কৰি সকলো কথা জনালে। খেইৰীৰ কষ্ট আৰু পীড়ালৈ লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়েও euthanize কৰাৰ সপক্ষে ৰায় দিলে। ২৮ মাৰ্চ, ১৯৮১, অগণন মানুহৰ অন্তৰ চুই যোৱা ৰাজকুমাৰী খেইৰীৰ দেহাৱসান ঘটে। খেইৰীৰ অবিহনে সৰোজ ৰাজ আৰু নিহাৰৰ ঘৰ যেন আৰু ঘৰ হৈ নাথাকিল। চাৰিওফালে নিমাওমাও। সৰোজ ৰাজ একেবাৰে ভাগি পৰিল। একমাত্ৰ সন্তানৰ মৃত্যুৱে তেওঁক জুৰুলা কৰি পেলালে। ১৯৮২ চনত খেইৰী যোৱাৰ এবছৰ নহওঁতেই সৰোজ ৰাজো এই পৃথিৱীৰ পৰা আতঁৰি গ'ল। জীয়েকে মৰমৰ দেউতাকক নিজৰ ওচৰলৈ লৈ গ'ল। ১৯৮৩ চনত ভাৰত চৰকাৰে সৰোজ ৰাজ চৌধুৰীক মৰণোত্তৰভাৱে পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰে।
ৰাজকুমাৰী খেইৰীক বাংলোৰ চৌহদতে সমাধি দিয়া হ'ল। সেই বাংলোতো এতিয়া “খেইৰী নিবাস” হিচাপে জনাজাত। খেইৰীৰ দৰদী মাতৃ নিহাৰে ২০২১ চনত ৮৮ বছৰ বয়সত দেহত্যাগ কৰে। এয়া হ'ল এজনী ব্যতিক্ৰমী ৰাজকুমাৰী আৰু তাইৰ পৰিয়ালৰ অন্তৰ চুই যোৱা কাহিনী। মই যিমান বাৰ খেইৰীৰ বিষয়ে পঢ়ো, অজানিতে দুচকুৱেদি চকুলো ওলাই আহে – সেয়া আবেগত, মৰমৰ আৰু বিষাদত। কেনেকৈ এজনী বাঘিনী যাক আমি হিংস্ৰ জন্তু বুলি গণ্য কৰোঁ, তাইয়েই অফুৰন্ত মৰম- চেনেহ দি এহাল নিঃসন্তান পতি-পত্নীৰ হৃদয়ত নিজৰ স্থিতি বনাই, তেওঁলোকৰ পৰিয়ালক সম্পূৰ্ণতা প্ৰদান কৰিছিল।
আশা কৰোঁ তোমালোকেও খেইৰীৰ বিষয়ে জানি ভাল পালা। সকলোৱে ভালে কুশলে থাকাহঁক।
আকৌ লগ হ'ম।
মৰমেৰে
ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য, মুম্বাই



Comments