top of page
  • Black Facebook Icon
  • Black Instagram Icon

ৰুণা আৰু ৰিয়াৰ কথাৰে

  • Writer: সুজাতা ভাগৱতী, যোৰহাট
    সুজাতা ভাগৱতী, যোৰহাট
  • Jul 12
  • 3 min read
ree

কৃত্ৰিম বুদ্ধিমত্তা বিষয়ক গল্প

সুজাতা ভাগৱতী, যোৰহাট

 

ৰুণা আৰু ৰিয়া দুয়ো একেখন স্কুলতে পঢ়া নলে-গলে লগা বান্ধৱী। পঢ়াত দুয়ো সমান বুলিয়েই ক'ব পাৰি। এবাৰ যদি ৰুণা প্ৰথম হয়, আনবাৰ ৰিয়া। দুয়ো নজনা কথা শিকিবলৈ কেতিয়াও লাজ নকৰে।

 

আজি ৰিয়াই মাকৰ মোবাইলত কৃত্ৰিম বুদ্ধিমত্তাৰে সজোৱা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, তৰুণ ৰাম ফুকন, চন্দ্ৰপ্ৰভা শইকীয়ানী, মামণি ৰয়ছম গোস্বামী, গোপীনাথ বৰদলৈ, আনন্দৰাম বৰুৱা, মনিৰাম দেৱান আদি কেইগৰাকীমান স্বনামধন্য অসমীয়াৰ ভিডিঅ' এটা দেখি অতি উৎসাহিত হৈ উঠিল।

 

এতিয়া কথা হ'ল, তেখেত সকলৰ বিষয়ে দুইজনীয়ে কম-বেছি পৰিমাণে জানে। বুঢ়ী আইৰ সাধুও পঢ়িছে আৰু বাকী কেইজনৰো কথা পাঠ্যপুথিত পঢ়িছে। তেখেতসকলৰ বিষয়ে লিখা কিতাপ ঘৰতো আছে। কিন্তু ইয়াত যে আছে কৃত্ৰিম বুদ্ধিমত্তা, এই কথাটোহে তাই বুজি পোৱা নাই। ৰি‌য়াক সোধাত তায়ো একো নাজানো বুলি ক'লে। শেষত দুইজনীয়ে আজি টিউচনৰ ছাৰকে সুধিব বুলি ভাবিলে। টিউচন ছাৰ আহি দুয়োজনীয়েনো কি কথাত ইমান মগ্ন জানিব বিচাৰিলে। তেওঁলোকৰ প্ৰশ্ন শুনি ছাৰে ক'লে যে “তোমালোকে এটা দৰকাৰী কথা সুধিছা, এই বিষয়ে তোমালোকে জনা উচিত।“

 

“তোমালোক সকলোৱে জানা যে আমাৰ এই যুগটো হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। এই যুগত মানুহে বহু নতুন নতুন বিষয়ত চমকপ্ৰদ আৱিষ্কাৰ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা যাক ইংৰাজীত কয় Artificial Intelligence, চমুকৈ AI; ই হৈছে যন্ত্ৰ বা কম্পিউটাৰৰ দ্বাৰা প্ৰদৰ্শিত আৰু পৰিচালিত বুদ্ধিমত্তা। সঁচাকৈয়ে ইয়ে আমাৰ জীৱনত এক নতুন বিপ্লৱৰ সূচনা কৰিছে। মানুহে প্ৰাকৃতিক বুদ্ধিমত্তাৰে কৰিব পৰা কিছুমান কাম যেতিয়া কম্পিউটাৰ নিয়ন্ত্ৰিত যন্ত্ৰমানৱে সম্পন্ন কৰে, তেতিয়া তাকে কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা হয়। ই কম্পিউটাৰ বিজ্ঞানৰ এটি বিভাগ য'ত মানুহৰ বুদ্ধিমত্তা আৰু চিন্তা শক্তিক কম্পিউটাৰৰ দ্বাৰা অনুকৃতি কৰাৰ চেষ্টা কৰা হয়। অৰ্থাৎ ই এনেকুৱা এটা ব্যৱস্থা বা প্ৰযুক্তি যাৰ সহায়ত কোনো মেচিনে মানুহৰ মগজুৰ দৰে বুদ্ধি খটায়। এই সকলো আমি দৈনন্দিন কামত ব্যৱহাৰ কৰিয়েই আছোঁ।“

 

ৰুণাই মাত লগালে, “ছাৰ মোবাইল ফোনৰ কাম ইয়াৰ ভিতৰতে পৰিব নেকি?”

 

“ঠিক ধৰিছা ৰুণা, আমাৰ মবাইলত থকা ভাৰ্চুৱেল ব্যক্তিগত সহায়কাৰী যেনে ভয়চ চাট, গুগল এছিছটেন্ট, ফেচ ডিটেকচন আদি হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ উদাহৰণ। জনপ্ৰিয় ই কমাৰ্ছ ৱেবছাইট এমাজন আৰু নেটফ্লিক্সতো কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰ হয়। আৰু ৰুণা তুমিযে প্ৰথম কৈছিলা কৃত্ৰিম বুদ্ধিমত্তাৰে আমাৰ অসমীয়া সাহিত্যিক সকলৰ নাম। কিয় কৈছিল ধৰিব পাৰিছানে? এই ধৰা লক্ষ্মীনাথ বেজবৰুৱা, যাক আমি ৰসৰাজ বুলি কওঁ। তেখেতৰ কাহিনীত কৃত্ৰিম বুদ্ধিমত্তাৰ উদাহৰণ পোৱা যায়, যিবোৰ কাল্পনিক আছিল। সেইবোৰ পঢ়িলে গম পাবা যে চিন্তাশক্তি সম্পন্ন কৃত্ৰিম জীৱ পুৰণি সাধুকথা কল্প কাহিনীত দেখিবলৈ পোৱা যায়। কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণা আৰম্ভ হৈছিল ১৯৫৬ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডাৰ্থমাউথ কলেজত। গৱেষণাৰ প্ৰতিষ্ঠাপক আছিল কাৰ্ণেগি মিলন বিশ্ববিদ্যালয়ৰ এলেন নেৱেল আৰু হাৰবাৰ্টছিমন মেচাছুটেটছ প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ জন মেককাৰ্থি, মাৰ্ভিন মিনস্কি আৰু আই বি এম কোম্পানীৰ আৰ্থাৰ ছেমুৱেল। এইকেইজন মানুহে গৱেষণাটোক নেতৃত্ব দিছিল।“

 

ৰুণা আৰু ৰিয়াৰ শিকাৰ আগ্ৰহ, একাগ্ৰতা দেখি তেওঁলোকৰ ছাৰে বৰ ভাল পালে। তেখেতে বুজাই দিলে যে আমাৰ দৈনন্দিন জীৱনত ব্যবসায় বাণিজ্যৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আৰু প্ৰয়োগ দিনক দিনে বাঢ়ি আহিছে।

 

দুয়োজনীয়ে এইখিনিলৈকে  সকলো সুন্দৰকৈ বুজি পালে। ৰিয়াই সুধিলে, “ছাৰ চাকৰি সম্পৰ্কীয় বেৱছাইট, জি-মেইলৰ কথা বতৰাত ব্যৱহাৰ হোৱা ৰিপ্লাইবোৰ, গুগল মেপৰদৰে যাত্ৰা সহায়কবোৰ, ওলা-ওবেৰৰ দৰে টেক্সী সেৱা, এইবোৰো কৃত্ৰিম বুদ্ধিমত্তাৰ ভিতৰতে পৰে চাগে।“

 

“নিশ্চয় ৰিয়া। তাৰোপৰি তোমালোকে সততেই ব্যৱহাৰ কৰি থকা এলেক্সা, মোবাইল বেংকিং আদি আৰু চিকিৎসা সম্বন্ধীয় বহু কাৰ্য, স্বয়ংক্ৰিয় গাড়ী মেচিন মেন বা ৰবটৰ কাৰ্য এই সকলো ইয়াৰ ভিতৰত পৰে।“

 

ৰুণাই সুধিলে, “ছাৰ আমাৰ মৌচাক মামাই তেখেতৰ 'ইলেকট্ৰনিক নামৰ ল'ৰাটো' নামৰ কিতাপখনত এজন মানৱ কিশোৰৰ লগত অবিকল চেহেৰাৰ ৰবটৰে হোৱা বন্ধুত্বপূৰ্ণ সম্বন্ধৰ কথা লিখিছিল।“

 

“হয় ৰুণা, তুমি এটা ভাল প্ৰশ্ন সুধিলা। মই বাৰু যিমান পাৰো চমুকৈ বুজাই দিম। ৰবট কৃত্ৰিম বুদ্ধিমত্তাৰ এটা অংশ হ'ব পাৰে। কিন্তু সকলো ৰবটতেই AI থাকে বুলি ক'ব নোৱাৰি। ৰবট এটা যান্ত্ৰিক ব্যৱস্থা যি নিৰ্দিষ্ট কামবোৰ স্বয়ংক্ৰিয় ভাৱে কৰিব পাৰে।

 

কৃত্ৰিম বুদ্ধিমত্তাবিহীন ৰবট হৈছে সাধাৰণ ইণ্ডাষ্টিয়েল ৰবটবোৰ। যিয়ে নিদ্দিষ্ট কামবোৰ পুনৰাবৃত্তি কৰি থাকে। কৃত্ৰিম বুদ্ধিমত্তাৰ ৰবট, এটা চফ্টৱেৰ; যিয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত চিন্তা কৰিব পাৰে। যেনে শিকা (learning), সিদ্ধান্ত লোৱা (dicision making), চিনাক্ত কৰা (recognition), কথা বুজুওৱা, ইত্যাদি।

গতিকে সকলো ৰবট কৃত্ৰিম বুদ্ধিমত্তা যুক্ত নহয়। কিন্তু কেতবোৰ ৰবট AI সহায়ত অধিক বুদ্ধিমান আৰু স্বয়ংক্ৰিয় হয়।

 

আজি তোমালোকে নিশ্চয় বহু কথা শিকিব পাৰিলা। বহুত দেৰি হ'ল, তোমালোকৰ ঘৰত চিন্তা কৰিব;

আজিলৈ যোৱাগৈ। আকৌ কেতিয়াবা সময় পালে আমি এই বিষয়ে আলোচনা কৰিম দেই।“


@@@@@@@@@

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page