top of page
  • Black Facebook Icon
  • Black Instagram Icon

ৰঙিলী মেকুৰী

  • Writer: ছৈয়দা আঞ্জুম আৰা হুছেইন, গুৱাহাটী
    ছৈয়দা আঞ্জুম আৰা হুছেইন, গুৱাহাটী
  • Sep 19, 2024
  • 1 min read

Updated: Oct 3, 2024











 ছৈয়দা আঞ্জুম আৰা হুছেইন

গুৱাহাটী

ৰীমাৰ এজনী মেকুৰী আছে

ৰঙিলী তাইৰ নাম,

ৰীমাৰ বিছনাতে শুই থাকে

আৰু যেন নাই একো কাম।

 

নিগনি দেখিলেও নধৰে তাই

গপতে ওফন্দি থাকে,

ৰীমাৰ ভাগৰ আইচ ক্ৰীমটোহে

তাইক খাবলৈ লাগে ৷

 

মাছ ভাজিলেই মেওমেওৱাই থাকে

 লাগে তাইক খাবলৈ,

নেগুৰ দাঙি গা_ঘহাঁই থাকে

মাছ এটুকুৰি দি’বলৈ ৷

 

ৰীমাই ৰঙিলীক অকলে নেৰে

ইমান যে ভাল পায়,

ৰাতিও দুয়ো একেখন বিছনাতে

একেলগে টোপনি যায় ৷


**************

 

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page