উপলদ্ধি
- অনিতা দেৱী, কাহিলীপাৰা, গুৱাহাটী
- 2 days ago
- 1 min read

অনিতা দেৱী, কাহিলীপাৰা, গুৱাহাটী
মহেন্দ্ৰৰ ঘৰত আজি আলহীৰ উখল-মাখল পৰিবৱেশ এটা বিৰাজমান। ভিন্ন প্ৰকাৰৰ ব্যঞ্জন ৰন্ধিবৰ বাবে কাৰিকৰসকল ব্যস্ত হৈ পৰিছে। প্ৰয়োজনীয় সকলো সামগ্ৰীৰ বজাৰ কৰা হ'ল নে আৰু কিবা খাদ্য সামগ্ৰী লাগিব মহেন্দ্ৰই পত্নী পৰীক আকৌ এবাৰ সুধিলে। পৰীয়ে জনালে যে সকলো সামগ্ৰী ইতিমধ্যে অলপ বেছি বেছিকৈয়ে অনা হৈছে, কাৰণ অতিথি কিছু বাঢ়িবও পাৰে।
পৰীৰ কথা শুনি মহেন্দ্ৰই শলাগি ক'লে,” ঠিকেই কৈছা, সময়ত কম হলে অসুবিধা হয়”। মাক-দেউতাকৰ কথা শুনি ওচৰতে থকা তেওঁলোকৰ পুত্ৰ মিণ্টুৱে মাকক ক'লে, “মা আজি বহুত ভাল লাগিছে। ইমান মানুহ আমাৰ ঘৰলৈ আহিছে। আজিনো কি পাতিছা মা?” মাকে মিন্টুক মৰমেৰে ক'লে, “সোণ তোমাৰ ককাৰাৰ আজি মৃত্যু তিথি। এই দিনত আলহী অতিথিক ভোজন কৰালে ঘৰখনৰ বাবে শুভ হয় আৰু স্বৰ্গত থকা ককাইও সুখ পাব।“
মিন্টুৱে অলপ পৰ মনে মনে থাকি মাকক ক'লে, “মা আচলতে জীয়াই থাকোঁতে ককা-আইতাক ভালকৈ খুৱাব নাপায় নেকি? নে মৰাৰ পিছতহে আলহী মাতি খুৱালে ভাল হয়?” মিন্টুৰ কথা শুনি পৰী থৰ হৈ তাৰ ফালে কিছু সময় চাই থাকিল। সৰু ল'ৰাটোৰ কথাই তাইৰ জ্ঞান চকু মুকলি কৰি দিলে!
পৰী অনুতপ্ত হ'ল আৰু মিন্টুক কোলাত লৈ মৰমেৰে ক'লে, “ শুনা সোণ, আচলতে পিতা-মাতাতকৈ ডাঙৰ কোনো নাই। আমি জীৱিত কালতে তেখেতসকলক শ্ৰদ্ধা-ভক্তি কৰিব লাগে আৰু সুখ-শান্তিৰে ৰাখিব লাগে। কাৰণ পিতা- মাতা অবিহনে আমি এই পৃথিবীখন দেখাৰ সৌভাগ্য নহ'লহেতেন।“
মিন্টুৰ দৰে সৰু ল’ৰা এটাৰ এষাৰ কথাই মাকক উপলদ্ধি কৰালে যে জীৱিত কালতে সকলোকে আদৰ যত্ন কৰিব লাগে, মৃত্যুৰ পিছত নহয়।
**********
Comments