এজনী নীলা মাছ
- হিয়া দাস, শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ, কামৰূপ
- Oct 13
- 2 min read

হিয়া দাস, উত্তৰ সিদ্ধেশ্বৰ পাহাৰ, শুৱালকুছি
এখন গাঁও আছিল। সেই গাঁৱতে এখন বৰ সুন্দৰ বিল আছিল। বিলত ৰঙা, নীলা, সেউজীয়া, হালধীয়া অসংখ্য মাছ আছিল। এই সকলোবোৰৰ ভিতৰত এজনী বিশেষ ধৰণৰ মাছ আছিল। বিশেষ এই কাৰণেই যে তাইৰ মূৰত একোছা নীলা চুলি আছিল। চুলিকোছা অনবৰত লাইটৰ দৰে চিকমিকাই থাকিছিল।
গাঁৱৰ সৰু ল'ৰা ছোৱালীবোৰে এই অসাধাৰণ চুলিকোছাৰ কাৰণেই মাছজনীক নীলি বুলি মাতিছিল। নীলিক সিহঁতে বৰ ভাল পাইছিল। নীলিয়েও ল'ৰা-ছোৱালীবোৰৰ লগত খেলি বৰ ভাল পাইছিল। তাই প্ৰত্যেক দিনাই বিলৰ পাৰলৈ উঠি আহি ল’ৰা-ছোৱালীহঁতৰ সৈতে নীলা চুলিকোছা উৰুৱাই নাচি-বাগি আনন্দ কৰিছিল।
তাই সিহঁতক পানীৰ তলৰ পৃথিৱীৰ কথাবোৰ বৰ ৰস লগাকৈ কৈ শুনাইছিল। সাধু সাধু যেন লগা কথাবোৰ ল'ৰা-ছোৱালীহঁতে খুব মনোযোগেৰে শুনিছিল। সাঁজ লগাৰ আগেয়ে সকলোৱে নিজৰ নিজৰ ঘৰলৈ উভতি গৈছিল পাছদিনা পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। এনেকৈয়ে সিহঁতৰ দিনবোৰ আনন্দেৰে পাৰ হৈ গৈ আছিল।
এদিন অন্য এখন গাঁৱৰ পৰা এজন বুঢ়া মাছমৰীয়া মাছ ধৰিবলৈ বিলৰ পাৰলৈ আহিল। পানীত জাল পাতিবলৈ সাজু হওঁতেই তেওঁ অকস্মাৎ নীলিক দেখা পাই আচৰিত হ'ল। কিছুসময় একেৰাহে নীলিৰ পিনে চালে। ভাবিলে, “যদি মই এই মাছজনী কেনেবাকৈ ধৰি লৈ গৈ ৰজাক দিব পাৰোঁ তেন্তে ৰজাই এই আচৰিত মাছজনীৰ বিনিময়ত মোক উপহাৰেৰে উপচাই দিব।“ এইবুলি মাছমৰীয়াই জালখন লৈ মনে মনে পাতি নীলিক ধৰিবলৈ খাপ পিটি ৰৈ থাকিল।
আবেলি ল’ৰা-ছোৱালীবোৰ বিলৰ পাৰলৈ আহিল। নীলিও হালিজালি নাচি-বাগি পানীৰ ওপৰলৈ উঠি আহিল। মাছজনীক দেখাৰ লগে লগে অলপো বিলম্ব নকৰি মাছমৰীয়াই জাল টানি দিলে আৰু নীলি জালৰ ভিতৰত আৱদ্ধ হৈ পৰিল।
জালৰ ভিতৰত নীলি ছট্ফটাই উঠিল। তাইৰ কৰুণ অৱস্থা দেখি ল’ৰা-ছোৱালীবোৰে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। তেওঁলোকে মাছমৰীয়াজনক ক’বলৈ ধৰিলে ---
: নীলিক এৰি দিয়া। কাবৌ কৰিছোঁ। লাগিলে আমাকেই ধৰি লৈ যোৱা।
ল'ৰা-ছোৱালীবোৰে বহুত চিঞৰ-বাখৰ কৰি কাকূতি কৰিলে। কিন্তু মাছমৰীয়াজনে কাৰো কথালৈ মন নিদি অন্য মাছ, কেঁকোৰাৰ সৈতে নীলিক খালৈত সুমুৱাব ধৰোঁতেই পানীৰ মাজৰ পৰা জলপৰী এগৰাকীৰ আৱিৰ্ভাৱ হ’ল। জলপৰীয়ে কবলৈ ধৰিলে ---
: মাছমৰীয়া, তুমি নীলিক এৰি দিয়া। এইক এৰি দিয়াৰ বিনিময়ত তোমাক কি লাগে মোক কোৱা। মই সকলো দিবলৈ সাজু আছোঁ। ভয় নকৰিবা - কোৱা কি লাগে?
হঠাৎ জলপৰীক দেখি হতভম্ব হ’ল মাছমৰীয়া। ভয়ত কঁপা কঁপা মাতেৰে ক’লে,--
: মোক ক্ষমা কৰক দেৱী। অবোধ মাছবোৰ পানীৰপৰা ধৰি নিবলৈ মোৰো মন নাযায়; কিন্তু জীৱিকাৰ কোনো পথ নথকাতহে মই এই কাম কৰিবলগীয়াত পৰিছোঁ। দেৱী, মোক খেতি কৰিবৰ বাবে পথাৰ এখনকে দিয়ক। একমাত্ৰ ল’ৰাটোৰ সৈতে তাতে খেতি কৰিয়েই মই জীৱিকা মোকলাম।
: তথাস্তু ।
এইবুলি কৈ জলপৰী অন্তৰ্ধান হ’ল। মাছমৰীয়াই ততাতৈয়াকৈ নীলিক মুকলি কৰি দি নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰিলে। জীৱনত আৰু কেতিয়াও মাছ নধৰোঁ বুলি শপত খাই তেওঁ নিজ ঘৰলৈ বুলি খোজ ল’লে।
ল'ৰা-ছোৱালীবোৰে নীলিক ঘুৰাই পাই বিলৰ পাৰে পাৰে ঘূৰি ঘূৰি নাচিবলৈ ধৰিলে। তাকে দেখি নীলিয়েও তাইৰ নীলা চুলিকোছা উৰুৱাই নাচিবলৈ ধৰিলে।
নীতিশিক্ষাঃ সৎ পথেৰে আগবাঢ়িলে মানুহ কাহানিও বিপদত নপৰে।
🧜♀️🧜🧜♀️🧜🧜♀️
Comments