পুৰুষ নে মহাপুৰুষ
- ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য, কাণ্ডিভেলী,মুম্বাই
- 2 days ago
- 2 min read

ড° অঞ্জু শইকীয়া ভট্টাচাৰ্য্য, মুম্বাই
১৯ চেপ্তেম্বৰ ২০২৫, এই দিনটো বাৰু কেনে ধৰৰে লওঁ? এজন বিখ্যাত, জনপ্ৰিয় পুৰুষৰ মৃত্যু দিন হিচাপে নে এজন মহাপুৰুষৰ জন্ম দিন হিচাপে লওঁ! তেখেতক আমি কিমান বুজি পালো? নে আমি তেওঁক বুজি পাবলৈ চেষ্টাই নকৰিলোঁ? যদিহে বুজি পালোহেঁতেন, তেতিয়া হ'লে জীয়াই থকা অৱস্থাতে মহাপুৰুষৰ আসনখন দিলোঁহেঁতেন।
হয়, মই ১৯৭২ চনৰ ১৮ নভেম্বৰত জন্মগ্ৰহণ কৰি, অতি কম দিন লৈ পৃথিবীলৈ আহি, সৌ সিদিনা, ১৯ চেপ্তেম্বৰ ২০২৫ ত মৃত্যুবৰণ কৰা আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ কথাই ক’বলৈ গৈছোঁ।
মুম্বাইলৈ অহাৰ পাছত জুবিনক খুব ওচৰৰ পৰা লগ পোৱাৰ সৌভাগ্য ঘটিছিল। তেওঁৰ পত্নী গৰিমাক (তেতিয়া সিহঁতৰ বিয়া হোৱা নাছিল) লগত লৈ আমাৰ ঘৰলৈ আহিছিল। দুয়োজন ল’ৰা-ছোৱালী বৰ মৰম লগা আৰু সৰল আছিল। জুবিন মাত্ৰ দেখিবলৈহে ডাঙৰ ল'ৰা। কিন্তু তেওঁৰ মনটো এজন শিশুৰ দৰে নিষ্পাপ আৰু নিভাঁজ আছিল। এজন শিশুৱে যেনেকৈ আনে কি ভাৱে সেয়া চিন্তা নকৰি, নিজে যি ভাল পায় তাকে কৰে, জুবিন তেনেধৰণৰ লোক আছিল। শিশুৰ দৰে তেওঁৰ মন নিৰ্মল আছিল। তেওঁৰ মানসিকতা সমাজৰ, ধৰ্মৰ বাধ্যবাধকতাৰৰ পৰা বহু ওপৰত আছিল । সেয়ে বিনা দ্বিধাই কব পাৰিছিল, “মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত।”
সঁচাকৈয়ে এই মায়া-মোহৰ জগতখনত থাকিও তেওঁ যেন সম্পূৰ্ণ মুক্ত বিহংগৰ দৰে আছিল। জুবিনৰ সহজ সৰল, মুক্ত মনটোৱে মোক সাংঘাতিকভাৱে প্ৰভাবিত কৰিছিল। তেওঁ হঠাৎ যেতিয়া অসমলৈ ঘূৰি গৈছিল, দুখ পাইছিলোঁ, খঙো উঠিছিল, ইমান সম্ভৱনাময় জীৱন এটা এৰি থৈ যোৱাৰ বাবে। কিন্তু জুবিন আছিল সম্পূৰ্ণ বেলেগ। সেয়ে মানুহে তেওঁক পগলা, উন্মাদ আৰু কত কি কৈ নিন্দা কৰিছিল! জুবিন আছিল সাহসী, আছিল স্ৱাভিমানী। ফুল য'তেই নুফুলক লাগে, নিজৰ সুগন্ধি চাৰিওফালে বিয়পি পৰে। এই জনেই আছিল মৰম আকলুৱা আমাৰ জুবিন।
মই আজি বিগত ২০ বছৰ ধৰি জীৱ জন্তুৰ কাৰণে কাম কৰি আছোঁ। কিন্তু তথাপি এডাল আঘাতপ্ৰাপ্ত সাপ হাতেৰে উঠাই লোৱা, এটা কাছৰ মুখত আঙুলি সোমাই দিয়াৰ সাহস মোৰ নাই। এটা মন কিমান শুদ্ধ আৰু শক্তিশালী হ'লে এইবিলাক কাম কৰিব পাৰে! “মানস জাতীয় উদ্যান”ত পৰ্য্যটকৰ গাড়ীক আক্ৰমণ কৰা এটা গড়ক ”যা, যা, গ’ বেক, গ’ বেক” বুলি উভতাই পঠাইছিল। খিন-মিন, মৰম লগা ল'ৰাটোৰ গাত কিবা অলৌকিক শক্তি আছিল নিশ্চয়। কিন্তু আমি সেয়া বুজি নাপালোঁ, চিনি নাপালোঁ। যেনেকৈ তেওঁ একলাখ টকাৰ জোতাযোৰ পিন্ধি আনন্দ পাইছিল, তেনেকৈ হাৱাই চেন্দেল পিন্ধি মঞ্চত উঠিবলৈো লাজ নাপাইছিল। ঠাণ্ডাত কপি থকা মানুহটোৰ গাত নিজৰ পিন্ধি থকা জেকেটটো দি দিয়া, হাতত থকা গোটেই কেইটা পইচা ৰোগীৰ পৰিয়ালৰ হাতত দি দিয়া, দুৰ্ঘটনাত তেজেৰে লুতুৰি পুতুৰি মানুহক নিজ হাতেৰে নিজৰ গাড়ীত উঠাই লোৱা, কোনো সাধাৰণ মানুহৰ কাম নহয়, সেয়া জুবিনে অতি সহজেই কৰিব পাৰিছিল।
এনে এজন মানুহক কিছুমানে মানুহে তেজ পিয়াৰ দৰে শুহি শুহি খালে। আৰু অৱশেষত এনেকুৱা এটা আপুৰুগীয়া সম্পদ আমি হেৰুৱাই পেলালোঁ…..। জীয়াই থাকোঁতে বুজি নোপোৱা হীৰা ডোখৰে মৃত্যুৰ ছাঁয়াত আকৌ জন্ম ল’লে মহাপুৰুষ হৈ। আজি তেখেতৰ সমাধিস্থল ৰূপান্তৰিত হ'ল প্ৰাৰ্থনা স্থলীলৈ, য'ত কোনো জাতি-ধৰ্মৰ ভেদাভেদ নাই।
এই কথা খিনি লিখোঁতে মোৰ দুচকুৱেদি চকুলো বাগৰিছে, কিন্তু সেয়া দুখত নহয়, আৱেগত। আমি এই পৃথিৱীত কিমান দিন জীয়াই থাকিলোঁ, সেয়া ডাঙৰ কথা নহয়, তাতোকৈ গুৰুত্বপূৰ্ণ কথা হ'ল জীয়াই থাকোঁতে আমি কি কৰিলোঁ।
যাওঁতে যাওঁতে অভিমানী ল'ৰাটোৱে আমাক জীৱন দৰ্শনৰ মাৰ্গ দেখুৱাই গ'ল।
জুবিন তুমি অসম আৰু অসমবাসীৰ অন্তৰত যুগ যুগলৈ বিৰাজমান হৈ থাকিবা।
শত শত নমন তোমাক।
🙏🙏🙏🙏
Comments