বতাহে কঢ়িয়াই আনে মোৰ শৈশৱৰ স্মৃতি: মই চুমচুমীয়ে কৈছোঁ ...
- পবিত্ৰা বৰঘৰীয়া, মুম্বাই

- Oct 13
- 6 min read
Updated: Oct 14

পবিত্ৰা বৰঘৰীয়া, মুম্বাই
শুই উঠাৰ পিছত আজিৰ মোৰ দিনটো খুউব ভালদৰেই আৰম্ভ হৈছিল। যোৱাৰাতি পিস্কিয়েও বৰ বিশেষ আমনি কৰা নাছিল, সেয়ে মাম্মীমাৰ লগত মই গোটেই ৰাতি শান্তিৰে শুব পাৰিছিলোঁ। পুৱা উঠি মাম্মীমাই ব্যায়াম, প্ৰাণায়াম আদি কৰিবলৈ বুলি যোগ-মেটখন পাৰি লওঁতেহে, লেঙেৰাই লেঙেৰাই কাঁড়ডাল অহাদি আহি মেটখনত তাইৰ নখবোৰ ধৰাবলৈ আৰম্ভ কৰিলেহি। তাইকে দেখি মোৰ নখবোৰো কিবা পিৰপিৰাই উঠা যেন লাগিল আৰু ময়ো তাইৰ পিছে পিছে গৈ দুবাৰমান নখবোৰ মেটত ঘহাওঁতেই মাম্মীমাই চোঁমাৰি উৰি অহাদি আহি আমাক খং কৰিবলৈ ধৰিলে, " এই দুজনী অলপ বদমাচ নহয় দেই....। ইহঁতৰ নখ ধৰাবলৈ ইমানবোৰ যতন কিনি আনি থওঁতেও ইহঁতে মোৰ মেটখনহে বিচাৰি পায়। ইহঁতক ইমান মৰম কৰোঁ, তথাপি পুৱাই পুৱাই মোকহে জ্বলাবহি!"
পিস্কিয়ে মাম্মীমাৰ মুখলৈ চাই, চকু পিৰিকিয়াই পিৰিকিয়াই হেবাংজনীৰ দৰে বহি থাকিল। তাইয়ে বদমাচি কৰিব বেছি, আকৌ ধৰা পৰিলে তায়ে নিৰ্দোষী সাজি যেনেকৈহে বহি দিব, সকলোৱে ভাবিব, মইহে যেন তাইক এইবোৰ বদমাচি কৰিবলৈ শিকাইছিলোঁ। মোৰ আকৌ মনটো বেয়া লাগি গ'ল। কাৰণ মই আগতেও মাম্মীমাৰ দুখনকৈ যোগ-মেট নখৰে আঁকুহি-বাঁকুহি নষ্ট কৰিছোঁ ইতিমধ্যে। এইবাৰ নতুন মেটখন কিনি অনা দেখিয়েই, এইখনৰ ওপৰত এনে কোনো উপদ্ৰৱ নকৰোঁ বুলি মনতে শপত খায়ো, পিস্কিৰ লগতে লাগি কিয়নো এনে কৰিবলৈ গ'লোঁ...মনতে ধিক্কাৰ হ'ল। সেয়ে সৌৰভৰ কোঠালৈ গৈ চুপচাপ শুই থাকিলোঁগৈ।
অলপ টোপনি টোপনিৰ ভাব এটা আহিছিলহে, তেনেতে হঠাতে সাৰ পাই গ'লোঁ...। এনে লাগিল যেন মোৰ আচল মেকুৰী মা-জনী মোৰ কাষতে ক'ৰবাত আছেহি। মই ইফালে সিফালে চালোঁ, নাইতো...ক'তা মোৰ মা দেখোন মোৰ ওচৰত নাই! আকৌ শুবলৈ যত্ন কৰিলোঁ, কিন্তু বাৰেবাৰে মোৰ এনে লাগিছে, যেন মোৰ ওচৰতে ক'ৰবাত মোৰ মা-জনী নহ'লেও মোৰ ভাই-ভনী বা ভাইটো আছে।...অ' হয় হয়, মই স্পষ্টকৈ সিহঁতৰ গাৰ গোন্ধ পাইছোঁ। মই সিহঁতৰ লগৰ পৰা আতঁৰি অহা চাৰিবছৰৰ ওপৰ সময় পাৰহৈ গ'ল, কিন্তু, ক'তা ... আজিৰ দৰে এনেকুৱা অনুভৱ মোৰ দেখোন কেতিয়াও হোৱা নাছিল! মোৰ বুকুখন কিবা ধৰণৰ লাগি আহিল! ...যেন ধপধপাই উঠিছে, নে মোচৰ খাই উঠিছে.... মই ঠিক ধৰিব পৰা নাই। মই বাথৰূমলৈ গৈ আমাৰ শৌচ-প্ৰসাৱ কৰা লিটাৰ-বক্সটোৰ ওপৰত বহি এবাৰ প্ৰসাৱ কৰিছোঁ, এবাৰ পায়খানা কৰিবলৈ যত্ন কৰিছোঁ, কিন্তু হোৱা নাই। মুঠতে কি হৈছে মই ঠিক ধৰিব পৰা নাই!
তেনেতে মই এবাৰ কোঠাটোৰ খিৰিকীখনৰ কাষলৈ গৈ ইস্ত্ৰি কৰা টেবুলখনৰ ওপৰতে বহিলোঁগৈ...। খিৰিকীৰ নেটৰ শ্লাইডাৰখন বন্ধ হৈ আছিল যদিও কিন্তু গ্লাছবোৰ খোলা আছিল। মই আৰামেৰে বহিলৈ, খিৰিকীৰ নেটৰ মাজেদি দূৰৰ পাহাৰটোলৈ চাই পঠিয়ালোঁ.... আৰু দীঘলকৈ গভীৰ উশাহ এটা বুকুৰ ভিতৰলৈ ধীৰে ধীৰে টানি ল'লোঁ...। অ' হয় হয়....মোৰ অনুভৱ হৈছে, এইয়া যেন অতীতত এৰি অহা মোৰ ভাই-ভনীকেইজনী আৰু মোৰ চেনেহৰ মা-জনীৰ শৰীৰটো মোৰ লগত যেন লুটপুত খাই পৰিছেহি! সিহঁতে যেন মোৰ শৰীৰটোৰ লগত স্নেহসনা ধেমালিৰে লুটীয়া-লুটি খেলি মোক ঘমাই তুলিছে! ....আবেশত মই মোৰ চকুযোৰ জপাই দিলোঁ....। সিহঁতৰ নাকৰ পৰা নিৰ্গত উষ্ম নিশ্বাসে যেন মোৰ শৰীৰটো উমাল কৰি তুলিছে, ... আৰু সিহঁতৰ জিভাৰ খহতা পৰশে যেন মোৰ শৰীৰটো কঁপাই তুলিছে...। মই... মই সিহঁতৰ প্ৰতিটোৰে শৰীৰৰ গোন্ধ পাইছোঁ...মোৰ নাকত সিহঁতৰ নোমাল, আপোন আপোন যেন লগা গোন্ধটো তীব্ৰভাৱে লাগিছেহি....। মই সিহঁতৰ লগত নুৰিয়ানুৰিকৈ, এটাৰ বা এজনীৰ গাৰ ওপৰদি বগুৱা বাই গৈ যেন মাৰ পিয়াহ পিবলৈ চেষ্টা কৰিছোঁ...। এইয়া ভাইটোৱে মোক ঠেলা মাৰি আঁতৰাই দি সিহে মাৰ বেছিভাগ গাখীৰ পি খালেগৈ...। মাই আধা জপোৱা চকুযুৰিয়ে নেদেখা ভাও ধৰি সকলো চাই আছে...। মাৰ সেই দৃষ্টিত কিযে এক আশ্বাসৰ ভাৱ...."চিন্তা নকৰিবা মোৰ আইজনী, তোমালৈও মোৰ বুকুৰ গাখীৰ সাঁচি ৰাখিম....। "
মই যেন পাগল হৈ উঠিছোঁ....। এইয়া...এইয়া মই যেন সিহঁতৰ শৰীৰবোৰৰ উত্তাপ অনুভৱ কৰিব পাৰিছোঁ, এইটো মোৰ ভাইটোৰ গোটাসজীয়া গাটো...এইজনী ক্ষীণ-মীন মোৰ সৰু ভনীজনী, এইজনী, ...বগীকৈ এইজনী কংকী নেকি...? ক'তা কংকীকটো বোন্দাটোৱে চোঁচৰাই টানি ওখ পকাৰ দেৱালখন পাৰ কৰাই লৈ গৈছিল ...। পিছদিনা সৌৰভ আৰু মাম্মীমাই তাইৰ নিঠৰ দেহটো মেট্ৰ' ষ্টেচনৰ কাষৰ নাৰিকলজোপাৰ তলতে সমাধিস্থ কৰি দুয়ো হুকহুকাই কান্দি উঠিছিল...। এটা সময়ত মই মোৰ মনৰ ওপৰত সকলো নিয়ন্ত্ৰণ হেৰুৱাই পেলালোঁ আৰু গেঙাই গেঙাই চিঞৰি উঠিলোঁ...। এবাৰ দুবাৰ নহয়, বহুবাৰ মই এটা কোঠাৰ পৰা আনটো কোঠাৰ খিৰিকীৰ কাষলৈ গৈ গৈ এনেদৰে গেঙাই গেঙাই কান্দিবলৈ ধৰিলোঁ....।
মাম্মীমাই যোগ-ব্যায়াম সামৰি, তেতিয়া পাপাৰ লগত বহি পুৱাৰ জলপান খাই আছিল বোধহয়। কাৰণ এনে সময়ত তেওঁলোকে তাকে কৰে। মোৰ মুখৰ পৰা ওলোৱা এনে অদ্ভূত শব্দটো শুনি মাম্মীমাই আধা খোৱাকৈয়ে দৌৰাদৌৰিকৈ উঠি আহি সুধিলেহি... ."চুমচুমী...বেটীমণি কি হ'ল তোমাৰ? কিয় এনেকৈ কান্দিছা? আগতে এনেকুৱা তুমি কেতিয়াও কৰা নাই, আজি কি হ'ল তোমাৰ? ....কিবা দেখিছা নেকি আমাৰ ঘৰত তুমি? কেতিয়াবা তোমালোকে দেখা বস্তু আমি দেখা নাপাব পাৰোঁ, আৰু আমি দেখা বস্তুও কেতিয়াবা তোমালোকে দেখা নাপাব পাৰা...।"
তেওঁৰ কথা শুনি মই ৰৈ গ'লোঁ,....দ কৈ গমি চালোঁ। ক'তা? মইটো একো দেখা নাই...। মাম্মীমাই হঠাতে আগতে কেতিয়াও নোকোৱা বা নোসোধা কথাষাৰ, আজি হঠাতে কিয় কৈ উঠিল! তেতিয়াহ'লে এনেকুৱা ধৰণৰ কিবা এটা আজি এই পুৱাভাগতে হৈ উঠিল নেকি? কিন্তু মইতো কাকো দেখা পোৱা নাছিলোঁ...। কেৱল তলৰ ৰাস্তাৰে অহা-যোৱা কৰি থকা মানুহবোৰ, গাড়ী-মটৰ, স্কুটাৰ আদিবোৰহে দেখিছিলোঁ। আৰু গছৰ ডালৰ আগবোৰত কাউৰী, শালিকা আদি চৰাই-চিৰিকতি কিছুমান বহি থকা দেখা পাইছিলোঁ।
আকৌ ভাবিবলৈ ধৰিলোঁ, তেতিয়াহ'লে মই সিহঁতৰ গাৰ গোন্ধ ইমান তীব্ৰভাৱে কেনেকৈ অনুভৱ কৰিছিলোঁ? মই এদিন কেট ভিডিঅ' এটা চাই থাকোঁতে কোনোবা বগাকৈ ওখ-পাখ ধুনীয়া মৰমীয়াল ধৰণৰ মানুহ এজনে কৈ থকা শুনিছিলোঁ, আমাৰ মেকুৰীজাতীয় জন্তুবোৰৰ হেনো গোন্ধ শক্তি অত্যন্ত তীক্ষ্ণ আৰু আমি মগজুত গোন্ধৰ স্মৃতি দীৰ্ঘদিন ধৰি সাঁচি ৰাখিব পাৰোঁ। আৰু এই ঘ্ৰাণ শক্তিৰ সহায়তে বহু বছৰৰ পিছতো হেনো আমি নিজৰ আত্মীয়ক চিনাক্ত কৰিব পাৰোঁ।
তেতিয়াহ'লে সেইদিনা আমাৰ ঘৰৰ কাষেদি মোৰ আত্মীয় কোনোবা পাৰ হৈ গৈছিল নেকি! সেয়ে ছাগৈ মই ইমান তীব্ৰভাৱে মোৰ একালৰ অতিকৈ আপোন সকলোবোৰ মোৰ নিকট সান্নিধ্যলৈ অহা যেন অনুভৱ হৈছিল! তেতিয়াহলে মোৰ মা, ভাই-ভনী সকলো জীয়াই আছে নেকি?
কিন্তু মোক সৌৰভে ইয়ালৈ লৈ অনাৰ অলপ দিনৰ পিছতেই আমাৰ গোটেই পৰিয়ালটোকে এই ছ'ছাইটিৰ পৰা আতঁৰাই পঠোৱা হৈছিল বুলি গম পাইছিলোঁ। এই ছ'ছাইটিৰে এগৰাকী বৃদ্ধা মহিলাই মেকুৰী বোলা প্ৰাণীটোকে একেবাৰেই দেখিব নোৱাৰে। তেখেতৰ আদেশতে এই ছ'ছাইটিত আশ্ৰয় লৈ থকা আমাৰ গোটেই পৰিয়ালটোকে ইয়াৰ পৰা খেদি পঠোৱা হ'ল বুলি মাম্মীমা, সৌৰভহঁতে দুখ কৰি থকা শুনিছিলোঁ।
সেয়া শুনি মোৰ যে কিমান বেজাৰ লাগিছিল, সেয়া কাকোৱেই বুজাই ক'ব নোৱাৰাৰ দুখ মোৰ গোটেই জীৱনলৈ থাকি যাব। তথাপি মনৰ মাজতে আশা এটা পুহি ৰাখিছিলোঁ, কেতিয়াবা ক'ৰবাত সিহঁতক লগ পাম। অৱশ্যে মই ইয়ালৈ আহিছিলোঁ যদিও এনেকৈ ইয়াতে ৰৈ যাম বুলি কেতিয়াও ভবা নাছিলোঁ। অৱস্থাই এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিলে, মই মোৰ পৰিয়ালটোৰ লগত একেবাৰেই বিছিন্ন হৈ পৰিলোঁ...! সিহঁতলৈ প্ৰথম প্ৰথম খুউব মনত পৰিছিল । সময়ৰ লগেলগে সেয়া কমি আহিছিল; তাতে সৌৰভ, মাম্মীমাহঁতৰ মৰমে মোক তেওঁলোকৰ অভাৱখিনি পাহৰাই ৰাখিছিল। কিন্তু আজি মই ভালদৰে বুজি উঠিলোঁ, মোৰ অৱচেতন মনৰ কোনোবাখিনিত সেয়া সুপ্ত হৈহে আছিল! নহ'লে আজি মোৰ দৃষ্টিগোচৰ নোহোৱাকৈয়ে, মাত্ৰ বতাহত ওপঙি অহা আপোনজনৰ শৰীৰৰ গোন্ধই মোক কিয় ইমান ব্যাকুল কৰি তুলিব পাৰিলে?
কিন্তু ব্যাকুল হৈ উঠাৰ বাহিৰেতো আমাৰ আৰু কোনো উপায় নাই। হাবি-জংগলত থকা হ'লে আমাৰ শত্ৰু জন্তুবোৰৰ চকুত ধূলি দি চুপে-চাপে গৈ এদিন নহয় এদিন হ'লেও সিহঁতক বিচাৰি উলিয়ালোগৈহেতেন। কিন্তু এই মানুহ নামৰ অতি জ্ঞানী প্ৰাণীৰ সমাজখনত থাকি আমাৰ ক্ষুদ্ৰ মগজুৰ প্ৰাণীয়ে কিয়েইবা কৰিব পাৰোঁ... কোৱা ! বাট-পথলৈ ওলালে গাড়ী, স্কুটাৰৰ চেপাত পৰি জীৱটো যোৱাৰ চিন্তা, অবাটে যাবলৈও ভয়, ভৌ-ভৌ কৰি খেদি অহা বিয়াগোম আকাৰৰ কুকুৰবোৰৰ দাঁতে নিমিষতে চিৰাচিৰ কৰি পেলোৱাৰ ভয়! আমাক দেখিলেই চুহ চুহ কৰি কিছুমান মানুহেতো হাত ডাঙি খেদি আহেই, সৰু ল'ৰা-ছোৱালীবোৰেও শিলগুটি দলিয়ায়। আটাইতকৈ দুখৰ বিষয়, আমাৰ স্ব-জাতিয়ো এই ক্ষেত্ৰত কম নহয়..... বলৱান বোন্দা মেকুৰী একোটাহঁত ক'ৰ পৰানো আহি, আমাৰ দৰে দুৰ্বল, ক্ষীণ একোটাহঁতক থাপ মাৰি ডিঙিত কামোৰ মাৰি ধৰি ক'লৈ চোঁচৰাই লৈ যায়হি ঠিকনাই নাই। মুঠতে জীৱটো কোনফালৰ পৰা, কোনে আহি লৈ যায়হি, কোনো ঠিকনা নাই। জীৱটো যদি বান্ধি-কুন্ধি বাকচৰ একোণত নিৰাপদে থৈ দিব পৰা বস্তুৰ দৰে হোৱাহলে বৰ ভাল কথা হ'লহেতেন। মই তেতিয়া নিশ্চয় ইমানদিনে মোৰ মা-জনীক আৰু ভাই-ভনীহঁতক বিচাৰি উলিয়াব পাৰিলোঁহেতেন!
মাম্মীমাই কেতিয়াবা কয়, "তোমাক বাৰু এনেকৈ আমাৰ ঘৰত সুমুৱাই থৈ, অন্যায় কৰিছোঁ নেকি? তোমাৰ বাৰু সৰুকালৰ বিপদসংকুল, অনিশ্চয়তাৰে ভৰা সেই জীৱনটো ভাল লাগিছিল নে এতিয়া বিপদমুক্ত কিন্তু স্বচ্ছন্দে ঘূৰি ফুৰাৰ পৰা বঞ্চিত এই জীৱন টো ভাল লাগে....কোৱাচোন।" মাম্মীমাৰ মনৰ আশংকাখিনি মই অনুভৱ কৰিব পাৰোঁ।
মই এই ঘৰখনলৈ অহাৰ এমাহমানৰ পিছতেই, মোৰ আজব ধৰণৰ আচৰণ দেখি মাম্মীমাই যেতিয়া ডাক্তৰৰ পৰামৰ্শৰ কাৰণে মোক লৈ গৈছিল আৰু ডাক্তৰে পৰীক্ষা কৰি যেতিয়া মোক "বন্ধ্যাকৰণ" কৰিবলৈ পৰামৰ্শ দিছিল, তেতিয়াও এনেকৈয়ে দুবিধাত পৰিছিল। ... আৰু মোৰ ওচৰলৈ আহি বাৰে বাৰে কৈ উঠিছিল, "চুমচুমি, মই তোমাৰ জীৱনৰ পৰা এটা অতি স্বৰ্গীয় দান - সন্তান জন্ম দিয়াৰ অধিকাৰ কাঢ়ি লোৱাৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছোঁ, যিয়ে মোৰ মনটোক ভীষণ দুখ দিছে। কিন্তু মই নিৰুপায়... তোমালোকৰ এই ক্লেদাক্তময় জীৱনত সন্তান জন্ম দি কিয়েইবা মহৎ কামফেৰা কৰা হ'ব? তোমাৰ মাৰাই বা তোমালোকক জনম দি কি ইমান ডাঙৰ কামটো কৰিলে, তোমালোকক ৰক্ষাই কৰিব নোৱাৰিলে! ... আৰু কংকীজনীয়ো কেনেকৈ বোন্দাৰ বলী হ'ল দেখিলা? তাই চাগৈ প্ৰকৃতিৰ নিবেদন উপেক্ষা কৰিব নোৱাৰি, মিলনৰ বাবে আগবাঢ়ি যাওঁতেই কোনোবা নিৰ্দয় বোন্দাৰ হাতোৰাৰ কৱলত পৰি নিষ্ঠুৰ মৃত্যুক সাৱটি ল'ব লগা হ'ল! সেয়ে মই বিবেকৰ ওচৰত হাৰ মানি, ডাক্তৰৰ পৰামৰ্শমতে আগবাঢ়িবলৈ লৈছোঁ, ...মোক তুমি ক্ষমা কৰি দিবা।"
তেওঁ মোৰ গায়ে-মূৰে হাত বুলাই মৰমেৰে কোৱা কথাখিনি সকলো বুজি পাওঁ। কিন্তু মই যে একো ক'বই নোৱাৰোঁ। কিবা ক'বলৈ চেষ্টা কৰিলেও 'মে' মে ' ৰ নিচিনা বেলেগ ধৰণৰ শব্দ কিছুমানহে মুখৰ পৰা বাহিৰ হয়!
"তুমি সাহসী হোৱা হ'লে এতিয়াও মই তোমাক মুকলি কৰি দিবলৈ কুণ্ঠাবোধ নকৰিলোঁহেতেন। কিন্তু তুমি হ'লা পৃথিৱীৰ আটাইতকৈ ভয়াতুৰ জীৱৰ ভিতৰত এটা জীৱ, ..... যিয়ে কলিংবেলৰ শব্দ শুনাৰ লগেলগেই দৌৰি গৈ চোফাৰ তলত আশ্ৰয় লোৱা।"। .....মাম্মীমাই মুখৰ ভিতৰতে বিৰবিৰাই কোৱা কথাবোৰ শুনি মোৰ অস্বীকাৰ কৰিবলৈ একো নাছিল। কাৰণ তেওঁ সকলোখিনি সঁচা কথাই কৈছিল। মই ভয়াতুৰ আৰু বদমাচ দুয়োটাই হওঁ। কাৰণ মই কেৱল ভয়াতুৰ হোৱা হ'লে দৌৰি গৈ ড্ৰইংৰূমৰ চোফাৰ তলত সোমোৱাৰ সলনি ঘৰৰ ভিতৰলৈ দৌৰিলোঁহেতেন; পিছে মই চোফাৰ তললৈ গৈ লুকাই থকাৰ কাৰণো আছে অৱশ্যে। মই আচলতে আমাৰ ঘৰলৈ অহা আলহীসকলৰ আদৱ-কায়দাবোৰ মনেমনে চাই থাকি বৰ ভাল পাইছিলোঁ। তাৰোপৰি, তেওঁলোকৰ কথা-বতৰাবোৰ শুনি বৰ ভাল পাওঁ।
মানুহবোৰৰে ভাল। তেওঁলোক সকলোতকৈ সৌভাগ্যৱান। তেওঁলোকে কৰিব বিচৰা কাম সকলো কৰিব পাৰে, য'লৈ যাবলৈ ইচ্ছা কৰে, তালৈকে যাবলৈ পাৰে। তেওঁলোকৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল, তেওঁলোকে মনৰ কথাবোৰ, অনুভৱবোৰ ভাষাৰে কৈ আনৰ আগত প্ৰকাশ কৰিব পাৰে। দূৰৈত থাকিলেও তেওঁলোকে ফোনৰ সহায়ত কথা পাতিব পাৰে, ভিডিঅ' কলৰ সহায়ত ইজনে সিজনক চাব পাৰে। আমিও যদি এনেকৈ কৰিব পাৰিলোঁহেতেন! মাম্মীমাই সৌৰভৰ লগত কথা পাতিলে, মোৰো কিমান যে কিবাকিবি ক'বলৈ মন যায়।
কিন্তু আমিবোৰ বৰ দুৰ্ভগীয়া, এইবোৰ একোৱেই কৰিব নোৱাৰোঁ। কেৱল খোৱা আৰু বহি থকা তুচ্ছ জীৱ মাথোঁ! আচলতে এই পৃথিৱীত কেৱল মানুহ নামৰ প্ৰাণীবিধ থকা হ'লেই ভাল আছিল। আমাৰ দৰে ইতৰ প্ৰাণীবোৰ নথকাহলেও এই পৃথিৱীৰ নো কি ক্ষতি হ'লহেঁতেন কোৱাচোন!
🐱🐱🐱🐱🐱🐱





Comments