মায়াবিনী ৰাতিৰ বুকুত
- মন্দিতা শৰ্মা, গুৱাহাটী

- Oct 13
- 2 min read

মন্দিতা শৰ্মা, গুৱাহাটী
'Would you know my name if I saw you in heaven’
অন্তিম নিশাৰ শূন্যতাত নিগৰালা তোমাৰ মায়াবী কণ্ঠ-
'সৰগত যদি মোক দেখা,
তুমি চিনিবানে মোৰ নাম?'
শোক, আশা আৰু পুনৰ্মিলনৰ দুৰ্বাৰ আকাংক্ষা!
প্ৰেম অস্তিত্ববিহীন অনন্ত,
হৃদয়ৰ কম্পনেই চিনাকি দিব সেই বিশেষদিনা!
সবাকে অলক্ষিতে শেষ অভিবাদন জনাই গ'লা সেই দিনা!
অনন্ত সুৰৰ সৰগত তুমি থাকিবা চিৰকাল অমৰ হৈ।
কবিতাৰে তুমি কৈ গ'লা;
নদীৰ পৰা সাগৰলে গৈ
সাগৰৰ পৰা নদীলৈ ঘূৰি আহিব পাৰা তুমি!
সাগৰ তলিত তোমাৰ শুবৰ মন...
নীল সাগৰৰ গভীৰত,
সূৰুযৰ আভাত,
গগনৰ কমলা জোনত,
ব্ৰহ্মপুত্ৰৰ গাভৰু সোঁতত,
তোমাৰ গীত গলি গলি চিৰকাল প্ৰাণময় হ'ব।
'মই জিৰণি ল'ব নোৱাৰোঁ'—
তোমাৰ প্ৰাণৰ শপত,
খন্তেকীয়া জীৱনৰ কাম খৰতকীয়াকৈ সামৰা
আজি আমাৰ হৃদয়ত অমৰ মন্ত্র হৈ ৰ’ল।
গীতৰ সুৰ তোমাৰ নিশ্বাস,
যতদিন জোন, বেলি, নক্ষত্ৰ, ধৰণী থাকিব,
ততদিন মানৱ হৃদয়ত তোমাৰ অমিয়া সুৰে
ৰৈ ৰৈ জিৰণি ল'ব।
বেদনাই আজি হৃদয়ত শ্মশান সাজিছে,
মায়াবিনী ৰাতিৰ বুকুত,
তুমি নোহোৱা আকাশৰ জোনটোৱে
আজি উচুপি উচুপি তোমাৰেই ছবি আঁকিছে।
মায়াবিনী ৰাতিৰ বুকুত
যেতিয়া তোমাৰ ছবিটি উজলি উঠিল,
বুজিলোঁ—
জীৱই জীৱক কৰা প্ৰেম কৰ্পূৰৰ দৰে;
প্ৰেম উপস্থিতিৰ নাম নহয়।
প্ৰেম এক চিৰন্তন আভা,
যিয়ে অন্ধকাৰতো মেলি দিয়ে
ফুটুকীয়া জোনাকী মেলা।
তৰা-ভৰা আকাশে কয়—
তুমি এক স্বপ্নীল জীৱন,
যিয়ে নীৰৱতাকো গীতত পৰিণত কৰা,
যিয়ে এন্ধাৰতো জোনাকী সপোন সিঁচি সিঁচি যোৱা।
কাষৰতে থাকিও নিচিনিলোঁ বীৰগাথা!
শূন্যতাৰ বতাহ বলিল,
তোমাৰ নামৰ গোপন সুৰেৰে,
মানুহে বুজা-নুবুজা প্ৰজ্ঞাময় কথাৰে
মই আঁচল পাতি ধৰিলোঁ সেই সুৰ, সেই কথা
যেন নীৰৱ হিয়াত অস্ফূট শোকাতুৰ ধ্বনি।
জুবিন, তুমি বীৰদৰ্পে গ'লাগৈ,
নিভাঁজ, সৰল জীৱন উদযাপনৰে
সমুখৰ জটিলতা উদঙাই
তুমি কৰিলা মহাপ্ৰয়াণ।
কিন্তু তুমি থাকিবা জীয়াই—
আমাৰ হিয়াত,
আমাৰ অশ্ৰুত,
আমাৰ উশাহত
নজহা-নপমা অনন্ত গীত হৈ।
হৃদয়ে হৃদয়ে মধুৰণ স্পন্দন হৈ।
❤️❤️❤️❤️





Comments