মণি-কাঞ্চন সংযোগ
- অনুবাদক: আৰমান হাজৰিকা, নৱী মুম্বাই
- 7 days ago
- 4 min read


আৰমান হাজৰিকা, খাৰঘৰ, নৱী-মুম্বাই
অসমীয়া জাতিৰ কলা-সংস্কৃতিৰ আদিমূল জানিবলৈ বিচাৰিলে আমি প্ৰথমতেই শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয়তম শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ বিষয়ে জানিবলৈ লাগিব। শংকৰ-মাধৱ, এই গুৰু দুজনাই অসমীয়া সমাজলৈ আদিতে আগবঢ়োৱা অৱদানৰ বিষয়ে শ্ৰদ্ধা-ভক্তিৰে স্মৰণ নকৰিলে অসমীয়া জাতিটোৰ বুৰঞ্জীয়েই আধৰুৱা বুলি মানিব লাগিব !
প্ৰায় ছশ বছৰৰ আগতেই এই গুৰু দুজনাই অসমৰ ভূখণ্ডত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ প্ৰয়াসেৰে সমগ্ৰ অসমীয়া জাতিৰ বিভিন্ন জনগোষ্ঠীয় প্ৰতিনিধি সকলক লৈ একগোট কৰি এক বৃহত্তৰ অসমীয়া জাতি গঢ়াৰ প্ৰয়াস আৰম্ভ কৰিছিল। যদিও, মূলতঃ ধৰ্মপ্ৰচাৰেই উদ্দেশ্য আছিল, কিন্তু তাৰ লগে লগে কলা, সংস্কৃতি আদি এটা জাতিৰ আনুসংগিক অইনবোৰ কথাৰে সজাই গোটেই জাতিটোক এনেকৈ চহকী কৰিলে যে, অসমীয়া জাতিয়ে চিৰদিনলৈ গুৰু দুজনাৰ প্ৰতি নতমস্তক হৈ থাকিবই লাগিব। কিন্তু, যিটো পৰিস্থিতিত এই গুৰু দুজনাৰ প্ৰথম মিলন হৈছিল, সেইটো সৌহাৰ্দপূৰ্ণ মুঠেই নাছিল। বৰঞ্চ, কিছু তিক্ততাৰেহে এই মিলন আৰম্ভ হৈছিল বুলিব পাৰি!
প্ৰবাদ আছে যে, শংকৰদেৱক লগ পোৱাৰ আগলৈকে মাধৱদেৱ ঘোৰ শাক্ত, অৰ্থাৎ 'শক্তি পূজা'ত হে বিশ্বাসী আছিল। বংশৰ চিনাকিৰে চাবলৈ গ'লে, শংকৰদেৱৰ বংশৰ সৈতে মাধৱদেৱৰ বংশৰ এটা দূৰণিবটীয়া সমধঁ আছিল। মাধৱদেৱৰ পিতৃ গোৱিন্দগিৰি ভূঞা বাণ্ডুকাবেহাৰৰ মজিন্দাৰ আছিল। সেই বাণ্ডুকাতে গোবিন্দগিৰিৰ মৃত্যু হোৱাত, মাধৱদেৱৰ ককায়েক দামোদৰে খেতি-বাতি কৰাৰ ওপৰিও মজিন্দাৰি কৰিছিল। মাধৱদেৱেও এইবোৰ কথাত ককায়েকক সহায় কৰি দিছিল। সেইসময়ত মাধৱদেৱৰ মাক মনোহাৰি বাই টেম্বুৱানীত আছিল। মাধৱদেৱেও পিছলৈ বাণ্ডুকা আৰু টেম্বুৱানীৰ মাজত নাৱেৰে বেহা-বেপাৰ কৰিছিল। তেওঁলোকৰ একেজনী মাত্ৰ ভনীয়েক উৰ্বশীক হোকৰাকুছীৰ গয়াপানি নামে এজন যুৱকৰ সৈতে বিয়া দিয়ে।
সেইচোৱা সময়ত শংকৰদেৱে ধূঞাহাটত সত্ৰ পাতি আছিল। মাধৱদেৱৰ বৈনায়েক গয়াপানিয়ে এই ধূঞাহাটতে শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে। শংকৰদেৱেই গয়াপানিৰ নাম ৰামদাস ৰাখে। মাধৱদেৱে বাণ্ডুকাত বনিজ কৰি থকাৰ সময়তে টেম্বুৱানীত থকা মাতৃৰ টান নৰীয়া বুলি খবৰ পাই, মাতৃৰ আৰোগ্য কামনা কৰি দূৰ্গা গোসাঁনীৰ আগত এযোৰ পঠাছাগলী বলি দিবলৈ মনস্থ কৰে। পিছত বনিজৰ পৰা ওভতি আহি মাতৃয়ে নৰীয়াৰ পৰা আৰোগ্য হোৱা দেখি, এয়া গোসাঁনীলৈ বলি আগবঢ়োৱাৰে ফল বুলি নিজেই মনতে নিশ্চয় কৰে। সেই সূত্ৰে গোসাঁনীৰ আগত বলি দিবৰ বাবে পঠাছাগলী দুটা আনিবলৈ বৈনায়েকক দিহা দিয়ে।
আনহাতে, বৈনায়েক ৰামদাসে শংকৰদেৱৰ শিষ্যত্ব লোৱাৰ পিছত এইবোৰ বলি-বিধান সমূলিকৈ মানি লব নোৱৰা হ'ল। গতিকে, নিজৰ ববীয়াকৈ জেঠেৰীয়েকক 'বলি-বিধান এইবোৰ অসাৰ' বুলি বুজনি দিয়াৰ চেষ্টা কৰে। কিন্তু, মাধৱদেৱ এই বুজনিত সন্তুষ্ট হোৱাটো দূৰৈৰে কথা, বৈনায়েকৰ ওপৰত যথেষ্ট খঙহে খালে। সেইদেখি বৈনায়েক ৰামদাসে নিজেই জেঠেৰিয়েক মাধৱদেৱক শংকৰদেৱৰ ওচৰলৈ লৈ যায়। শংকৰদেৱেও মাধৱদেৱৰ মাতৃ নিজৰ একেটা বংশৰে মনোহাৰী বাইৰ চিনাকিৰে চিনি পাই, "অ মনোহৰি বাইৰ বেটা, এমান মৰধ হলনে বাটে পথে লগ পালেও নিচিনো ....." বুলি তালৈ অহাৰ কাৰণ জনাৰ পিছত, দুয়োজনৰ মাজত শাস্ত্ৰৰ ব্যাখ্যাৰে এখন তৰ্কযুদ্ধ আৰম্ভ হয়! পাণ্ডিত্যৰ ফালৰ পৰা মাধৱদেৱৰো শাস্ত্ৰৰ যথেষ্ট ব্যুৎপত্তি আছিল। গতিকে, শাস্ত্ৰৰ বিভিন্ন ব্যাখাৰে দুয়োজনৰে মাজত এই তৰ্কযুদ্ধ তিনিপ্ৰহৰ ধৰি চলে। শংকৰদেৱে “হংস ছাগ কাটি যিটো ৰুধিৰে কৰ্দ্দম কৰে: সিজে স্বৰ্গে যাই নৰকতনো কোন পৰে’’ বুলি কোৱাত মাধৱদেৱৰ মন অথিৰ হ’ল। তথাপিও মাধৱদেৱে নিজাকৈ যুক্তি আগবঢ়াই যায়। শেষত গুৰু জনাই শ্ৰীমদ্ভাগৱতৰ চতুৰ্থ স্কন্ধৰ 'যথা তৰোৰ্মূলনিষেচনেন তৃপ্যন্তি তৎস্কন্ধভূজোপশাখাঃ............ ' শ্লোকটিৰে মাধৱদেৱক পৰাস্ত কৰে। ….শ্লোকটিৰ অৰ্থ হ’ল, “যিদৰে গছৰ গুৰিত পানী দিলে ডাল পাত সকলোৱে পায়। ডাল পাতত সুকীয়াকৈ পানী দিয়াৰ কোনো প্ৰয়োজন নাই। একেদৰে একমাত্ৰ ভগৱানক পূজিলেই সকলোৰে পূজা হয়। আন দেৱ-দেৱীক পৃথকে পূজাৰ কোনো প্ৰয়োজন নাই।“
শংকৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি মাধৱদেৱে তেখেতক গুৰু ভজি তেওঁ প্ৰৱৰ্তন কৰা একশৰণ হৰি নাম ধৰ্মত শৰণ ললে। দুয়োজনা মহাপুৰুষৰ এই মহামিলনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে 'মণি-কাঞ্চণ সংযোগ' বুলি অভিহিত কৰি গৈছে। তৰ্কৰ শেষত মাধৱদেৱে শংকৰদেৱক সেৱা কৰাত শংকৰদেৱে সুধিলে, “বোলে দেখো আহিও সেৱা কৈলা:এতিয়াও সেৱা কৈলা কিৱ?’’ মাধৱদেৱে বিনয়েৰে ক’লে, আগতে সেৱা কৰিছিলোঁ 'বৰভূঞা বিষয়া' বুলি মানি, এতিয়া সেৱা কৰিলোঁ আপোনাক গুৰু মানি। সিদিনাৰ পৰাই মাধবদেৱে শংকৰদেৱৰ শিষ্যত্ব মনে-প্ৰাণে গ্ৰহণ কৰিছিল।
মাধৱদেৱৰ পাণ্ডিত্য, ভক্তি, একাগ্ৰতা আদিৰে তেখেতে শংকৰদেৱক এনেকৈ মূহিলে যে শংকৰদেৱে মাধৱদেৱক তেখেতৰ প্ৰধান শিষ্য বুলি স্বীকৃতি দিলে। দুয়োজনাৰে যুটীয়া প্ৰচেষ্টাত একশৰণ হৰি নাম ধৰ্মই বিশেষ প্ৰসাৰ লাভ কৰিলে। গুৰু দুজনাৰ এই সমস্ত কৰ্মৰাজী ব্যাখ্যা কৰাটো অতি ব্যাখ্যা বহুল হব, সেয়েহে তাৰ ভিতৰতে দুই চাৰিটা বিশেষ কথা চমুৱাই আলোচনা কৰি, এই নিবন্ধটোৰ সামৰণি মাৰিম।
কীৰ্ত্তন পুথি সংকলন:
শংকৰদেৱে বিভিন্ন সত্ৰত থাকোঁতে কীৰ্তন পুথি ৰচনা কৰি যিটো অংশ য’ত ৰচনা কৰিছিল, তাতে থাকি অহাৰ ফলত ই সংকলিত হোৱা নাছিল। গুৰুজনা প্ৰয়াণৰ আগে আগে মাধবদেৱক এই পুথিখন সংকলনৰ ভাৰ দি গৈছিল। পিছত মাধবদেৱে তেওঁৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰৰ দ্বাৰা এই পুথিখনৰ সমস্ত অধ্যায় সংগ্ৰহ কৰোৱাই সংকলিত কৰিছিল।
বৃন্দাৱনী বস্ত্ৰ বয়ন:
কোচ ৰজা নৰনাৰায়ণ আৰু যুৱৰাজ চিলাৰায়ে বৰ সন্মানেৰে সৈতে শংকৰদেৱৰ পৰা প্ৰায়ে শ্ৰীকৃষ্ণ কথা শ্ৰৱণ কৰিছিল। এদিন ৰজাই বৃন্দাৱননো দেখিবলৈ কেনেকুৱা তাকেই চাবলৈ ইচ্ছা প্ৰকাশ কৰি, পটত দেখুৱাবলৈ অনুৰোধ কৰাত শংকৰদেৱে সন্মত হৈ পাটবাউসী সত্ৰলৈ উভতি আহিল। তাৰপৰা তাঁতীকুছিৰ তাঁতীসকলক মতাই আনি কেনেকৈ সেই কাপোৰ ব’ব লাগিব তাৰ দিহা দি কাপোৰ বোৱাৰ কাম আৰম্ভ কৰিলে। এই কাম বৰপেটাৰ তাঁতীকুছিত কৰা হৈছিল। পাটবাউসীৰ পৰা নিতৌ গুৰুজনাই কাপোৰ বোৱা চাবলৈ তাঁতীকুছিলৈ গৈছিল আৰু নিতৌ এবেগেতকৈ কাপোৰ বৈছিল। এদিন কিবা অসুবিধাত পৰি শঙ্কৰদেৱ তাতীকুছিলৈ যাব নোৱৰাত মাধৱদেৱকে তাঁতী সকলৰ কাম চাবলৈ পঠিয়ালে। সিদিনা মাধৱদেৱৰ তত্বাৱধানত এবেগেত চাৰিআঙুল কাপোৰ বোৱালে। তাকেই জানিব পাৰি শংকৰদেৱে মনতে প্ৰসন্ন হৈ শংকৰদেৱে প্ৰশংসা কৰি কৈছিল, “মাধৱ, তুমি মই বোওৱাতকৈ বঢ়াই বোৱালা,এইবাবে আজিৰ পৰা তোমাৰ নাম বঢ়াৰ-পো দিলোঁ।
এইখন 'বৃন্দাবনী বস্ত্ৰ'কে স্বাধীনোত্তৰ কালতে ইংৰাজসকলে নি ইংলেণ্ড পোৱালেগৈ। বৰ্তমান লণ্ডনৰ যাদুঘৰৰ পৰা অসমৰ ভক্তসকলে চাব পৰাকৈ এই বৃন্দাবনী বস্ত্ৰ অসমলৈ আনিবলৈ প্ৰচেষ্টা চলাই থকা হৈছে।
বৰগীত ৰচনা:
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত, উচ্চ আধ্যাত্মিক ভাৱপূৰ্ণ, নিৰ্দিষ্ট ৰাগ-তাল বিশিষ্ট, এক বিশেষ শৈলীৰে গোৱা গীতসমূহকেই বৰগীত বোলা হয়। চৰিত পুথিত উল্লেখ থকা মতে শংকৰদেৱে বাৰ কুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল কিন্তু দুৰ্ভাগ্যক্ৰমে বনপোৰা জুয়ে সেই বৰগীত সমূহ নষ্ট কৰে। এই কথাতে মনত বেজাৰ পাই শংকৰদেৱে পিছলৈ বৰগীত ৰচনা কৰা কামটো পৰিত্যাগ কৰি মাধৱদেৱকে বৰগীত ৰচনাত মনোনিবেশ কৰিবলৈ কয়। শংকৰদেৱৰ ৰচনাৰ বাৰ কুৰি বৰগীতৰ ভিতৰত দেৰকুৰি বৰগীতহে এতিয়া উপলব্ধ! আনহাতে, মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) গীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে উপলব্ধ।
সত্ৰ স্থাপন:
শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যুৰ পিছত মাধৱদেৱে মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ সাংগঠনিক দিশ অধিক সুদৃঢ় কৰাৰ বাবে বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰিছিল। সত্ৰসমূহ আছিল ধৰ্মীয় শিক্ষা, নাম-প্ৰচাৰ আৰু শৃংখলিত ভক্তিসাধনাৰ কেন্দ্ৰ। এই সত্ৰ স্থাপনৰ যোগেদি মাধৱদেৱেও ধৰ্মীয় সংস্কৃতি সংৰক্ষণৰ বাবে বিশাল ভূমিকা গ্ৰহণ কৰে। তেওঁ শংকৰদেৱৰ দৰ্শনক আগবঢ়াই সত্ৰ প্ৰথাৰ বিকাশ ঘটায়। তেওঁ শংকৰদেৱৰ আদৰ্শৰ পৰা কেতিয়াও বিচ্যুত নহ’ল, আৰু গুৰুৰ প্ৰতি অকুণ্ঠ বিশ্বাস, আস্থা আৰু শ্ৰদ্ধা দেখুৱাই চিৰস্মৰণীয় হ’ল।
🙏🙏🙏🙏🙏🙏
Comments