top of page
Search


মাঘৰ বিহু আৰু কিছু জনশ্ৰুতি
মাঘ বিহু উদযাপন স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ ইংৰাজী জানুৱাৰী মাহত উদযাপন কৰা মাঘৰ বিহু অসমীয়া সমাজত কেতিয়াৰ পৰা আৰম্ভ হ'ল ....সেয়া পম খেদি অতীতলৈ আগুৱাই গ'লে আমি দেখা পাওঁ..... মাঘ বিহু যাক ভোগালী বিহুও বোলা হয়, অসমীয়া সমাজত আদিম যুগৰ পৰাই উদযাপন কৰি অহা হৈছে। ইয়াৰ উৎপত্তি প্ৰাচীন কৃষিভিত্তিক সমাজৰ সৈতে জড়িত ৷ মানুহে শস্য চপোৱাৰ অন্তত আনন্দ কৰিছিল আৰু অগ্নি পূজা কৰিছিল। মূলতঃ বড়ো মূলীয় লোকসকলৰ প্ৰধান উৎসৱ আছিল মাঘবিহু ৷ পাছৰ পৰ্যায়ত কামৰূপ ৰাজ্যৰ আৰ্য ব্ৰাহ্মণ সকলে হিন্

স্বপ্নাশ্ৰী এচ. মেধি, বৰপথাৰ, গোলাঘাট
Jan 93 min read


অকণিৰ ছবি
অংকন : শিৱানন গগৈ, অষ্টম শ্ৰেণী, ধোন্দাচাম চিনিয়ৰ চেকেণ্ডাৰী স্কুল, গোলাঘাট

শিৱানন গগৈ,অষ্টম মান,ধোন্দাচাম চি:চে:স্কুল,গোলাঘাট
Jan 91 min read


ছাত্ৰ সমাজ আৰু পুথিভঁৰাল
আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ, গোলাঘাট এখন দেশৰ সৰ্বাংগীন বিকাশ সাধনত অৰিহণা যোগোৱাৰ মূলতেই হৈছে আমাৰ ছাত্ৰ সমাজ। ছাত্ৰসকলেই দেশৰ ভৱিষ্যতৰ গুৰি ধৰোঁতা। ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্যে সফল কৰিবলৈ হ'লে একান্ত পৰিশ্ৰম আৰু একাগ্ৰতাৰে জ্ঞান অৰ্জনত ব্ৰতী হ'ব লাগিব। সামাজিক দায়বদ্ধতাও ছাত্ৰ সমাজৰ প্ৰধান কৰ্তব্য। যদিও ছাত্ৰসকলৰ কাৰণে অধ্যয়নেই হৈছে একমাত্ৰ তপস্যা তথাপিও সমাজৰ দায়িত্ব পালন কৰাটোও প্ৰয়োজনীয় কামৰ ভিতৰতে পৰে। ছাত্ৰ অৱস্থাতে এজন ছা

আতিক্সা আৰ্ভি বৰা,ষষ্ঠ মান,মাৰ্ভেল মা:একাডেমী,সৰুপথাৰ
Jan 92 min read


গধূলি
জুবিলী গগৈ, দুলীয়াজান, অসম ঋতুৰ পোচাক পিন্ধি গধূলিবোৰ আহে মোৰ চোতাল গচকি ছাইসনা গধূলিবোৰ বিষাদ-গধূৰ এপতীয়া ঢেকীয়াৰ নাওমান পোহৰ যেতিয়া নামে বিষাদ-বৰষুণ বেংবোৰো নোহোৱা হয় পদূলিৰ শিমলুজোপাত ৰৈ ৰৈ বিনাই থাকে অচিন পক্ষী তুমি ভাবিছা নেকি গধূলিবোৰ উজলি থাকে জোনৰ দাপোণত হেমন্তৰ আকাশত জোনেও নামানে নিয়ম... ************

জুবিলী গগৈ, দুলীয়াজান, অসম
Jan 91 min read


অকণিৰ ছবি
অংকন : ধৃতিষ্মান কাকতি, দ্বিতীয় শ্ৰেণী, ব'ল'সিং মেম'ৰিয়েল স্কুল, বৰপথাৰ

ধৃতিষ্মান কাকতি, দ্বিতীয় মান,ব'ল'সিং মে: স্কুল, বৰপথাৰ
Jan 91 min read


লোনাভালাৰ মমৰ সংগ্ৰহালয়টো
শিৱাজী মহাৰাজৰ মমৰ প্ৰতিমূৰ্তি দেৱীকা বৰপূজাৰী, মুম্বাই মুম্বাইৰ পৰা প্ৰায় ৯০-১০০ কিলোমিটাৰ পূবে অৱস্থিত মহাৰাষ্ট্ৰৰ পুনে জিলাৰ এটা জনপ্ৰিয় পাহাৰীয়া ষ্টেচন হৈছে লোনাভালা ( Lonavala) । মুম্বাইৰ পৰা পুণে এক্সপ্ৰেছৱেৰে গ’লে, খোপলি (Khopoli) পাৰ হৈ আহে সেই লোনাভালা নামৰ পাহাৰীয়া ঠাইখন য’ত এটা ছুটিৰ দিন সুন্দৰভাবে কটাব পৰা যায়। লোনাভালা লৈ কেইবাবাৰো গৈছিলো যদিও প্ৰায় ১৫ বছৰীয়া অতীৱ সুন্দৰ মমৰ সংগ্ৰহালয় (Wax museum) টো হে চোৱা হোৱা নাছিল। এইবাৰ সেই হেঁপাহ পূৰণ হ'ল আৰু ম

দেৱীকা বৰপূজাৰী, মুম্বাই
Jan 91 min read


অকণিৰ ছবি
অংকন : অনুৰণন বৰুৱা, চতুৰ্থ শ্ৰেণী, শ্ৰী সত্য সাই বিদ্যা বিহাৰ স্কুল, গোলাঘাট

অনুৰণন বৰুৱা, চতুৰ্থ মান, শ্ৰীসত্য সাই বি:বি:স্কুল,গোলাঘাট
Jan 91 min read


তোমাৰ জন্মদিনত বেলিৰ দুহাত ....
মৃগাংক বৰুৱা, গোলাঘাট (১) কালিলৈ তোমাৰ জন্মদিন জন্মদিন নামৰ আৰু এটা ষ্টেচন পাৰ হৈ যাব তোমাৰ জীৱন নামৰ ৰেলখন যিটো ষ্টেচনলৈ উভতি নহাৰ গতিৰে যোৱা ৰাতিৰ সপোনত দেখিলোঁ সেই ষ্টেচনটোতে ৰৈ থাকি তোমাক দিবলৈ নমাই আনিলোঁ জোন, তৰাৰে ভৰা আকাশ এখন তুমি ক’লা– এনেকৈ আকাশখন নমাই নানিলেও হ'ব যদি স্নেহৰ জীৱন্ত ঘৰ এখন উপহাৰ দিয়া যাক বুকুত সাৱটি অন্ততঃ তুমি নমাই আনিব খোজা আকাশখন একেলগে চাব পাৰোঁ নিদ্ৰাবিহীন ৰাতিবোৰ একাষৰীয়া কৰি তুমি পুনৰ ক'লা– ময়ো এখন আকাশ দিব খোজো সংগোপনে তুমি জোনাক হৈ

মৃগাংক বৰুৱা, গোলাঘাট
Jan 91 min read


জুবিন জুবিন ….
বিজিত কুমাৰ ভাগৱতী, লখিমী নগৰ ১ নং পথ, যোৰহাট এটা যুগৰ অন্ত হ'ল এটা বিপ্লৱ শেষ হৈ গ'ল এটা পণ অপূৰ্ণ হৈ ৰল অসমীয়াৰ স্বাভিমানৰ জনক হেৰাই গল। পাহাৰৰ দাঁতিয়েদি বৈ যোৱা নদীখনৰ পাৰত বহু সুৰ আছিল সিচঁৰিত হৈ থকা ফুলেৰে মালা গঁথা শেষ মালাকাৰ জনৰ মহা প্ৰস্থানত জনতাৰ মুখৰ মাতেই হেৰাই গল। এতিয়া তাত ৰ'দ নপৰে বতৰটোও কিবা গোমাই থাকে শিয়ালবোৰ ঘূৰি ফুৰে তন্দ্ৰাচ্ছন্ন পৃথিৱীত চিকাৰীৰ চকু । মুকুতি আজি দিশহাৰা হ'ল। অন্ধ আকাশৰ তলত বতাহ স্তব্ধ হৈ ৰ’ল । @@@@@@@@@

বিজিত কুমাৰ ভাগৱতী, যোৰহাট
Jan 91 min read


পিতৃৰ দৃষ্টিত জুবিন
নিবেদিতা শৰ্মা, যোৰহাট "পিতৃৰ দৃষ্টিত জুবিন" নামৰ ডিচেম্বৰ-২০১১ ত প্ৰকাশ পোৱা গ্ৰন্থখনৰ গ্ৰন্থকাৰ হৈছে জুবিনৰ দেউতাক শ্ৰীযুত কপিল ঠাকুৰ । প্ৰকাশক- ৰাজেন্দ্ৰ মোহন শৰ্মা, ডাঃ ৰবীন্দ্ৰ মোহন শৰ্মা, পানবজাৰ,গুৱাহাটী। কেইবা দশক জুৰি নীৰৱে সাহিত্য সাধনা কৰি অহা শ্ৰীযুত কপিল ঠাকুৰদেৱে কিতাপখনৰ পাতনিত শ্ৰদ্ধেয় পাঠক সমাজলৈ উদ্দেশ্যে কৰি লিখিছে…. "নিশ্চয় চিন্তাত পৰিলোঁ। ক'ৰ পৰা আৰম্ভ কৰিম? কেনেকৈ আৰম্ভ কৰিম? পিতৃয়ে পুত্ৰৰ জীৱনী লিখাৰ অভিনৱ কথা এই প্ৰথম শুনিলোঁ। পুত্ৰই পিতৃৰ গ্ৰন্থ উন্

নিবেদিতা শৰ্মা, যোৰহাট
Jan 94 min read


সোণালী পাখিৰ ৰাজহাঁহটো
(অনুবাদ গল্প) মূল গ্ৰন্থ: গ্ৰীম’চ ফেৰী টেলচ (Grimm’s Fairy Tales) গল্পৰ নাম : The Golden Goose অনুবাদক: পবিত্ৰা বৰঘৰীয়া, মুম্বাই বহু পুৰণি কালত এখন গাঁৱত এজন মানুহৰ তিনিজন পুত্ৰ আছিল। তেওঁলোক তিনিজনৰ ভিতৰত সৰু ল’ৰাজনক সকলোৱে বৰ তুচ্ছজ্ঞান কৰিছিল আৰু প্ৰতিটো কথাতেই তেওঁক এৰাই চলিবলৈ বিচাৰিছিল । সকলোৱে তেওঁক উপহাস কৰি মূৰ্খ (Dummling) বুলি মাতিছিল। পিছত “মূৰ্খ” নামটো মানুহৰ মুখে মুখে বাগৰি “মূৰুখ” হিচাপে জনাজাত হৈছিলগৈ। এবাৰ মানুহজনৰ ডাঙৰ পুত্ৰই কাঠ কাটিবলৈ বুলি হাবিলৈ যাব ব

পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
Jan 95 min read
bottom of page

